ৰাগ-বিৰাগ আৰু বৰষা (চন্দ্ৰমা কলিতা)


পাঁচ বাজিছে। কেন্টিনৰ পৰা অহা ধোঁৱাই থকা চাহকাপ এহাতত লৈ আনখন হাতেৰে কলমটো সন্মুখৰ মেজত টুকুৰিয়াই টুকুৰিয়াই কহুঁৱাই তিনি নম্বৰ মহলাত তাই বহিথকা ঠাইখিনিৰ পৰা খিৰিকিৰে বাহিৰলৈ চাই পঠিয়ালে। সিহঁতৰ তিনিমহলীয়া অফিচটোৰ বহুত ওপৰৰ আকাশখনেৰে এই সময়ত মুসলধাৰে বৰষুণ নামিছে। জিৰ-জিৰ শব্দ এটাক উৎস কৰি গোটেইখনধুঁৱলি-কুঁৱলি হৈ পৰিছে। অফিচৰ গেটৰ ওচৰৰ নাৰিকলজোপাই যেন পাতবোৰ লৰাই লৰাই টোপালবোৰৰ সৈতে কথাহে পাতিছে। সন্মুখৰফলে বহল প্রাংগনটোত মুকলি আকাশৰ তলতে পার্ক কৰি থোৱা চাইকেল, বাইক,গাড়ীবোৰ জুৰুলি-জুপুৰি হৈতিতিছে শাওনমহীয়া বৰষুণজাকত। খোলা খিৰিকিৰে বৰষুণৰ আদ্রতা মিহলি বতাহ অকণসোমাই আহি কহুঁৱাৰ মুখত লাগিল। দিনটোৰ কর্মব্যস্ততাৰ পৰিসমাপ্তিত পৰিবেশটোৰ সৈতে মুহূর্ত্তৰ বাবে একাত্ম হৈ তাইৰ মনটো ভাল লাগি গ’ল।

“কামশেষ কৰি এতিয়া কি কথা ভাবি আছা? ঘৰলৈ কেনেকৈ যাবা মাজনী?”- নিচেই কাষৰে টেবুলখনৰ পৰা ভাহি অহা সহকর্মী ৰীণা বাইদেউৰ চিনাকী মাতটোতহে তাই খিৰিকিখনৰ পৰা মুখ ঘূৰালে।
“বাইদেউ মই ভবাই নাই কথাটো। যোৱালৈ বৰষুণজাক কমিবই কিজানি। আজি ছাতিও আনিছোঁ মই।“- কহুঁৱাই অন্যমনস্কভাবেই ক’লে।
“এনে বৰষুণত ছাতি এটা লৈ কলেজ ৰোডৰ ধুনীয়া ৰাষ্টাটোৰে খোজকাঢ়ি যে কিমানভাল লাগিব।“- মনে মনে ভাবিলে বৰষুণবলীয়া কহুঁৱাই। ৰীণা বাইদেৱে ইতিমধ্যে কাগজ-পত্রবোৰ সামৰি আজৰি হৈছে। ডাঙৰ বেগটোত পানীৰ খালি বটলটো, টিফিনটো আৰু তামোলৰ টেমাটো ভৰাই যাবলৈ লৈ তেওঁ কহুঁৱালৈ চাই ক’লে-“এনে বৰষুণ সহজে নেৰে।মোক নিবলৈ তেখেত আহিছে । তোমাক আগতে ঘৰত থৈ আহিবলৈ ক’ম নেকি?”
“নাই নালাগে বাইদেউ। মই যাব পাৰিম। ৰিক্সা এখনতে উঠি যামগৈ। “- কহুঁৱাই কৈ উঠিল।সকলো সময়তে তাইক মৰম-চেনেহেৰে আৱৰি ৰখা মানুহগৰাকীৰ তাইৰ বাবেই ঘৰ গৈপোৱাত পলম হোৱাটো নিবিচাৰে তাই।
“বাৰু মই যাওঁ। তুমি আহি থাকা।“- কহুঁৱাৰ টেবুলত সদায় থোৱাৰ দৰে মর্টন এটা থৈ আন এটা নিজৰ মুখত ভৰাই ৰীণা বাইদেউ গ’লগৈ। কম্পিউটাৰটো অফ্ কৰি, টেবুলৰ কাগজ-পত্রবোৰ সামৰি কহুঁৱাও ওলাল। একেটা মহলাতে কাম কৰা শইকীয়া দা, পেগু বাইদেউহঁতো যাবলৈ ওলাইছে।বৰষুণজাক দিয়ে আছে। ঘৰলৈ যাবলৈ ওলোৱা মানুহবোৰে এনে অসময়ত আপদীয়া বৰষুণজাক কিয়নো আহে বুলি নিজৰে মাজতে আপত্তি দর্শাইছে। কহুঁৱাৰ কিন্তু ভালহে লাগিল।ডাঙৰ বৰষুণজাকে নামো নামো সন্ধিয়াটোত সংগীত ঢালিছে মিহি-মিহিকৈ। গুণ-গুণকৈআনে ধৰিব নোৱাৰাকৈ গান এটা গাই গাই চিৰিৰে নামি আহি তাই ছাতিটো মেলিবলৈ লওঁতেই চতুর্থ বর্গৰ সহায়ক গোস্বামী দাই চিঞৰিলে-“ বাইদেউ বাটত গোটেই পানীহ’ল। কেনেকৈ যাব আপুনি?”

কি হ’ল বুলি কথাটো ভালকৈ সুধিবলৈ লওঁতেই কহুঁৱাৰ ফোনটোৰ মেছেজ টোনটো বাজি উঠিল। আজিজৰ মেছেজ। সি লিখিছে-“বৰষুণ ইয়াত। তাতো নে? দিছে যদি তিতা ভালকৈ। মজা পাবা।“
কহুঁৱাৰ মুখেৰে হাঁহিএটা বাগৰি গ’ল। কহুঁৱাৰ সৈতে একেলগে চাকৰিত সোমোৱা আজিজৰ লগত চাকৰিত যোগদান কৰাৰ আগেয়ে হোৱা ৪৮দিনীয়া ট্রেইনিংটোত আন বহুতৰ দৰে তাইৰো খুব ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল।
“কিয় বেয়া পোৱা বৰষুণ?”, বৰষা মুখৰ আবেলি এটাত ট্রেইনিং চেন্টাৰটোৰ চাদৰ ওপৰৰ টিনৰ চালিখনৰ তলত থিয় হৈ কহুঁৱাই কথাই কথাইএদিন আজিজক সুধিছিল। ট্রেইনিঙৰ দিনকেইটাত কহুঁৱাৰ বৰষুণলৈ থকা আকুলতা দেখি আচৰিত হোৱা আজিজে বেয়া পাই বৰষুণ। কহুঁৱাই সেইদিনা একো কোৱা নাছিল। তাইৰমতে বহুত ভাললগাৰ আঁৰৰ কাৰণ বিলাকৰ উত্তম ব্যাখ্যা নাথাকে।
ট্রেইনিং শেষ কৰি বেলেগ বেলেগ অফিচত জইন কৰিবলগীয়া হোৱাৰ পাছতো সিহঁতৰ যোগাযোগটো থাকিল একমাত্র কহুঁৱাৰ বৰষুণলৈ থকা নিচাটোৱে আজিজক নিতৌ ন ন ৰূপত আচৰিত কৰি থকাৰ বাবেই। ডাৱৰীয়া বতৰবোৰত কহুঁৱাই বৰষুণক লৈয়ে আজিজৰ সৈতে তর্ক কৰে।বৰষুণ দিলেই কহুঁৱালৈ হঠাৎ আজিজৰ একোটা মেছেজ আহে। কেতিয়াবা সি লিখে-”আজি অফিচৰ পৰা আহোতে তোমাৰ বৰষুণত তিতিলোঁ। এতিয়া জ্বৰ ।সেয়ে বেয়া পাওঁ বৰষুণ”।কেতিয়াবা লিখে-”বৰষুণে মোৰ বাইকখন লেতেৰা কৰিলে। বেয়া তোমাৰ বৰষুণ।“ কহুঁৱাই হাঁহে।
একেৰাহে কেইবাদিনো বৰষুণ দি থাকিলেও অফিচৰ পৰা উভটাৰ বাটত তাইলৈ আজিজৰ অভিমান মিহলি মেছেজ একোটা আহে।
“তুমি মাতি থাকা কাৰণে বৰষুণ বাৰে বাৰে আহে আৰু মোক আমনি কৰে।”, -আজিজে লিখে।
দৈনন্দিন ব্যস্ততাৰ মাজতো এনেকৈয়ে আকাশলৈ অভিমান কৰি নামি অহা বৰষুণৰ টোপালবোৰে কহুঁৱা আৰু আজিজৰ মাজত শাব্দিক সাকোঁ এখনি গঢ়ে। আজিও তাৰ ব্যতিক্রম নহ’ল। গেটৰ ফালে খোজ দি দি আজিজলৈ তাই মেছেজ এটা টাইপ কৰিলে-”মোৰছাতি আছে। নিতিতোঁ। তোমাৰ হয়তো নাই। গতিকে তুমিয়ে এবাৰ তিতি চোৱা পৃথিৱীত অকল তুমি বেয়া পোৱা বৰষুণজাকত।“
গোস্বামী দা ইতিমধ্যে কহুঁৱাৰ কাষ পাইছেহি। পিন্ধি থকা পেন্টটো আঠুলৈকে কোঁচাই লৈছে তেওঁ। কহুঁৱা আচৰিত হ’ল।বৰষুণ দিয়া দিনবোৰত আগতে এনেকৈ কাহানিও তেওঁক দেখা মনত নপৰিল তাইৰ।
“পেন্টটো কিয় ইমান কোঁচাইছে গোস্বামী দা?”-তাই সুধিলে।
“তাকেইটো ক’ব খুজিছিলো বাইদেউ। ইয়াৰ পৰা এ.টি. ৰোডলৈ গোটেইখিনি পানী হৈছে।বহুত বছৰৰ পাছত এনে অৱস্থা হৈছে টাউনত। আপুনিতো সেইফালেৰেই যাব লাগিব। আজিকষ্ট পাব আপুনি।“- গোস্বামী দাই ক’লে।
কহুঁৱা খৰকৈ আলিবাটৰ ফালে ওলাই আহিল। গোস্বামী দাই ঠিকেই কৈছে। ৰাষ্টাটোত এসোপা ক’লা ক’লা ঘিন লাগি যোৱাপানী। গাড়ী-মটৰ, চাইকেল-বাইক, খোজকাঢ়ি যোৱা পথচাৰী সকলো সেই পানীৰ মাজেৰেই আগবাঢ়িছে। দিনটোৰ কর্ম-ব্যস্ততাৰ পাছত সকলোৰে কিজানি তাইৰ দৰেই ঘৰ গৈ পোৱাৰলৰালৰি। পানীত ডুবি থকা চহৰখনত অলপ অলপকৈ আন্ধাৰ নামিছে। কহুঁৱাই হাতৰ ঘড়ীটোলৈ চালে। ৫ বাজি ৪৫ মিনিট গৈছে। ভালকৈ আন্ধাৰ হোৱাৰ আগেয়ে তাই ঘৰপাবগৈনে? ইমানপৰে মিঠা অনুভৱ এটাই আছন্ন কৰি থোৱা কহুঁৱা অলপ চিন্তিত হ’ল।

বৰষুণজাক ইতিমধ্যে কমিছে। কহুঁৱাই মেলি লোৱা ছাতিটো জপাই ল’লে। বন্ধ হৈ পৰা ছাতিটোৰ লগতে তাইৰ মনটোও কোঁচ খাই গ’ল। লেতেৰা পানীখিনিলৈ চাই কহুঁৱাৰ ভয়েই লাগিলনে খঙেই উঠিল তাই ঠিক ধৰিব নোৱাৰিলে। চকুৰে দেখা পোৱালৈকে এখনো ৰিক্সাও নাই। কাৰোবাৰ গাড়ী বা বাইকত উঠি যাবলৈকো কাষে-পাজৰে তেনে কোনোচিনাকী মানুহো নেদেখিলে তাই । পানীৰ ভয়তে সকলো কিজানি ততাতৈয়াকৈ গৈ ঘৰ পালেগৈ। তাইহে ইমানপৰে বাহিৰৰ এই পৰিস্থিতিৰ কথা নজনাকৈ বতৰৰ আনন্দত মগ্নহৈ আছিল।
মনটো এবাৰ ডাঠ কৰি কহুঁৱাই এইবাৰ পানীৰ মাজেৰে খোজ দিলে। “চুৰীদাৰযোৰ তিতিলেও তিতক। ইমানবোৰ মানুহৰ আগত কাপোৰ কোঁচাই খোজ দিব নোৱাৰি।“- তাই মনে মনে ভাবিলে। দুখোজমান আগবঢ়াৰ পাছতে তাইৰ হাততে লৈ থকা ফোনটোৰ মেছেজ ট’নটো আকৌ বাজি উঠিল।
” ঠিকে আছাতো? তোমাৰ বৰষুণে আজি তোমাকেই বুৰাই পেলাব চাবা আকৌ।“-আজিজৰে মেছেজ।

এনে বতৰত আজিজে পঠোৱা মেছেজ পঢ়ি আজি প্রথমবাৰলৈ কহুঁৱাৰ মুখত মিচিকিয়া হাঁহিটো ফুটি নুঠিল। ফোনটোত চকু দি অলপ দ’ ঠাই এডোখৰত ভৰি দি তাই পৰিবইধৰিছিল। অচিনাকী পথচাৰী এজনে তৎক্ষণাত তাইৰ হাতখনত ধৰাতহে তাই নপৰাকৈ থাকিল।
“ ভন্টি ফোনটো পিছত চাবা। এতিয়া সাৱধানে খোজ নাকাঢ়িলে পৰি যাবা।“-অচিনাকী পথচাৰীজনে লাহেকৈ ক’লে।
কহুঁৱাৰ মৃদুকৈ খং উঠি থকা গালখন এইবাৰ লাজত ৰঙা পৰিল। তাই লাহে লাহে আগবাঢ়িল। ক’তো এখনো খালি ৰিক্সা নাই। দুই-এজন আৰোহী তুলি নিয়া ৰিক্সাবোৰো কোনোমতেহে আগবাঢ়িছে। বিশৃংলকৈ আগবঢ়া গাড়ী-মটৰ, ৰিক্সা-ঠেলা, চাইকেল, পথচাৰীয়ে পানীত বুৰি থকা বাটটোত খোজ পেলোৱাত অধিক অসুবিধাৰ সৃষ্টি কৰিছে।গছে-বনে ভৰা সিহঁতৰ সৰু অথচ ধুনীয়া চহৰখনত এই দৃশ্য অভূতর্পূব। লেতেৰা নলাৰপানীৰে একাকাৰ হৈ পৰা বৰষুণৰ পানীবোৰেৰে খোজ দিওঁতে কহুঁৱাই বাৰে বাৰেমুখখন বিকটাই পেলাইছে। তেনেতে স্পীড নকমোৱাকৈয়ে কাষেৰে পাৰ হৈ যোৱা গাড়ীএখনৰ চকাৰ তলৰ পানী এসোপা উফৰি আহি কহুঁৱাৰ গাতে পৰিল। তাই পিন্ধি থকাগুলপীয়া চুৰীদাৰযোৰৰ এফাল লেতেৰা পানীৰ ডাগেৰে ক’লা হৈ গ’ল। দুই-এজনবাটৰুৱাই তাইলৈ কেৰাহিকৈ চাই আকৌ নিজৰ খোজত মন দিলে। অলপ অসাৱধান হ’লেই যেপৰি যোৱাৰ সম্ভাৱনা। পানীৰ মেজেৰে খুপি খুপি খোজ কাঢ়োতে তাইৰ ভৰিখনো বিষাইছে। কহুঁৱাৰ চিঞৰি দিবলৈ মন গ’ল। পানীৰ চিটিকণি পৰি তাইৰ ফোন লৈ থকা হাতখনতো ক’লা ক’লা দাগ। আজিজক সুযোগ পালেই তাই কোৱাৰ দৰে সঁচাকৈয়ে বৰষুণ সদায়ে ধুনীয়ানে? অলপ আগতে অফিচৰ খিৰিকিৰ সিপাৰে দেখা বৰষুণজাকলৈ কহুঁৱাৰ অনামী খং এটা উঠি আহিল।
“চিৰদিন ভালপাই অহা সকলো বস্তৱে এনেকৈয়ে এদিন অচিনাকী ৰূপ ধৰে নেকি?”- তাই মনে মনে ভাবিলে।
পৌৰনিগমক গালি পাৰি পাৰি চাইকেল চলাই কাষেৰে মানুহ এজন পাৰ হৈ গ’ল। বাট এৰি দিবলৈ লৈ কহুঁৱা কোনোমতেহে এইবাৰো নপৰাকৈ বাচিল। ঠিক তেনেতেই তাইৰ হাতৰ ফোনটোৰ মেছেজ টোনটো আকৌ এবাৰ বাজি উঠিল। আজিজৰে মেছেজ। কহুঁৱাই নপঢ়িলে।বৰষুণজাক আকৌ আহিছে। কহুঁৱাই জপাই লোৱা ছাতিটো কোনোমতে মেলি ল’লে। আজি কোনোপধ্যে নিতিতে তাই। সৰুৰে পৰা ভালপাই অহা বৰষুণজাকক উদ্দেশ্যি তাইৰ মুখেৰে প্রথমবাৰৰ বাবে অস্ফুট গালি এটা ওলাই আহিল।ঘৰ পাবলৈ এতিয়াও বহু দূৰবাকী।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments