ৰঙৰ উৎসৱ হোলীৰ পৰম্পৰা (ভবিতা দাস)

মানুহে সমাজবদ্ধভাৱে জীৱন যাপন কৰাৰ দিনৰেপৰা জীৱনৰ গতিশীলতা বজাই ৰাখিবলৈ ঋতুভেদে বিভিন্ন উৎসৱ পালন কৰি আহিছে। সংস্কৃত ভাষাত “উ” মানে জঁপিয়াই উঠা আৰু “সৱ” মানে জন্ম পোৱা। উৎ+স+অৱ=উৎসৱ। যি আয়োজনত মানুহে নতুন জীৱনৰ সন্ধান পায় ,অৰ্থাত নতুন কৰ্মপ্ৰেৰণাৰে জঁপিয়াই উঠে সেয়াই উৎসৱ। মানুহে সদায় একেধৰণেৰে কাম কৰি কৰি আমনি পায় আৰু কেতিয়াবা কেতিয়াবা এলাহো অনুভৱ কৰে। তেতিয়া একো একোটা উৎসৱে সেই অৱসাদ দূৰ কৰি মানুহক পুনৰ কৰ্মতৎপৰ কৰি তোলে। বিহু, ঈদ, বৰদিন, দুৰ্গাপূজা আদিৰ দৰে হোলী বা ফল্গু উৎসৱো হৈছে শীতকালে আনি দিয়া জঠৰতাৰ পিছত মানুহক নতুন কৰ্মপ্ৰেৰণা যোগোৱা ৰঙৰ উৎসৱ।

হোলী উৎসৱৰ কাহিনী :

ভাৰতীয় পৌৰাণিক শাস্ত্ৰমতে পৰম বৈষ্ণৱ ভক্ত প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰন্যকশিপুৰ “হোলিকা” নামেৰে নৰমাংসভোজী এজনী ভগ্নী আছিল। নৰমাংস ভক্ষণ কৰিবলৈ নাপালে তাই চিঞৰ বাখৰ কৰি মানুহক অত্যাচাৰ কৰিছিল। প্ৰজাসকলে তাইৰ অত্যাচাৰ উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনেই এজন মানুহ মাৰি সেই মানুহজনৰ মাংস হোলীকাক ভক্ষণ কৰিবলৈ দিব ধৰিলে। তাই তৃপ্ত হ’ল। প্ৰজাসকলে তাইৰ এই নিষ্ঠুৰতাৰ বিৰুদ্ধে ভিতৰি ভিতৰি গুজৰি গুমৰি আছিল যদিও ৰজাৰ ৰোষত পৰিব বুলি ভাবি প্ৰতিবাদ কৰিবলৈ ভয় কৰিছিল। কিন্তু সকলো অপকৰ্মৰে এটা সীমা থাকে আৰু মানুহৰ ধৈৰ্যৰো এটা সীমা থাকে। প্ৰজাসকলে গোপনে এক আলোচনাত মিলিত হৈ “হোলিকা”ক কেনেকৈ বধ কৰা যায় তাৰেই উপায় উলিয়ালে। এদিন সকলো প্ৰজা একত্ৰিত হৈ নিশাৰ ভাগত নিশাচাৰী “হোলিকা”ক বধ কৰিলে। দিনটো আছিল ফাল্গুনী পূৰ্ণিমাৰ আগদিনা শুক্লা চতুৰ্দশী তিথি। প্ৰজাসকলে তাইৰ মৃতদেহটো দাহ কৰি পিছদিনা পূৰ্ণিমা তিথিত “হোলিকা”ৰ নিষ্ঠুৰতাৰ পৰা মুক্তি পোৱাৰ আনন্দত উৎসৱ পাতিলে। সেই উৎসৱৰ নাম দিলে “হোলিকা” দহন উৎসৱ। আনহাতে বিষ্ণু পুৰাণৰ মতে- নিজকে ভগৱান বুলি প্ৰচাৰ কৰা দৈত্যৰাজ হিৰন্যকশিপু আছিল বিষ্ণুদ্বেষী। তেওঁৰ পুত্ৰ প্ৰহ্লাদ আছিল পৰম বিষ্ণুভক্ত। সেই অপৰাধৰ বাবে হিৰন্যকশিপুৱে ভক্ত প্ৰহ্লাদৰ ওপৰত অকথ্য নিৰ্যাতন চলায়ো কোনো ফল নধৰাত পুত্ৰ প্ৰহ্লাদক প্ৰানদণ্ডৰ আদেশ দিলে। পৰ্বতৰ ওপৰৰ পৰা পেলাই দি, বিষাক্ত সৰ্পৰ মুখত নিক্ষেপ কৰি, হাতীৰে গচকায়ো প্ৰহ্লাদক মাৰিব নোৱাৰি ৰজাৰ ভগ্নী “হোলিকা”ক প্ৰহ্লাদক পুৰি মাৰিবলৈ আদেশ দিছিল। “হোলিকা”ই যাদুবিদ্যাৰ বলত অগ্নিকুণ্ডৰ মাজত থাকিব পাৰিছিল। অগ্নিয়ে তাইক পুৰি মাৰিব নোৱাৰিছিল। তাই এটা বিৰাট অগ্নিকুণ্ড জ্বলাই প্ৰহ্লাদক নিজৰ কোলাত বহুৱাই লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে। প্ৰহ্লাদে নিশ্চিতমনে মাথোঁ ভগৱানৰ নাম ল’বলৈ ধৰিলে। ঈশ্বৰৰ নামৰ মহিমাই “হোলিকা”ৰ যাদুবিদ্যাৰ প্ৰভাৱ নোহোৱা কৰিলে। প্ৰহ্লাদৰ নোম এডালো অগ্নিয়ে স্পৰ্শ নকৰিলে। “হোলিকাৰ” মৃত্যুত বিষ্ণুভক্তসকলে ভগৱানক প্ৰাৰ্থনা কৰি তেওৰ যশ-গুণ-কীৰ্তনেৰে আনন্দ উৎসৱ পাতিলে। হোলিকা জুইত জাহ যোৱা দিনটোও আছিল ফাল্গুনী পূৰ্ণিমাৰ আগদিনাৰ দিনটো। গীত মাত গাই আনন্দ কৰা দিনটোও আছিল ফাল্গুনী পূৰ্ণিমা তিথি। তেতিয়াৰ পৰাই সেই পূৰ্ণিমা তিথিত পতা আনন্দ উৎসৱটো হোলিকা দহন উৎসৱ ৰূপে প্ৰচলিত হ’ল। পৰৱৰ্তী কালত এই উৎসৱৰ নামৰ কিছু সলনি হৈ “হোলী” উৎসৱ হৈ পৰিল। আজিও উত্তৰ ভাৰতৰ কোনো ঠাইত হোলিকাৰ পুত্তলিকা সাজি দহন কৰাৰ পৰম্পৰা প্ৰচলিত। উত্তৰ ভাৰতৰ ফাল্গুনী পূৰ্ণিমা তিথিত “হোলী” উৎসৱ অনুষ্ঠিত কৰি “হোলী আইৰে” বুলি গীত মাত গাই নাচি- বাগি বিভিন্ন ৰঙৰ আবিৰ গাত লগাই লোকসকলে আনন্দ কৰা দেখা যায়।

পৰম্পৰা :

আৰ্য্যসকলৰ ভাৰত প্ৰবজনৰ ইতিহাসমতে শীতজৰ্জৰ মধ্য এছিয়াৰ পৰা প্ৰবজিত হৈ আৰ্য্যসকলে হিন্দুকুশ পৰ্বত পাৰ হৈ ভাৰতৰ সিন্ধু উপত্যকাত প্ৰবেশ কৰিছিল। যেতিয়া শীত ঋতুৱে বিদায় লৈ বসন্তৰ আগমন ঘটে তেতিয়া তেওলোকে মহা আনন্দৰে ঋতুৰাজ বসন্তক আদৰি উৎসৱ পাতিছিল। শীতৰ প্ৰতীকৰূপে ভেড়াৰ মূৰ্তি সাজি তাৰ ওপৰত বুঢ়া বুঢ়ীৰ মূৰ্তি দুটা ভেড়াৰ নোমেৰে তৈয়াৰী কাপোৰেৰে মেৰিয়াই দিছিল। আৰ্য্যসকলে মৃত্যুদণ্ড দিছিল গ্ৰীস্মৰ আগমনৰ বাৰ্তাবাহক তথা কৰ্মপ্ৰেৰনা যোগোৱা বসন্তক আদৰিবলৈ বুলি এঠাইত একত্ৰিত হৈ মুৰ্তিকেইটা অগ্নিত দাহ কৰি জাৰ পুৰিছিল। দিনটোও আছিল ফাল্গুনী পূৰ্ণিমা তিথি।বোধকৰো সেই অনুষ্ঠানেই হৈছে ফল্গু বা ফাকুৱা অনুষ্ঠান।
“হোলিকা দহন” উৎসৱৰ তাৎপৰ্য্য হৈছে হোলিকাৰূপী শীতক বধ কৰি লোকসকলে আনন্দ উৎসৱৰ দ্বাৰা বসন্তক আদৰে।
“জাৰ পোৰা” বা শীতক বিদায় দি বসন্তক আদৰা আনন্দ উৎসৱয়েই হৈছে বসন্ত উৎসৱ। পৃথিৱীৰ আন আন দেশতো যেনে বহেমিয়াত কাৰ্নিভেলৰ উৎসৱ, লুচেটিয়াত যমজ ভগ্নী, নিউগিনিত বলদ বলি, চীনত বৃষভ দিৱস আদি নামেৰে শীতৰ প্ৰতীক পুতলা সাজি পানীত বিসৰ্জন দিয়া বা পুৰি পেলোৱা কাৰ্যৰ দ্বাৰা বসন্ত উৎসৱ পালন কৰাৰ নিয়ম আছে।
এনেবোৰ উৎসৱৰ লগত হোলিকা দহন উৎসৱৰ কিছু মিল দেখা যায়। যি কি নহওক ৰং আনন্দৰে ফাল্গুনী পূৰ্ণিমা তিথিত পৰম্পৰাগতভাবে পালন কৰা এই বসন্ত উৎসৱেই হৈছে উত্তৰ ভাৰতৰ হোলী বা ফাকুৱা উৎসৱ। এই উৎসৱৰ সময়ত চন্দ্ৰ উপগ্ৰহ ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰে বাবে জ্যোতিষ শাস্ত্ৰই চান্দ্ৰ মাহটোৰ নাম দিয়ে ফাল্গুন বা ফাগুন। প্ৰথম অৱস্থাত হোলী উৎসৱত ৰং আনন্দ কৰি গোৱা গানবোৰ আছিল যৌনগন্ধী। নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱত এই উৎসৱ ভগৱান কৃষ্ণৰ বাল্যলীলালৈ ৰূপান্তৰিত হৈ গীত মাতবোৰ ভক্তিমূলক হৈ পৰে। কৃষ্ণৰ জন্মৰ পিছত নন্দ যশোদাৰ গৃহত অনুষ্ঠিত হোৱা নন্দোৎসৱত ৰং খেলাৰ বিষয়ে ভাগৱতত আছে …….

(১)হালধীৰ গুণ্ডি ভৈল পানী মিসলাই
অন্যো অন্যে সিঞ্চে গোবিন্দৰ গীত গাই গাই।।

(২)কাহালী মহূৰী ঢাক ধোল ভেৰী
অসংখ্য বাদ্য বজাই।
কৃষ্ণৰ কীৰ্তন কৰিলা উৎসুকে
ফাল্গু গুৰি সিঞ্চি যায়।

অসমত এই হোলী বা ফল্গু উৎসৱ ফাকুৱা বা দৌলযাত্ৰা নামে পালন কৰা হয়। বঙ্গদেশতো এই উৎসৱ দৌলযাত্ৰা নামে পৰিচিত। বঙ্গবাসীয়ে ফাল্গুনী পূৰ্ণিমাক গৌৰ পূৰ্ণিমা বুলিও কয় কাৰণ এই পূৰ্ণিমাতে মহাপুৰুষ চৈতন্যদেৱৰ জন্ম হৈছিল।
অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰেপৰা ফল্গু উৎসৱ প্ৰচলন হৈ আহিছে। তাৰ আগতে কোনে কিদৰে পালিছিল তাৰ সবিশেষ তথ্য পোৱা নাযায়। শংকৰদেৱে বৰদোৱাত দৌল বান্ধি ফাকুৱা উৎসৱ পালন কৰাৰ বিষয়ে গুৰুচৰিত পুথিসমূহত উল্লেখ আছে।

চাৰিদাৰ বেলা ভৈল ফাগু দিৱে গুৰু গৈল
তাত পাছে দিলন্ত শংকৰে।
আনন্দিত ভৈলা সৱে বাদ্যক বজাই তেৱে
গাইলা গীত সৱে ভক্ত নৰে।

দৌল মানে প্ৰভু কৃষ্ণৰ থান বা মন্দিৰ।সেই থানলৈ কৃষ্ণ দৰ্শনৰ কাৰনে কৰা যাত্ৰা হৈছে দৌলযাত্ৰা। সেই অৰ্থ অনুসৰি যিকোনো সময়ত দৌললৈ কৰাই দৌলযাত্ৰা হ’লহেঁতেন। কিন্তু নহয়। ফাল্গুনী পূৰ্ণিমা তিথিত কৰা যাত্ৰাহে দৌলযাত্ৰা।
আনহাতে দৌল শব্দই কোনো দেৱমূৰ্তি বা সম্ভ্ৰান্ত পুৰুষ-মহিলাক কঢ়িয়াই নিয়া কাঠেৰে নিৰ্মিত “দোলা”ক বুজায়।

ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত।
দৌলযাত্ৰা কৰে মহোৎসৱ সিবেলাত।।

গতিকে দৌলাকৃতিৰে সজোৱা দোলা বা আসনত কৃষ্ণ গোবিন্দৰ মূৰ্তি উঠাই লৈ ভক্তিমূলক গীত গাই নানা ৰঙৰ ফাকু খেলি ৰং আনন্দৰে কৰা শোভযাত্ৰাই হৈছে দৌলযাত্ৰা।
(সহায় লৈ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments