(ৰঙা জিঞাৰ কবিলৈ শ্ৰদ্ধাঞ্জলিৰে …) মৃত্যু নহয় জীৱন হে আচলতে এক শিল্প (হীৰুদালৈ ক্ষমাৰে !) — প্ৰাণজিত বৰুৱা

(ৰঙা জিঞাৰ কবিলৈ শ্ৰদ্ধাঞ্জলিৰে …)
মৃত্যু নহয় জীৱন হে আচলতে এক শিল্প
(হীৰুদালৈ ক্ষমাৰে !)
— — প্ৰাণজিত বৰুৱা

কোনোবা খাই খাই মৰিব ।
কোনোবা খাবলৈ নাপাই মৰিব ।
কোনোবাই প্ৰেমত পৰি মৰিব ,
কোনোবাই প্ৰেমত নপৰাৰ শোকত মৰিব ।
কোনোবাই সুখী হৈ মৰিব,
কোনোবা দুখী হৈ মৰিব ।
মৃত্যু একেটাই ,
জীৱনৰ শ্বাস্বত সত্য !
কিন্তু
ভোকত মৰা আভোকত মৰা কথাটো একেই নহয়
ঠিক
আকাল আৰু ভঁৰাল একে নোহোৱাৰ দৰে…
প্ৰকৃততে
জীৱন উপভোগ আৰু আহৰণ হে এক শিল্প
মৃত্যুৰ আগতেই খোদিত কৰা এক নিৰ্লোভ ভাস্কৰ্য…!!!
(বিশেষ দ্ৰস্তৱ্য :
সকলো মানুহৰেই মৃত্যু হয়,
কিন্তু
কিছুমান লোকৰ হে মৃত্যু উদযাপিত হয় ,
যাৰ জীৱনটো এক শিল্প )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments