ৰ’দে-বৰষুণে_ কৌস্তুভমণি শইকীয়া দত্ত

সুস্বাস্থ্য বিচাৰি সুদীর্ঘ সান্ধ্যভ্ৰমণত সদায় যাওঁ
পথৰ কাষৰ পাছলিৰ বজাৰত এনেয়ে সোমাওঁ
প্ৰাত্যহিকতাৰ নামত ইটো সিটো ক্ৰয়
কিবা এপদ দেখি ৰৈ যাওঁ- দেউতাৰ প্ৰিয়
কিবা এপদ দেখি আঁতৰি আহোঁ-
আয়ে কৈছিল তোক নুশুজে -নাখাবি ।
ককাদেউতাই পদিনা পিহা অকণ বিচাৰিছিল কাঁহীৰ দাঁতিত ।
বজাৰখনৰ গোন্ধটো হৈ উঠে নষ্টালজিক
উভটি আহোতে ক’ৰবাত তাহানিৰ চুবুৰীৰ চিনাকি শব্দ
পথটোও হৈ পৰে ল’ৰালিৰ ওমলা চোতাল ।

আচলতে বৰ্তমান শূন্য এই সান্ধ্যভ্ৰমণে মোক ক্ৰমে মোক অতীতলৈ লৈ গৈ আছে জীৱন যেন অস্পষ্ট হৈ গৈছে
অস্তিত্বৰ প্ৰশ্ন এটিয়ে মূৰ দাঙি কৈ উঠিছে
প্ৰাণহীন শূন্যতাত আৰু নোৱাৰোঁ কটাব সময় ।

প্ৰাত্যহিকতাৰ নামত
এনে সান্ধ্যভ্ৰমণতে এটা বৰষণুীয়া দিনত এজনে এটা ছাটি মেলি ধৰিছিল মোৰ মূৰৰ ওপৰত । এবাৰলৈ মেলি ধৰা ছাটিটোৰ ছাঁত তেতিয়াৰে পৰা আমি একেলগেই বজাৰলৈ যাওঁ।
তেওঁ মোক সুধিছিল – মই কি কৰোঁ
এটা নিষ্প্ৰাণ উত্তৰ দি একেটা প্ৰশ্ন মই তেওঁক সুধিছিলোঁ । উত্তৰত কৈছিল ৰ’দে-বৰষুণে ছাটি মেলি ধৰাই তেওঁৰ কাম ।
মই সুধিছিলোঁ যদি কোনোবা নোসোমায় আপোনাৰ ছাটিৰ তলত?
মানহজনে কৈছিল বৰষুণ যি ভাল পায় তেওঁক কি প্ৰয়োজন ছাটিৰ আৰু কৈছিল-
ৰ’দ সানি ছাল তামৰঙী কৰাত চৌখিন এজনেই তেওঁক দান কৰিছিল এই ছাটি ।
বৰষুণত হাত সাবটি দৌৰা বা ৰ’দত ছাঁত ৰৈ আইচক্ৰীম চোহা তোমাৰ দৰে মানুহৰ বাবে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments