ৰমণী মোহন তালুকদাৰ আৰু দিল্লীৰ দগাবাজ (উদ্দীপ তালুকদাৰ)

ৰমণী মোহন তালুকদাৰ আৰু দিল্লীৰ দগাবাজ

উদ্দীপ তালুকদাৰ

‘ফৰমাইচী লেখক’ ৰমানন্দ বৰুৱা আৰু তেখেতৰ সৃষ্টি অসমীয়া অতিমানৱ ‘ৰমণী মোহন তালুকদাৰ’ৰ কথা আগতে এদিন কৈছিলোঁ। নামটো পোৱাৰ পাছতে এই ৫২ ইঞ্চি বুকু, ছাব্বিছ ইঞ্চি কঁকাল আৰু বত্ৰিছ ইঞ্চি বাউসীৰ এই অতিকায় মানৱ, যাৰ দৃঢ় মূখমণ্ডলত কঠিন চকু, যাৰ মাত বজ্ৰৰ দৰে, সেই ৰমণী মোহন তালুকদাৰৰ কাহিনী পৰ-পৰকৈ আগবাঢ়িল। অৱশ্যে মাজে মাজে সৰু-সুৰা হিঁকটি একোটা নহা নহয়, যেনে ৰমণী মোহন তালুকদাৰৰ নামটো কাটি চুটিকৈ ৰমণী মোহন বুলি লিখোঁতে ৰমণী মোহন তালুকদাৰে নিজেই গজগজাই উঠিল বজ্ৰ-কঠোৰ মাতটোৰে। নামটো চুটি কৰা হেনো নচলিব। সেয়ে প্ৰতিবাৰতে ৰমণী মোহন তালুকদাৰ বুলি লিখিবই লাগিব। এই পাঁচহতীয়া উপাধিটো কোনো পধ্যেই এৰিবলৈ ৰমণী মোহন তালুকদাৰ ৰাজী নহয়।

উপায় নাই। তাকেই কৰিবলগীয়া হৈছে। আনফালে ৰমণী মোহন তালুকদাৰৰ পিঠিত এখন হালধীয়া কাপোৰ দিয়া হ’ল। ৰমণী মোহন তালুকদাৰ যেতিয়া আকাশেৰে উৰি উৰি আগবাঢ়িব, তেতিয়া কাপোৰখনো উৰি দেখাত এটা চৰাই দৰে লাগিব। এয়ে আছিল ৰমানন্দ বৰুৱাৰ কল্পনা। মাত্ৰ কাপোৰখনৰ ৰঙটো হালধীয়া কৰি ৰাখিলে শ্ৰীকৃষ্ণৰ পীঠবস্ত্ৰৰ লগত মিলাই। চব ঠিকে আছিল। কাপোৰখন পিন্ধি লৈ ৰমণী মোহন তালুকদাৰ উৰিলে ঠিকেই কিন্তু খোজ কাঢ়োঁতে জোঁট-পোট লাগি ধাৰামকৈ পৰিল। তাৰ পিছত কি তৰ্জন-গৰ্জন ৰমণী মোহন তালুকদাৰৰ। সেয়ে ভয়তে ৰমানন্দই পিঠিৰ কাপোৰখন নালাগে বুলি বাদেই দিলে।

এইবিলাকৰ পাছতো কাহিনী ঠিকেই আগবাঢ়িছিল। ৰেচনৰ দোকানৰ চাউল ক’লা-বজাৰত বিক্ৰী কৰা ৰেচনৰ দোকানী কেইটাক ঠিকেই শাস্তি দিলে, ৰমণী মোহন তালুকদাৰে। কিন্তু বুজা গ’ল, এই ক’লা-বেপাৰৰ আচল ঘাটি আমাৰ ইয়াত নহয়েই। ঘাটি দিল্লীত। তাত পাঞ্জাৱী, বিহাৰী, আনকি বিদেশী শক্তিয়ে মিলি এই ক’লা-বেপাৰ চলায়। ৰমণী মোহন তালুকদাৰৰ এতিয়াৰ উদ্দেশ্য হ’ল দিল্লীলৈ গৈ সেই ঘাটি উৎখাত কৰা।

সেইদিনা ভাগৰ লগাৰ বাবে পিছদিনা ৰাতিপুৱাই যাব বুলি ৰমণী মোহন তালুকদাৰ বিচনাত পৰিল। কিন্তু ৰাতিপুৱা কথা বিষম! ৰমণী মোহন তালুকদাৰ কেৱল পাইখানালৈ যায়, কিছুসময় বহে আৰু ঘূৰি আহে। এই যায়, কিছু সময় বহি থাকি আহি চকুত আচ্ছাদন-চাচ্ছাদন টানি আকৌ যাবলৈ ওলায়, কিন্তু মুখ-খন বিকটাই দি অলপ পাছতে আকৌ শৌচালয় শুৱনি কৰে। ফ্লাইট ইতিমধ্যেই লেট হৈ গ’ল। কিন্তু এতিয়াও ৰমণী মোহন তালুকদাৰ বাহিৰ হৈ ওলাব পৰা নাই।

ৰমানন্দ তালুকদাৰৰ টিঙিচকৈ খং উঠিল। একেবাৰে প্ৰথম পৃষ্ঠাটো মেলি ল’লে। ৰমণী মোহন তালুকদাৰ অতি মানৱ হ’লেও সাধাৰণ ৰাইজৰ মাজৰে এজন বুলি প্ৰতিপন্ন কৰিবলৈ ৰমণী মোহন তালুকদাৰে কোষ্ঠকাঠিন্যতাত ভোগে বুলি লিখিছিল। সেইখিনি খচ্‌খচ্‌কৈ পেনেৰে একেবাৰে বুজি নোপোৱাকৈ কাটিলে। তাৰ পাছতহে ৰমণী মোহন তালুকদাৰে দক্ষিণ হস্তৰ কৰ্মশেষ কৰি ওলাই আহিব পাৰিলে।

উৰিয়েই যাওঁ বুলি ৰমণী মোহন তালুকদাৰ ঘৰৰ ছাদলৈ চিৰি বগাই বগাই গৈ আগবাঢ়িল। ছাদ’ৰ পশ্চিমফালৰ কোণটোলৈ গৈ ৰমণী মোহন তালুকদাৰ উৰিবলৈ সাজু হ’ল। পিছে… উভতি পিছফালে দৌৰ মাৰি আকৌ নিজৰ ঘৰৰ শৌচগাৰত সোমাল।

ৰমণী মোহন তালুকদাৰৰ কাণ্ড দেখি ৰমানন্দৰ আকৌ টিঙিচকৈ খং উঠিল। কি ছুপাৰহিৰ’-ও এইপাট! তাৰ দেখোন পাইখানাৰ পৰা ওলাওঁতে-সোমাওঁতেই দুঘণ্টামান যায়! প্ৰথমৰখিনি আকৌ পঢ়িলে। হয়তো! সাধাৰণ মানুহৰ দৰে দুখ-শোক দিবলৈ তেওঁ হাঁহৰ মাংস খালে ৰমণী মোহন তালুকদাৰৰ পেট চলা বেমাৰ হয় কৰি দিছিল। কালি ৰাতি, ৰেচনৰ দোকানীক ডকা-হকা দিয়াৰ পাছতে তেৱেঁই মালতীহঁতৰ ঘৰত ৰমণী মোহন তালুকদাৰক কোমোৰাৰে হাঁহৰ মাংস খুৱাই পঠিয়াইছিল।

এতিয়া!! ৰমানন্দ বৰুৱাই কলম কামুৰি বহি থাকিল। আৰু ভিতৰত বহি থাকিল বুকুৰ পটা যাৰ চৌৱন্ন ইঞ্চি, কঁকাল ছাব্বিছ ইঞ্চি, বাউসী বত্ৰিছ ইঞ্চি, চকুকেইটা যাৰ শেনৰ দৰে তীক্ষ্ণ, মাত যাৰ বজ্ৰৰ দৰে…, নাম যাৰ ৰমণী মোহন তালুকদাৰ!!

হঠাৎ ৰমানন্দ বৰুৱাই চকুৰে জলক-তবক দেখিলে, ৰমণী মোহনৰ ঘৰটোৰ শৌচালয়ত টেংকৰ পানী ন বজাৰ পাছত নাহে। এইখিনিও তেওঁ লিখি ৰাখিছিল! ৰমানন্দ বৰুৱাই মূৰ্চ্ছা যাবলৈ আপ্ৰাণ চেষ্টা কৰিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments