ৰমজান মাহ: দুই এটা আনুষংগিক চিন্তা — আৰ্মাণ হাজৰিকা

প্ৰথমেই এটা কথা কওঁ যে, ধৰ্ম সম্পৰ্কে মোৰ জ্ঞান তেনেই সীমিত৷ লগতে এইটোও অনুৰোধ যে ধৰ্ম সম্পৰ্কে বিতৰ্ক কৰিব পৰাকৈ মোৰ কোনো ক্ষমতা নাই৷ মা আৰু আব্বা মুছলমান বাবেই মোকো মুছলমান বুলিয়ে চৰকাৰীভাবে চিনাকি দিয়া হয়৷ তাৰ বাদে নিজকে মুছলমান বুলি দাবী কৰিব পৰাকৈ মই বিশেষ একো কৰা নাই৷ ইয়াৰ অৰ্থ এইটো নহয় যে, ‘মই নাস্তিক’৷ বৰঞ্চ মই ভগৱানৰ ওপৰত অনবৰতে অটল বিশ্বাস ৰাখো৷

সৰুতে যে মেকুৰী আৰু শিয়ালৰ সাধুটো পঢ়িছিলো, প্ৰায় তেনে ধৰণৰ কথা৷ শিয়ালটোৱে আত্মৰক্ষাৰ বিভিন্ন কৌশল জানে, কিন্ত মেকুৰীটোৱে মাত্ৰ গছত বগাই লুকাবহে জানে৷ সময়ত মেকুৰীৰ একমাত্ৰ কৌশলটোৱেই মেকুৰীটোক চৰম বিপদৰ সময়ত ৰক্ষা কৰিছিল৷ ময়ো মাত্ৰ এটা কথাকেহে জানো, সকলোৰে মালিক কেৱল আল্লা৷ নিতৌ পুৱাতেই ভগৱানক চিন্তা কৰিয়ে দিনটোৰ আৰম্ভণি কৰো৷ প্ৰতিটো সফল সমাপ্তিতে ভগৱানক ধন্যবাদ জনাওঁ৷ প্ৰতিটো সংকটৰ সময়ত ভগৱানক ৰক্ষাকৰ্তা হিচাপে স্মৰণ কৰো৷ কিন্তু, মোৰ নিচেই কাষত থকাজনেও বোধহয়, মইযে ভগৱানক উপাসনা কৰিছিলো, তাৰ একো উমান নাপায়৷ ভগৱানে কৰাত আমাৰ পৰিয়ালৰ চাৰিওটা প্ৰাণীয়ে মোৰ দৰেই ভগৱানক ভাবে৷

বিভিন্ন ধৰ্মীয় আচাৰ-আচৰণবোৰৰপৰা মই বহুত আঁতৰত থাকিয়ে ভালপাওঁ৷ কিন্তু প্ৰয়োজন সাপেক্ষে এইবোৰত ভাগো লওঁ৷ ‘পাঁচ ৱক্ত’ৰ ফৰজ(বাধ্যতামূলক) নামাজ কেতিয়াও নপঢ়ো যদিও, ৰাইজৰ লগত দুয়োটা ঈদৰ ‘নফল নামাজ’ পঢ়িবলৈ যাওঁ৷ ‘ত্ৰিশ ৰোজা’ নাৰাখো যদিও, কাৰোবাৰ ঘৰত ৰোজাৰ বাবে কৰোৱা ইফ্তাৰ আৰু উপাসনাত ভাগ ল’বলৈ সেইদিনা ৰোজা ৰাখিয়ে যাওঁ৷ পূজা-পাতল নকৰো যদিও, স্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে থকা দিন কেইটাত সৰস্বতী পূজাৰ সম্পূৰ্ণ আয়োজন নিয়াৰিকৈ কৰিছিলো৷ বহুবাৰ বহুজনৰ লগত ঢেকীয়াখোৱা নামঘৰকে ধৰি বিভিন্ন নামঘৰলৈ গৈছো৷ নাম প্ৰসঙ্গত বহিছো৷ কোৰবাণীৰ নামত জীৱবধ নকৰো যদিও, কোনোলোকে দিয়া কোৰবাণীৰ মাংস নোখোৱাকৈ নাথাকো৷ ঈদৰ ‘ফিতৰা’ সদায়েই হিচাপ কৰি আদায় দিওঁ৷ ‘জাকাত’ কাহানিও হিচাপ কৰি দি পোৱা নাই যদিও, “অনবৰতে দান-দক্ষিণাকে কৰি থাকিলে নহ’ব, নিজৰ ভৱিষ্যতটোলৈও চিন্তা কৰিব লাগিব” বুলি পবিত্ৰাৰ (মোৰ পৰিবাৰ) পৰা বহুতদিন সতৰ্কবাণীও শুনিব লগা হৈছে৷ শাহুৰ কাৰণে ঋষিকেশৰ পৰা গঙ্গাজল আনিও দিছো৷ মুঠৰ ওপৰত মই নিজেই কেতিয়াবা চিন্তা কৰিবলগীয়া হয়, মোৰ নামৰ সৈতে মুছলমান বুলি লাগি থকা চাৰ্টিফিকেটখনৰ বাবে, মই এইবোৰ কাম কৰিলে বা নকৰিলে সমাজৰ মানুহবোৰ অসন্তুষ্ট হ’ব নেকি? ভগৱানে কৰাত আজিলৈকে মই পোৱা এনে অসন্তুষ্টিৰ সংখ্যা তেনেই নগণ্য৷ বৰঞ্চ ৰাইজৰ সঁহাৰিহে সৰহ৷ এক কথাত ক’বলৈ গ’লে, আমাৰ সমাজখন বৰ উদাৰ৷

আমি অষ্টম শ্ৰেণীত পঢ়োতে, আমাৰ অসমীয়া সাহিত্যত মহাত্মা গান্ধীৰ এটা পাঠ আছিল৷ শিৰোনাম আছিল, ‘প্ৰাৰ্থণা কি?’ এক কথাত ক’বলৈ গ’লে, প্ৰকৃত ধৰ্ম আচৰণ কেনে হোৱা উচিত, সেই বিষয়ে মোৰ মনটোক কৈশোৰৰ পৰায়ে এই পাঠটোৱে দিশ দেখুৱাই আহিছে৷

মই জনামতে, ৰোজাৰ এটা অৰ্থ হল ‘দহন’, অৰ্থাত মানুহৰ দেহাটোৰ মাজত থকা ষড় ৰিপুক দহন কৰা৷ যদি প্ৰতিজন লোকে, বছৰৰ বাৰমাহৰ ভিতৰত এমাহৰ বাবে নিজৰ আটাইকেইটা ৰিপুৰ ওপৰত বিজয় সাব্যস্ত কৰিব পাৰে, তেন্তে প্ৰতিজন লোকে এখন সুস্থ সমাজ গঢ়াত সফল হ’ব পাৰিব৷ গতিকই মই ৰোজাৰ মাহাত্ম্যৰ প্ৰতি সন্মান জনাওঁ৷ কেৱল দিনটো লঘোনে থাকি ‘লোভ’ ৰিপুৰ ওপৰত বিজয় লাভ কৰাটোৱে ৰোজা বুলিলে শুদ্ধ নহ’ব৷ বাকী, মোহ, কাম, ক্ৰোধ, ঈৰ্ষা আৰু দ্বেষ, এই পাঁচ ৰিপুৰ ওপৰতো সমান্তৰাল ভাবে বিজয় লাভ কৰাটোও নিতান্তই প্ৰয়োজন বুলি মই ভাবো৷

ৰোজা ৰখাৰ পিছত দেহাটো নিৰোগীকৈ ৰাখিব পৰাটো বৰ অপৰিহাৰ্য বিষয়৷ তাৰবাবে সুষম আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন৷ কিন্তু অসমীয়া মধ্যবিত্ত বা ধনী সমাজখনৰ বেছিভাগ পৰিয়ালতে ইফ্তাৰ বুলিয়ে অতিমাত্ৰা প্ৰোটিনযুক্ত খাদ্য খোৱা দেখিবলৈ পাওঁ৷ এইটো এটা বিচাৰ্যৰ বিষয়৷ ইয়াৰ বিপৰীতে, দুখীয়া লোকসকলে প্ৰকৃত সুষম আহাৰৰ অভাৱত অসুখত পৰাৰ বহুত সম্ভাৱনীয়তা থাকে৷ অৱশ্যে, ৰোজা মাহত ৰাইজক ইফ্তাৰ কৰোৱাৰ অছিলাত, এটা মছজিদৰ অন্তৰ্ভূক্ত পুৰুষ আৰু শিশুসকলক কিছু হ’লেও সুষম আহাৰ দিব পৰা হয়৷ কিন্তু, সেইখন সমাজৰ মহিলা বা ডাঙৰ ছোৱালীবোৰক তেনে ধৰণৰ সুষম আহাৰ দিব পৰাৰ এটা নিয়ম হোৱাটো উচিত বুলি মই ভাবো৷

এইখিনিতে এটা ঘটনা মনলৈ আহিছে৷ মই জনা ভালেকেইজনমান চৰকাৰী চাকৰিয়াল, তথা নিষ্ঠাবান(!) ধাৰ্মিক ব্যক্তিয়ে, ৰোজাৰ মাহতে তেখেতসকলে দিবলগীয়া ‘ফিতৰা’ আৰু ‘জাকাত’ৰ হিচাপ কৰি সম্পূৰ্ণ আদায় দিয়ে৷ তাৰ কাৰণে তেখেতসকলে, তেখেতসকলৰ দৰমহা হিচাপে পোৱা ধন বেলেগকৈ ৰাখে৷ কোনো কাৰণতে তেখেতসকলৰ দুইনম্বৰী ধনৰ লগত এই ধন মিহলি হ’বলৈ নিদিয়ে৷ এই ধৰণৰ ভণ্ডামীৰে ৰোজা ৰখাৰ উদ্দেশ্য সাধন নহয়৷

যোৱাবছৰ বাতৰি-কাকতত বিহাৰৰ এটা ঘটনা পঢ়িবলৈ পাইছিলো৷ এজন হিন্দু সৈনিকৰ সন্তানৰ বাবে তেজৰ প্ৰয়োজন হোৱাত বিহাৰৰ এজন মুছলমান মানুহে নিজৰ ৰোজা ভাঙি ৰক্তদান কৰিছিল৷ ধৰ্মীয় গোড়া লোকে ঘটনাটোৰ কি ব্যাখ্যা কৰিব মই নাজানো, মই কিন্তু আজি এবছৰৰ পিছতো সেই অচিনাকি মানুহজনক শ্ৰদ্ধাৰে মনত পেলাইছো৷

বহুত দিনৰ আগতে ‘চিকেন চুপ ফ’ৰ লাইফ’ নামৰ কিতাপ এখনত এটা গল্প পঢ়িছিলো৷ এজন লোকক ভগৱানে নৰক চাবলৈ পঠালে৷ মানুহজনে গৈ দেখিলে, নৰকখন বৰ ধুনীয়া৷ তাৰে এটা সুন্দৰ ঘৰত সোমাই গৈ তেখেতে দেখিলে, সুন্দৰ সুন্দৰ খোৱাবস্তুৰে ভৰা টেবুলৰ কাষত অতি বেজাৰ মনেৰে এজাক মানুহ বহি আছে৷ কাৰণ সকলোৰে হাতত, হাতখন ভাঁজ কৰিব নোৱাৰাকৈ একোখনকৈ দীঘল চামুচ বান্ধি থোৱা আছে৷ কিবা এটা টেবুলৰপৰা লৈ খাবলৈ চেষ্টা কৰিলেও হাতখন ভাঁজ কৰিব নোৱাৰা বাবে মুখত ভৰাব নোৱাৰে৷ গতিকে সকলো থাকিও মানুহবোৰৰ একো নাই৷

ভগৱানে আকৌ মানুহজনক স্বৰ্গ চাবলৈ পঠালে৷ তেওঁ গৈ দেখিলে, স্বৰ্গখনো দেখাত নৰকৰ দৰে হুবহু একে৷ তাতো তেওঁ গৈ ধুনীয়া ঘৰ এটাত সোমাই দেখিলে, একেদৰেই হাতখন ভাঁজ কৰিব নোৱাৰাকৈ, হাতত দীঘল দীঘলকৈ চামুচ বান্ধি থোৱা এজাক মানুহ খোৱা বস্তুৰে ভৰা টেবুলৰ কাষত ৰঙমনেৰে বহি আছে৷ কাৰোবাৰ কিবা খাবৰ মন গ’লে, কাষৰজনে তেওঁৰ হাতত বন্ধা চামুচেৰে মানুহজনক খুৱাই দিয়ে৷ এনেকৈয়ে ইজনে সিজনক খুৱাই সকলোৱে আনন্দ মনেৰে বহি আছে৷

এই কাহিনীটোৰ স’তে মই ৰোজাৰ প্ৰয়োজনীয়তা দেখা পাওঁ৷ যদি প্ৰতিজন ব্যক্তিয়ে, বছৰৰ বাৰমাহেই ৰোজামাহৰ দৰে (লঘোনে থকাৰ কথা কোৱা নাই) নিজৰ নিজৰ ৰিপুৰ ওপৰত সংযম ৰাখি সমিল-মিলেৰে সমাজত চলিলেহেঁতেন, তেন্তে আমাৰ সমাজখনেই সৰগ হ’লহেঁতেন৷

ভগৱানে বোধহয় ৰমজান মাহ আৰু ৰোজাৰ দ্বাৰা আমাক এইটো শিক্ষাকে দিবলৈ চেষ্টা কৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক