ৰঙালীৰ ’সাতবিহু’ – গীতিকা শৰ্মা

‘আজি হ’ল বিহুৰ উৰুকা
কাইলৈ বিহুৰ ভুৰুকা
অ’ আইতা
গামোচা কাটিবৰ হ’ল…’

বিহু অসমৰ জনজীৱনৰ প্ৰতিচ্ছবি বহনকাৰী এটি কৃষিভিত্তিক লোক উৎসৱ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু উলহ-মালহেৰে পালন কৰা হয় এই বিহু৷ তিনিটি বিহুৰ অন্যতম হৈছে ব’হাগ বিহু৷ ব’হাগ বুলি ক’লেই সততে মনলৈ আহে কুলি-কেতেকীৰ মৌ-মিঠা মাত আৰু তগৰ-কপৌৰ সৌৰভেৰে দশোদিশ আমোলমোলাই থকা এক বিনন্দীয়া দৃশ্যৰাজি৷ বসন্তৰ আগমনত প্ৰকৃতিও যেন গাভৰুজনী হৈ উঠে৷ চালে চকু জুৰোৱা চৌদিশৰ সেউজীয়া পৰিৱেশে মন মুহি নিয়ে৷ সমগ্ৰ অসমবাসীৰ মনবোৰো বসন্তৰ সৌন্দৰ্যই সেউজীয়া কৰি ৰাখে এইকেইদিন৷ কেউফালে ঢোল, পেঁপা, গগনাৰ মাতৰ লগে লগে বিহুৱা ডেকাৰ হুঁচৰি আৰু গাভৰু নাচনীৰ খামুচীয়া কঁকালৰ অপূৰ্ব বিহু নাচে প্ৰতিগৰাকী অসমীয়াৰ মনবোৰো উৎসৱৰ পাৰ ভগা সুবাসে অহৰহ আনন্দিত কৰি ৰাখে৷ ব’হাগ মানেই এটি উৎসৱমুখৰ পৰিৱেশ৷

ব’হাগ বিহুৰ প্ৰথম দিনকেইটাক ’সাতবিহু’ হিচাপে জনা যায়৷ চ’ত মাহৰ সংক্ৰান্তিৰ পৰা ক্ৰমে ব’হাগৰ ছয় তাৰিখলৈ এই দিনকেইটাক একেলগে ’সাতবিহু’ বুলি কোৱা হয়৷ এই ’সাতবিহু’ৰ দিনকেইটা এনেধৰণৰ:

(১) গৰু বিহু
(২) মানুহ বিহু,
(৩) গোসাঁই বিহু,
(৪) তাঁতৰ বিহু,
(৫) নাঙলৰ বিহু,
(৬) জীয়ৰী বা চেনেহী বিহু আৰু
(৭) চেৰা বিহু৷

অৱশ্যে অতীজত কোনো কোনো অঞ্চলত এই ‘সাতবিহু’ দিনকেইটাৰ আৰম্ভণি কিছুদিন আগৰে পৰা হৈছিল৷ প্ৰতিটো দিনৰে বিশেষ অৰ্থ তথা বিশেষত্ব আছে৷ অতীজত এই ’সাতবিহু’ৰ তাৎপৰ্য অনুসৰি বৰ আগ্ৰহেৰে বিহু পালন কৰা হৈছিল যদিও বৰ্তমান ইয়াৰ বৈশিষ্ট্য কিছু পৰিমাণে নাইকিয়া হৈ যোৱাৰ উপক্ৰম হৈছে বুলিলেও নিশ্চয় ভুল কোৱা নহ’ব৷ এইটোও উল্লেখনীয় যে ’সাতবিহু’ৰ নিৰ্দিষ্ট সেই সাতটা দিন অঞ্চলভেদে বিভিন্ন নামেৰে জনা যায়৷ বিশেষকৈ উজনি আৰু নামনি অসমৰ মাজত এই ’সাতবিহু’ৰ দিনকেইটা বেলেগ বেলেগ নামেৰে জনা যায়৷

অতীজৰ ব’হাগ বিহুৰ ’সাতবিহু’ৰ প্ৰতিটো দিনৰেই বিশেষ তাৎপৰ্য বা অৰ্থ বহনকাৰী কথাবোৰ এনেধৰণৰ:

(ক) চ’ত বিহু: চ’ত মাহ সোমোৱাৰ লগে লগেই বিহুৰ সুবাসে অসমৰ প্ৰতিঘৰৰ পদূলি উদুলি-মুদুলি লগাই তোলে, ডেকা-গাভৰুৱে ৰং-ৰহইচেৰে বিহুগীত আৰু বিহুনাচৰ আখৰা কৰে৷ বিহুৰ আখৰা আৰম্ভ কৰা প্ৰথম দিন বা নিশাটোকেই প্ৰকৃতাৰ্থত চ’ত বিহু বুলি কোৱা হয়৷

(খ) ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পাছৰ নিশাবোৰত ডেকা-গাভৰুৱে বিহু মৰা বিহুক ৰাতি বিহু বুলি কোৱা হয়৷ এই ৰাতি বিহু উৰুকাৰ নিশালৈকে থাকে৷

(গ) গৰু বিহু: চ’ত মাহৰ সংক্ৰান্তিৰ দিনটোক গৰু বিহু বুলি কোৱা হয়৷ সেইদিনা গৰুক পূজা কৰা হয়৷ মাখিয়তী, দীঘলতি আদিৰ পাতেৰে গৰুক কোবাই গোহালিৰ পৰা নৈলৈ লৈ গৈ মাহ-হালধি, লাও, বেঙেনা আদিৰে গৰুক গা ধুওৱা হয়৷ সন্ধিয়া গৰুৰ মঙ্গল কামনা কৰি তথা ম’হ-ডাঁহ আদি খেদাবলৈ গোহালিৰ সন্মুখত বন, তুঁহ, খেৰ আদিৰে জাগ দিয়া হয়৷ গৰুক নতুন পঘাৰে বন্ধা হয়, অৰ্থাৎ গৰুক বিহুৱান দিয়া হয়৷ উল্লেখযোগ্য যে, গৰু বিহুৰ দিনাখন গৰখীয়াই গৰুক পথাৰৰ পৰা ঘৰলৈ আনিবই লাগে, নহ’লে গৰুৰ গৃহস্থ নাই বুলি ভবা হয়৷ তদুপৰি, গৰুক গা ধুৱাবলৈ নিওতে গোহালিৰ আটাইতকৈ বুঢ়া গৰুটোৰ ডিঙিত এডাল পঘা মেৰিয়াই নিয়া হয় আৰু সেই পঘাডাল গা ধুওৱা ঠাইত চাৰিঠেঙৰ তলেদি সৰকাই পেলাই দিয়া হয়৷ ইয়াৰ অৰ্থ পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱা বুজায়৷

(ঘ) মানুহ‌ বিহু: গৰু বিহুৰ পাছদিনাখন, অৰ্থাৎ ব’হাগ মাহৰ প্ৰথম দিনটোক মানুহ বিহু বোলা হয়৷ সেইদিনা ৰাতিপুৱা সোনকালে উঠি মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক মৰম আৰু আৰ্শীবাদ দিয়ে৷ পৰস্পৰে পৰস্পৰক বিহুৰ শুভেচ্ছা জনাই বিহুৱান যাচে৷ গুৰু-ভকতক জা-জলপান খুৱায়৷

মানুহ বিহুৰ দিনাখনৰ পৰাই ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ হুঁচৰি আৰু বিহু মাৰিবলৈ আৰম্ভ কৰে৷

বছৰৰ প্ৰথম দিনটোতে কৃষিজীৱি লোকসকলে বৰষুণ কামনা কৰি প্ৰকৃতিদেৱীৰ ওচৰত প্ৰাৰ্থনা জনায়৷ সেইদিনা বৰষুণ হ’লে বছৰটোত খেতি বাতি ভাল হয় বুলি লোকবিশ্বাস আছে৷

(ঙ) কুটুম বিহু: ব’হাগৰ দ্বিতীয় দিনটোকেই কুটুম বিহু বোলা হয়৷ মিতিৰ-কুটুমসকলে পৰস্পৰে পৰস্পৰৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা প্ৰদান কৰে আৰু ৰং-ৰহইচ কৰি খোৱা মেলা কৰে এই দিনটোতে৷ বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যায়, জোঁৱায়েক যায় শহুৰ-শাহুৱেকক বিহুৰ সেৱা জনাবলৈ৷

(চ) মেলা বিহু বা হাট বিহু: এই দিনটোত বন্ধু বান্ধৱ, চিনাকি প্ৰতিজন ইঘৰ সিঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আদান-প্ৰদান কৰে, বিহুৰ জা-জলপান খায়৷ পথাৰ বা মুকলি ঠাইত ডেকা-গাভৰুৱে মৰা বিহু চাবলৈ যায় সকলোৱে৷ এক কথাত, জাতি ধৰ্ম নিৰ্বিশেষে সংহতি স্থাপনত এই বিহুৰ অৱদান অসীম৷ হাটত যেনেকৈ বয় বস্তু ক্ৰয়-বিক্ৰয় কৰিবলৈ সকলো যাব পাৰে, ঠিক তেনেকৈ এই মেলা বা হাট বিহুতো পৰস্পৰে পৰস্পৰৰ লগত মিলা-মিচাৰ সুন্দৰ ব্যৱস্থা থাকে৷ পূৰ্বতে যেতিয়া বিহুক জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল তেতিয়া এই বিহুলৈ ৰজাৰ পৰা ডা-ডাঙৰীয়া বা প্ৰজাগণ সকলোৱে মিলি এই বিহু অনুষ্ঠানথলীলৈ যাব পাৰিছিল৷ অৱশ্যে, আজিকালি এই মেলা বা হাট বিহুৰ লেখীয়া কোনো বিশেষ বিহু অনুষ্ঠিত কৰা নহয়৷

(ছ) চেৰা বিহু বা এৰা বিহু: ৰং-ৰহইচৰ মাজেৰে দিনবোৰ পাৰ কৰা বিহুটোৱেই হৈছে ব’হাগ বা ৰঙালী বিহু৷ ব্যক্তিগত দুখ কষ্ট, সমস্যা আদিক একাষৰীয়া কৰি থৈ বিহুৰ আনন্দত মতলীয়া হৈ অৱশেষত সকলো লোক এদিন ভাগৰি পৰে৷ প্ৰথম কেইদিনৰ বিহুৰ ৰং-ৰহইচ ক্ৰমে জয় পৰি আহিবলৈ ধৰে৷ এই বিহুৰ ৰং-ৰহইচ কমি অহা দিনবোৰকেই চেৰা বিহু বা এৰা বিহু বুলি কোৱা হয়৷ এনেকৈ এদিন বিহুক বিদায় দিয়া হয়৷ হুঁচৰি দলে সাত বা এঘাৰ দিনৰ দিনা গাঁৱৰ নামঘৰৰ সন্মুখত তামোল-পাণ আৰু বিহুৱান দি বিহুক বিদায় দিয়ে৷

মূলত: কৃষিৰ সৈতে জড়িত বিহুৰ গুৰুত্ব সমগ্ৰ অসমবাসীৰ হৃদয়তেই অক্ষয়ৰূপে বিৰাজমান৷ কিন্তু সময়ৰ পৰিৱৰ্তনত বিহুৰ বিশেষত্বত কিছু কৃত্ৰিমতা আহি পৰিছে৷ গাঁৱৰ পথাৰৰ মাজৰ বিহুটি আহি আজি চহৰৰ কৃত্ৰিম মঞ্চ পালেহি৷ কৃষিৰ সৈতে জড়িত বিহুটি এতিয়া ব্যৱসায়িক হৈ পৰিল৷ তেনেক্ষেত্ৰত, বৰ্তমান সময়ত ব’হাগ বিহুৰ উপৰোক্ত তাৎপৰ্যসমূহ দেখিবলৈ সততে পোৱা নাযায় যদিও এইবোৰৰ গুৰুত্ব এতিয়াও সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱা বুলি ক’ব নোৱাৰি৷

★ ★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments