ৰঙিলী পেহীৰ কথা –শৰ্মা এম ৰস্মি

—————————


ৰঙিলী পেহী এইবাৰ ইলেকচনত জিকি চাইদ মেম্বাৰ হ’ল। নগৰৰ চাৰি চুক চিনি নোপোৱা পেহীৰ প্ৰথম অৱস্থাত বৰ সমস্যাই হৈছিল। ৰাইজে পাহৰিয়েই পেলাইছিল চাইড মেম্বাৰ পেহী নে পেহা! মেলে মিটিঙে পেহাৰ হে ফিট বেছি। এবাৰ আকৌ পেহা বিশেষ কামত পেহীৰ লগত নগৰলৈ যাব নোৱাৰিলে, পেহীৰ  কাম আছিল “ৱেলফেয়াৰ অফিচত।” পেহীয়ে ভাৱিলে কাৰোবাক শুধি হ’লেও উলিয়াব লাগিব অফিচটো। পেহীয়ে টাউনত দিনটো টলৌ টলৌকে ঘূৰি কুৰিজন মান মানুহক শুধিও অফিচটোৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে, দুজন মানে ক’লে নগাৱত এই অফিচটো নাই। এইটো অফিচ ভুটান, বাংলাদেশ এইবোৰ জেগাত হে আছে। পেহীৰ জেঠ মহীয়া চৌ ফলিয়া ৰ’দত অফিচ বিছাৰি নাপাই দুখে ভাগৰে আহি ঘৰ পালেহি। ইতিমধ্যে পেহাও আহি পাইছিলহি। পেহাই সুধিলে,

“অফিচত কাম হ’ল নে?”

পেহীয়ে সমস্ত বেয়া মাতখন মাতি ক’লে 

“দিনটো কষ্ট হ’ল ৰ’ব‌। আজি পঞ্চায়তৰ সভাপতিক এসেকা দিম। সি কুকুৰে মোক ভুটান, বাংলাদেশত থকা অফিচ মোক ন‌গাৱত আছে বুলি খবৰ দিয়ে।”

“কি কথা কোৱাহে তোমাক কোনে ক’লে তোমাক তাৰ অফিচ বেলেগ ৰাজ্যত আছে বুলি?”

“হুহ আপুনি বৰ মতা ওলাবলৈ নাহিব। টাউনৰ মানুহ অতসোপাক সুধিলো বোলো “আলফাৰ অফিচ” ক’ত আছে। সকলোৱেই ক’লে ইয়াত নাই, আৰু আপুনি মোৰ ওপৰত কথা ক’ব আহে।”

“কি ক’লা? কি ক’লা? কি অফিচ বিছাৰি গৈছিলা? আকৌ কোৱা।”

“আলফাৰ অফিচ।”

পেহীৰ কথা শুনি পেহাৰ অৱস্থা কাহিল।

“হেৰৌ তই খালি খালি! ইস ৰাম! তোক যে হাজোতত ভৰাই ন’থলে! হেৰৌ মৰতি, আলফাৰ অফিচ নহয়!” ৱেলফেয়াৰ অফিচ।”

পেহাই এতিয়াহে বুজিলে কিয় ভুটানত আছে বাংলাদেশত আছে বুলি মানুহে কৈছিল! পেহাই আকৌ পেহীক গালি পাৰিবলৈ আৰম্ভ কৰিলে।

“খালি খালি তই আগতে “চাৰকোল অফিচৰ”জেগাত বিছাৰি ফুৰিলি “চাইকেল অফিচ”আৰু আজি “ৱেলফেয়াৰ অফিচৰ” জেগাত বিছাৰিলি “আলফাৰ অফিচ।”

“হেৰি বোলেনে মোৰ গাত কি দোষ মই তেতিয়া পাটচলা স্কুলৰ “খ” শ্ৰেণীলৈকেহে পঢ়িছিলো! আমাৰ দিনত ইংৰাজীও নাছিল, গতিকে ইংৰাজী শব্দ সোপা মুখতেই নুফুটে।! হ’ব আৰু দিয়ক আপুনি গাঁ‌ওখন ৰৌজাল বৌজাল কৰিব নালাগে আৰু এইটো কথা উলিয়াই। এতিয়া ভাত পানী হ’ল। খাই বৈ শুই থাকক।” 

(সত্যৰ ছাঁ‌ লৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments