ৰহস্যময় মানুহজন(ৰহস্য গল্প) –  কনক দাস

এটি বৰ্ষামুখৰ আবেলি৷ শীতে ছানি ধৰিছে চাৰিওদিশ৷ বাহিৰত এজাক হাড় কঁপোৱা বতাহ৷ নিশ্চিতভাৱে একাপ চাহৰ প্ৰয়োজন অনুভৱ কৰিলো৷ জুহালৰ দিশে মই আগবাঢ়িলো৷ এনেতে জৰুৰীভাৱে বন্ধুৰ ফোন কল এটা পালো৷ তেওঁ অতি শীঘ্ৰেই মোক মাতি পঠিয়াইছে৷ অৱশ্যে তেওঁ এই আবেলিৰ সময়কণ আমনি দিয়াৰ কথা দোহাৰিবলৈ পাহৰা নাছিল৷ তাতে বৰষুণৰ বতৰ, তাৰ বাবে তেওঁ মোৰ পৰা ক্ষমাও খুজিলে৷

চাহ খোৱা আশা বাদ দি মই তেওঁৰ ঘৰলৈ ঢাপলি মেলিলো৷ গোটেই পথছোৱা বোকা পানীৰে পৰিপূৰ্ণ হৈ আছে, দুপৰীয়া এজাক ভালকৈয়ে বৰষুণ আহিছিল, এতিয়া অলপ শাম কাটিছে, মই খুউব সন্তৰ্পনে আগবাঢ়িছো, বন্ধুই মোক দেখা হ’লে নিশ্চয় ক’লেহেতেন – প্ৰিয়ম তোমাৰ লংপেণ্টত বোকাই ফুল বাচিছে, এই বৰষুণত এটা হাফপেণ্টে তোমাক বেছি শুৱালেহেঁতেন৷

তেওঁ সঁচাই অদ্ভুত, তেওঁৰ চিন্তা শক্তি মোৰ বাবে বিচাৰ্য্যৰ বিষয়৷ কেতিয়াবা তেওঁ মোৰ বাবে খোলা কিতাপ হৈ পৰে৷ তেওঁ কেনেকৈনো কথাবোৰ চিন্তা কৰে, যিমান জটিল কেচ নহওক তেওঁ ইমান নিয়াৰিকৈ সমাধা কৰে যে মই ইয়াক কাহিনী আকাৰত সজাই পৰাই লিখোঁতে ৰোমাঞ্চিত হৈ পৰো৷ লিখক হিচাপে মই তেওঁৰ জহতে দুই এপইচা অৰ্জন কৰিবলৈ সক্ষম হৈছিলো৷ তথাপি মানুহে মোক তেওঁৰ সহযোগী হিচাপেহে বেছি পচন্দ কৰিছিল৷

তেওঁ বাৰন্দাতে মোৰ বাবে অপেক্ষা কৰি আছিল৷ মোক দেখাৰ লগে লগেতেওঁ হো হোৱাই হাঁহি উঠিল৷

“এয়া কোনো ডাঙৰ কথা নহয়, বন্ধুৰ অনুৰোধ ৰক্ষা কৰাৰে কুফল”—মই জানিছিলো ইতিমধ্যে তেওঁৰ সন্ধানী দৃষ্টি মোৰ ওপৰৰে পাৰ হৈ গৈছে৷ দেখিলো মই লংপেণ্টৰ পৰা বোকাবোৰ আঁতৰাই থকা দেখি তেওঁ হয়তো যথেষ্ট আমোদ পাইছিল৷

“আহা প্ৰিয়ম, আমনি দিলেও এইবাৰ তোমাৰ মনোজগতখন বহল কৰাৰ যথেষ্ট থলপাবা”–
মই তেওঁৰ পিছে পিছে কোঠালৈ অগ্ৰসৰ হ’লো৷

কাপোৰযোৰ সলালো মই৷ এইবাৰ মই তেওঁৰ মুখামুখিকৈ বিছনাখনতে বহিলো৷
তেওঁ চিঠি এখন মোলৈ আগবঢ়াই দিলে৷

“প্ৰসংগ গম্ভীৰ প্ৰিয়ম”—
মই তেওঁলৈ চালো৷

“কিছু সময় আগতে ডাকযোগে এই চিঠিখন মোলৈ আহিছে, এটি হত্যাকাণ্ড, ছোৱালী এজনীৰ মৃত্যু! তোমাৰ মতামত মোৰ একান্ত প্ৰয়োজন, এইবিষয়ে আলোচনা কৰাৰ আগতে তুমি এবাৰ পঢ়ি চোৱাটো উচিত”—তেওঁ পুনৰ ক’লে৷

মই চিঠিখন পঢ়িলো৷
মহাশয়,
মই আপোনাৰ বিষয়ে বহুত শুনিছোঁ৷ আপুনি হত্যাকাৰীক বিচাৰি উলিয়াব পাৰিব বুলি মই নিশ্চিত, দোষী শাস্তি পোৱাটো ময়ো বিচাৰো, তাই মোৰ নিজৰ ছোৱালীৰ দৰে আছিল, ভবা নাছিলো তাইৰ এনেদৰে অকাল মৃত্যু হ’ব, বহুতে কয় সৰু ভনীয়েকৰ বিয়াৰ খবৰ শুনি তাই সহজভাৱে ল’ব নোৱাৰিলে, আৰু আত্মহত্যা কৰিলে৷ মই মানি নলওঁ, কিয়নো বাইদেউক মই ভনীয়েকৰ বিয়াৰ কথা কওঁতে বহুত সুখী হোৱা দেখিছিলোঁ৷ ঘৰখনৰে কোনো মানুহৰ কাম, হত্যাকাৰী, মই আপোনাক ইচ্ছা কৰিলেও লগ কৰিব নোৱাৰো, এনেকুৱা লাগে কোনোবা অহৰ্নিশে চোকা দৃষ্টি ৰাখি আছে৷ মোৰ ওপৰত এই দৃষ্টি বেছি কাৰণ মোৰ বাইদেউৰ লগত সম্পৰ্ক ভাল আছিল৷

তলত এটা ফোন নম্বৰ৷ “

লেফাফাটোৰ ওপৰত প্ৰেৰকৰ নামটো চালো –ৰিজুমণি কলিতা,

“তুমি হয়তো ধৰিব পাৰিছা, চিঠিখন তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে নতুবা ইচ্ছা কৰিয়ে নিলিখিলে, আৰু নামটো চালে ল’ৰা নে ছোৱালী ধৰিব নোৱাৰি, তুমি কি ভাবা প্ৰিয়ম!”

“এনেকুৱাও হ’ব পাৰে, তেওঁ লিখি থাকোতে কোনোবা আহিছিল, আৰু পুনৰ লিখাৰ সুবিধা নাপালে, নতুবা কিবা বিপদৰ আগজাননী পাই বোধহয় খৰখেদাকৈ তোমালৈ পোষ্ট কৰি পঠালে, এই নম্বৰটো এবাৰ চেষ্টা কৰা যাওক, আমাৰ হাতত এইটোৱেই উপায় আছে”—, মই কলো৷

“মই চেষ্টা কৰিছিলো প্ৰিয়ম, চুইচঅফ”

“আখৰবোৰ ছন্দহীন, মাজে মাজে লিখোতে কেইবাঠাইতো লাইনবোৰে সামঞ্জস্য ৰাখিব পৰা নাই, লিখোতে তেওঁক হতাশাই আগুৰি আছে, সেয়েহে লিখিব যাওঁতে দুই এটা কটা কটি দেখিবলৈ পাইছো, কিন্তু শলাগিবলগীয়া, তেওঁ শুদ্ধ অসমীয়া জানে”—

“অতি উত্তম প্ৰিয়ম”—তেওঁৰ মুখখন উজ্জ্বল হৈ পৰিল, কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মুখখন গোমা হৈ পৰিল —

“যদি তোমাৰ কথা সত্য হয় তেনেহলে পুনৰ হত্যাকাণ্ড এটা অচিৰে ঘটিব প্ৰিয়ম, ”
—-
বন্ধুক কিছু উত্তেজিত দেখিলো৷

“হত্যাকাণ্ড!”—মই তেওঁলৈ চালো৷

“তুমি ঠিকেই অনুমান কৰিছা প্ৰিয়ম”—

“তুমি নিশ্চিত নে!”—

বন্ধু মৌন হৈ ৰ’ল৷ মোৰ কথাষাৰৰ প্ৰতিক্ৰিয়া তেওঁ নো কি দিয়ে মোৰ জানিবলৈ উৎকণ্ঠা ক’ম নাছিল৷ বন্ধুৱে হেলনীয়া চকীখনত দেহটো সম্পূৰ্ণ এৰি দি চকু দুটা মুদি দিলে৷ তেওঁৰ স্বভাৱ চৰিত্ৰ মোৰ ভালদৰে জ্ঞাত৷ মই নিশ্চিত আছিলো তেওঁ কোনো পৰিকল্পনাৰ সন্ধানত চিন্তা কৰিছে৷ এই মুহূৰ্তত তেওঁ চিন্তাত ডুবি থাকোঁতে মই অনুমান কৰিছিলোঁ তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আশা নাই৷ তথাপি তেওঁৰ মুখৰ ভাৱ ভংগীত মোৰ উত্তৰটো পোৱা যেন লাগিল৷ বন্ধুৱে এইবাৰ চকু দুটা মেলিলে, লগে লগে দুচকুত উজ্জ্বল আভা এটাও বিয়পি পৰিল৷

“প্ৰিয়ম এটা অভিযানলৈ সাজু হ’বৰ হ’ল”—-তেওঁ নীৰৱতা ভংগ কৰিলে৷

“কিন্তু আমাৰ অভিযানে চিঠিৰ গৰাকীক অসুবিধাত নেপেলাইটো! , ইতিমধ্যে চিঠিৰ গৰাকীয়ে স্পষ্ট ভাৱে জনাইছে তেওঁ আমাক লগ পোৱাটো সম্ভৱ নহয়”—মই ক’লো৷

“কথাষাৰ মই চিন্তা কৰিছো, নিশ্চিত হৈছো হত্যাকাৰীক তেওঁ খুউব সম্ভৱ ওচৰৰ পৰা দেখিছে, বোধহয় তেওঁৰ আশে পাশে হত্যাকাৰীয়ে টিঘিলঘিলাই ঘূৰি আছে নিৰ্ভয়ে৷ আৰু হত্যাকাৰীয়ো তেওঁক হাড়ে হিমুজুৱে চিনি পায়! গতিকে এতিয়া তেওঁৰ প্ৰাণৰ সংশয় আহি পৰিছে”—-তেওঁ খন্তেক ৰ’ল—
“চিঠিৰ গৰাকী কোনো পুৰুষ নহয়, তাত কাম কৰা কোনো তিৰোতা মানুহ, এজনী মাক অথবা নাৰীয়েহে নাৰীৰ মন বুজিব পাৰে”–বন্ধুৱে পুনৰ ক’লে৷

“তেনেহ’লে এই অভিযানৰ অৰ্থ “—-

“যদি মোৰ অনুমান সত্য হত্যাকাৰীয়ে তেওঁকো ৰাতি মৰাৰ ফন্দি কৰিব পাৰে, দিনত ইমান ৰিস্ক সুস্থ মগজুৰ হত্যাকাৰীয়ে কোনোদিনে নলয়”—

“যদি তেওঁ দেখা পাইছিল ইচ্ছা কৰা হ’লে আমাক জনাব পাৰিলেহেঁতেন!”—মই কলো৷

“ভয় প্ৰিয়ম নিজৰ জীৱনলৈ কাৰ ভয় নাই, বহু ঘটনাই এনেদৰে ভয়ৰ কাৰণে লোকচক্ষুৰ আঁৰত থাকি যায়

এনেতে বন্ধুৰ দেউতাক দেৱপ্ৰসাদ হাজৰিকাৰ কোঠাটোত প্ৰৱেশ ঘটিল৷ দক্ষ ইন্সপেক্টৰ হিচাপে পুলিচ মহলত তেওঁৰ যথেষ্ট নাম আছে৷ কেইবাটাও কেচত বন্ধু আৰু মই অংশীদাৰ হৈছো, অৱশ্যে সফলতাও আহিছে হাতত৷

সন্মুখৰ চকীখনত বহি পৰিল তেওঁ৷ হাতত দুখনমান কাকত৷ চিন্তাক্লিষ্ট মুখ, উদাস দৃষ্টি৷ মই বুজিছিলো তেওঁৰ আগমনে হয়তো অশনি সমস্যা লগত কঢ়িয়াই আনিছে৷

“এটা মাহত দুটাকৈ হত্যাকাণ্ড, হত্যা হৈছে দোভাগ ৰাতি, দুয়োজনীয়েই ছোৱালী, বয়স ২২ৰ পৰা ২৩ৰ ভিতৰত৷ তাতোকৈ আচৰিত কথা দুয়োটা হত্যাকাণ্ডৰে যথেষ্ট মিল আছে৷ হত্যাকাণ্ড দুটাত একোখনকৈ সৰু চাকু পোৱা গৈছে৷ সেই দিশৰ পৰা হত্যাকাৰী এজন যেনেই অনুমান হয়৷ এক পৰিকল্পিত হত্যাকাণ্ড, ভাবিছিলো চাকুখন আমাৰ সহায়ক হ’ব পাৰে৷ দুৰ্ভাগ্য কোনো ফিংগাৰ প্ৰিণ্ট ফৰনেছিক বিভাগত নোলাল, প্ৰথম পৃষ্ঠাতে দুয়োটা ঘটনাই স্থান পাইছে”- –এই বুলি দেউতাকে নিৰ্দিষ্ট কাকত দুখন বন্ধুলৈ আগবঢ়াই দিলে৷

দুয়োটা ঘটনাই ঘটিছে মধ্যৰাত্ৰি, চাৰে বাৰ বজাৰ পৰা ডেৰ বজাৰ ভিতৰত৷ স্থান এটা ঘোগমাৰী, তামোলপুৰ অঞ্চলৰ পূব দিশে, আনটো ভকত পাৰা গাওঁ, দক্ষিণ দিশে৷ দুয়োটা ঠাইৰ মাজৰ ব্যৱধান ক’মেও আধা ঘণ্টাৰ বাট৷ বন্ধুৱে এইবাৰ লেফাফাটোৰ ওপৰত চকু ফুৰালে৷ মই দেখিলো চিঠিখন আহিছে তিনিদিন আগত, ঠিকনা লিখা আছে ভকতপাৰা গাওঁ৷ পাঁচদিন আগত ঘটনাটো ঘটিছে, তাৰে পোন্ধৰ দিন আগত প্ৰথম ঘটনাটো৷ সন্মুখৰ পৰা আক্ৰমণ কৰিছে, ক্ষত বিক্ষত দেহ৷

“তোমালোকৰ সহায়ৰ প্ৰয়োজন”—বন্ধুৰ দেউতাকে আমালৈ চালে৷

“ঘটনাটোৱে অঞ্চলটো জোকাৰি গৈছে, আমাৰ দায়িত্বৰ ওপৰত প্ৰশ্ন উঠিছে৷ আচলতে দোষীক কৰায়ত্ত কৰাটো অতি জৰুৰী হৈ পৰিছে”—

“আৰু সন্দেহজনক কিবা পাইছিল নেকি “—বন্ধুৱে প্ৰশ্ন কৰিলে৷

“তেনেকুৱা বিশেষ একো পোৱা নাই”—দেউতাকে কলে৷

“সেই ঠাইলৈ পুনৰ আমি এতিয়াই অনুসন্ধানৰ কাৰণে যাম, তোমালোক সাজু হৈ লোৱা”—-
কথাষাৰ কৈ দেউতাক বহাৰ পৰা উঠিল আৰু কোঠাৰ পৰা ওলাই গ’ল৷

বাহিৰত বৰষুণ তেতিয়াও শাম কটাই নাই৷ কিনিকিনিয়া এজাক বৰষুণ৷

বন্ধুৱে পৰিচিত তেওঁৰ সাজ পোছাক পৰিধান কৰিলে৷ তেওঁৰ ঘূৰণীয়া সেউজীয়া সেই মৰমৰ টুপীটো, আৰু বেতৰ দুই ফুটৰ সামান্য লাঠিডাল লবলৈ পাহৰা নাছিল৷

তেওঁৰ মৰমৰ টুপীটো দেউতাকে প্ৰদান কৰিছিল৷ “ৰমেশ কুটিৰৰ ৰহস্য” অনুসন্ধান কৰিব যাওঁতে দেউতাকক কাণে কাণ মাৰি মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভোতাই আনিছিল৷ তাৰেই কৃতজ্ঞতাৰ চিন স্বৰূপে দেউতাকে তেওঁক এইটো উপহাৰ দিছিল৷ পাঠক সমাজক এই কাহিনীটো নিশ্চয় কেতিয়াবা জনাম৷

বন্ধুৰ পিছে পিছে মই কোঠাৰ পৰা ওলাই আহিলো৷

দেউতাকে আমাৰ বাবেই অপেক্ষা কৰি আছিল৷ আমি গাড়ীত বহিলো৷ পিছফালৰ ছিটত দুজন হোমগাৰ্ড আৰু হাবিলদাৰ এজন৷ আমাক দেখা মাত্ৰেই তেওঁলোকে মৃদুভাৱে মূৰটো হলাই দিলে৷ চিনাকি যদিও আমাৰ প্ৰতি সন্মান সদায় কৰি আহিছে তেওঁলোকে৷

গাড়ী আগবাঢ়িল ভকতপাৰা অভিমুখে৷ বাটত বন্ধুৰ দেউতাকৰ সৈতে মোৰ দুই এটা সৌজন্যসুচক কথা বতৰা চলিল৷
বন্ধু নিশ্চুপ! তেওঁ কোনো কথা বতৰাত ভাগ নললে৷ বৰঞ্চ চকু দুটা মুদি আপোন বিভোৰ হৈ ছিটত দেহটো এৰি দি শুই পৰিল৷ বুজিলো মোৰ ভূমিকা আজি গুৰুত্বপূৰ্ণ হৈ পৰিব৷

আমি দুমহলীয়া ঘৰ এটাৰ সন্মুখত উপস্থিত হ’লো৷ ক্ষীণ দীৰ্ঘদেহী মানুহ এজন বাৰন্দাত পায়চাৰি কৰি আছিল৷ পৰিপাটি সাজ পোছাক, বগাকৈ, মধ্যমীয়া বয়সৰ, মই নিঃসন্দেহ হ’লো তেওঁৱে সম্ভৱতঃ ঘৰৰ মালিক৷ তেওঁৰ আমাক দেখা মাত্ৰেই ভ্ৰূ কোঁচ খালে৷ তেওঁ হাতৰ ঘড়ীটোলৈ চালে৷ এনেকুৱা লাগিল তেওঁ যেন কাৰোবাৰ বাবে অপেক্ষা কৰি আছিল৷

“চাৰ আপোনালোক এই সময়ত”—মানুহজনে সেই কিনকিনিয়া বৰষুণজাকৰ মাজেৰে আগবাঢ়ি আহিল৷ বুজিছিলো এই সময়ত আমাৰ আগমনত তেওঁ সুখী হোৱা নাই৷

“পুলিচৰমানুহ, যতে দিন ততে ৰাতি”—বন্ধুৰ দেউতাকে তেওঁলৈ চালে৷

“কাৰোবাৰ বাবে অপেক্ষা কৰিছিল হ’বলা”—
বন্ধুৰ দেউতাকৰ কথাষাৰে তেওঁৰ মনোজগততহে যেন আঘাত কৰিলে৷

“আপোনাৰ অনুমান একেবাৰে নিৰ্ভুল, ক্লাইণ্ট এজন অহাৰ কথা তেওঁলৈ বাট চাই আছো”—তেওঁৰ উদাস দৃষ্টি চকুত স্পষ্ট হৈ পৰিল৷

আমি তেওঁক অনুসৰণ কৰিলো, হাবিলদাৰ জন আৰু হোমগাৰ্ড দুজন বাহিৰতে ৰৈ থাকিল৷ তেওঁ আহল বহল ড্ৰয়িং ৰূম এটাত আমাক বহিব দিলে৷

তেওঁৰ পৰিয়াল সম্বন্ধে সম্যক ধাৰণা এটা আদবাটতে বন্ধুৰ দেউতাকৰ পৰা পাইছিলো৷
ঘৰৰ গৰাকী অম্লান জ্যোতি চলিহা তেৱেঁ, পেছাত উকিল, পাঁচ জনীয়া পৰিয়াল, ইতিমধ্যে মিছেছ চলিহাৰ কোনো অচিন ৰোগত মৃত্যু ঘটিছে দুবছৰ আগতে৷ ল’ৰা দুটা, ছোৱালী দুজনী৷

এনেতে তীব্ৰ চিঞৰ এটা আন এটা কোঠাৰ পৰা ভাঁহি আহিল৷ তেওঁ সৌজন্য দেখুৱাই আঁতৰিল৷

হঠাতে চিঞৰটো শুনি আমি সষ্টম হৈ ৰ’লো৷ বন্ধুৰ দেউতাক বাহিৰলৈ ওলাই আহিল, কিছু সময়ৰ পিছত বন্ধু আৰু মই তেওঁৰ পথকে অনুসৰণ কৰিলো৷

হাত ভৰি শিকলিৰে বন্ধা, ২৪-২৫বছৰীয়া ল’ৰা এটা, তাৰ চিঞৰ বাখৰত পৰিস্থিতিটো কিছু পৰিমাণে জটিল হৈ পৰিছে৷ কেইবাজনো কৰ্মচাৰীয়ে তাক সৰ্ব শক্তিৰে হাত আৰু দেহত ধৰি আছে৷

“চাই ল’ম সকলোকে, মই ৰেহাই নিদিওঁ”-স্পষ্ট গেঙনি এটা শুনিলে আটায়ে৷ বন্ধুৱে তীক্ষ্ণ দৃষ্টিৰে পৰিবেশটো চাই ৰ’ল৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক