ৰস ৰচনা – বৈদুৰ্য্য বৰুৱা

 শশী কাপুৰ ঢুকুৱাৰ খবৰটো শুনিয়েই কিজানি আগতে চোৱা শশী কাপুৰৰ দুই এখন চিনেমাৰ কিছুমান দৃশ্য মনৰ পৰ্দাত ভাহি আহিছিল৷ তাৰ মাজত “কালা পাত্থৰ“ খনো আছিল৷ তাত অমিতাভ বচ্চন আৰু শত্ৰুঘ্ন সিনহাও আছিল৷
এই কথাখিনি মনলৈ আহোতেই হঠাতে আৰু এটা কথা মনত পৰি গ’ল৷ যিখিনিয়ে মোক খন্তেকৰ কাৰণে আকৌ এক নিৰ্ভেজাল আমোদ দি গ’ল৷ হয়তো সেইদিনা মোৰ ঠাইত আপুনি থকা হ’লেও এক বিশেষ আমোদ পালে হেতেন৷

ঠিক কলেজীয়া শিক্ষা সাং কৰি ওলাইছো আৰু৷ নগৰৰ এ.টি.ৰ’ডৰ মাজেৰে এনফিল্ড খন লৈ গহীন ভাৱত গৈ আছো৷ সেই সময়ত এনফিল্ড বুলেটখনৰ সন্মানটো ঠিক ভদ্ৰ সমাজে দিয়া ধৰণৰ দৰে নাছিল৷ বুলেট চলোৱা যুৱকবোৰ অলপ মদাহী …জুৱাৰী.. ঠিকাদাৰ… ..কুণ্ডাৰ কাৰবাৰ কৰা.. বেপাৰী…মুঠতে বদমাচ! ইহঁতক সমীহ কৰি চলিব লাগে…কি ঠিক কেতিয়াবা কামটো আহি যাব পাৰে…! বুলেট ৰাইডাৰ সকলৰ প্ৰতি সেই সময়ৰ সমাজৰ মোটামোটি তেনেকুৱা ধৰণৰ আছিল যেনেই লাগে৷ এটা কথা মই নিশ্চিত যে সেইটো সময়ত কোনোবা ছোৱালী যদি বুলেটৱালাৰ সৈতে পলাই গ’ল সেয়া বেলেগ কথা৷ কিন্তু মাক বাপেকে কিন্তু মৰমৰ জীয়ৰীৰ কাৰণে স্কুটাৰৱালা উইথ টাইহে বিচাৰি ফুৰিছিল! সেইসময়ত মোৰ নগৰত মুঠ সাতখন বুলেটে দপদপাই ফুৰিছিল৷ তাৰ মাজত এখন মোৰ আছিল৷ গতিকে মই ৰাস্তাৰ মাজেৰে গহীন ভাৱে কিয় নাযাম! মই কাকো চাইদ নিদিওঁ…মোকহে চাইদ দিব লাগিব….! আৰু এইটো কথাও সত্য যে কেৱল ডেঢ় কুইণ্টল ওজন এই বুলেটখনৰ বাবেই মই পঞ্চাশ কেজি ওজনৰ দেহা আৰু মূৰ্গী কলিজাতো লৈ কেইবাখনো ৰণ অকলে সদম্ভে জিকি আহিছিলো!
….মূল বিষয়ৰ পৰা আঁতৰি আহিলো…যিকি নহওক…
…..পঁ..ৱঁ….পঁ…ৱঁ…পঁ…ৱঁ…. ফিঁৰ..ফিঁৰ….
হঠাৎ মোৰ পিছফালে এটা চাইৰেণৰ শব্দ শুনা পালো৷ লগতে পুলিচৰ অধ্যৰ্য্য হুইছেল…! অনুভৱ কৰিলো হুমহুমাই এটা মিনিষ্টাৰৰ কনভয় আহি আছে৷ মই লগে লগে চাৰেণ্ডাৰ কৰি সাউতকৈ বাওঁফালে ৰাস্তাৰ কাষলৈ আহি ৰৈ দিলো৷ মোৰ কাষেৰে হুম হুমকৈ কেইবাখনো গাড়ী তীব্ৰ গতিৰে পাৰ হৈ গ’ল৷ নগৰৰ মাজত এ.টি.ৰ’ডৰ মই য’ত ৰৈ আছো তাৰ পৰা আৰু বাওঁফালে যাব নোৱাৰি৷ এখন ওখ ৱাল আছে৷ সিপাৰে ডিব্ৰুগড় লিডু ডাঙৰিৰ ৰেল লাইনটো৷ মই যিমান পাৰি বাইকখন চপাই ৱালৰ কাষতে ৰৈ থাকিলো৷ আগলৈও যাব নোৱাৰো৷ অকষ্মাত ভিৰ হৈ পৰিছে ৰাস্তাটো৷ এনেতে কনভয়টো মাজতে ৰৈ গ’ল৷ আগত মহা যান-জঁত৷ ট্ৰেফিক পুলিচবোৰে পাগলৰ দৰে হুইছেল বজাই ইফালৰ পৰা সিফাললৈ নাচি ফুৰিছে৷ কনভয় আগলৈ যাব পৰা পৰা নাই৷ ময়ো বিৰক্তিৰে কেনেকৈ আগবাঢ়িব পাৰো তাকে চল চাই আছো পৰা নাই৷ এনেয়েই এবাৰ মোৰ সোঁহাতে চালো৷ ….আৰে! এয়া দেখোন শত্ৰুঘ্ন সিনহা! মোৰ সোঁহাতেই এখন মাৰুতী কাৰৰ আগত ড্ৰাইভাৰৰ কাষত বহি আছে! সেই সময়ত এই মাৰুতী কাৰখনেই অসমত একনম্বৰ অভিজাত গাড়ী আছিল৷ মই শুনিছিলো শত্ৰুঘ্ন সিনহা আহিব আমাৰ নগৰলৈ…বি.জে.পি.ৰ নিৰ্বাচনী প্ৰচাৰলৈ…
…..শত্ৰুঘ্নৰ মুখখনৰ পৰা মোৰ মোৰ মুখখনৰ দুৰত্ব খুব বেছি তিনিফুট! হঠাতে ইমান ওচৰত এজন চুপাৰ ষ্টাৰ পাই মই কি কৰো কি নকৰো হ’লো৷
— হেল্ল’ চাৰ..! কেইচে হে….! !
মই কব নোৱাৰাকৈয়ে হাতখন দাঙি সুধিলো৷
— ঠিক হে…
তেখেতে সামান্য হাঁহি এটা মাৰি উত্তৰটো দি আকৌ আগলৈ চালে৷
— ক্যা….য়ে….. চিটচ্ …..!
তেখেতে আগলৈ চাই মূৰটো জোকাৰি হাতখন লৰাই বিৰক্তিৰে কৈ উঠিল৷
— ক্যা বলেগা চাৰ….
ময়ো তেখেতৰ দুখৰ সমভাগী হৈ হুমুনিয়াহ এটা এৰি উত্তৰ এটা দি বুলেটৰ এক্সলেটৰ দি আাগলৈ চাই থাকিলো একদম তেখেতৰ বিৰক্তিক সন্মান জনাই!
প্ৰায় একমিনিটমান সময় তেনেকৈয়ে আমি মাত্ৰ দুফুট দুৰত্বত মৌন হৈ ৰৈ থাকিলো৷ শত্ৰুঘ্ন সিনহাৰ সৈতে হঠাতেনো আৰু কি কথা পাতিম একো ধৰিবই নোৱাৰিলো৷ আৰু সম্ভৱ….শত্ৰুঘ্ন সিনহাৰ মোৰ সৈতে পাতিব লগিয়া একো কথা নাছিল!

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক