ৰ’দ ( ‪‎অনিতা গগৈ )

“ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক?
ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক?
ওলাই দেখোন আহিছে ৰহদৈৰে জাক..
পিছে পিছে ল’ৰি আহিল সেউতীহঁতৰ মাক,
পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক….”

ক’ৰবাৰ পৰা ভাঁহি অহা ভূপেন হাজৰিকাৰ গীতৰ কলিটো শুনি দময়ন্তীৰ বুকুখন উজাৰি উঠিল। কোনে বাৰু গাইছে..? বাৰান্দালৈ ওলাই গ’ল তেওঁ। ৰাষ্টাটোৰ সিটো পাৰে ফুটুকানিডৰাই ঘেৰি থকা দ’ ঠাই টুকুৰাতে টকৌপাতৰ চালিৰে এলানি জুপুৰী। ৰিক্সৱালা, ঠেলাৱালা, শাক-পাচলিৰ বেপাৰী আদি লোকৰ বসতি। তাৰে কোনোবা এটা জুপুৰীৰ পৰাই ভাঁহি আহিছে সুললিত পুৰুষ কণ্ঠেৰে গোৱা গীতটো! কি দৰদসনা কণ্ঠ! প্রতিটো শব্দই যেন সেউজীয়া হৈ উঠিছে।

পুৱাৰ নিয়ৰেৰে গাল মুখ জিলিকা এজাক শব্দ যেন দুপদুপাই, য’ৰ বন ততে পেলাই ঢপলিয়াই আহিছে। পান, চুণ, মান-ধপাতৰ সৈতে চাউলীয়া কেঁচা তামোল চোবাই চোবাই সেলেঙী বোৱাই খাই ৰং-ধেমালিৰে জুম বান্ধিছেহি কাঁচিয়লি ৰ’দৰ চোতালত। যেয়ে য’তে পাই বহি লৈ ভু-ভাৰস্তৰ কথা পাগুলি পাগুলি আলচ কৰিছে পুহ আৰু মাঘৰ সংক্রান্তিৰ দিনা খাবলগীয়া ৰাজহুৱা ভোজ আৰু মাঘৰ মেজিৰ কথা। নন্দেশ্বৰ বৰদেউতা, সৎৰাম দাস ককাইদেউ, ৰমজান বৰপাই, ৰংহাং দদাইদেউ, হলিৰাম কেওঁট মোমাইদেউ, ভৃগু জেঠপেহা, কণ্ঠী মণ্ডল, ডিম্বেশ্বৰ লালুং দাইটি আদি সকলোৰে লগতে নগা দদাইদেউও বহিছেহি শাৰী পোনাই। সোঁমাজত বহি কথাৰ গুৰি ধৰাজন সেয়া মূৰত মথুৰা পাগ মৰা বুদ্ধেশ্বৰ মৰাণ ককাদেউতা।
*****
—-“মা মা, তোমাক কিমান ক’ম এনেদৰে বাহিৰলৈ নাযাবা বুলি? এইখন তোমাৰ সেই উজনিৰ গাঁও নহয়, এইখন মহানগৰ। ইয়াত পদে পদে ঠগ-প্রৱঞ্চনা।”
নীলৰ মাত শুনিহে সচকিত হ’ল দময়ন্তী।
—-“বৰ সুন্দৰকৈ কোনোবাই ভূপেনদাৰ গান গাইছে অ’। সেয়া শুনিহে..”
—-“অ’ সেইজন এজন অন্ধ ভিক্ষাৰী। মালিগাঁও ৰেলৱে ষ্টেশ্যনত গান গাই গাই ভিক্ষা কৰি ফুৰা দেখিছোঁ।” কথাষাৰ কৈ কৈ ব্যক্তিগত নিউজ চেনেল এটাৰ ষ্টাফ ৰিপ’ৰ্টাৰ নীলাভ্র বৰুৱাই গেৰেজৰ পৰা গাড়ীখন উলিয়াই আনি অফিচলৈ পোনালে। দময়ন্তীয়ে দীঘলকৈ হুমুনিয়াহ এটা টানি, নিজৰ কোঠালৈ গৈ চশমাযোৰ পিন্ধি আধা পঢ়া কিতাপখন মেলি ল’লে। কিন্তু বাৰে বাৰে তেওঁৰ সেই গীতটো মনলৈ আহি তেওঁক যেন উৰুৱাই লৈ গ’ল শৈশৱ-কৈশোৰৰ সেই ৰামধেনুবুলীয়া দিনবোৰলৈ।
*******
অসম আৰ্হিৰ এল্ পেটাৰ্ণৰ বাটাম দিয়া ঘৰটোৰ দীঘলীয়া বাৰাণ্ডাখনৰ এমূৰে সৌজনী দময়ন্তী। হাত দুখনেৰে ওপৰৰ দাংডালত ভৰি দুটা নচুৱাই ওলমি আছে, মাকৰ তাঁতৰ শালত। চোতালৰ শেৱালিজোপাৰ তলৰ ৰ’দ পৰা সমান ঠাইকণত বহি লৈ মইনা পেহীয়ে যঁতৰত আঁচুসূতাৰ মহুৰা বাটিছে। সিফালে ভঁৰালৰ তলৰ চালিখনত এৰী মুগাৰ সূতা কাটি কাটি সেয়া জানকী বৰমা, পদুমী জেঠাই, নীৰদা খুৰীয়ে হাঁহি হাঁহি শাক খোৱা ভাত খোৱা বাৰে-ভচহু কথা পাতিছে। মাকে বাৰে বাৰে সঁকিয়াইছে “দময়ন্তী, চাওঁ.. আঁতৰি গ’লিনে তাৰপৰা? ডাঙৰ মানুহৰ কথা শুনি নাথাকিবি বুলি কিমান ক’ব লাগিব তোক?”

দুপদুপাই দময়ন্তী দৌৰিছে যুৰীয়া আহঁতৰ তলৰ পুখুৰী- পাৰলৈ। পুখুৰীটোৰ পাৰতে আটোম-টোকাৰী বাৰীৰে সেইখন নাগিনী আইতাৰ ঘৰ। তাইক কাষলৈ চপাই আনি আইতাই তপৰ তপৰকৈ দুটা চুমা খাইছে। তাইৰ গালে-মুখে বিয়পি পৰিছে চুণ, মান ধপাত চালিৰে খোৱা তামোলৰ পিক্ লগা ৰহন। জুইশালৰ ধোঁৱাচাঙত তুলি থোৱা বাঁহৰ সাঁফৰ লগা সৰু টুকুৰী এটাৰ পৰা মুটুককৈ ভাঙি তাইৰ প্রিয় ডালচেনীৰ টুকুৰা এটা দি নাগিনী আইতাই তাইক কৈছে,
—- ‘’ হো ল’। তোক আমাৰ নগা ডেকা এটা বিচাৰি বিয়াহে দিম ৰ’। সদায় ডালচেনি খাই থাকিব পাৰিবি হিঃ হিঃ হিঃ।’’
—- ‘ছিঃ ছিঃ লেংটিমৰা নগালৈ নগ’লেহে পাৰিছোঁ মই’ বুলি ফৰিং ছিটিকাদি তাৰ পৰা পলাই আহিছে দময়ন্তী।
*********
….ৰাইজৰ সহায় সহযোগিতাৰে দময়ন্তীৰ পিতাকে প্রতিষ্ঠা কৰা উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ আহি সিহঁতৰ বাৰীতে পাতি দিয়া বহাত থাকি পঢ়া শুনা কৰিছিলহি চামে চামে নগা কিশোৰে। তেওঁলোকৰ কোলাই বোকোচাই বগাই ডাঙৰ হৈছিল দময়ন্তীৰ সৰু সৰু ভায়েক ভনীয়েককেইটা। পুৱা সোনকালে উঠি অলপ সময় কচৰৎ কৰিয়ে নগা ল’ৰাবোৰে বাৰাণ্ডাৰ এঢলীয়া চালিত ভাগে ভাগে চৰু পাতে। সৰু গোল মুখৰ বটুৱা এটাত মুখতকৈ দুআঙুলমান তললৈ পানী দি বক্ বককৈ উতল আহিলে আধাসেৰ জোখৰ চাউল ধুই বহাই দিয়ে। আধা সিজা ভাতত কেতিয়াবা বৰালি বা মাগুৰ মাছ একোটা চাফা কৰি গোটে গোটে নুৰিয়াই ঢাকোন মাৰি ভৰাই দিয়ে। জুই আঁতৰাই গা তিয়াবলৈ যায়। আহি পায় মানে অঙঠাৰ ভাপত ফুৰ্ফুৰীয়া গোন্ধৰ ভাত মাছ সাজু। তাতে মন গ’লে কেতিয়াবা লাই থৰুৱা এডাল, দুডালো ভৰাই দি ভাপতে সিজিবলৈ দিয়ে। বিদ্যালয় যাবলৈ সাজু হৈ পাৰ থকা কাঁহী এখনত চৰুটো ওবুৰিয়াই আধা ভাত বাঢ়ে। বাকী আধা থয় উভতি আহি খাবলৈ। মচমচীয়া বা শুকান জলকীয়া চাৰিটামান ভাঙি ,তপত ধোঁৱা বলি থকা ভাত, নিমখ সনা মাছৰ পিতিকাৰ সোৱাদ কেতিয়াবা জোপ লৈ থকা সিহঁতেও পায়। চৰুৰ ঢাকনখনতে বা কলপাত এখনত বাঢ়ি দিয়া এমুঠিমান ভাত গোগ্রাসে গিলিছিল তাই আৰু ডাঙৰ ভায়েক অতনুৱে। তাৰবাবে সিহঁতে কমখন বকনি, কাণমলা খোৱা নাছিল মাকৰ। গধূলিৰ সাজ সিহঁতৰ মাকে একেপাগতে ৰন্ধা ভাত একেখন মজিয়াতে পৰা পীৰাত বহি সেইসকল ল’ৰাইও খাইছিল সিহঁতৰ সৈতে। পঢ়ি থকা ল’ৰা, কষ্ট কৰিবলৈ জোৰ পাব বুলি বচা বচা মাছৰ ডাঙৰ টুকুৰা তেওঁলোকক দিছিল মাকে। কি যে সোৱাদ আছিল সেই মুঠি ভাতৰ! যেন এতিয়াও আঙুলিত লাগি আছে অলপ আগতহে খাই অঁতোৱা, আত্মীয়তাৰ আমোলমোল গোন্ধ সনা নিভাঁজ মৰমৰ সেই তপত ভাতৰ।
***********
অথচ কি ক্ষীপ্রতাৰে সলনি হ’ল সময়। পঢ়া-শুনা শেষ কৰি ঘৰলৈ গুচি যোৱা দুই এজন নগা যুৱক পিছলৈ উচ্চশিক্ষাৰে শিক্ষিত হৈ নাগালেণ্ড চৰকাৰৰ নাম থকা দায়িত্বশীল বিষয়া পৰ্যায়ৰ পদত অধিষ্ঠিত হোৱাৰ কথা পিতাকে কাৰোবাৰ মুখত শুনিছিল। সেই কথাত পিতাকৰ উজ্বলি উঠা মুখত সন্তুষ্টিৰ জান-নেজান ৰেশ এটা সিহঁতে দেখিছিল। কিন্তু সেই সন্তুষ্টিতকৈ এক অজান আশংকাত ত্রস্ত পিতাকৰ চকুত দুঃচিন্তাৰ জাল এখনো যেন সেইবোৰ দিনত অনবৰতে ওলমি আছিল। কিয়নো বেছিসংখ্যক নগা যুৱকেই পঢ়া-শুনা আধাতে এৰি হয় ঝুমখেতিত লাগিছিল নহয় বিদ্রোহী দলৰ সদস্য হৈছিলগৈ। ইতিমধ্যে দিনে দিনে বৃদ্ধি পোৱা আভ্যন্তৰীণ কন্দল, অৰ্থনৈতিক বিকাশৰ অনগ্ৰসৰতা, অনুন্নত সমাজ ব্যৱস্থাজনিত কাৰণবশতঃ বিভিন্ন অসন্তুষ্টিৰ ফলস্বৰূপে বৃদ্ধি পোৱা প্রতিক্রিয়াশীল শক্তিৰ ক্রমাগত উত্থানত জৰ্জৰিত নগাৰাজ্যৰ নৱ প্রজন্মক বিদ্রোহী কৰি বিপথগামী কৰি তুলিছিল আৰু সেই অসন্তুষ্টি দাঁতিকাষৰীয়া অসম-নাগালেণ্ড সীমান্তৰ অঞ্চলবোৰলৈও বৃদ্ধি পাইছিল। দময়ন্তীহঁতৰ গাঁওখনো সীমান্তৱৰ্তী অঞ্চল মৰিয়ণীত হোৱা বাবে সেই অঞ্চলৰ গঞাই আতংকত দিন কটাইছিল। ৰাতিটোৰ ভিতৰতে কেতিয়াবা দুই তিনিখন গাঁও নগা বিদ্রোহীয়ে দখল কৰেহি বা উপদ্রৱ চলাই খোৱা বস্তু, অন্যান্য সা-সামগ্রী বা টকা পইচা আদিও লুটি লৈ যায়। অসমীয়া লোকৰ সীমান্তৰ সমীপৱৰ্তী অঞ্চলত থকা বহু চাহবাগিছাও অধিকৃত কৰিছিল লগতে গাঁওবোৰৰ বহুবিঘা খেতিমাটি, স্কুল আদিও কাঢ়ি লছিল নগা বিদ্রোহীয়ে। কিন্তু সৰ্বসাধাৰণ অসমীয়া আৰু নগাসকলৰ পৰস্পৰৰ সম্পৰ্কৰ বান্ধোন আগৰ দৰেই অটুট আছিল যেন মিতাহঁতে পাহাৰৰ পৰা নামি আহোঁতে বোজাই অনা ডালচেনিৰ সুবাসিত মিঠা সোৱাদ। তথাপি ‘এবাৰ সাপে খুটিলে লেজুলৈও ভয়’ সোমোৱা সহজ-সৰল অসমীয়া মনত এক অজান আতংকৰ গ্রাসত যেন ফাঁট মেলিছিল পূৰ্বৰ আন্তৰিকতা; ফটা বাঁহৰ দৰে কাহানিও জোৰা লগাব নোৱাৰাকৈ। মুঠৰ ওপৰত এক অৰাজক অৱস্থা ৰাইজৰ। চৰকাৰেও সুৰক্ষা দিব নোৱাৰাত পৰিল।
*********
এনেবোৰ দিনতে এজন ভালঘৰৰ বিবাহোপযুক্ত পাত্রৰ সৈতে দময়ন্তীক বিয়া দি উলিয়াই দিয়া হ’ল। মাকৰ দুৰ্ঘোৰ আপত্তি আছিল এজন আৰক্ষী বিষয়াৰ হাতত জীয়েকক গতাবলৈ। অৱশ্যে দেউতাকৰ সিদ্ধান্তক তেওঁ মুখ খুলি প্রতিবাদ কৰা নাছিল, হয়তো আন সকলোৰে দৰে তেৱোঁ ভাবিছিল যে এজন প্রশাসনিক বিষয়াক জোঁৱাই হিচাপে পালে গাঁওখনৰ সকলোৰে মংগল হ’ব সেই দুৰ্দিনত। কিন্তু বিয়াৰ কেইবছৰমান পিছতে অসম-নাগালেণ্ড সীমান্তৰ সীমা বিবাদৰ মীমাংসা কৰি ঘৰলৈ ওভটা দময়ন্তীৰ স্বামী আৰক্ষী বিষয়া সত্যকাম বৰুৱাৰ দ্বিখণ্ডিত মৃতদেহ উপঙি আছিল দিখৌৰ তেজে ৰঙচুৱা পানীত।
তাৰ পিছত? জীৱন-যুঁজত উজুটি খাই খাই… দময়ন্তীয়ে একমাত্র সন্তান নীলক মানুহ কৰিছিল… অশেষ কষ্টেৰে।
*** ****
গুৰুম গুৰুম গুৰুম!
হঠাৎ মেঘৰ ভয়াবহ গাজনিত জিকাৰ খাই উঠিল দময়ন্তী…. অ’তপৰে এৰী পলু এটা হৈ নিজৰ গাটোকে মেৰিয়াই মেৰিয়াই লেটা বান্ধি চকৰী হৈ ৰ’দৰ চোতাললৈ উৰিছিল দময়ন্তীৰ মন, য’ত পাহাৰ ভৈয়াম একাকাৰ কৰা সম্প্রীতিৰ মহুৰাত সকলোটি বান্ধ খাইছিল একেডালি চেনেহৰ এনাজৰীৰে….। কিন্তু.. কিন্তু হঠাৎ ক’লামলা হৈ অহা আকাশখনে যেন ভয়ংকৰ অজগৰ এডালৰ দৰে মেৰিয়াই ধৰি এখন পিতনিলৈ টানি নিছে সকলোকে। ক্রমাৎ চেঁচা পৰি আহিছে সকলোৰে শৰীৰ। .. ক’তো অকণো ৰ’দ নাই। নাই কাৰো এখন সহায়ৰ হাত ..কাক কোনে মাতিব চিঞৰি? চিঞৰ শুনি লৱৰি আহিবই বা কোন?
আ..আস! বহুদিন ধৰি নুশুকুৱাকৈ থাকি লাহে লাহে শুকাব ধৰা বুকুৰ ভিতৰৰ ঘাঁ এটুকুৰা যেন কোনোবাই অজানিতে খুঁচৰি দিলে আজি!
তিনিদিন ধৰি নদীৰ পানীত পৰি থকাৰ পিছত তুলি অনা গিৰিয়েকৰ ফুলি ভীমাকাৰ হোৱা দ্বিখণ্ডিত শ’টো দেখি শিল পৰা কপৌ হেন হৈ ঠাইতে মুৰ্চা যোৱা দময়ন্তীৰ কঁপালৰ বেলিটো কোনে জানো মানুহজনৰ হিমচেঁচা বাওঁভৰিৰ ঠৰঙা বুঢ়া আঙুলিটোৰে মোহাৰি দিছিল .. হঠাৎ চেতনা পাই কান্দিবলৈয়ো পাহৰি যোৱা দময়ন্তীৰ বুকুত এটুকুৰা দ’ ঘাঁৰ সৃষ্টি হৈছিল সকলোৰে অলক্ষিতে। কেৱল জীয়াই থাকিব লাগে বাবেই জীয়াই থাকিবলৈ চেষ্টা কৰা দময়ন্তীৰ সেই ঘাঁটুকুৰাৰ বেদনা দিনে দিনে যেন কমি আহিছিল বয়সৰ লগে লগে অহা পুত্র নীলৰ সৈতে হোৱা ব্যস্ততাৰ হেতু।
কিন্তু…কিন্তু আজি দেখোন পুৰণি দিনৰ সকলো কথা ছায়াছবিৰ দৰে আহি তাইৰ দুচকুৰ সন্মুখত ভাঁহি ফুৰিছেহি। শুকান চকু দুটাত ক্রমাৎ বাঢ়ি অহা অসহ্য পুৰণিৰ যন্ত্রনাত জোৰেৰে মুদি দিলে দময়ন্তীয়ে……।
বাহিৰত তেতিয়া আকাশ ক’লা কৰি মুষলধাৰে নামি আহিছে এজাক ডবাপিতা বৰষুণ। প্রচণ্ড বতাহৰ হো-হোৱনিৰ বাহিৰে কেনিও কাৰো মাত নুশুনা, একোকে নমনা ঘোপমৰা অন্ধকাৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments