ৰত্নগৰ্ভা – জ্যোতিনীলিমা গগৈ

ঃ প্ৰদীপ্ত শুনিছানে, বজাৰৰ ফালে যোৱা যদি সোণমণিৰ বাবে দ্ৰয়িং বুক্‌ এখন আৰু অইল পেষ্টেল কালাৰ এপেকেট লৈ আনিবা৷
ঃ ঘৰখনৰ এহেজাৰটা সমস্যা মোৰ ওপৰত জাপি নিদিবা কৈ থলো৷ কুলক্ষণী ক’ৰবাৰ
ধুমুহাত ছিৰাছিৰ হোৱাৰ দৰে ঠাইতে থৰ হৈ ৰ’ল ৰুমা৷ ‘আপুনিও একে কথাকে ক’লে’ — কথাষাৰ পোনপটীয়াকৈ প্ৰদীপ্তক কৈ ৰুমাই বুকুৱেদি উজাই আহিব খোজা শোকৰ নদীৰ উত্তাল ঢৌবোৰ কোনোমতে বাধা দি ৰখাৰ চেষ্টা কৰিলে৷
দুৰ্বল হ’বলৈ শিকা নাই ৰুমাই৷ এটা কণ্টকপূৰ্ণ পথেৰে জীৱনৰ ছবিবোৰ আঁকি আঁকি আহি থাকোতে অনেকবাৰ ধৰাশায়ী হৈ পৰি ৰৈছে তাই৷ কাঁইটে বুকু-পিঠি শালি ছিৰাছিৰ কৰি পেলালেও কাহানিও এখন সুহৃদ হাতে তাইক তুলি ধৰা নাই পুনৰ৷ কৰাল মৰা তেজৰ চেঁকুৰা মচি ৰুমাই পুনৰ মূৰ তুলি থিয় হৈছে অকলে, সপোন ভাৰ বৈ ফুৰিছে অকলে৷
অন্ততঃ এটা কথা ৰুমাই খুব ভালকৈ শিকি পেলাইছে যে যাৰ হৃদয় পাষাণ তেওঁৰ ওচৰত গোলাপৰ সৌন্দৰ্যৰ মূল্য ক’ত
ঃ মা, ক’ত আছা মা? আন্ধাৰত মোৰ ভয় লাগিছে মা৷
এক নিমিষতে ৰুমা যন্ত্ৰণাৰ ক’লা গহ্বৰটোৰ পৰা ওলাই আহি সোণমণিৰ বিছনাৰ কাষ পালেগৈ৷ কোঠাৰ ভিতৰখন গাঢ় আন্ধাৰ৷
ঃ উঃ মোৰ সোণজনী, ভয় নকৰিবা৷ এয়া মই আহিলো৷ এতিয়াই পোহৰ কৰি দিম ৰ’বা৷
খৰধৰকৈ লেম্প এটা জ্বলাই ৰুমাই দেখে সোণমণিয়ে কুঁচিমুচিকৈ বিছনাৰ চুক এটাত বহি আছে৷ ভয়ত বিবৰ্ণ মুখ৷
ঃ তোমাৰ দেউতাৰাও যে কাৰেণ্ট যোৱা দেখিছেই৷ তোমাৰ ওচৰত পোহৰকণৰো ব্যৱস্থা নকৰাকৈ ওলাই গুচি গৈছে৷ তুমিওতো দেউতা বুলি মাত দিব পাৰা৷
ঃ দেউতালৈ মোৰ খুব ভয় লাগে মা৷ কেনেকৈ চকু ডাঙৰ কৰি মোলৈ চায়৷ মই মাতিলেও কাণ চেপা দিয়ে৷ মোক তুমি চহৰৰ হস্পিতেলখনৰ পৰা কিয় কিনি আনিছিলা? ননা হ’লে বেছি ভাল আছিল?
সোণমণিয়ে ফেঁকুৰি ফেঁকুৰি কন্দা দেখি ৰুমাৰ বুকুখন মোচৰ খাই পৰিল৷ সোণমণিক বুকুৰ মাজত লৈ নিচুকাবলৈ বৃথা চেষ্টা কৰিলে —
ঃ তেনেকৈ নক’বা মোৰ সোণ৷ তোমাৰ দেউতাৰা খুব ভাল৷ তোমাৰ লগতে তেনেকৈ ধেমালিহে কৰে৷
ঃ মিছা কথা মা? তুমি খুব ভাল৷ কিন্তু দেউতা বেয়া, বেয়া, বেয়া …৷
কিছুমান কথাৰ কোনো উত্তৰ নাথাকে৷ অনুভৱ উপলব্ধিবোৰো মানুহৰ একান্তই নিজৰ৷ ন বছৰীয়া সোণমণিৰো এখন নিজা অনুভৱৰ আলফুল পৃথিৱী আছে৷ সেই পৃথিৱীত ভাল-বেয়া, আনন্দ-বিষাদ আদিৰ উপলব্ধি কৰোতা গৰাকীও সোণমণি নিজে৷ তাইকতো ফাকি দিব পৰা নাযায়৷ যেতিয়াই সোণমণিৰ সৈতে ৰুমাই এনেবোৰ প্ৰৰ মুখামুখি হয় সত্যৰ ওপৰত মিথ্যাৰ প্ৰলেপ সনা উত্তৰ দি এজন পলৰীয়া সৈনিকৰ দৰে সমৰক্ষেত্ৰৰ পৰা পলায়ন কৰে৷ নিজৰ বুকুতে হাত থৈ আত্মকথনত কিছুপৰ মগ্ন হয়৷ বাৰে বাৰে নিজকে কয় ‘‘ মোক ক্ষমা কৰিবা সোণমণি৷ তোমাৰ ওই পংগু শৰীৰটোৰ বাবে ময়েই দায়ী৷ ক’ৰবাত নহয় ক’ৰবাত মোৰ পাপ হৈছে কিজানি৷ তাৰ শাস্তি স্বৰূপে তোমাক মই গৰ্ভত ধাৰণ কৰিলো আৰু আজীৱন তোমাৰ যন্ত্ৰণাবোৰ চাই চাই মই কষ্ট পাব লাগিব৷ কিন্তু তোমাক কথা দিছোঁ — সময়ৰ সোঁতৰ বিপৰীতে যুঁজ দিয়াই যে মোৰ জীৱন৷ দেহত শেষ টোপাল তেজ থকালৈকে মই তোমাৰ বাবে কষ্ট স্বীকাৰ কৰিম৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম — মোৰ সোণমণিক সাফল্যৰ উচ্চ শিখৰলৈ লৈ যাবলৈ যেন মোক সহায় কৰে৷
প্ৰতিদিনে প্ৰদীপ্তৰ কিবা নহয় কিবা কথাত ৰুমা আহত হোৱাটো এটা নিত্য নৈমিত্তিক ঘটনা৷ পিছে তাই অভ্যস্ত হৈ গৈছে৷ এনেবোৰ কথা মনত আশ্ৰয় দিলে সংসাৰ নচলে৷ শহুৰ-শাহুক দুটি কেঁচুৱাৰ দৰেই তাই আপডাল কৰিব লাগে৷ তাইৰ প্ৰতিটো খোজতে প্ৰদীপ্তই দেখা আসোঁৱাহবোৰত অতি বিনয়েৰে জবাবদিহি হ’ব লাগে৷ নিজে এটা খোজো কাঢ়িব নোৱাৰা সোণমণিক কেঙ্গেৰু এজনী হৈ ৰুমাই কঢ়িয়াই ফুৰে পুৱাৰ পৰা গধূলিলৈকে৷
চুবুৰীৰ নামঘৰৰ পৰা ভাহি অহা ডবাৰ শব্দত ৰুমা সচকিত হ’ল৷ মাজে মাজে কি যে হয় তাইৰ সামান্য সুৰুঙা পালেই বহি ৰয়গৈ ভাৱৰ পৃথিৱীখনত৷ সেই একান্ত জগতত ৰুমাই অহৰহ খেলি থাকে কথাৰ পতা-ভঙা খেল৷ ধূনাদানিটো খৰধৰকৈ জ্বলাই ৰুমাই ঘৰখন ধোঁৱাময় কৰি তোলে৷ ধোঁৱাৰো এক অলৌকিক আৱেদন আছে৷ ঘৰখনৰ ভিতৰৰ গধুৰ হৈ পৰিব খোজা সময়বোৰ শিথিল হৈ যেন ধোঁৱাৰ সৈতে উৰি যাওক ক’ৰবালৈ –ৰুমাই নীৰৱে প্ৰাৰ্থনা কৰে৷
ঃ ডাঙৰ বোৱাৰী, কাইলৈ সৰুমইনাহঁত অহাৰ কথা৷ জা-যোগাৰবোৰ হ’লগৈনে? বাব্‌লুৰ বাবে কোমল চাউলখিনি কৰিলানে নাই? দৈ কণ ডাঠ হৈছেতো? বাব্‌লুৱে ইবাৰ আহোঁতে যে খাই খুব ভাল পাইছিল৷ কিন্তু ভাল পালে কি হল? তুমি যি কণহে দৈ কৰিছিলা ল’ৰাটোৰ অঙুলিকিটাহে যি সনাপোটোকা খালে৷ এইবাৰ সৰহকৈ ৰাখিবা৷ দৰকাৰ হ’লে ঘৰৰ কোনেও খাব নালাগে বুজিলা৷ বাব্‌লুলৈ থৈ দিয়া৷ বেচেৰা নাতি ল’ৰাটো
বিছনাত পৰি থকাৰ পৰাই দিয়া শাহুৰ নিৰ্দেশনাখিনিয়ে ৰুমাৰ বুকুত ঠহৰ্‌ ঠহৰ্‌কৈ বিন্ধে৷ বাব্‌লুলৈ জানো তাইৰো মৰম নাই কিন্তু ঘৰৰ মানুহবোৰে এনে ভাৱে কিয়?
পাৰ হৈ অহা সময়বোৰৰ প্ৰতিটো ঘটনাই মনত আছে ৰুমাৰ৷ প্ৰথম সন্তান জুমণিৰ জন্ম হওঁতেই শাহু আইৰ মন বুজি উঠিছিল তাই৷ আলহ-উদহ্‌কৈ নাতিনীৰ মুখত চুমা যচাৰ সলনি শাহু আয়ে অতি নিৰ্মমভাৱে কৈ পেলাইছিল — ‘‘ ছোৱালী পতান উৰি যাব৷ তঁহতে ইমান স্ফুৰ্তি তামাচা কৰাৰ প্ৰয়োজন নাই৷ ল’ৰা এটি হোৱা হ’লে কথা বেলেগ আছিল৷ ’’ সন্তান জন্মৰ বিষ-বেদনাত ধাৰাশাৰী হৈ থকা ৰুমাই বৰ কৰুণভাৱে চকুপানী টুকিছিল৷ দৃঢ় প্ৰতিজ্ঞ হৈছিল– মাতৃৰ মমতাৰে জুমনিৰ জীৱন উপচাই দিবলৈ৷ আৰম্ভ হৈছিল অনাদৃত সময়ৰ সীৰলুত জুমনিৰ জীৱন গঢ়াৰ কচৰৎ৷ চাৰিবছৰৰ ব্যৱধানত ৰুমা পুনৰ মাতৃত্বৰ পথত আগবাঢ়িছিল৷ এইবাৰ যেন প্ৰদীপ্তৰ মাজত অন্য এজন মানুহক দেখা পাইছিল ৰুমাই৷ সেই মানুহজনে মনে-প্ৰাণে এটি পুত্ৰ সন্তানৰহে কামনা কৰে৷ দ্বিতীয় এজনী কন্যাক আদৰিবলৈ তেওঁ মুঠেও সাজু নহয়৷ গৰ্ভাৱস্থাত তেওঁ অনেকবাৰ ৰুমাক কৈছিল- ‘‘ বলা, আমি আট্ৰাচাউণ্ড এখন কৰাই চাওঁ৷ মোৰ চিনাকি ডাক্তৰ এজন আছে, কথা পাতিছোঁ৷ ’’ প্ৰদীপ্তই কিহৰ ইংগিত দিয়ে ৰুমাই নুবুজা নহয়৷ গৰ্ভত স্থিতি লোৱা সন্তানৰ অমংগল কামনা কৰাটো ৰুমাৰ সাধ্যৰ বাহিৰত৷ পুত্ৰ নে কন্যা পৰীক্ষা কৰোৱাৰ সলনি ৰুমাই অধিক দৃঢ় মনেৰে অধিক বিনয়েৰে প্ৰাৰ্থনা কৰিছিল দ্বিতীয় সন্তানটিও যেন সৌভাগ্যশালী হৈ আহে৷ প্ৰদীপ্তৰ কথাৰ প্ৰত্যুত্তৰ যুক্তিৰে দিবলৈ গৈ ৰুমাৰ হৃদয় মাজে মাজে ৰক্তাক্ত হৈ পৰিছিল৷ সহ্য কৰিব লগা হৈছিল অত্যধিক মানসিক চাপ আৰু দুঃশ্চিন্তা৷ আৰু এদিন ৰুমাৰ দ্বিতীয়বাৰৰ বাবে কন্যা হোৱাৰ খবৰে প্ৰদীপ্তক মৰ্মাহত আৰু শাহু আইক ক্ষুব্ধ কৰি তুলিছিল৷ নিৰ্দয় পিতৃৰ পৰিচয় দি বহুদিনলৈ প্ৰদীপ্তই সোণমণিৰ ফালে চোৱা নাছিল৷ সোণমণিৰ বাবে লাহে লাহে প্ৰদীপ্ত হৈ আহিছিল এজন অচিনাকি মানুহ৷
ৰুমাৰ বাগিছা পতাৰ চখ আছে৷ ঘৰুৱা কামৰ তদাৰকীৰ অন্তত যিকণ সময় পায় ফুলনি, শাকনিৰ মাজতেই পাৰ কৰে৷ হাচ্‌নাহানা ৰুমাৰ প্ৰিয় ফুল৷ সোণমণিৰ জন্মৰ পাছতে তাই হাচ্‌নাহানা এজুপি ৰুইছিল৷ সময়ৰ লগে লগে কণমানি পুলিটো ফুলে-পাতে জাতিষ্কাৰ হৈ চৌপাশ আমোল মোলাই উঠিছিল৷ ফুলজোপাৰ সুঘ্ৰাণে কেইবাবাৰো ৰুমাৰ মন ভৰাই তুলিলে৷ ব্যতিক্ৰম মাথোঁ সোণমণি৷ সোণমনি যেন গৈ থকা সময়ৰ নাওখনৰ পৰা পিছলি পৰে বাৰে বাৰে৷ বহু পলমকৈ দুটি অকনি অকনি দাঁত ওলায়৷ দুটি থুনুক থানাক মাত শুনাৰ অপেক্ষা কৰি কৰি ৰুমা ভাগৰি পৰিব খোজে৷ এদিন সৰু সৰু কথা আৰু হাঁহিৰ খলখলনিয়ে তাই সময়বোৰ মধুৰ কৰি তোলে৷ কিন্তু সোণমণি শুই থকাৰ পৰা উঠি নবহে কিয়? সোণমণিৰ ভৰি দুখন ইমান দুৰ্বল আৰু শেঁতা কিয সোণমণিয়ে কেতিয়া কাঢ়িব থুপুক-থাপাক খোজবোৰ সোণমণি সোণমণি ৰুমাৰ অন্তঃস্থলত হাহাকাৰৰ ধুমুহা এজাক অহৰহ বলি থাকে৷
ৰুমাই অনেকবাৰ প্ৰদীপ্তক সোণমণিৰ চিকিৎসাৰ কথা কৈছিল৷ প্ৰদীপ্ত হৈ ৰৈছিল উদাসীন৷ সোণমণিক লৈ দুয়োৰে মাজত এখন অঘোষিত শীতল যুদ্ধ অহৰহ চলি থাকিছিল৷ প্ৰথমা কন্যা জুমণি এই শীতল যুদ্ধৰ ছাঁয়াত হৈ পৰিছিল ভীত, অৰ্ন্তমুখী৷ জুমণিৰ অহৰহ সেমেকি থকা চকুহালৰ পৰা সেউজীয়া সপোনবোৰ সৰি পৰিছিল৷ সজাত বন্দী পখীৰ দৰে তাইৰ জীৱন৷ কণমানি ভনীয়েকজনীৰ দুখ-দুৰ্দশাই জুমনিক ভাবুক কৰি তুলিছিল৷ অফিচৰ পৰা দেউতাক ঘূৰি অহা সময়খিনিত জুমণিয়ে সোণমণিক কোলাই বোকোচাই তুলি নি ক’ৰবাত নহয় ক’ৰবাত লুকুৱাই ৰাখিব খোজিছিল৷ তাই দেখিছিল মাজে মাজে যেন দেউতাকৰ মাজত অন্য এজন মানুহ সাৰ পাই উঠে৷ সেই অন্য মানুহজন সিহঁতৰ বাবে অচিনাকি৷ সেই মানুহজনৰ বাবে সিহঁত আত্মীয় নহয়৷ তেজ-মঙহৰ সম্পৰ্ক নথকা, বুকুত আস্থা আৰু বিশ্বাসৰ চালি এখন বান্ধি ৰাখিব নজনা তেওঁ এজন নিৰ্দয় অমানুহ৷ নিজৰ সন্তানৰ প্ৰতি যাৰ দুচকুত মমতাৰ ভাষা নাই; তেওঁ কেনেকৈ মানুহ হ’ব পাৰে
আৰু ৰুমা
‘‘ মানুহ সেই শক্তি লৈ উপজিছে যি শক্তিৰ দ্বাৰা তেওঁ জীৱনৰ চৰমতম দুৰ্ভাগ্যকো এটা অৰ্থপূৰ্ণ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব পাৰে আৰু তাকে তেওঁ কৰে সেই দুৰ্ভাগ্যৰ ওপৰলৈ আৰোহণ কৰি৷ ’’ আদ্ৰেঁ মালৰোৰ এই জীৱন উজ্জীৱিত কৰি তোলা বাণীক ৰুমাই প্ৰাৰ্থনাৰ দৰে জপ কৰে৷ জীৱনৰ চৰমতম দুৰ্ভাগ্য আৰু হতাশাৰ ক’লা গহ্বৰটোত সোমাই থাকোতে ৰুমাই সময়ৰ সতে এখন কঠিন যুঁজত অৱতীৰ্ণ হৈছিল৷ ৰংহীন জীৱনৰো যে অন্য ৰূপ-সৌন্দৰ্য থাকে ৰুমাই যেন পাহৰি গৈছিল৷ সন্মুখত নিজৰে মৃতদেহ লৈ প্ৰ কৰিছিল — মৰুভূমিত নিসংগ জীৱন সম্ভৱনে? পৃথিৱী সঁচায়ে সুন্দৰ আৰু উপভোগ্যনে? অকণমান পোহৰৰ আকুল অপেক্ষাত থকা ৰুমাৰ আজৰি সময়ৰ সংগী হৈ পৰিছিল কিছুমান বিখ্যাত কিতাপ, যিবোৰ ৰচনা কৰিছিল শাৰীৰিকভাৱে বাধাগ্ৰস্ত লেখকে৷ অদম্য সাহস, প্ৰবল ইচ্ছাশক্তি, জীৱনৰ অপূৰ্ণতাক প্ৰত্যাহ্বান ৰূপে লৈ আমৃত্যু অক্লান্ত সংগ্ৰামেৰে জীৱনক এক অৰ্থপূৰ্ণ শিপ্লৰূপ দি যোৱা এই সকল মহান লেখকৰ কিতাপবোৰে ৰুমাৰ দুচকুলৈ আনি দিছিল সপোন আৰু আশাৰ পোহৰ৷ আন্ধাৰ গহ্বৰৰ মাজত কক্‌বকাই থাকিও ৰুমাই গভীৰভাৱে উপলব্ধি কৰিছিল ‘জীৱন সুন্দৰ’৷ তাক মাথোঁ সজাই তুলিব জানিব লাগে৷ ‘সৃষ্টি’ জীৱন সজোৱাৰ একমাত্ৰ পথ৷ ৰুমাই এনে পথৰে সন্ধান কৰিব সোণমণিৰ বাবে৷ তাই লাহে লাহে ডাঙৰ হৈ আহিছে৷ এয়াই উপযুক্ত সময়৷
ঃঃঃঃ ঃঃঃঃ ঃঃঃঃঃ ঃঃঃ
ঃ মা, মা, মই ছবি আঁকিব নোৱাৰো৷ কেতিয়াও নোৱাৰো৷ চোৱানা, কেনেকৈ বেঁকা হৈ যায় ৰেখাবোৰ৷
ঃ পাৰিবা মোৰ সোণ৷ তুমি পাৰিবাই৷ আঁকাচোন৷ বাৰে বাৰে যত্ন কৰা৷ এবাৰ, দুবাৰ, বহুবাৰ আঁকা৷ এই পৃথিৱীত যিমান ভাল কাম হৈছে, সৰহভাগেই তোমাৰ দৰে প্ৰথমে বিফল হৈছে৷ বাৰে বাৰে চেষ্টা কৰিছে আৰু এদিন সাফল্যৰ উচ্চতম শৃংগ পাইছেগৈ৷
ঃ কিন্তু মা, তেওঁলোক মোৰ দৰে নহয়৷ মই যে একেখিনি ঠাইতে ৰৈ থাকিব লাগে৷ মই যে খোজ কাঢ়ি ক’লৈকো যাব নোৱাৰো৷ মই কেনেকৈ উচ্চতম শৃংগলৈ যাম মা?
ঃ পাৰিবা সোণমণি৷ এটা বন্ধ কোঠাত, এখন বিছনাৰ এপৰত থাকিও তুমি পৃথিৱী জয় কৰিব পাৰিবা৷ মাত্ৰ সপোন দেখিবলৈ শিকা৷ শাৰীৰিক অক্ষমতা কেতিয়াও সপোনৰ বাধা হ’ব নোৱাৰে৷ বীথ’ফেন নামৰ সুৰৰ যাদুকৰ জনে কানেৰে নুশুনা হোৱাৰ পাছতো কালজয়ী সুৰৰ সৃষ্টি কৰিছিল৷ বিজ্ঞানী ষ্টিফেন হকিঙৰ কথাও তোমাক মই বহুবাৰ কৈছো৷ মাত্ৰ বিছ বছৰ বয়সতে ‘মটৰ নিউৰণ’ ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিঙে কৃষগহ্বৰৰ বিষয়ে গৱেষণা গ্ৰন্থ লিখিছে, নানান গৱেষণামূলক প্ৰবন্ধ লিখিছে, শ্ৰেষ্ঠ বিজ্ঞান সাহিত্য লিখিছে৷
ঃ মই সঁচায়ে পাৰিম নহয় মা?
ঃ কিয় নোৱাৰিবা৷ তুমি পাৰিবাই৷ যিটো কাম কৰি তোমাৰ ভাল লাগে, তাকেই কৰা৷ মই আছোতো তোমাৰ সহায়ৰ বাবে৷ তুমিতো অকলশৰীয়া নোহোৱা৷ বিখ্যাত ইংৰাজ কবি মিনে তেওঁৰ শ্ৰেষ্ঠতম ৰচনা‘Paradise Lost’ লিখাৰ সময়ত দৃষ্টি শক্তি হেৰুৱাইছিল৷ ৰেইনল্ড প্ৰাইচ এজন আমেৰিকান লেখক৷ তেওঁ মেৰুদণ্ডৰ কেন্সাৰত আক্ৰান্ত হৈছিল৷ অহৰহ অসহ্য যন্ত্ৰণাৰ সতে সহবাস কৰিও তেওঁ লিখি গৈছিল অবিৰাম৷ দুৰ্ভাগ্যক সৃষ্টিশীল সময়লৈ পৰিৱৰ্তন কৰা প্ৰাইচে লিখি উলিয়াইছিল বহু কেইখন উল্লেখযোগ্য গ্ৰন্থ৷ এনে হাজাৰ বিজাৰ কাহিনীৰে ভৰি আছে আমাৰ পৃথিৱী৷ জীৱনক সুন্দৰ কৰি তুলিবলৈ অনেক জনে অকলে কাঁইটীয়া পথেৰে গৈ আছে৷ নীৰৱ সাধনাৰে মহীয়ান হৈ উঠিছে৷ তুমি মাত্ৰ তেওঁলোকৰ পাছে পাছে বাট বোলা সোণ৷
ঃ মা, মা, মই পাৰিম৷ পাৰিম মা৷ মই ছবি আঁকিব নোৱাৰিলেও চেষ্টা কৰিম৷ কাৰণ মই ছবি ভাল পাওঁ৷ ধুনীয়া ধুনীয়া ৰংবোৰ ভাল পাওঁ৷ অসুন্দৰ বস্তু এটা ৰং বোলাই সুন্দৰ কৰি ভাল পাওঁ৷ মই সকলো বস্তু ধুনীয়া হৈ থকাটো বিচাৰো৷
ঃ এয়াহে মোৰ ধুুনু ধুনু ছোৱালীজনী৷ কাইলৈ মই তোমাৰ বাবে এজন ঘৰুৱা শিক্ষক বিচাৰিম৷ তুমি ঘৰতে থাকি ছবিৰ খুঁটি-নাতিবোৰ শিকি ল’ব পাৰিবা৷
ঃ কিন্তু দেউতালৈ মোৰ ভয় লাগে মা৷
ঃ তুমি ছবি ভাল পোৱা নহয়৷ যদি ভাল পোৱা তেন্তে সকলো ধৰণৰ ত্যাগ কৰিব পৰাকৈ সাহসী হোৱা৷ তোমাৰ দৃষ্টিত কেৱল লক্ষ্যস্থানৰ বাদে একোকে থাকিব নালাগিব৷ মই আছোতো সোণমণি৷ তুমি কাম কৰি যোৱা৷ বাকী সকলো মোৰ ওপৰত এৰি দিয়া৷
ঃ মা, তুমি বৰ ভাল মা৷
ঃ এই পৃথিৱীৰ ‘মা’ নামৰ সকলো মানুহেই ভাল মাজনী৷ সকলো মাকেই নিজৰ সন্তানক লৈ একোটি ধুনীয়া সপোন দেখে৷ তুমিও মোৰ এটি ধুনীয়া সপোনৰ আধাৰ৷ কোৱা তুমি মোৰ সপোনক ভাল নোপোৱানে?
ঃ পাওঁ মা, তোমাৰ সকলো কথাই যে মই ভাল পাওঁ৷
ঃ তেনেহ’লে আহাঁ, আমি আজিৰ পৰা ধুনীয়া ৰংবোৰৰ কথা ভাবো৷
সেইয়া আছিল এক সপোনৰ আৰম্ভণি৷ সুদীৰ্ঘ দিনৰ আন্ধাৰ আঁতৰাই ৰুমাই জ্বলাইছিল এগছি সৰু চাকি৷ আশাৰ চাকি৷ বিৰাটৰ মাজত অনুমাত্ৰ অকণ পোহৰ-বিন্দু৷ ফিৰিঙতিৰ পৰাও এদিন খাণ্ডৱ বন দাহ হৈছিল৷ ৰুমাই জ্বলোৱা সৰু চাকি গছিয়েই এখন আকাশ উজ্জ্বলাই তুলিব পৰা পোহৰৰ ফিৰিঙতি আছিল৷ সেই কণমান পোহৰ শিখাৰ তলত চলিছিল সোণমণিৰ জীৱন গঢ়াৰ কচৰৎ৷ ৰুমা আৰু জুমনিয়ে তাত সাৰ-পানী যোগাইছিল৷ যি কাম সুন্দৰ, য’ত শুভ-ইচ্ছা আৰু প্ৰবল ইচ্ছা শক্তি নিহিত হৈ থাকে সেই কামে আপুনা-আপুনি মহত্ত্ব লাভ কৰে৷ সোণমণিৰ জীৱন সুন্দৰ কৰি তোলাৰ পথছোৱা আছিল কণ্টকময়৷ মাজে মাজে প্ৰতিকূল পৰিৱেশে ৰুমাক ভাগৰুৱা কৰি তুলিছিল৷ কিন্তু দুৰ্বলতাৰে আপোচ নকৰা ৰুমাই পুনৰ থিয় দিছিল দুগুণ সাহস আৰু উৎসাহেৰ৷ তাই মানুহ৷ মানুহেই একমাত্ৰ দাবীদাৰ যি প্ৰবল অধ্যৱসায়ৰ বলেৰে জীৱনক নিজৰ অনুকূলে ব্যৱহাৰ কৰিব পাৰে৷ লক্ষ্যস্থান যদি সুন্দৰ পথ যিমানেই দুৰ্গম নহওক কিয়, যাব খোজাজন জানো থমকি ৰ’ব সোণমণিৰ হাতত ধৰি ৰুমা গৈ থাকিল.. গৈ থাকিল…. এক দুৰ্গম পথেৰে সুন্দৰৰ দেশলৈ৷ পাছে পাছে গৈ থাকিল জুমণি৷ সিহঁত আটাইৰে পৰা লাহে লাহে প্ৰদীপ্তও গৈ থাকিল দূৰলৈ… বহু দূৰলৈ…৷
ঃঃ ঃঃ ঃঃ ঃঃ ঃঃ মা, মা, মা …… হুম্‌……
জুমণিৰ হেঁচুকনিত ৰুমা প্ৰকৃতিস্থ হ’ল৷ ক’ত হেৰাই গৈছিল তাই এৰি অহা দিনবোৰৰ প্ৰতিচ্ছবিবোৰ এখন ট্ৰেজিক চিনেমাৰ দৰে মনঃচক্ষুৰ আগেৰে বাগৰি গৈ আছিল৷
এটা বিশাল প্ৰেক্ষাগৃহৰ ভিতৰত তাই আৰু জুমণি বহি আছে৷ সন্মুখত এখন উজ্জ্বল মঞ্চ৷ য’ত সোণমণিৰ এখন চিত্ৰ প্ৰদৰ্শনী হৈ থকাৰ লগতে দেশী-বিদেশী ফটোগ্ৰাফাৰে চিত্ৰসমূহৰ লগতে সোণমণিৰ ফটো ল’বলৈ উথপথপ লগাইছে৷ কেমেৰাৰ অহৰহ চিক্‌মিকনিত সোণমণিৰ মুখখন এক অলৌকিক আভাৰে উজ্জ্বলি উঠিছে৷ সোণমণিৰ চাৰিওফালে সজাই ৰখা পেইণ্টিংবোৰ এক সৰগীয় দৃশ্যপট হৈ পৰিছে৷ সেই সৰগ সৃষ্টি হৈছে সোণমণিৰ হাতৰ পৰশত৷ সোণমণিৰ ধৈৰ্য্য, একাগ্ৰতা আৰু স্বাতুৰ মনে সৰগখনকে নমাই আনিছে অজসৃজনৰ মাজলৈ৷ মা, মা, কি যে ভাবুক হৈ বহি আছা শুনা শুনা, লাউড্‌ স্পীকাৰত ঘোষকজনে কি কৈ আছে৷ অলপ পাছতে তোমাক মঞ্চলৈ আমন্ত্ৰণ জনাব৷ তুমি সাজু হৈ থাকা মা৷ সাক্ষ্যাৎকাৰত তোমাৰ কথাবোৰ বহুজনে ৰেকৰ্ড কৰি পেলাব৷ তুমি সাৱধানে ক’বা দেই৷
জুমণিৰ কথা শেষ হওঁ-নহওঁতেই ঘোষকে সুন্দৰ ভাষাৰে ৰুমাক মঞ্চলৈ আমন্ত্ৰণ জনালে৷ এক উগুল-থুগুল মনেৰে ৰুমা থিয় হ’ল৷ দুগৰাকীমান সুন্দৰ সাজ-পৰিহিতা মহিলাই ৰুমাক আগবঢ়াই নিবলৈ আহিল৷ মন্ত্ৰমুগ্ধৰ দৰে ৰুমা আগবাঢ়ি গ’ল উজ্জ্বল মঞ্চখনলৈ; য’ত সোণমণি বহি আছে এজনী পৰীৰ দৰে৷
সোণমণিৰ কাষতে ৰুমাক আসন দিয়া হ’ল৷ দুয়োৰে সন্মুখত অসংখ্য কেমেৰা আৰু ৰেকৰ্ডাৰ৷ ৰুমা যেন অপ্ৰস্তুত হৈ পৰিছে৷ জীৱনৰ এয়া অন্য নতুন অভিজ্ঞতা৷ ৰুমাৰ বাবে তেনেই অচিনাকি পৰিৱেশ৷ এইখিনিলৈকে আহি থকা সময়ছোৱা আছিল নীৰৱে সপোনক সাকাৰ কৰাৰ বাবে তেজ আৰু ঘামেৰে পৰিশ্ৰম কৰাৰ দিন৷ বৰ অকলশৰীয়া আছিল এই যাত্ৰাপথ৷ লক্ষ্যস্থান আজি সমাগত৷ হঠাৎ ইমান প্ৰাপ্তি আৰু আনন্দৰ বন্যাত ৰুমা সহজ হ’ব পৰা নাই৷ হৃদয় ভৰি উঠিছে৷ বাৰে বাৰে সজল হৈ পৰিছে দুচকু৷ বাইদেউ, আজি দেশৰ অন্যতম বিশেষ সন্মানীয় বঁটা ‘ৰত্নগৰ্ভা মাতৃ’ বঁটা আপুনি লাভ কৰাৰ পাছত আপোনাৰ অনুভৱ কেনে? ……….. শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি সোণমণি বৰুৱা আজি দেশৰ এগৰাকী আগশাৰীৰ চিত্ৰশিপ্লী হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ আঁৰত মাতৃ হিচাপে নিশ্চয়কৈ আপোনাৰ অৱদান অপৰিমেয়৷ এই বিষয়ে কিছু কথা কওকচোন৷ ……….. আমি জানিব পাৰিছো, সোণমণিক আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ বাবে নিবলৈ আপুনি অহোপুৰুষাৰ্থ কৰিছিল৷ কেতিয়াবা পিঠিত লৈ গৈও আপুনি শ্ৰেণীকোঠাত বহুৱাব লগা হৈছিল৷ সেই কষ্টকৰ সময়ছোৱাৰ বিষয়ে কিছু কথা ক’বনে? ………. সোণমণিক লৈ আপোনাৰ আৰু কি কি সপোন আছে? সেই সপোনৰ শেষ সীমা কি? সোণমণিক এগৰাকী সফল চিত্ৰশিপ্লী হিচাপে গঢ়ি তোলাত আপোনাৰ পৰিয়ালৰ সহায়-সহযোগিতা কেনে ধৰণৰ আছিল? আজি এই মুহূৰ্তত আপোনাৰ সন্মুখত আৰু হাজাৰ গৰাকী মাতৃ বহি আছে৷ আপোনাৰ প্ৰতিটো কথা মনোযোগেৰে শুনি আছে৷ সেই মাতৃসকলক আপুনি কি ক’ব বিচাৰিব?
ফটোগ্ৰাফাৰ আৰু সাংবাদিক সকলৰ লেথাৰি নিছিগা অনেক প্ৰৰ উত্তৰ ধীৰে ধীৰে ৰুমাই দি গ’ল৷ ক’ৰবাত এক মুহূৰ্তৰ বাবে আৱেগিক হৈ মাত থোকাথোকি হৈছে যদিও ৰুমাই তাক প্ৰকট নকৰি পুনৰ কণ্ঠলৈ দৃঢ়তা আনি যথাযথভাৱে ক’বলৈ চেষ্টা কৰিলে৷ শেষৰ তিনিটা প্ৰৰ উত্তৰ দিবলৈ ৰুমাৰ কষ্ট হৈছে৷ ক্ষন্তেক গম্ভীৰ হৈ থাকি তাই কৈ গ’ল-মই আজি য’তেই থিয় হৈ নাথাকো কিয় প্ৰথম কথা মই এগৰাকী মাতৃ৷ এগৰাকী মাতৃৰ নিজৰ জীৱনৰ সকলো আধৰুৱা সপোনৰ শেষ উত্তৰ হৈছে সন্তান৷ সন্তানৰ জীৱনক্ষেত্ৰ কেনেকৈ উৰ্বৰা কৰি তুলিব পাৰি তাৰ সাধনাত প্ৰতিগৰাকী মাতৃ ব্ৰতী হৈ থাকে৷ মোৰ দুটি কন্যা জুমনি আৰু সোণমণিক লৈও মোৰ সপোনৰ শেষ নাই৷ তেওঁলোক যেন প্ৰকৃতাৰ্থত মানুহ হৈ উঠক৷ সৎ কৰ্মৰে বিশ্বজয় কৰি মানুহৰ হৃদয়ত স্থান পাওক৷ মোৰ সন্মুখত আজি হাজাৰ গৰাকী মাতৃ বহি আছে৷ তেওঁলোকক মই অতি বিনয়েৰে এটা প্ৰ সুধ্বি বিচাৰিম৷ ‘ৰত্নগৰ্ভা মাতৃ’ শব্দটোক লৈ মোৰ অলপ খোকোজা আছে৷ সকলো মাতৃয়ে গৰ্ভধাৰণৰ সময়ছোৱাত অহোৰাত্ৰি প্ৰাৰ্থনা কৰে – গৰ্ভস্থ সন্তানটি যেন এটি উজ্জ্বল ৰত্ন হয়৷ কিন্তু সকলোৰে সপোন পূৰণ নহয়৷ সন্তানটো ভূমিষ্ঠ হোৱাৰ পাছতো এগৰাকী মাতৃয়ে সন্তানক ভাল কৰাৰ স্বাৰ্থত সৰ্বস্ব উজাৰি দিয়ে৷ তাৰ পাছতো বহুতৰে জীৱনত ব্যতিক্ৰম ঘটে৷ সন্তান বিভিন্ন কাৰণত বিপথগামী হয়৷ যিটি সন্তানৰ বাবে এগৰাকী মাতৃয়ে দিন-ৰাতি একাকাৰ কৰি জীৱন পাৰ কৰিছিল, সময়ত সেই একেটি সন্তানৰ অত্যাচাৰত অতিষ্ঠ হৈ নিজৰ মৃত্যু কামনা কৰে৷ কিয় হয় এনে? এই প্ৰৰ কোনো নিৰ্দিষ্ট উত্তৰ নাই৷ মোৰ সন্মুখত থকা জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰে পুষ্ট মাতৃসকলক সুধ্বি বিচাৰো – ভাল আৰু সফল সন্থানৰ মাতৃ হিচাপে মই আজি ‘ৰত্নগৰ্ভা মাতৃ’ বঁটা গ্ৰহণ কৰিলে সেইসকল মাতৃৰ গৰ্ভক অপমান কৰা হ’ব নেকি – যিসকলৰ গৰ্ভত হিট্‌লাৰ, আইকমেন, ওচামা বিন লাডেন আদি বিশ্বত্ৰাস অনেক ৰক্ত পিপাসু সন্তানৰ জন্ম হৈছে৷ সেই মাতৃসকলৰ গভীৰ মৰ্ম বেদনাৰ কথা ভাৱি মই শিয়ৰি উঠো৷ তেওঁলোকে সঁচাকৈয়ে তেনে সন্তানৰ কামনা কৰিছিল নে? নিশ্চয় কৰা নাছিল৷ মই ‘ৰত্নগৰ্ভা মাতৃ’ বঁটা গ্ৰহণ কৰি বিপথগামী সন্তানৰ মাতৃসকলক আঘাত আৰু দুখ দিব নোখোজো৷ তাতকৈ মই সেইসকল মাতৃৰ মাজতে মিলি থকা সাধাৰণ মাতৃগৰাকী হৈ থাকিয়েই ভাল পাম৷ ’’
উদুলি-মুদুলি এখন উজ্জ্বল মঞ্চ, হাজাৰ জনেৰে গিজ্‌গিজাই থকা এটা বিশাল প্ৰেক্ষাগৃহ যেন হঠাৎ কাঁহ পৰি জীন গ’ল৷ এক লহমাৰ বাবে কেৱল উশাহ-নিশাহৰ শব্দৰ বাদে তাত যেন মহাজাগতিক নিৰ্জনতাই বিৰাজ কৰিলে৷ কিছুপৰৰ মৌনতাৰ পাছত দৰ্শকৰ মাজৰ পৰা জাউৰিয়ে জাউৰিয়ে হাতচাপৰি ৰজনজনাই গ’ল৷ সকলোৱে একমুখে উচ্চাৰিলে- ‘মহান, মহান এই মাতৃ৷ এই মহানুভৱতাক কোনো বঁটাৰে জুখিব পৰা নাযায়৷ সকলোৱে উৰ্ধত এই হৃদয়৷ এই হৃদয় পৃথিৱীৰ কোনো পাৰ্থিৱ কলুষতাই চুব নোৱাৰে৷ এই হৃদয়ক কেৱল বন্দনা কৰিব পাৰি৷ ’
উপস্থিত ৰাইজৰ মাজৰে এজন ঠিয় হৈ উদাত্ত কণ্ঠেৰে কৈ উঠিল – ‘আহক, আমি সকলোৱে মিলি এই মহান মাতৃক আজি এটা নতুন বঁটাৰে বিভূষিত কৰোঁ৷ যিটি বঁটা আজিলৈকে কাকো দিয়া হোৱা নাই৷ তেওঁক আমি দিম ‘ৰত্নোত্তমা হৃদয়’ৰ বঁটা৷ সমস্বৰে কোঁৱা সমৰ্থনসূচক শব্দ আৰু হাতচাপৰিৰ ধ্বনিৰে সমগ্ৰ সভাগৃহ যেন হৈ পৰিছে পৱিত্ৰময় ভাৱনাৰ থলী৷ সকলোৰে হৃদয় জুৰি কেৱল শুভকামনাৰ প্লাৱন৷ ৰুমা আৰু সোণমণিক উপাসনাৰ বেদীত থিয় কৰাই মানুহবোৰ হৈ উঠিছে অসাধাৰণ উপাসক৷
ৰুমা আজি মূক, ধন্য৷ সজল দুচকুৰে বাৰে বাৰে বিচাৰি ফুৰিছে প্ৰদীপ্তক৷ জুই আৰু ধোঁৱাৰ মাজেৰে বাট বুলি আহি আহি ভাৰাক্ৰান্ত হৈ পৰিব খোজা ৰুমাৰ হৃদয় আজি হৈ পৰিছে নিৰ্ভাৰ৷ সকলোৰে অলক্ষিতে দুটোপাল চকুপানী মচি ৰুমাই ভাৱি পেলাইছে – ঘৰলৈ ঘূৰি গৈয়েই প্ৰদীপ্তক ক’ব – তুমি ওভটি আঁহা প্ৰদীপ্ত আৰু দূৰলৈ গৈ নাথাকিবা৷ গতানুগতিক জীৱনক অতিক্ৰম কৰি মহাজীৱনৰ ফালে চোৱা৷ এতিয়াও সময় আছে৷ আঁহা আমাৰ ফুলনিৰ অপতৃণবোৰ গুচাই নানাৰঙী ফুলবোৰ ৰুই যাওঁ৷ তুমি যাব নোখোজা বাটটোৰে আজি মই অকলে আহিও অনুভৱ কৰিলো – ‘জীৱন সুন্দৰ, সঁচায়ে সুন্দৰ৷ ’ এই সুন্দৰ পথেৰে তুমিও আঁহা৷ জীৱন মানে কেৱল সুখভোগ নহয়, পাৰ্থিৱ লালসা নহয়, জীৱন নহয় কেৱল দৌলত ৰখীয়া; জীৱন এখন অনিন্দ্য সুন্দৰ ছবি- আমৃত্যু ৰঙ বোলাই যোৱা…….৷ ’’ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক