ৰঙালী বিহুটো পালেহিয়েই (অনামিকা চলিহা)

(১)

ৰিব ৰিবকৈ বলি থকা বতাহজাকে মনটো চুই গ’ল। মোৰ কোঠাটোৰ খিৰিকিৰে বাহিৰৰ নীলিম আকাশখন বিস্তৃতভাৱে দেখি।
অলপ দুৰতে চাহ বাগানখন আছে। কিছুদিনৰ আগতে কলম দিয়া গছবোৰত অলপ অলপকৈ সৰু সৰু কুমলীয়া চাহপাতৰ কলিবোৰ ওলাইছে। তাত পুৱাৰ ৰ’দৰ পোহৰ পৰি চাহপাতৰ কোমল পাতৰ আগবোৰ সোণবৰণীয়া হৈ জিলিকি উঠিছে। এজাক বৰষুণৰ খুবেই প্রয়োজন আছিল চাহ গছকেইজোপাৰ। ইতিমধ্যে বৰষুণজাক দুদিনমানৰ আগতে আহিল। বৰষুণৰ টোপালৰ পৰশত চাহপাতৰ কলিবোৰ লহপহকৈ বাঢ়িব ধৰিছে। কেঁচা মাটিৰ গোন্ধ ভাঁহি আহিছে বতাহত। কাষতে থকা আম গছকেইজোপাত আমে মঁলিয়াইছে আৰু কঁঠাল গছকেইজোপাত কঁঠালে মুচি পেলাইছে।বিভিন্ন ধৰণৰ গছবোৰ নতুন নতুন কুঁহিপাতেৰে জাতিস্কাৰ হৈ পৰিছে। পুৰনি পাতৰ অৱশিষ্ট দুই-এখিলা পাত দুই এজোপা গছত আছে। হয়তো সেইয়াও দুই এদিনতে সৰি পৰিব। ৰাস্তা-ঘাটবোৰ নিমজ হৈ পৰিছে।

(২)

মাজত মাত্ৰ আৰু কেইটামান দিন। অসমীয়াৰ প্ৰাণৰ, চেনেহৰ, হিয়াৰ আপোন ব’হাগৰ বিহুটিলৈ। ব’হাগ বিহু অহাৰ বাতৰিৰ উমান দি কুলি চৰাইজনীয়ে দুৰৈৰ গছজোপাত চিঞৰি উঠিল কুউ, কুউ। মনটো অজানিতে ভাল লাগি গ’ল। সচাঁকৈয়ে কুলি চৰাইজনীৰ মাত নুশুনিলে ব’হাগ অহা যেন নেলাগেই দেখোন। গছে নতুন পাত সলাইছে, তগৰ ফুলজোপাতো দুই-এটা কলি ফুলি উঠিছে, নারৰিকলজোপা, কঠাল জোপাত থকা কপৌ ফুলজোপাতো লাহে লাহে কপৌ ফুলৰ কলিবিলাক ওলাইছে, তামোল গছকেইজোপাত থকা ভাটৌ ফুলবোৰো ফুলি উঠিছে। বিহুক লৈ আয়োজন কৰিবলগীয়া বিভিন্ন বিহু কমৰ্শালা ইতিমধ্যে আৰম্ভ হৈছে। ঢোল-পেপাঁৰ শব্দই সেই কমৰ্শালাবোৰত আকাশ বতাহ কঁপাই ৰাখিছে। তাতে অসমীয়া টিভি চেনেলকেইটা আছেই ৰঙালী বিহু পাতিবলৈ। তথাপি যেন কুলিজনীৰ বিননি নুশুনিলে আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু ৰঙালী বিহুটো অহা যেন নেলাগে।

বসন্ত ঋতুৰ আগমণৰ জাননী প্ৰকৃতিয়ে ইতিমধ্যে দিলেই। যি ফালেই চকু যায়, তাতেই বসন্ত ঋতুৰ পৰশ বিদ্যমান।বসন্তৰ আগমণত প্ৰকৃতিয়ে নতুন ৰুপেৰে নিজকে সজাই তুলিছে।বিস্তৃতভাৱে বিয়পি থকা এখন নীলা আকাশ। ৰাস্তাৰ দাঁতিৰ কাষৰ পলাশ,মদাৰৰ ডালে ডালে ফুলি থকা ফুলবোৰে যেন জুইহে চটিয়াইছে। তৰু-তৃণৰ আগত জিলিকি উঠিছে কুঁহিপাত বসন্তৰ আৰু সেই তৰু-তৃণৰ ডালে ডালে কুলি, কেতেকী, মইনা, সখিয়তী, দহিকতৰা আদি বিভিন্ন পক্ষীৰ মধুৰ গুঞ্জন। বৰদৈচিলাজনীয়েও ইতিমধ্যে ভুমুকি মাৰিছে। ইতিমধ্যে তাঁতশালত শিপিনীয়ে আপোনজনৰ বাবে গামোছা বৈ উলিয়াইছে। যিসকলৰ হোৱা নাই তেওঁলোকৰ গাত তৰণি নাই। বিহুৰ আগতে গামোছা যুতি, ৰুমালখিনি বৈ উলিয়াবই লাগিব। নহ’লে আপোনজনক খালী হাতেৰে বছেৰেকৰ মুৰত অহা বিহুটিৰ ওলগ কেনেকৈ জনাব?

ভ্ৰাতৃসম চফিকুলেও বিহুত গামোছা বিচাৰিছে। তাৰ আবদাৰ-এইবাৰ গামোছা লাগিব। অফিচতো চিনাকী মিচিং, কাৰ্বি, বাঙালী, মুছলমান তথা আন সম্প্ৰদায়ৰ সহকৰ্মীসকলে বিহুৰ যা-যোগাৰ কৰিছোনে নাই সুধিছে। খ্ৰীষ্টান ধৰ্মৰ সহকৰ্মীজনেও চিঞৰি ক’লে মোক দেখি-বিহুৰ পিঠা আনিবা দেই। তেওঁলোকেও কৰিছে। মই বোলোঁ এইবাৰ তেওঁলোকেহে পিঠা, লাৰু আদি বনাই খুৱাব লাগিব। বিভিন্ন স্হানীয় বিহু সন্মিলনত তেওঁলোকে বিষয়বাব লৈছে। সন্তানে বিহু নচা তথা আন প্ৰতিযোগিতাত অংশগ্ৰহণো কৰিব। ইতিমধ্যে তাৰ বাবে প্ৰশিক্ষণো গ্ৰহণ কৰিছে। সঁচাকৈ তেওঁলোকৰ কথা শুনিলে মনটো ভৰি পৰে। গণশিল্পী ভূপেন হাজৰিকাই ঠিকেই কৈছে-  ব’হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ’। সঁচা কথা অসমীয়াৰ জাতীয় জীৱনৰ সৈতে ব’হাগ বিহুৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে, যাক অসমীয়া মাত্ৰেই প্ৰতিজনে হাড়ে হাড়ে অনুভৱ কৰে, লাগিলে যি জাতি, গোষ্ঠী, ধৰ্মৰেই নহওক কিয়। অসম বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায়েৰে গঠিত এজন ৰাজ্য। অতীজৰেপৰাই ইয়ালৈ বিভিন্ন জাতিৰ, বৰ্ণৰ, ধৰ্মৰ লোকৰ আগমণ ঘটিছে। আৰু এই লোকসকলেও অসমৰ ধৰ্ম, সংস্কৃতি, ভাষা গ্ৰহণ কৰি একোজন অসমীয়া হৈ পৰিছে আৰু বৃহত্তৰ অসমীয়া জাতি গঠনত অৰিহণা যোগাইছে।

(৩)

সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ ৰঙালী বিহুটোলৈও বহুত পৰিৱৰ্তন আহিল। গছৰ তলৰ বিহু গৈ মঞ্চ পালেগৈ। দেশ, বিদেশত আমাৰ আপোন বিহুটি জনাজাত হ’ল। মূলতঃ বিহু কৃষিজীৱী ৰাইজৰ উৎসৱ। পিছে সময়ে সকলো সলনি কৰি পেলালে। কৃষিজীৱী গাঁৱৰ সাধাৰণ জনতাৰ সলনি আজিকালি কৃষিৰ সৈতে জড়িত নথকা লোকৰহে বিহু মঞ্চত পয়োভৰ বেছি হ’ল। লগতে আহিল বিহু কুঁৱৰী, বিহু সম্ৰাজ্ঞী আদিবিলাক, আৰু বিহু মঞ্চক জাকত জিলিকা কৰি তুলিবলৈ বিহুৰ নামত চান্দা তোলা পদ্ধতি, সাতদিনৰ বাবে পালন কৰা ব’হাগ বিহু জেঠ মাহমানলৈকে ব’হাগী বিদায়ৰ নামত পালন কৰা আদি আৰম্ভ হ’ল। বিহুৰ নামত কিছুমান শিল্পীয়ে বহুৱালি আৰম্ভ কৰিছে। হয়তো বিহুৱে নিজৰ স্বকীয়তা, গাম্ভীৰ্য্যতা হেৰুৱাইছে। বহুতৰ মনত শংকাৰ সৃষ্টি হৈছে- অযোগ্যজনৰ হাত পৰি আমাৰ চেনেহৰ ব’হাগ বিহুটোৱে নিজৰ স্বকীয়তা, গাম্ভীৰ্য্যতা হেৰুৱাই পেলাব নেকি?

(৪)

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আজিৰ অসম ৰাজ্য। অসমীয়াৰ সংজ্ঞাক লৈ বিভিন্ন দল-সংগঠনৰ মাজত মতানৈক্য, অনুপ্ৰৱেশৰ সমস্যা, ভুমি হস্তান্তৰৰ সমস্যা, চোৰাংচিকাৰীৰ দ্বাৰা সঘনাই গঁড় হত্যা, শাসকীয় পক্ষৰ বিভিন্ন দুৰ্নীতি আদিৰ কথা শুনি মনটো মাত্র তিক্ততাৰে ভৰি পৰে। সকলো যেন ব্যস্ত অসমখন ধ্বংস কৰাত। কাৰোৰেই যেন আন্তৰিকতা নাই ক্ৰমাগতভাৱে বাঢ়ি অহা অসমৰ সমস্যাবোৰ সমাধান কৰাত। মাত্ৰ এটাই ধান্দা সমস্যাবোৰ জীয়াই ৰাখি তাৰপৰা মুনাফা আদায় কৰা। টিভি নিউজতো সেই একেবোৰেই বাতৰি। ভাল, মনক তৃপ্ত কৰিব পৰা, জীৱনৰ প্রতি মোহ জগাব পৰা বাতৰিবোৰ যেন ক’ৰবাত হেৰাই গৈছে। মাত্র হতাশাৰে ভৰি থকা খবৰ।আশাৰ বতৰা কঢ়িয়াই অনা একো খবৰেই নাই দেখোন।

তাৰ মাজতো আশাৰ বতৰা লৈ বসন্ত ঋতু তথা হিয়াৰ আপোন ব’হাগ বিহুটো আহিছে। আশা কৰিছোঁ ব’হাগ বিহুটোৱে নিজস্ব গুণ-গৰিমা অক্ষুণ্ণ ৰাখি আমাৰ মাজত জীয়াই থাকক। সমন্নয়ৰ প্ৰতীক ব’হাগ বিহুটোৱ অসমত বসবাস কৰা সকলো ধৰ্মৰ, সকলো বৰ্ণৰ, বিভিন্ন জাতি-গোষ্ঠীৰ মাজত স্নেহ-প্ৰীতিৰ এনাজৰী কটকটীয়া কৰি তোলক, যাতে কোনো বিভেদকামী শক্তিয়ে তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি কৰিব নোৱাৰে। মন গহনৰ গভীৰৰপৰা কামনা কৰোঁ-

এটা বাঁতিত নহৰু এটা বাঁতিত পণৰু
এটা বাঁতিত খুতৰা শাঁক
মুৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ
অসমখন কুশলে থাক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments