ৰঙানদীৰ খং (নিৰ্মালী বৰঠাকুৰ)


‘ৰঙানদী’ উত্তৰ লক্ষিমপুৰৰ এখন শান্ত ,সৌম্য আৰু সুন্দৰ নদী।এই নদীৰ দুয়োপাৰে কেইবাখনো গাওঁ ।তাত অজস্র মানুহে শান্তিৰে বাস কৰি আহিছে।নদীৰ মাছ খোৱাৰ লগতে জীৱিকা হিচাপে লৈ বহুত ঘৰ জীয়াই আছে ।পানীত গা ধোৱা ,কাপোৰ ধোৱাবোৰ আছেই !বাৰিষা পলস পেলাই খেতিৰ বাবে পথাৰ সুচল কৰি যায় ।

এই নদীতেই জলবিদ্যুৎ প্রকল্প গঢ় লৈ উঠিছে ।আমাৰ কাৰণে গৌৰৱৰ বিষয় ।কিন্তু নদীৰ খৰস্রোতা শক্তি যেন অলপ ম্লান পৰি গৈছে ।মাজে মাজে প্রকল্পৰ গেট খুলি দিয়ে,যেন নদীখনে নতুন জীৱন পায় ।বাৰিষা ফেনে-ফুটুকাৰে বাঢ়ি অহা নদীখন চাই ভয় লাগে অথচ যৌৱন প্রাপ্ত কিশোৰী যেন ভালো লাগে ।এনেদৰে নদীখনৰ লগতে গাওঁবাসীয়েও দৈনন্দিন কাৰ্য্যৎ ব্যস্ত হৈ জীৱন অতিবাহিত কৰিছিল।
চাৰিবছৰমানৰ আগৰ কথা ।স্বাতীহঁত এই নদীৰ কাষৰে গাওঁ এখনলৈ উঠি আহিছিল ।নদীৰ পৰা প্রায় ৫ কিঃমিঃ মান দুৰত তাহাঁতৰ ঘৰ ।এবছৰৰ আগতে মাকৰ মৃত্যু হৈছে ।নতুন ঘৰখনলৈ আহিলত স্বাতিৰ যে কাম শেষেই নোহোৱা হ’ল ।মাক নোহোৱা ঘৰখনত তায়েই সৰ্বেসৰ্বা ।দেউতাকৰ সেইবছৰতে চাকৰিৰ কাল শেষ হৈছিল।ককায়েক আৰু ভায়েক পোনাকন ।ঘৰখনত ৰং দিয়া,ভিতৰখন সজোৱা ,পাকঘৰৰ কাম মানে অজস্র,স্বাতী ওফৰি ফুৰে ।
কিন্তু এয়া কি হ’ল-মাকে যেন দেউতাকক অকলে সংসাৰত এৰিব নুখুজিলে ,সামান্য অসুখতে দেউতাকৰো মৃত্যু হ’ল।তাঁহাতৰ জীৱনলৈ ক’লা ডাৱৰ নামি আহিল ।চকুৱে ধোৱা-কোৱা দেখিলে ।তথাপি সিঁহতৰ মাজৰ মৰমৰ এনাজৰি ,সাহস আৰু জীয়াই থকাৰ হেঁপাহ কম নহ’ল ।দেউতাকৰ অবিহনে ককায়েকেই সিহঁতৰ দেউতাক হ’ল ।দেউতাকৰ অৱসৰৰ টকাৰে ককায়েকে টাউনত এখন ষ্টেচনাৰী দোকান আৰু ভায়েক ভনীয়েকক এখন গেলামালৰ দোকান গাৱঁতে খুলি দিলে ।
এনেদৰে দুটা বছৰ পাৰ হ’ল ।সিঁহতৰ ভাতৃ-ভগ্নীৰ স্নেহৰ কথা মানুহৰ মুখে মুখে ।স্বাতীৰ বিয়াৰ বয়স হৈছে লগতে ককায়েকৰো ।কিন্তু সিঁহতৰ ইটোৱে সিটোক এৰি থাকিবলৈ সাহস নাই ।স্বাতীৰ এটাই কথা ককায়েকৰ বিয়া আগতে পাতিব তাৰ পাছতহে তাইৰ ।সিঁহতৰ সংসাৰত মিকু নামৰ কুকুৰটো আহিল আৰু লগতে আহিল সেই সেই অভিশপ্ত দিনটো ৷

বাৰিষা দিন আছিল ।গধুলি সময়তে হৈ চৈ লাগিল ।ৰঙানদীৰ খং উঠিছে ।বাৰিষাৰ ফেনে-ফুটুকাৰে ভৰপকহৈ থকা নদীখনত প্রকল্পই কেইখনমান গেট খুলি দিলে ।প্রকল্পই আগতীয়া জাননী দিছিল যদিও গাওঁবাসীয়ে সদায় হৈ থকা ঘটনা একো নহয় বুলি ভাবিছিল ।কিন্তু নদীয়ে পানীৰ ভৰ সহিব নোৱাৰি গতি পথৰ দিশ সলনি কৰি দুৰ্বল মথাউৰি ভাঙি পেলালে আৰু স্বাতীহতঁৰ গাওঁখনৰ লগতে কেইবাখনো গাওঁ জলমগ্ন হৈ পৰিল।স্বাতীহঁতে বস্তু সামৰিবলৈ সময়েই নাপালে ।মাত্র আগদুৱাৰ পাছদুৱাৰত তলালগাই ,স্বাতীয়ে মিকুক মূৰত লৈ মৰিলেও একেলগে মৰিম বুলি ওলাই আহিল।কান্ধলৈকে পানী,অন্ধকাৰ কোনেও কাকো নেদেখি ।মাত্র মানুহৰ চিঞৰ ।কোনোবাই ওখ গছত উঠিছে,কোনোবাই ঘৰৰ টিনত।আন মানুহৰ লগতে স্বাতীহঁতো ৰেল লাইনত উঠিলগৈ।অন্ধকাৰ ৰাতি গাভৰু ছোৱালীজনীক লগত লৈ ককায়েকৰ ভয় হৈছিল ,তথাপি সাহস গোটাই ৰাতিটো চিঞৰ বাখৰৰ মাজতে পাৰ হ’ল ।নগৰ খনৰ এটা অংশ নদীৰ পানীয়ে ধুই গ’ল ।

ৰাতিপুৱা পানী কমি আহিল ।সকলো মানুহ ঘৰা-ঘৰি গ’ল ।কিছুমান মানুহ তাতেই থাকিল । স্বাতীহঁতো ঘৰ পালেহি ।ঘৰখন দেখি স্বাতীয়ে কান্দি পেলালে ।দেউতাকে দি যোৱা ঘৰখন ইমান মৰমেৰে ৰাখিছিল ,এজাক বলীয়া বানে কি কৰিথৈ গ’ল ।দুৱাৰ খুলি দেখে নদীৰ পলস খিৰিকী লৈকে ।ঘৰৰ সকলো বস্তুতে বোকা-পানী লাগি প্রায় নষ্ট হৈ গৈছে ।দোকানখন একেবাৰে শেষ ।গোটেই দিন নদীৰ পলস আঁতৰাই তিনিওটা যেন অৰ্ধমৃত প্রায় হ’ল ।আগৰাতিৰ পৰা পেটতো একো নাই।ককায়েকে অতি কষ্টৰে গাঁৱৰ পৰা ওলাই টাউনৰ দোকানৰ পৰা বিস্কুটৰ পেকেট নিছিল ,তাৰেই যেন জীয়াই থকাৰ ব্যৱস্থা হ’ল ।ককায়েকে টিউৱেলটো খুলি চাফা কৰি ভালপানী ওলোৱা কৰি টাউনলৈ গ’ল চাউল-দাইলৰ ব্যৱস্থা কৰিবলৈ ।পাকঘৰটো দুয়োটাই মিলি চাফা কৰিলে ।ককায়েকে এনেতে খোৱাৰ জোগাৰ লৈ ঘৰ সোমাইছেহি।তাক দেখি স্বাতীৰ এনে লাগিল যেন ককায়েক নহয় সি সিঁহতৰ দেউতাকহে !তিনিওটাই আকৌ চাহ –মূৰি ,বিস্কুট খাই ল’লে,মিকুৱেও তাৰ ভাগ পালে ।স্বাতী ভাত বনোৱাত লাগিল।ভাত খাই আজৰি হোৱালে গধূলিয়েই হ’ল ।গধূলি হোৱাৰ লগ লগে সিঁহতক দুখে-ভাগৰে আগুৰি ধৰিলে ।বিচনাৰ কাপোৰ বোৰতো বোকা-পানী কি কৰা যায় !!পোনাকনে থিয়হৈয়েই টোপনি মাৰিছে ।হঠাতে স্বাতীৰ মনত পৰিল ,ধোৱাচাঙৰ ট্রাংকটোলৈ ,মাক-দেউতাকৰ কাপোৰবোৰ তাত ভৰাই থৈছিল ।ককায়েকে ট্রাংকটো নমাই আনিলে ।ভাগ্যভাল আছিল।ট্রাংকটো আধালৈকেহে তিতিছিল,ভিতৰত পানী নোসোমালে ।সেই কাপোৰেৰে বিচনা সাজি তিনিওটা শুই পৰিল ।তাহাঁতৰ সেইদিনা অলপো ভয় নালাগিল কাৰণ লগত মাক-দেউতাক আছে ।অলপ সতৰ্ক হৈ থাকিল যদি আকৌ পানী আহে !!!!!!!

ৰাতিপুৱা স্বাতী সোনকালে সাৰ পালে ।মুখ ধুই চাহ বনালে।চিঞৰিয়েই মাতিলে…দাদা-পোনা উঠ মোৰ চাহ হ’ল ।ৰ’দটো দেখি স্বাতীৰ মনলৈ সাহস আহিল।পোনাকনৰ লগ-লাগি প্রয়োজনীয় কাপোৰবোৰ ধুই পেলালে ।বাকীবোৰ এটা ৰুমত ভৰাই থ’লে পাছে পৰেও ধুব।ককায়েকৰ লগ-লাগি তুলি,লেপ,ড্রয়িংৰুমৰ কুশ্বনবোৰৰ বোকাবোৰ আতঁৰাই পানী চেপি ৰ’দত দি দিলে ।বেলি দুপৰ হ’ল স্বাতী পাকঘৰত সোমাল।ককায়েকে ভিতৰলৈ গৈ ভয়ে ভয়ে আলমাৰিটো খুলি দিলে,প্রায় চিঞৰিয়েই ভনীয়েকক মাতিলে ৷ কাপোৰবোৰ তিতি গ’ল,দেউতাকৰ অৱসৰৰ কাগজবোৰৰ আখৰবোৰ মোহাৰ খাই গ’ল ৷
লকাৰত থোৱা সাঁচতীয়া টকাখিনি ইটো সিটোৰ গাত লাগি গ’ল,কি কৰা যায় !!!!!!কাৰেন্টো নাই, ফেনখনকে চলাই দিও বুলিবলৈ ।ককায়েকে বিচনাতে আলফুলে টকাবোৰ মেলি দি বিচনীৰে বিচিবলৈ ধৰিলে ।স্বাতী আচৰিত হ’ল ককায়েকে ইমান দুৰ্যোগতো ধৈৰ্য্য নেহেৰুৱালে অথচ টকাবোৰ চাই কান্দিছে ।“স্বাতী তোৰ কাৰণে ল’ৰা এটাৰ খবৰ পাইছিলো ,এইয়া তোৰ বিয়াৰ কাৰণে সঁচা টকা আছিল অ’,শুকাবনে বাৰু ….!!!”স্বাতীৰ চকুৰে ককায়েকৰ মুখত দেউতাকৰ প্রতিচ্ছবি আকৌ দেখা পালে ।আৰু তিনিওটাই নিজ নিজ ভাবেৰে কান্দিবলৈ ধৰিলে ।

এইদৰে সপ্তাহ পোন্ধৰ দিন পাৰ হৈগ’ল ।তাহাঁতৰ দিনবোৰ ক্রমাত ফৰকাল হ’বলৈ ধৰিলে ।গাওঁখনৰ ঘৰে ঘৰে পুনৰ লাইট জ্বলিল ।অফিচৰ মানুহবোৰে আহি ছিঙি যোৱা তাঁৰবোৰ ভাল কৰ দি গ’লহি ।গাৱঁৰ দোকানখনলৈও পুনৰ জীৱন আহিল ।ঘৰ-বাৰীৰ গেলা-পচা গোন্ধমাৰ নাযাওঁতেই এদিল হঠাতে স্বাতীক চাবলৈ ল’ৰাজন আহিল।স্বাতী পাকঘৰত ব্যস্ত ,মাকলৈ তাইৰ বৰকৈ মনত পৰিছে ৷কি কৰে এতিয়া তাই….তাই কঁপিবলৈ ধৰিলে । ড্রয়িং ৰুমত ককায়েক ভায়েকৰ লগত ল’ৰাজন আৰু তেওঁৰ বন্ধুজনে কথা পাতি আছে ।স্বাতীয়ে চাহ বনাই থাকোতে ভাবি থাকিল৷ কি ঘৰখন কি হৈ গ’ল।ৰংবোৰ নাইকীয়াই হ’ল ।পলসৰ চিনবোৰহে দেখা পোৱা গৈছে ।তাতে আকৌ তাইক চাবলৈ….পচন্দ কৰে বা নকৰে।হঠাতে ল’ৰাজনে অনুভৱ কৰিলে কুশ্বনটোৰ তলত যেন কিবা আছে ৷ লৰচৰ কৰিব খুজিছে ,ক’বলৈও বেয়া পাইছে ।এবাৰত ল’ৰাজনে উঠি কুশ্বনটো দাঙি দিলে ।নাই দেখো ,একো নাই ! বহিবলৈ লওঁতেই হঠাতে কুশ্বনৰ ক’ভাৰটোৰপৰা প্ৰকাণ্ড সাপ এটা ওলাই আহি মজিয়াত পৰিল ।ইমান দিন নোখোৱাকৈ থকাৰ কাৰণে সি লৰচৰ কৰিব পৰা নাছিল ।মূহুৰ্তৰ ভিতৰতে হুলস্থুল লাগি গ’ল ….সাপ সাপ সাপ….!স্বাতীয়ে সাপৰ কথা শুনি হাতত ফিনাইলৰ বটলটোলৈ দৌৰি আহিল ।ফিনাইল চটিয়াই চটিয়াই সাপটো বাহিৰলৈ লৈ গ’ল আৰু বাৰীত কাম কৰি থকা মানুহটোৰ হতুৱাই সাপটো মাৰি পেলোৱালে।স্বাতীৰ কাণ্ড দেখি ল’ৰাজনে মন্ত্রমুগ্ধ হৈ ককায়েকক কৈয়েই পেলালে —“দাদা স্বাতীক মই বিয়া কৰাম,বাৰিষাৰ আগতে !!”

স্বাতীহঁতৰ তিনিওটাৰে মাজৰ বুজা-বুজি, মৰমৰ বান্ধোন দেখি দৰাৰ বন্ধুৱেও আপ্লুত হৈ নিজৰ ভনীয়েকৰ কথা চিন্তা কৰি এটা সিদ্ধান্তই কৰি পেলালে ।ঘৰখনত আনন্দৰ জোৱাৰ উঠিল।তিনিমাহৰ পাচত ককায়েক ভনীয়েক দুয়োটাৰে একে দিনাই বিয়া হৈ গ’ল ।গাওঁবাসীৰ ওচৰত আশিষ ল’লে আৰু স্বাতীৰ মনৰ আশা পূৰ্ণ হ’ল ৷ ককায়েক- বৌয়েকৰ মাজত মাক-দেউতা ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক