ৰঙাপাৰালৈ যোৱা ৰে’লখন আৰু জাৰ্মানীৰ জেইলখন (ইন্দুকল্প শইকীয়া)

আগতে তেজপুৰৰ পৰা ৰঙাপাৰালৈ এখন মিটাৰগজ ৰে’ল চলিছিল৷
হয়তো ডিজেল ইঞ্জিন আছিল৷ ঝকঝক-ঝকঝক কৈ এক গহীন উকিৰে যেতিয়া ট্ৰেইনখন পাৰ হৈ গৈছিল প্ৰাথমিক বিদ্যালয়ত শিকা সেই ৰে’লৰ শব্দবোৰে যেন প্ৰাণপাই উঠিছিল আমাৰ সৰু সুৰ মনবোৰত৷ মিছন চাৰিআলিত কেতিয়াবা এই ৰে’লখনৰ বাবে গে’ট বন্ধ হৈছিল আৰু সন্মুখেদি যেতিয়া ৰে’লখন পাৰ হৈ গৈছিল খুব মন হৈছিল উঠি চাবলৈ৷ তেজপুৰৰ পৰা বাহিৰলৈ নোযাৱা মানুহ খিনিৰ বাবে এই ৰে’লখনেই আছিল “ৰে’ল”বোলা বাহনবিধৰ বাবে একমাত্ৰ জীৱন্ত উদাহৰণ৷ আমি প্ৰায়ে দেউতাক খাটনি ধৰিছিলো ৰে’লত উঠাবলৈ৷ বাছত উঠিছো, গাড়ী-স্কুটাৰত উঠিছো তেতিয়া সেই ৰে’লখনত উঠাটো হৈ পৰিছিল এক লক্ষ্য৷ পিছে এইবাৰ দেৱালীত, অহাবাৰ পূজাত বুলি পিছুৱাই থাকোতে থাকোতে সেই ৰে’লখনত উঠা নহ’লগৈ আমাৰ৷
সৰু সৰু সপোন, সৰু সৰু সফলতা৷
এতিয়া সেই মিটাৰগজখন নচলে৷ সময়ৰ লগে লগে সপোনবোৰো সলনি হ’বলৈ ধৰে৷ সৰু সৰু সপোনবোৰ ডাঙৰ হ’বলৈ ধৰে৷ সৰু চহৰৰ মানুহৰ সপোন আৰু মেট্ৰো চহৰৰ মানুহৰ সপোন বোৰৰ মাজতো ব্যৱধান হ’বলৈ ধৰে৷ মাজতে জাৰ্মানীলৈ যাওঁতে এখন পুলিচৰ থানাৰ লক-আপ দেখাৰ ভাগ্য হৈছিল৷ আমাৰ লগৰে এজনৰ পাছপৰ্টখন ক’ৰবাত হেৰাই যোৱাত পুলিছে পাই আনিবলৈ মাতিছিল৷ আমাৰ এনেয়ো থানা চোৱাৰ হেপাহ এটা সৰুৰে পৰাই আছিল৷ প্ৰথম হাইস্কুললৈ যাওঁতে ছাত্ৰসন্থাৰ কিবা এক সমদলত ভাগ লৈ থানাৰ চৌহদৰ ভিতৰলৈ সোমাব লগীয়া হৈছিল৷ সেইদিনা প্ৰথমবাৰ অকলে ঘৰলৈ উভতি আহোতে সেই একেই মিছন চাৰিআলিৰ ৰে’লৰ আলিত প্ৰথমবাৰ মিটাৰগজ খন একেবাৰে ওচৰৰ পৰা চোৱাৰ প্ৰথম সৌভাগ্য হৈছিল৷ সেয়ে জাৰ্মানীত থানা খনলৈ যাওঁতে ৰঙাপাৰাৰ ট্ৰেইনখনলৈ বাৰে বাৰে মনত পৰিছিল৷ কিন্তুু থানাখন পাই যিহে হোটেল সদৃশ লক-আপ দেখিলো, আমাৰ দেশৰ বেংকলৈ যোৱাৰ নিচিনাহে লাগিছিল৷ প্ৰথমেই তলত গেটত এটা মাইক্ৰফ’ন আৰু লাউডস্পীকাৰ আছিল য’ত ওপৰৰ পৰা কেমেৰাত আমাক চাই পুলিচ বিষয়াজনে কথা পাতি তাৰ পিছতহে গে’ট খুলি দিছিল ভিতৰ সোমাবলৈ৷
ডাঙৰ ডাঙৰ চহৰৰ ডাঙৰ ডাঙৰ সপোন৷ সেইকেইদিন থাকোতেই ভাৰতৰ বিভিন্ন ঠাইৰ সহকৰ্মী সকলৰ লগত কথাই কথাই ওলাইছিল তেওঁলোকৰ সন্তান সকলে পঢ়ি থকা পৃথিৱীৰ বিভিন্ন প্ৰতিষ্ঠান বিলাকৰ কথা, তাৰ খৰচ-পাতি ইত্যাদি৷ আমেৰিকাৰ বাৰ্কলে’, এম.আই.টি. ইত্যাদি প্ৰতিষ্ঠানত পঢ়ি থকা সন্তান সকলৰ বাবে মাহিলি ১-১.৫০ লাখ টকা পঠিয়াব লগা হোৱা বৰ্ণনা, ভাৰতৰ আই.আই.টি.ক লেখতেই নৰখা ধৰণৰ আলোচনা ইত্যাদি৷
কেতিয়াবা এনে কথাবোৰ মনত পৰিলে, আৰু আমাৰ সেই সৰু সৰু ঠাইসমূহৰ জীৱনধাৰা তথা সপোন বোৰক তুলনা কৰিলে এইফালৰ কথাখিনি সিফালৰ পৰা চালে সপোনহেন লগা হয়৷ সৰু সৰু ঠাইবোৰত মানুহৰ লালন-পালন হয় ডাঙৰ চহৰবোৰত মানুহ “নিৰ্মাণ” হয় হয়তো৷ আমাৰ এতিয়াও দুখ ঘৰৰ বাহিৰলৈ ওলাই আহিব লগা হোৱা বাবে, ইয়াত আকৌ দুখ “ল’ৰাটো ঘৰতে থাকি চাকৰি কৰিব লগা হোৱা বাবে”৷ বিদেশী কোনো এক প্ৰতিষ্ঠানৰ পৰা কোনো এক ডিগ্ৰী লাভ নকৰা পৰ্য্যন্ত শিক্ষা পৰ্য্যাপ্ত হোৱা বুলি গন্যই কৰিব নিবিচাৰে৷ আৰু একেখন পৃথিৱীতেই কিছুৱে পৰ্য্যাপ্ত শিক্ষাৰ বাবেও সংগ্ৰাম চলাইয়ে থাকিব লগীয়া হৈছে৷
গাৱঁৰ প্ৰাথমিক স্কুলত পঢ়ি থাকোতে তেজপুৰ টাওনখন ডাঙৰ যেন লাগিছিল, চক বজাৰতেই হেৰাই যোৱাৰ উপক্ৰম হৈছিল, তেজপুৰত পঢ়োতে গুৱাহাটীখন ডাঙৰ যেন লাগিল, তাৰ পিছত চেন্নাই পাই গুৱাহাটি সৰু যেন লাগিল, তাৰ পিছত মালয়েছিয়া পাই চেন্নাইখন পিছপৰা যেন লাগিল আৰু তাৰ পিছত ইউৰোপ দেখি এছিয়া খনেই পিছপৰা যেন লাগিল আৰু সেই জাৰ্মানীৰ জেইলখনলৈ যাওঁতে যেতিয়া ৰঙাপাৰালৈ যোৱা ট্ৰেইখনলৈ মনত পৰিছিল…তেতিয়া কেনে লাগিছিল নিজেই বুজিবলৈ টান হৈছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments