ৰসৰাজৰ ৰসতীৰ্থ – “বেজবৰুৱা কুঠি” (সত্যকাম দত্ত)

 নিজ মাতৃভূমিৰ পৰা দূৰৈত বাস কৰিও নিজ মাতৃভূমিৰ বাবে অহোপুৰোষাৰ্থ তথা সাধনা কৰিব পৰা গুণ অতুলনীয়| এনে গুণেৰে আনকো উদ্বুদ্ধ কৰাৰ ক্ষমতাৰ গৰাকী আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা| “মোৰ জীৱন সোৱৰণ”ৰ পাতত আমি তেওঁৰ এই সাধনাৰ বিষয়ে বিস্তৃতভাৱে পঢ়িবলৈ পাওঁ| কেনেকৈ বেজবৰুৱাদেৱ আৰ্থিকভাৱে বিধ্ৱস্তহৈ কলিকতাৰ পৰা সম্বলপুৰ পাইছিলহৈ আৰু তাত কেনেকৈ তেওঁ সকলোকে আপোনকৰি এসময়ত সম্বলপুৰৰ পৌৰসভাৰ কাউঞ্চিলৰ হৈছিলগৈ, সেয়া আজিযেন কল্পনাতীত|

ghor

 

যোৱাকিছুদিন ধৰি অসমৰ কাকতে পত্ৰ‍ই আমি বেজবৰুৱাদেৱৰ সম্বলপুৰৰ নিজ নিৰ্মিত গৃহৰ ৰক্ষণাবেক্ষণৰবাবে বিভিন্ন সময়ৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ হেমাহি আৰু অসমীয়া মানুহৰ চৰম ঔদাসিন্যৰ উল্লেখ পঢ়িবলৈ পাইছো| অসমীয়া হিচাপে ই আমাৰ বাবে এক লজ্জাজনক কথা যে আমি আমাৰ জাতিগঠনৰ সৈতে উতঃপ্ৰোতঃভাৱে জড়িত মনীষী সকলৰ স্মৃতিৰক্ষনৰ বাবে কোনো উদ্যোগ নলওঁ| ভাৰতৰাষ্ট্ৰৰ বাহিৰৰ কথা নকওঁ, ভাৰতৰৰে বহু ৰাজ্যত এনে স্মৃতিৰক্ষণাবেক্ষণৰ উত্‍কৃষ্ট উদাহৰণ আমি দেখিবলৈ পাওঁ| মহাৰাষ্ট্ৰৰ সেৱাগ্ৰামত মহাত্মা গান্ধীয়ে জীৱনৰ বহুসময় অতিবাহিত কৰা ঘৰটো অতি ধুনীয়াকৈ প্ৰতিপালিত অৱস্থাত ৰখা হৈছে| ইয়াত তেওঁক প্ৰত্যেক গান্ধী জয়ন্তী আৰু তেওঁৰ মৃত্যুদিৱসত অতি শ্ৰদ্ধাৰে সোঁৱৰা হয়|

সম্বলপুৰৰ নেলচন মাণ্ডেলা চৌকত অৱস্থিত “বেজবৰুৱা কুঠি”ত থাকি বেজবৰুৱাদেৱে “BIRD“ নামৰ কাঠৰ ব্যৱসায় কৰা এক ব্ৰিটিছ কোম্পানীৰ বাবে কাম কৰিছিল| ১৯১৭ৰ পৰা ১৯৩৭লৈকে বেজবৰুৱাদেৱ সম্বলপুৰত থাকিছিল আৰু তাৰ প্ৰায় গোটেইখিনি সময় এই ঘৰটোতেই বসবাস কৰিছিল| মহানদীৰ পাৰতে অৱস্থিত এই ঘৰৰ পৰাই বেজবৰুৱাদেৱে নিজৰ সাহিত্যকৰ্মৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ অমূল্য অৱদান আগবঢ়াইছিল| অসমীয়া সাহিত্যক এক উচ্চ শিখৰত অৱতীৰ্ণ কৰাত এক নীৰৱ অৱদান যুগুৱা এই ঘৰটোৰ বৰ্তমানৰ অৱস্থা যেন সময়ৰ নীৰৱ গৰকত নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটা এক বিক্ষিপ্ত স্মৃতিহে মাথোন!

কিছুদিনৰ আগতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলো যে দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা বেজবৰুৱাদেৱৰ ঘৰটোৰ ওপৰত ভিত্তি কৰি এখন তথ্যচিত্ৰ নিৰ্মান কৰা হ’ব| কিন্তু আজিকোপতি এনেকোনো ভাল খবৰ আমাৰ কাণত আহি নপৰাত আমি ভাৱিবলৈ বাধ্য যে সেই তথ্যচিত্ৰ নিৰ্মানো কোনো গুৰুত্বসহকাৰে লোৱা নহ’ল| “বেজবৰুৱা কুঠি”ৰ জৰাজীৰ্ণ অৱস্থাই আমাক আমাৰ সমাজ ব্যৱস্থাৰ ফোপোলা স্বৰুপ উদঙাই দিয়া নাইনে?

এটা কথা ইয়াতে লক্ষ্য কৰিবলগীয়া যে বৰ্তমান “বেজবৰুৱা কুঠি” এক দীৰ্ঘদিনীয়া ন্যায়িক যুঁজত সোমাই পৰিছে| অ’মকাৰমল পোদ্দাৰৰ পৰিয়াল আৰু উৰিষ্য চৰকাৰৰ মাজত এই যুদ্ধ| অ’মকাৰমল পোদ্দাৰে বেজবৰুৱাদেৱৰ কন্যাৰ পৰা কেতিয়া কেনেকৈ ঘৰটো হ্স্তান্তৰ কৰিলে সেয়া এতিয়া বিচাৰাধিন| বেজবৰুৱাদেৱে সম্বলপুৰ এৰাৰ সময়ত “বেজবৰুৱা কুঠি”ক নিজ বৰকন্যা অৰুণা মুখাৰ্জীৰ হাতত চমজাই গৈছিল| কিন্তু তেওঁৰ মৃত্যুৰ পাছত অ’মকাৰমল পোদ্দাৰে ঘৰটো নিজৰ অধিনলৈ নিলে| এতিয়া সেই ঘৰটোত দুটামান বিহাৰী পৰিয়ালে বসবাস কৰি আছে| পৰিয়াল কেইটাক অ’মকাৰমল পোদ্দাৰৰ পৰিয়ালৰ লোকে ঘৰটো অধিগৃহীত কৰি ৰাখিবলৈকে পোহপাল দি ৰাখিছে|

বেজবৰুৱা কুঠিৰ কাষতে বেজবৰুৱাদেৱে অতিকৈ ভাল পোৱা মহানদীৰ ওপৰেৰে অতি শিঘ্ৰেই এখন নতুন দলং নিৰ্মানৰ কাৰ্য্য আৰম্ভ হোৱাৰ কথা| শংকা কৰা মতে যদি এই দলং নিৰ্মান কাৰ্য্য‍ই বেজবৰুৱা কুঠিৰ বিস্তৰ ক্ষতি সাধন কৰে তেনেহলে আমি আমাৰ গাফিলতিৰ দ্বাৰা অসমৰ সাহিত্যিক বুৰঞ্জীৰ এক সোনালী অধ্যায়ক পাহৰণিৰ গৰ্ভলৈ থেলি পঠাম| অনতিপলমে অসম চৰকাৰে এনে দলং নিৰ্মানৰ কাৰ্য্যই যাতে বেজবৰুৱা কুঠিৰ কোনো ক্ষতি নকৰে তাৰ বাবে উৰিষ্যা চৰকাৰৰ কাষ চপা উচিত|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক