“ৰং” বিজ্ঞান (২য় আৰু ৩য় খণ্ড) (-উদ্দীপ তালুকদাৰ)

(প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত ক্লিক কৰক)

(দুই)

ৰঙৰ উজ্জ্বলতা:

১ম খণ্ডতে আমি আলোচনা কৰি আহিছোঁ যে মানুহৰ চকুৰ ৰেটিনাত তিনি ধৰণৰ ক’ন থাকে, আৰু তিনি ধৰণৰ ক’নে ক্ৰমে ৰঙা, সেউজীয়া আৰু নীলা এই তিনিটা ৰঙৰ তৰংগদৈৰ্ঘৰ প্ৰতি ভিন্ন ধৰণে সংবেদনশীল। অৰ্থাৎ ৰঙা সংবেদী, সেউজীয়া সংবেদী আৰু নীলা সংবেদী এই্ তিনি ধৰণৰ ক’ন থাকে। মন কৰিবলগীয়া যে একোটা ৰঙৰ সংবেদী ক’নে যে একোটা বিশেষ তৰংগ-দৈৰ্ঘৰ ক্ষেত্ৰতহে উত্তেজিত হ’ব তেনেকুৱা নহয়, বৰং ক’ন একোটাৰ সংবেদন এক বহল তৰংগদৈৰ্ঘৰ ক্ষেত্ৰত দেখা যায়। সেয়ে, বেছি শুদ্ধকৈ এনেকৈহে ক’ব পাৰি যে ৰঙ সংবেদী কোষবোৰে ৰঙা তৰংগদৈৰ্ঘৰ ক্ষেত্ৰত আটাইতকৈ বেছি উত্তেজিত হয়, কিন্তু ৰঙ তৰংগ-দৈৰ্ঘৰ আশ-পাশৰ তৰংগবোৰৰ ক্ষেত্ৰতো ই উত্তেজিত হয়, মাত্ৰ তাৰ পৰিমাণ কমকৈ হয়। তিনিওবিধ ক’নৰ সংবেদনশীলতা চিত্ৰ ১-ত দেখুওৱা হৈছে।

আধুনিক যিকোনো সঁজুলিৰ বাবে এনে বহল সংবেদনশীলতা খুব এটা উচ্চমানৰ কাৰ্যকুশলতা বুলি ধৰা নহ’ব, কিন্তু আমাৰ ৰঙ দৰ্শনৰ বাবে এই পৰিসৰ অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ অন্যথা আমি দৃশ্যমান তৰংগদৈৰ্ঘৰে বহুতো ৰঙ নেদেখিলোহেঁতেন। কিন্তু ক’নসমূহৰ সংবেদনশীলতাৰ এই ভিন্নতাই উজ্জ্বলতাৰ ক্ষেত্ৰত কিছূমান আমোদজনক কাণ্ড দেখুৱায়। চিত্ৰ-২লৈ মন কৰক। চিত্ৰত ৰঙটোৰ ঠিক তলতে সেই ৰঙৰ তৰংগদৈৰ্ঘৰ নেন’মিটাৰৰ হিচাপত উল্লেখ কৰা হৈছৈ। কোনকেইটা ৰঙ অনুজ্জ্বল লাগিছে তালিকা এখন কৰক। মোৰ দৃষ্টিত আটাইতকৈ কম উজ্জ্বল ৰঙকেইটা হৈছে: ৪০০, ৪৫০, ৪৭৫, ৫০০, ৬২৫ আৰু ৬৫০ । এতিয়া আকৌ চিত্ৰ-১লৈ চাওক: দেখিব যিকেইটা ৰঙৰ তৰংগদৈৰ্ঘ অনুজ্জ্বল লাগিছে, সেইকেইটা তৰংগদৈৰ্ঘৰ ক্ষেত্ৰত ৰেখাচিত্ৰখন y-অক্ষ উজ্জ্বল তৰংগদৈৰ্ঘতকৈ কম।

তিনিওটা ক’নৰ সংবেদনশীলতা কিছুমান ৰঙৰ ক্ষেত্ৰত কম হোৱাৰ বাবে আমি সেইকেইটা ৰং তুলনামূলক ভাৱে কম উজ্জ্বল যেন পাওঁ। যিমানেই পোহৰৰ পৰিমাণ বঢ়াই গ’লেও সেইখিনি ৰঙ আমাৰ চকুৱে সদায় অনুজ্জ্বল দেখে।

কিন্তু অনুজ্জ্বলতাৰ কথাটো ইমান সহজ আচলতে নহয়। প্ৰথম কথা, চিত্ৰ-১-ত দেখুওৱা ক’নৰ সংবেদনশীলতাৰ ৰেখাচিত্ৰ তিনিওটা ক’নৰ সমমাত্ৰিক (normalized) ৰেখাহে। প্ৰকৃতাৰ্থত নীলা ক’নৰ সংবেদনশীলতা বাকীকেইটাতকৈ বেছি, কিন্তু নীলা ক’নৰ সংখ্যা বাকীকেইটাতকৈ বহু কম। আমাৰ ৰেটিনাত প্ৰায় ৬-৭ নিযুত ক’ন থাকে, তাৰে ৬৪% ৰঙা সংবেদী, ৩২% সেউজীয়া সংবেদী আৰু ২%-হে নীলা সংবেদী (বাকী ২%-ৰ কি হ’ল মই নাজানো!)। সেই বাবেই ৰঙা ৰঙ অতি সহজে আমাৰ চকুত পৰে। এটা আমোদজনক কথা হ’ল ৰঙা ৰঙৰ ক’নৰ সংখ্যা কিয় বেছি, তাৰ উত্তৰ দিবলৈ জীৱবিজ্ঞানীয়ে বিৱৰ্তনবাদৰ সহায় ল’বলগীয়া হয়। ৰঙা ৰঙৰ সামান্যতম পৰিৱৰ্তনো নজৰ কৰিব পৰাটো মানুহৰ বাবে এক ডাঙৰ সুবিধা। প্ৰথমে পকা ফল বিচাৰিবলৈ ৰঙা ৰঙৰ প্ৰাধান্য অধিক বুলি চবা হৈছিল যদিও নতুন তত্ব অনুসৰি সংগীৰ গাৰ বৰণৰ সূক্ষ্ম তাৰতম্য নিৰ্ণয় কৰাৰ বাবেহে স্তন্যপায়ী প্ৰাণীয়ে ৰঙা ৰঙৰ সূক্ষ্ম তাৰতাম্য বিচাৰ কৰিবলগীয়া হয়। লাজ পোৱা, বা খঙ উঠা আদিত হোৱা মুখমণ্ডলৰ ৰঙা বৰণৰৰ সালসলনি বিচাৰ কৰিব পৰাটো প্ৰজননৰ বাবে সাজু সংগী বিচৰাৰ বাবে প্ৰয়োজনীয়। সম্ভৱত: সেই কাৰণতে মানুহৰ ৰেটিনাত ৰঙা ক’নৰ প্ৰাদুৰ্ভাৱ বেছি। ৰঙা ৰঙটোকো কিজানি সেইবাবেই প্ৰেম বা জীৱনৰ প্ৰতীক বুলি ধৰা হয়। কিন্তু একেটা ৰঙা ৰঙকে বিপদৰ সংকেত হিচাপেও ধৰা হয়। যিয়েই নহওক, ৰঙা ৰঙৰ প্ৰতি আমাৰ চকু অত্যন্ত সুবেদী বাবেই বিপদৰ সংকেতৰ বাবে সদায়ে ৰঙা ৰঙ ব্যৱহাৰ কৰে, যাতে অতি সহজে মানুহৰ চকুত পৰে।

 

চিত্ৰ-২-ৰ ৰঙৰ উজ্জ্বলতাখিনি ৰড-ৰ বাবেও হ’ব পাৰে বুলি ভবাৰ থল আছে। কিন্তু চিত্ৰ-২-ত উল্লেখ কৰা ৰঙখিনিৰপৰা যদি অকল ৰঙটো আঁতৰাই ক’লা-বগা কৰা হয়, (চিত্ৰ-২ মাজৰ অংশ), তেন্তে বুজিব পাৰি যে সেইখিনি ৰঙৰ বগা-ক’লা ৰূপত উজ্জ্বলতাৰ মাজত বেছি প্ৰভেদ নাই। সেয়ে, উজ্জ্বলতাৰ যিটো তাৰতম্য আমি অনুভৱ কৰিছোঁ, সেইটো মূলতে ক’নৰ সংবেদনশীলতাৰ বাবেই।

চিত্ৰ-২ মাজৰ অংশত ওপৰৰ শাৰীৰ ৰঙসমূহৰপৰা ৰঙৰ তথ্য গুচাই দি ক’লা-বগা কৰা হৈছে। তাৰ বাবে মই ফটোশ্বপৰ desaturation নামৰ ধৰ্মটো ব্যৱহাৰ কৰিছোঁ। destauration-ত ৰঙ এটাৰপৰা অকল ৰঙৰ তথ্য গুচাই দিয়া হয়, উজ্জ্বলতা একেই থাকে, আনহাতে ফটোশ্বপৰে ধূষৰ-মাত্ৰা (grাyscale) ব্যৱহাৰ কৰিলে ৰঙখিনি আৰু বেলেগ দেখা যায়। চিত্ৰ-২-ৰ একেবাৰে তলৰ অংশত একেখিনি ৰঙকে grayscale-লৈ পৰিৱৰ্তন কৰি দেখুওৱা হৈছে।

ৰঙক ক’লা-বগালৈ পৰিৱৰ্তন কৰাটো আজি আমি অত্যন্ত সহজ বুলি ভাবিলেই্ প্ৰকৃতাৰ্থত ই জটিল কাম। সঁচা কথা ক’বলৈ হ’লে ক’লা-বগা বুলি কোনো ৰঙেই নাই। ক’লা-বগাৰ বস্তু মানুহে দেখিবলৈ আৰম্ভ কৰিছে কেমেৰাৰ আৱিষ্কাৰৰ পাছৰপৰাহে। ক’লা-বগা মানে মূলতে বস্তু এটাৰপৰা যোৱা পোহৰৰ পৰিমাণখিনিহে। কিন্তু আমাৰ চকুৱে বস্তু এটাৰপৰা যোৱা পোহৰ, তৰংগদৈৰ্ঘ আদি একে সময়তে দেখা পায়, আৰু সেই অনুসৰিয়েই আমাক দেখুৱায়। সেয়ে, ৰঙক ক’লা-বগালৈ পৰিৱৰ্তন কৰাটো সম্ভৱেই নহয়। পদাৰ্থবিজ্ঞানৰ নিয়মৰফালৰপৰা ৰঙক ক’লা-বগালৈ পৰিৱৰ্তন কৰাটো সম্ভৱ নহ’লেই কেমেৰাৰে নিতান্তই সম্ভৱ। কেমেৰাৰ দ্বাৰা ক’লা-বগা হয় ইয়াৰ ফিল্মত থকা আলোকসংবেদী ৰসায়নৰ ধৰ্মৰ ওপৰত। সেয়ে, কেমেৰাই যিটো ক’লা-বগা দেখে সেইটো মূল ছবিৰ আংশিক ৰূপহে। ৰসায়নৰ ধৰ্মৰ সালসলনিৰ লগত ক’লা-বগাৰ তাৰতম্য ঘটিব পাৰে।

যদি ৰঙক ক’লা-বগালৈ পৰিৱৰ্তন কৰা সম্ভৱেই নহয়, তেন্তে ফটোশ্বপ আদিয়ে কিদৰে ৰঙীন ছবি এখনক ক’লা-বগালৈ পৰিৱৰ্তন কৰে? উত্তৰটো তেনেই সহজ, ইয়াৰ বাবে কিছুমান সমীকৰণ বান্ধি থোৱা হৈছে, আৰু সেইমৰ্মেই ৰঙ এটাক কম্পিউটাৰে ক’লা-বগালৈ পৰিৱৰ্তন কৰিব পাৰে। সমীকৰণৰ নিয়ম মতে যে ক’লা-বগা বেলেগ বেলেগ হ’ব পাৰে, সেয়া চিত্ৰ-২-ৰ মাজৰ আৰু তলৰ অংশৰপৰাই বুজা যায়।

ৰামধেনুৰ সাতোটা ৰঙ?

আমাক একেবাৰে সৰুৰেপৰা শিকোৱা হৈছে যে ৰামধেনুত সাতোটা ৰঙ থাকে, আৰু আমিও সেইটো প্ৰায় মানিয়েই লৈছোঁ। কিন্তু একেবাৰে সঁচা কথাটো হ’ল ৰামধেনুত কিমান ৰঙ থাকে তাৰ হিচাপ কৰিব নোৱাৰি। তলৰ ৰামধেনুৰ ছবিখন চালেই বুজিব পাৰিব। ৰামধেনুত সূৰ্যৰ পোহৰ বিচ্ছুৰিত হৈ সমগ্ৰ দৃশ্যমান বৰ্ণালীয়েই দেখা যায়, মাত্ৰ সাতোটা ৰঙ নহয়।

বিজ্ঞান যে আমাৰ পৰম্পৰাৰ দ্বাৰা নিৰ্ণীত হয় ৰামধেনুৰ সাতোটা ৰঙেই তাৰ প্ৰমাণ। আচলতে ৰামধেনুত সাতোটা ৰঙ থাকে বুলি প্ৰথমে উল্লেখ কৰিছিল আইজাক নিউটনে। কিন্তু তাৰ আঁৰৰ কাৰণ আছিল প্ৰচলিত বিশ্বাস যে সাত সংখ্যাটো এক বিশেষ ধৰণৰ সংখ্যা আৰু সংগীতৰ সাতোটা স্বৰৰ লগত ৰঙৰ কিবা সংযোগ আছে প্ৰাচীন গ্ৰীক পণ্ডিতসকলে বিশহবাস কৰিছিল। নিউটনে প্ৰথমে ৰামধেনুত পাঁচটা ৰঙ থাকে বুলিহে লিখিছিল, কিন্তু পাছলৈ সংখ্যাটো সাত কৰিবলৈ তেখেতে কমলা আৰু ধূষৰ নীলা (indigo) পাছত যোগ দিছিল।

কিন্তু ইমানতো ৰঙৰ কাহিনী শেষ হোৱা নাই।

(তিনি)

ৰং দেখা কাৰবাৰটো যে আমাৰ চকুতহে হয়, সেইটো এই লেখাটোত বাৰে বাৰে কৈ অহা হৈছে। সেয়ে চকুৰ এনাট’মীৰ বিষয়ে অলপ আলোচনা ইয়াত নিশ্চয় কৰা উচিত। সংলগ্ন চিত্ৰ-১লৈ মন কৰক। ছবিখনত চকু এটাৰ প্ৰস্থচ্ছেদ দেখুওৱা হৈছে। হালধীয়া ক্ষীণ পোহৰ পটীটো লেন্সৰ জৰিয়তে ফ’কাছ হৈ পাছফালৰ ৰেটিনাত পৰে। ফ’কাছ হোৱা পোহৰ এটা বিন্দুত পৰেগৈ। চকুৰ ৰেটিনাৰ গঠন এনেকুৱা যে ঠিক লেন্সৰ পাছফালে থকা ৰেটিনাৰ এই অংশটো য’ত পোহৰ ফ’কাছ হয়, সেইখিনিতে আমাৰ ক’নবিলাক আটাইতকৈ বেছিকৈ থাকে। এই্ অংশটোক ফ’ভিয়া চেণ্ট্ৰেলিছ বুলি কোৱা হয়। ইয়াৰ বাহিৰে চকুৰ পৃষ্ঠভাগৰ সমগ্ৰ অংশতেই ৰেটিনা থাকে, আৰু সেইখিনিত ৰ’ড নামৰ পোহৰ সংবেদী কোষসমূহ থাকে।

আগৰ আলোচনাত কৈ অহা হৈছে যে ৰঙ দেখাৰ বাবে তিনিবিধ ক’নৰ প্ৰয়োজন। ফ’ভিয়া চেণ্ট্ৰেলিছ-তে ঘনত্বৰ হিচাপত আটাইতকৈ বেছি ক’ন থাকে বাবে ইয়াত ফ’কাছ হোৱা অংশৰ ৰং আমি সুন্দৰকৈ দেখিবলৈ পাওঁ। ফ’কাছ হোৱা মানে আমি যিখিনি অংশত চকু দিওঁ। যেনে, এই অংশটো পঢ়োতে আপোনাৰ চকু এইখিনিত ফ’কাছ হৈ আছে, কিন্তু ইয়াৰ ওপৰৰ, তলৰ, আৰু সোঁ আৰু বাওঁফালৰ অংশও আপোনাৰ চকুত পৰিছে। যদিও সেইখিনি ফ’কাছ হৈ থকা নাই বাবে আপুনি ভালদৰে দেখা নাই, আৰু সেই অংশৰ ৰঙো আপুনি ভালদৰে দেখা নাপায়। ফ’ভিয়া চেণ্ট্ৰেলিছ-ত ৰড প্ৰায় নাথাকেই বুলিব পাৰি। সেইটোৰ বাবে এটা ডাঙৰ অসুবিধা হয়।

যেনে, প্ৰায়ে ৰাতিৰ তৰাভৰা আকাশলৈ চালে মন কৰিব যে এটা উজ্জ্বল তৰালৈ চাই থাকিলে কাষতে অতি ক্ষীণ একোটা তৰা আপোনাৰ চকুত পৰিব। কিন্তু ক্ষীণ তৰাটো চাওঁ বুলি চকু ঘূৰালে আপুনি তৰাটো পটককৈ বিচাৰি উলিয়াব নোৱাৰে। ইয়াৰ মূল কাৰণ ফ’ভিয়াত থকা ৰডৰ কম সংখ্যা। ৰডসমূহে অকল পোহৰ ভালকৈ দেখে। সেয়ে, অতি ক্ষীণ পোহৰো ফভিয়াৰ দূৰৱৰ্তী অংশৰ ৰডে দেখা পায়, কিন্তু যেতিয়া আমি চকু ঘূৰাই সেই ক্ষীণ পোহৰটোলৈ চাওঁ, তেতিয়া বেছিভাগ ক’ন থকা অংশত ফ’কাছ কৰোঁ বাবে ক্ষীণ পোহৰৰ তৰাটো পটককৈ মনিব নোৱাৰি।

চিত্ৰ ১-তে মন কৰিলে আকৌ দেখিব যে পোহৰ ফ’কাছ হোৱা অংশটোৰ ঠিক তলেৰে বাহিৰলৈ অপ্টিক নাৰ্ভডাল ওলাই আহিছে। (ছবিখনত ঠিক তলতে দেখুওৱা হৈছে যদিও আচলতে অপ্টিক নাৰ্ভ ওলোৱা অংশটো ফ’ভিয়া চেণ্ট্ৰেলিছৰপৰা কাষলৈ নাকৰ ফালে থাকে) ৰেটিনাত থকা প্ৰতিটো ৰড আৰু ক’নৰপৰা স্নায়ুতন্ত্ৰিকা ওলাই ৰেটিনাৰ পাছফালেৰে আহি এডাল ডাঙৰ অপ্টিক নাৰ্ভ হয় আৰু অপ্টিক নাৰ্ভেৰে সি মগজুলৈ ৰড আৰু ক’নত হোৱা সংবেদন বহন কৰি নিয়ে। অপ্টিক নাৰ্ভ ডাল ৰেটিনাৰ যিখিনি অংশৰে ওলাই যায়, সেইখিনি টোপোকা পৰি যায়, কাৰণ সেই একে অংশৰে চকুৰ ৰক্তপৰিবাহী নলীসমূহো ওলায়। এই সোমাই যোৱা অংশত সেয়ে ৰড বা ক’ন একোৱেই নাথাকে। আৰু সেইখিনি অংশত পৰা পোহৰ আমি দেখা নাপাওঁ। এই দেখা নোপোৱা অংশখিনিক ইংৰাজীত ‘ব্লাইণ্ড স্পট’ বুলি কোৱা হয়। অসমীয়াত কিজানি ‘অন্ধতা দাগ’ বুলিব পৰা যাব।

আমাৰ চকুৰ সন্মুখতে দেখা নোপোৱা এটা অংশ আছে বুলিলে আমি আচৰিত হওঁ যদিও সেইটো সম্পূৰ্ণ সঁচা। কথাটো নিজে পৰীক্ষা কৰি চাবলৈ ছবিখনৰ একেবাৰে তলত দিয়া ক’লা বিন্দুদুটালৈ মন কৰক। ছবিখন অলপ জুম কৰি বা সৰু কৰি দুয়োটাৰ মাজৰ দূৰত্ব প্ৰায় চাৰি ইঞ্চিমান কৰি লওক। এতিয়া মনিটৰৰপৰা প্ৰায় এফুটমান দূৰৰপৰা বাওঁহাতেৰে বাওঁ চকুটো ঢাকি ধৰি সোঁচকুৰে বাওঁফালৰ বিন্দুটোত চকু দিয়ক। সোঁফালৰ বিন্দুটো নেদেখা হৈ পৰিব। (যদি দেখা পাই আছে, তেন্তে অলপ আগুৱাই-পিছুৱাই্ চাওক।) আকৌ সোঁচকুটো ঢাকি একেধৰণে বাওঁচকুৰে সোফালৰ বিন্দুটো চালে বাওঁফালৰ বিন্দুটো নোহোৱা হৈ যোৱা যেন লাগিব। এই পৰিঘটনাৰ মূল কাৰণটো হ’ল, সিমানখিনি দূৰত্বত চালে এটা বিন্দুৰ পোহৰখিনি অপ্টিক নাৰ্ভৰ ওপৰত ফ’কাছ হয়, আৰু অপ্টিক নাৰ্ভৰ ওপৰত পৰা অংশ আমি দেখাই নাপাওঁ। আটাইতকৈ আমোদজনক কথাটো এই দেখা নোপোৱাটো কিন্তু ক’লা পৰি যোৱা নহয়, বৰং উকা হৈ পৰা যেন লাগে। ক’লা ৰঙো যে আচলতে আমাৰ দেখাৰ ওপৰতে নিৰ্ভৰশীল সেয়া বুজিবলৈ এই পৰিঘটনাটো প্ৰয়োজনীয়। দেখা নোপোৱা মানে আচলতে ক’লা দেখাটো নহয়, বৰং দেখা নোপোৱা মানে অদৃশ্য হৈ যোৱা। অকল অপ্টিক নাৰ্ভ বুলিয়েই নহয়, কিছূমান স্নায়ু বা ৰেটিনাৰ ৰোগত এটা অংশ এই্দৰে দেখা নোপোৱা হৈ যাব পাৰে। তেনে ব্যক্তিয়ে কিন্তু কেতিয়াও ‘মই দেখা নাপাওঁ’ বুলি ডাক্তৰৰ ওচৰলৈ নাহে। কাৰণ তেওঁলোকে দেখা নোপোৱাটো বুজিয়েই নাপায়। কিন্তু তেনে ব্যক্তিয়ে ৰাস্তাত হঠাতে গাড়ী আগত পৰা, বা ৰাস্তাত থকা গাঁত এটা দেখা নাপাই পৰি যোৱা এনে ধৰণৰ অসুবিধাত ভোগে।

ৰঙ মিশ্ৰণৰ বিজ্ঞান আন এক গুৰুত্বপূৰ্ণ বিজ্ঞান। কাৰণ আমাৰ সৰ্বত্ৰ দেখি থকা ৰঙীন ছবি, ৰঙীন টিভি, ৰঙীন মোবাইল, কম্পিউটাৰ মনিটৰ আদিত ৰঙ দেখুৱাবলৈ ৰঙ মিশ্ৰণৰ তত্বক বিভিন্ন ধৰণে প্ৰয়োগ কৰা হয়। বিভিন্ন মাধ্যমত ৰঙ দেখুৱাবলৈ ৰঙৰ মিশ্ৰণ এই কাৰণেই গুৰুত্বপূৰ্ণ যে দৃশ্যমান বৰ্ণালীৰ সকলোবোৰ ৰঙ বেলেগে বেলেগে উৎপাদন কৰাটো সম্ভেৱই নহয়। সেয়ে, ৰঙ দেখুৱাবলৈ ৰঙৰ মিশ্ৰণৰ ওপৰত জোৰ নিদি উপায় নাই। ৰঙৰ মিশ্ৰণৰ জৰিয়তে মাত্ৰ কেইটামান ৰঙকে বিভিন্ন অনুপাতত প্ৰয়োগ কৰি দৃশ্যমান বৰ্ণালীৰ এক বহুল অংশ দেখুৱাব পাৰি। এই প্ৰায়োগিক দিশটোৰ বাবেই ৰঙ মিশ্ৰণ এক অতি জটিল বিজ্ঞান ৰূপে চিহ্নিত হৈছে। কিন্তু সুখৰ কথা ৰঙ মিশ্ৰণৰ প্ৰাথমিক কথাখিনি সিমান টান নহয়।

ৰঙ মিশ্ৰণৰ দুটা মূল তত্ব আছে। তাৰে প্ৰথমটোক ৰঙৰ যোগাত্মক তত্ব (additive theory), আৰু আনটোক বিয়োগাত্মক তত্ব (subtractive theory) বোলা হয়। যোগাত্মক তত্বত তিনিটা প্ৰাথমিক ৰঙৰ জৰিয়তে সকলো ৰঙ দৃশ্যমান কৰা হয়। এই তিনিটা প্ৰাথমিক ৰঙ হৈছে ৰঙা, সেউজীয়া আৰু নীলা। চমুকৈ ইয়াকে rgb বোলা হয় (২নং চিত্ৰ)। প্ৰতিটো ৰঙৰে গাঢ়তাৰ সলনি কৰি দৃশ্যমান বৰ্ণালীৰ এক বহুল অংশ দেখুৱাব পাৰি। যোগাত্মক তত্বক আমাৰ চকুৰ ৰেটিনাত থকা ক’নৰ আধাৰত সহজেই বুজিব পাৰি। প্ৰতিটো ৰঙেই নিৰ্ধাৰিত ৰঙৰ একোটা ক’নক উত্তেজিত কৰি আমাক ৰঙসমূহ দেখুৱাব পাৰে। সাধাৰণতে মণিটৰত অত্যন্ত সৰু সৰু তিনিটা বিন্দু সদৃশ অংশ এই তিনিটা প্ৰাথমিক ৰঙেৰে ভিন্ন ধৰণে পোহৰাই তোলা হয়। অতি সৰু বাবে আমাৰ চকুৱে দেখোতে প্ৰতিটো বিন্দুক বেলেগে বিন্দু হিচাপে নেদেখে, কিন্তু প্ৰতিটোৰপৰা ওলোৱা পোহৰে ক’নক উত্তেজিত কৰি আমাক ৰঙটো দেখা পোৱায়। চিত্ৰ-৪ আমাৰ সাধাৰণ ৰঙীন টিভি (চি.আৰ.টি.) মণিটৰত দেখা পোৱা ৰঙীণ ছবিৰ এটা অংশ বহু ডাঙৰকৈ দেখুওৱা হৈছে, আৰু কাষতে একেখন ছবিকে বহু সৰু কৰি দেখুওৱা হৈছে।

কিবা এটা কাৰণত আমাৰ স্কুলীয়া বিজ্ঞানৰ কিতাপত ৰঙৰ মিশ্ৰণৰ ক্ষেত্ৰত সদায়ে যোগাত্মক তত্বৰ কথাহে কৈ অহা দেখিছোঁ। সেই বাবেই আমি যেতিয়া কাগজত ৰঙৰ টেমাৰপৰা ৰঙা আৰু সেউজীয়া মিহলাও তেতিয়া কেতিয়াও হালধীয়া নহয়, বৰং ক’লা-চানেকীয়া কিবা ৰঙ এটাহে হয়। এইটো বাখ্যা কৰিব পাৰি ৰঙৰ বিয়োগাত্মক তত্বৰদ্বাৰা, আৰু এইটো চকুৰ ক’নৰ জৰিয়তে বাখ্যা কৰিব নোৱাৰি। আচলতে আমি যেতিয়া কাগজ এখনত প্ৰথমে ৰঙা ৰং দিওঁ, তেতিয়া কাগজখনৰ সেই অংশৰপৰা ৰঙা ৰঙৰ বাহিৰে আন পোহৰৰ ৰশ্মি ওলাই আহিব নোৱৰা কৰি দিওঁ। এতিয়া তাৰ ওপৰত সেউজীয়া ৰং দিলে ওলাই অহা ৰঙা তৰংগদৈৰ্ঘৰ ৰংখিনিও কাট খাই যায়। সেউজীয়া ৰং আহিব নোৱাৰেই কাৰণ, বগা কাগজখনত ৰঙা ৰং দি আগতেই তাৰপৰা সেউজীয়া ৰং ওলাই আহিব নোৱৰা কৰি থৈ দিছোঁ। সেই কাৰণে ৰঙা ৰঙৰ ওপৰত যদি সেউজীয়া মিহলাই দিওঁ তেতিয়া ৰঙটো হালধীয়া নহৈ ক’লাচানেকীয়া হৈ পৰে। এই একোটা তৰংগ-দৈৰ্য কাট খাই যোৱা বাবেই ইয়াক ৰঙৰ বিয়োগাত্মক তত্ব বুলি কোৱা হয়। অৱশ্যে ইয়াত ৰঙৰ গাঢ়তা, ৰসায়নিক ধৰ্ম আদি বহুতো কথা সোমাই থাকে, সেয়ে, বিশু্দ্ধ ভৱে বিয়োগাত্মক তত্বৰ প্ৰভাৱ কম দেখা যায়। যেনে, ৰঙা ৰং দিয়া কাগজখন একেবাৰে শুকাই যাবলৈ দি তাত সেউজীয়া ৰং খুব গাঢ়কৈ লগালে সেউজীয়াই্ দেখা যাব, কাৰণ একেবাৰে শুকাই যোৱা কাগজখনৰ ওপৰত পৰা সেউজীয়া ৰঙৰ তৰপটোৱে নিজাকৈ সেউজীয়া পোহৰ প্ৰতিফলিত কৰিব।

ৰঙৰ বিয়োগাত্মক তত্বৰ প্ৰয়োগ হয় কাগজত ৰং দেখুৱাবলৈ। ফটো প্ৰিণ্টিং, বাতৰি-কাগজ, আলোচনী আদিত ৰঙীন ছবি ছপা কৰিবলৈ ঘাইকৈ বিয়োগাত্মক তত্বৰ প্ৰয়োগ কৰা হয়। প্ৰিণ্টিং মাধ্যমত সততে ব্যৱহৃত এটা ৰঙৰ বিয়োগাত্মক তত্বৰ এটা ষ্টেণ্ডাৰ্ড হ’ল cmyk (cyan, magenta, yellow আৰু black)। বগা কাগজ এখনৰপৰা প্ৰতিফলিত হোৱা সকলো পোহৰৰ ৰশ্মিক বিভিন্ন ধৰণে কাটকূট কৰি cmyk পদ্ধতিৰে প্ৰায় সকলো ৰং দেখুৱাব পাৰি। অৱশ্যে cmyk পদ্ধতি সম্পূৰ্ণৰূপে বিয়োগাত্মক বুলিব নোৱাৰি। ইয়াত বৰ কৌশলপূৰ্ণ ভাৱে যোগাত্মক আৰু বিয়োগাত্মক দুয়োটা তত্বৰে প্ৰয়োগ কৰা হয়। এই বিষয়ে পাছলৈ আলোচনা কৰা যাব পাৰে।

কিন্তু বগা কাগজখনত যদি প্ৰথমে ৰঙা পোহৰৰ টৰ্চ লাইট এটা জ্বলাই তাৰ ওপৰত সেউজীয়া আৰু নীলা পোহৰৰ আন দুটা টৰ্চলাইট মাৰোঁ তেতিয়া কিন্তু পোহৰ বগা দেখা যাব। কাৰণ ইয়াত ইটোৰ ওপৰত সিটো পোহৰ মাৰি আমি প্ৰতিটো ৰঙৰে পোহৰ আকৌ প্ৰতিফলিত কৰাইছোঁ, সেয়ে মুঠ পোহৰ বগা দেখা যাব। কিন্তু যদি একেটা টৰ্চৰে মুখতে প্ৰথমে এখন ৰঙা স্বচ্ছ কাগজ, তাৰ ওপৰত এখন সেউজীয়া আৰু তাৰ ওপৰত নীলা স্বচ্ছ কাগজ একোখন ৰাখো? উত্তৰটো পঢ়ুৱৈলৈ এৰিলো। মাত্ৰ কৈ থলো, এই্ দ্বিতীয়টো পদ্ধতিতহে বিয়োগাত্মক তত্বৰ প্ৰায় বিশুদ্ধ প্ৰয়োগ ঘটিছে।

( আগলৈ….)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments