ৰ’দ ভালপোৱা ডাইনীজনী ( দুলেন গগৈ )

rod val pua suwali joni

ৰ’দ ভালপোৱা ছোৱালীজনী
চুবুৰীটোলৈ অহা দিনাই সকলো ডেকা -বুঢ়া
প্ৰেমত পৰিছিল তাইৰ

“তাই পৃথিৱীৰ সকলোতকৈ ধুনীয়া তিৰোতা”
মানুহবোৰে কোৱা-কুই কৰিছিল
ডেকাবোৰে ফটিকাৰ আড্ডাত অকল তাইৰ কথাই পাতিছিল
নৈ পাৰত গা ধুবলৈ যাওঁতে
সিহঁতে জুমি জুমি চাইছিল তাইক
ৰ’দত চুলি মেলি থাকোতে
তাইৰ কাৰণে কাজিয়া হৈছিল সিহঁতৰ মাজত

মাজনিশা তাই যেতিয়া চাকি নুমোৱাই শুইছিল
বাঁহজোপাৰ তলত খাপ পিটি ৰৈ আছিল ভেলেঙী নহবা বগীদৈৰ মানুহটো

এনেকৈ গৈ আছিল দিনবোৰ
চুবুৰীত তাইৰ কাৰণেই হেনো মতা-মাইকীৰ কাজিয়া বাঢ়িছিল
তাই এষাৰো মাত দিয়া নাছিল কাকো
মাজনিশা কেতিয়াবা অকলে অকলে হাঁহিছিল
কেতিয়াবা অকলে অকলে কান্দিছিল
কাৰণবোৰ নাজানিছিল কোনো

এদিন বকুলৰ ঘৈণীয়েকে হেনো তাইক
উলংগ হৈ ঘূৰি ফুৰা দেখিছিল
এদিন মাজনিশা নৈ পাৰত তাই অকলে বহি আছিল

“সেইজনী ডাইনী”
পোনাকনৰ মাকে ফুচফুচাই কৈছিল

“হয় হয় তাই ডাইনী”

“হয় হয় তাই অহাৰ পৰাই চুবুৰীত অশান্তি বাঢ়িল
তাই ডাইনী
তাইক মাৰিব লাগে ”
একেসুৰে শলাগিছিল সকলোৱে

পাছদিনা ৰ’দত বহি চুলি মেলি থাকোতেই
তাইক খুচি খুচি মাৰিছিল সিহঁতে
তেতিয়াও তাই এষাৰো কথা কোৱা নাছিল
তাইৰ চকুপানীবোৰে নৈ খন ৰঙা কৰি পেলাইছিল
তাইৰ তেজ লাগি মাটিবোৰ শিল হৈ পৰিছিল
তাইৰ জুপুৰিৰ চালত পৰি জোনটোৱে উৰে নিশা কান্দিছিল
শ্মশানৰ মৃতদেহবোৰে ছাইৰ মাজতে হুমুনিয়াহ এৰিছিল

কাৰণ
কেৱল সিহঁতে জানিছিল সঁচাখিনি
কেৱল সিহঁতে জানিছিল তাই কিয়
কথা কোৱা নাছিল
কেৱল সিহঁতে জানিছিল যে
তাই ৰ’দ ভাল পাইছিল

জানিছিল নে বাৰু আপুনি ?

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mithun
5 years ago

Nice one