ৰস ৰচনাঃ “আঁঠুৱা” (-অজয় লাল দত্ত)

আঁঠুৱা এবিধ লাগতিয়াল বস্তু। এইবিধ মানুহৰ বেডৰুমত পোৱা যায়। বহুতে কয়, বাহিৰৰ পৃথিৱীত যিমানেই শান্তি-বা-অশান্তি নহওক কিয়, আঁঠুৱা তলৰ একান্তপৃথিৱীখনত শান্তি হ’লেহে জীৱনটো সুখৰ হয়।

আজিকালি এইবিধ বস্তুওপ্লাষ্টিকেৰে বনোৱা হয় আৰু কাপোৰৰ দোকানত পোৱা একমাত্ৰ প্লাষ্টিকৰ বস্তুৰূপে ইয়াৰ সমাজত বৰ সমাদৰ আছে। বুৰঞ্জীৰ পাতত ঘৰতে বোৱা কপাহী সূতাৰআঁঠুৱাও বিচাৰি পোৱা যায়। বৰ্তমান সকলো মডাৰ্ণ হোৱাত এইবিধক বুৰঞ্জীৰপাততে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

লাচিতৰ দিনত আঁঠুৱা ব্যৱহাৰহৈছিল নে নাই, সেই সম্পৰ্কে বৰুঞ্জী নিমাত। কিন্তু যুদ্ধত লাচিতৰ জ্বৰহোৱাটোৱে বুৰঞ্জীয়ে কয়। সেয়ে ক’ব পাৰি, হয়তো লাচিতে আঁঠুৱা ব্যৱহাৰ কৰানাছিল, বা কৰিলেও ভালকৈ গুজি লোৱা নাছিল!

আটাইতকৈ দামী আঁঠুৱাকোনে কিনে জানেনে? অসমৰ স্বাস্থ্য বিভাগে। দৰৱ সনা আঁঠুৱা উচ্চ হাৰতচাপ্লাই কৰাটো অতি লাভ জনক ব্যৱসায়। থলুৱা যুৱক সকলৰ বহুতে এই বেপাৰতসাংঘাতিক লাভ কৰিছে।

পিছে প্লাষ্টিকৰ আঁঠুৱাত ফুটা কেনেকৈ উলিয়াইবা কি বেজীৰে ফুটা বোৰ কৰে আজিলৈকে অসম মুলুকত কোনেও আৱিষ্কাৰ কৰিব পৰানাই। আনকি আঁঠুৱাত থকা সৰু সৰু ফুটাৰ সংখ্যা নিৰূপণ কৰা মেচিনো আজিলৈকেউদ্ভৱ হোৱা নাই। অসমীয়াৰ বাবে এনে যন্ত্ৰ আৱিষ্কাৰ কৰি অভিলেখ গঢ়াৰ বাটএতিয়াও খোলা আছে। সৰু সৰু বহু ফুটা থাকিলেও কিমান আছে কব নোৱাৰিব পাৰে, কিন্তু অলপ ডাঙৰ চাইজৰ এটা ফুটা থাকিলেও চকু মুদিয়ে আঁঠুৱাৰ তলত শুৱামানুহজনে সেয়া নিৰ্ণয় কৰিব পাৰে! সেয়াও আঁঠুৱাৰ আচৰিত বৈশিষ্ট্য।

কলিযুগ চিনেমাত হনিমুনৰ হিডেন কেমেৰাৰ ভিডিঅ’ বনোৱাৰ পাছৰ পৰা হনিমুনলৈ ডাঠআঁঠুৱা লৈ যোৱাটো অনিবাৰ্য হৈ পৰিছে। ডাঠ, কপাহী কাপোৰৰ আঁঠুৱাৰ মাজেৰেকেমেৰাৰ দৃষ্টি সৰকিৰ নোৱাৰৰ বাবেই নতুনকৈ বিবাহ কৰা সকলে পুনৰ বুৰঞ্জীপ্ৰসিদ্ধ কাপোৰৰআঁঠুৱা বিচাৰি ফুৰা বুলি জনা যায়। এইদৰে গোপন কেমেৰাৰপ্ৰৱল প্ৰচলনেহে আঁঠুৱাৰ কুটিৰ শিল্পটোক পুনৰ জীয়াই তুলিব পাৰিব বুলি কবপাৰি।

আঁঠুৱাৰ ব্যৱহাৰ কেইবাটাও। মহৰ পৰা বাচিবলৈ, গোপন কেমেৰাৰপৰা বাচিবলৈ ইয়াক ব্যৱহাৰ কৰা উপৰিও মাছৰ উজান পৰিলে মাছ ধৰিবলৈ, বা খালতপানী শুকালে আঁঠুৱা বাবলৈকো ইয়াক ব্যৱহাৰ কৰিব পাৰি। আমাৰ গাঁৱত ইয়াতবিস্তৰ ব্যৱহাৰ হয়। সেয়ে দিনত আৰ্জন, এটা বঢ়িয়া ভোজন আৰু তাৰ পাছতফস্তিমাৰি শোৱনৰ তিনিওটা কামতে আঁঠুৱাই বিশেষ ভূমিকা ল’ব পাৰে।

অসমীয়া প্ৰবচনটোআঁঠুৱাৰ ঠাই আছে। আঁঠুৱা চাইহে ঠেং মেলিব লাগে বুলি এষাৰপ্ৰবচন প্ৰচলিত আছে। পিছে মানুহৰ ভৰিহে থাকে, ঠেং নাথাকে বাবেই মানুহে এইকথাটো কিবা বুজিবলৈ টান পায় বুলিও ক’ব পাৰি। পিছে আজিকালি দলনীৰ কাষত গৰুৰগোহালিটো আঁঠুৱা তৰা দেখা যায়। সেয়ে ক’ব পাৰি এই গৰুবোৰৰ বাবেহে এই ঠেংমেলা প্ৰবচনটো আচলতে প্ৰযোজ্য!

আজিকালি আঁঠুৱাতৰাটোমডাৰ্ণমানুহৰ বাবে এটা লাজৰ কথা। সেয়ে তাৰ ঠাইত গুডনাইট, কইল আদিৰে সৃষ্টি কৰাৰাসায়নিক আঁঠুৱাৰ ব্যৱহাৰ কৰাটো এটা ঢং হৈ উঠিছে। এই ৰাসায়নিক আঁঠুৱা পাপীমানুহে নেদেখে বুলিও কোম্পানীবোৰে প্ৰকাশ কৰিছে। পিছে বিজুলী বাইদেউলুকালে এইবিধ আঁঠুৱা ব্যৱহাৰকাৰীয়ে ত্ৰাহি-মধুসূদন দেখে আৰু বিচনাচাদৰেৰেগা-মেৰাই তত নেপায়।

ৰাজনীতিতো আঁঠুৱাৰ ব্যৱহাৰ হোৱা বুলি জনাযায়। চিবিআই নামৰ আঁঠুৱা বিধৰ তলত মূলায়ম নামৰ মহবিধ আবদ্ধ কৰাৰ অনুপমউদাহৰণ ভাৰতৰ ৰাজনীতিত আছে। এনে এটি মহৰ বাবেই চাপৰি বাই হাতৰ মালিকৰাজনৈতিক দলো অসহায় হিজৰাৰ অৱস্থা হোৱাৰ কথাও বাতৰি কাকতে বিশ্লেষণ কৰিউলিয়াইছে।

মুঠতে এবাৰ আঁঠুৱা কিনক, তাকো কপাহী ঘৰত বনোৱা আঁঠুৱাএই অশান্তিময় পৃথিৱীত শান্তিত শুৱক। মডাৰ্ণ হ’বলৈ চং দিবলৈ গৈ মাহে মাহেলিকুইড কিনি, লাইটৰ বিল দি কোম্পানীবোৰক উদ্ধাৰ কৰাৰ কি প্ৰয়োজন। হাতে-মুখে মহখেদা দৰৱ সনাতকৈ কুটীৰ শিল্পক সহায় কৰি কপাহী আঁঠুৱাৰ তলতে আজিউৰুকাৰ নিশা দকচি খাই ফস্তি মাৰি নুশুৱে কিয়!

ৰাইজলৈ সাৱধান বাণী দিওঁ, মেজিঘৰৰ ভিতৰত কইল জ্বলাই বিপদ নামাতিব।

মেলেৰীয়া, এনকেফেলাইটিছলৈ ভয় কৰক।
জীৱনৰ ভোগালী ভালকৈ ভোগ কৰক, সেয়ে প্ৰতিদিনেই আঁঠুৱা তৰক!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক