ৰাগ—The Rhythm of Love (অয়ন উত্তম)


‘‘ৰাধিকা, আচলতে তুমি কি বিছৰা? প্ৰেম, সৌন্দৰ্য নে সত্য?’’
ৰাধিকা – ‘‘জীৱন, আৰু একো নালাগে’’ (মন চুই যোৱা সংলাপ)

ৰাধিকা – এগৰাকী পত্নী, এগৰাকী বোৱাৰী আৰু এগৰাকী নাৰী। যিয়ে বিচাৰে স্বাধীনতা, জীৱনৰ স্বাধীনতা। এটা জীৱন, প্ৰেম, উন্মাদনা, যৌৱন। কিন্তু হঠাতে পোৱা নহয়, বিসৰ্জন দি দি শেষ পৰ্যন্ত কিবা এটা পোৱাৰ বাসনা। জীৱনৰ প্ৰতিটো ঘাত-প্ৰতিঘাতৰ পিছত তেখেতে ৰৈ যায়, জানোচা কিবা এটা ভাল হয়! জানোচা তেওঁৰ মতে কিবা এটা হয়! কাৰোবাৰ উপকাৰতেই তেওঁৰ জীৱন উৎসৰ্গিত হয়!

ইকবাল – এজন চিত্ৰশিল্পী, এজন স্বামী আৰু এগৰাকী পিতৃ। যিয়ে বিচাৰে স্বাধীনতা, জীৱনৰ স্বাধীনতা। এটা জীৱন, আৰ্থিক দিশত নিশ্চল। প্ৰেম আহিছিল, এটি বাঁহীৰ সুৰৰ সৈতে, কিন্তু তেনেকৈয়ে লৈ গ’ল। একাকীত্বৰ জীৱনত হাবাথুৰি খোৱা এজন চিত্ৰশিল্পী, যি জীৱন অৰ্থাৎ নিজৰ তেজ, অৰ্থাৎ নিজৰ ছোৱালীক ভাল পায়, পত্নীৰ প্ৰেমতকৈও অধিক। স্বাৰ্থপৰতা তেওঁৰো আছে, কিন্তু…..

আলোক – এজন বিত্তশালী ব্যক্তি। বহিৰাগত বহুজাতিক কোম্পানীত অৰ্পণ কৰিছে নিজকে এটি মানৱ সম্পদ হিচাপে। সপোন বহুত, কিন্তু নিজস্ব নিয়মত চলে। উচ্চাকাংক্ষী, শেষ পৰ্যন্ত যুঁজ দিবলৈ প্ৰস্তুত। কিন্তু হাৰ মানি লয়? কিয়?

নাটিলা – বাঁহী বজায় ভাল পোৱা এগৰাকী বিদেশী শিল্পী। ভাল পায়েই সংগী হিচাপে আকোঁৱালি লয় ইকবালক। কিন্তু নিজস্ব ৰীতি-নীতি এৰিবলৈ প্ৰস্তুত নহয়। ফলত বিবাহ বিচ্ছেদ। ভালপোৱা একেই, তথাপি?

এয়াই হৈছে ‘ৰাগ— The Rhythm of Love’ নামৰ বোলছবিখনৰ কেইটিমান চৰিত্ৰ। আচলতে ছবিখনত আছে কি?

ছবিখনত আছে এগৰাকী নাৰীৰ স্বাধীনতাৰ যুঁজ, এগৰাকী নাৰীৰ মৰ্মবেদনা আৰু এগৰাকী নাৰীৰ স্বাধীনতাৰ বাবে হাবাথুৰি। জেৰিফা ৱাহিদ— মুখ্য চৰিত্ৰ ৰাধা অথবা ৰাধিকাত অভিনয় কৰিছে। উজাৰি দিছে নিজকে, পত্নী-প্ৰেমিকা-বন্ধুত্বৰ সম্পৰ্কৰ জটিলতা ফুটাই তোলাত সফল হৈছে। কিন্তু…. হয়, কিন্তু। এয়াই যে নাৰীকেন্দ্ৰীক চৰিত্ৰৰ স্বাধীনতাখিনি সম্পূৰ্ণভাৱে ‘উজাৰি’ দিব নোৱাৰিলে। জেৰিফা ৱাহিদৰ এটাই সমস্যা— তেওঁ চৰিত্ৰটোৰ শেষলৈকে লৈ যাব নোৱাৰে। কিন্তু, দোষণীয় নহয়, চৰিত্ৰৰ সৈতে খাপ খাবলৈ কিছু সময় লাগিছিল নিশ্চয়।

ইকবাল অৰ্থাৎ আদিল হুছেইন, বলীউডৰ প্ৰখ্যাত চৰিত্ৰভিনেতা। প্ৰতিটো দৃশ্যতে পৈণত অভিনয়; কিন্তু, হয়, কিন্তু এইকাৰণেই যে তেওঁ ‘ৰাধিকাক কেনেকৈ চিনি পালে’ তাৰ কাৰণ দৰ্শোৱাত ব্যৰ্থ হ’ল। পৰিচালকে খুব কৌশলেৰে তেওঁৰ চৰিত্ৰটি উপস্থাপন কৰিলে। শেষত কিন্তু দৰ্শক সন্তুষ্ট হ’ব নোৱাৰিলে। অভিনয়ৰ বাবে নহয়, কাহিনীৰ খাতিৰত।

অলোক অৰ্থাৎ কেনী বসুমতাৰী, ‘লোকেল কুংফুং’ খ্যাত পৰিচালক, অভিনেতা। পৰিচালকে সম্পূৰ্ণ স্বাধীনতা দিছিল ফুটাই তুলিবলৈ, কিন্তু ব্যৰ্থ হ’ল। দুৰ্বলতাখিনি ঢাকি ৰখাত ব্যৰ্থ হ’ল অৰ্থাৎ চলি যাব আৰু! অসমীয়া চিনেমাহে; চালেই বুজিব তেখেতৰ অভিনয়খিনি। দুৰ্বলতা বহুত।

কপিল বৰাৰ অভিনয়ৰ কথা নকওঁ। সেয়া চৰিত্ৰভিনেতাৰ খাতিৰত কিছু দৃশ্যাংশ বুলি ধৰি লৈছোঁ। কিন্তু ৰাধাৰ মাক-দেউতাকক কেনেদৰে পতিয়ন নিয়াব যে ৰাধাক তেখেতেও ভাল পায়? এখন চিঠিয়েই যথেষ্ট নেকি? ৰাধায়ে কিয় আঁকোৱালি ল’ব এজন গায়কক? বন্ধুৰ খাতিৰতেই নে? হাঁহিৰেই অভিনয় শেষ নহয়।

বাকী থাকিল কিছু সৰু সৰু চৰিত্ৰ। ৰাধিকাৰ মাক-দেউতাকৰ চৰিত্ৰত অভিনয় কৰা শিল্পীসকলৰ অভিনয়ৰ দুৰ্বলতা ঢাকি ৰাখিলোঁ। আনহাতে, আমাৰ ফেচবুকৰ বন্ধু সমুদ্ৰ কাজল শইকীয়াদেৱে এটি সৰু চৰিত্ৰত অভিনয় কৰিছে; ভাল লাগিল। বেয়া লাগিল— তেখেতৰ মুখত অসমীয়া সংলাপেই নাছিল।

ছবিখনৰ অভিনয় শিল্পীসকল — আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী বসুমতাৰী, কপিল বৰাই প্ৰধান। মুখ্য চৰিত্ৰ জেৰিফা ৱাহিদ। চিত্ৰগ্ৰহণ – অজয়ন ভিনচেণ্ট, সংগীত পৰিচালক – অভিনাশ বাঘেল, সংগীত শিল্পী – অনিন্দিতা পাল, দীক্ষু, প্ৰজ্ঞান বৰুৱা, দেৱাশিস, পৰাশৰ আৰু মুৰ্চ্ছনা বৰকাকতি। সংগীত ভাল হৈছে। কিন্তু ছবিখনত গানকেইটা আধাতে শেষ হোৱা যেন লাগিল। গীতৰ কথা – শৰৎ বৰকাকতী আৰু ৰাজদ্বীপৰ। সাজসজ্জা – দীপ্তি চাওলা আৰু শুভলক্ষ্মী বেনাৰ্জী। কলা নিৰ্দেশনা – দীপ্তি চাওলা আৰু অৰ্চনা মালহোত্ৰা। কাৰ্যবাহী পৰিচালক – মনালী ভৰদ্বাজ। কলা আৰু কেমেৰাৰ কামখিনি প্ৰতিজন দৰ্শকে প্ৰশংসা কৰিব। অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন নিগম লিমিটেড আৰু মান্না ফিল্মছৰ নিৱেদন ‘ৰাগ’ৰ সৈতে এটি সন্ধিয়া কটোৱা আছিল এটি বিৰল মুহূৰ্ত। বিশেষকৈ যেতিয়া অভিনেত্ৰী জেৰিফা ৱাহিদ আৰু আমাৰ সকলোৰে পৰিচিত মৃদুলা বৰুৱাই ‘অনুৰাধা’ত ১০০ টকীয়া টিকটত দৰ্শকৰ শাৰীত বহে। ভাল লাগিল, লগতে মোৰ ভাতৃ অভিজিৎ মোহিত হাজৰিকাই মোক সংগ দিয়াৰ কাৰণে। পৰিচালক ৰজ্নী বসুমতাৰীক লগ পোৱাৰ মুহূৰ্তখিনিৰ কথা নক’লোৱেই বাৰু!

কাহিনী আৰু চিত্ৰনাট্য – ৰজনী বসুমতাৰীৰ। ফেচবুকৰ পুৰণি বন্ধু; বেয়া নাপায় সমালোচনা কৰিলেও। কাৰণ তেখেতেও জানে, অসমীয়া ছবিজগতৰ দুৰৱস্থাৰ বিষয়ে। কিন্তু চিত্ৰনাট্য সবল। অভিনয়ৰ কথা নকওঁ। এটি ভাল কাহিনী উপহাৰ দিছে। ২০০৭ চনত ৰজ্নী বসুমতাৰীৰ ‘অনুৰাগ’খন যিসকল দৰ্শকে চাইছে, তেওঁলোকে জানিব, তেওঁৰ চিত্ৰনাট্য কিমান সবল। ত্ৰুটীবিহীন চিত্ৰনাট্য। এটি সৰু চৰিত্ৰত তেখেতেও অভিনয় কৰিছে।

ৰাগ— কিয় চাব? ‘ছিৰিয়েচ কাহিনী’, কলাসুলভ অভিনয়। নাটকীয় মুহূৰ্তত পৰিচালক সফল হৈছে। মাৰ খাইছে দুটিমান মুহূৰ্তত; যেনে এটি দৃশ্যৰ সৈতে আন এটি দৃশ্যৰ সংযোগহীনতা, দিল্লীত চিত্ৰগ্ৰহণ। নাৰী-মনৰ অন্তৰ্দ্বন্দ্বখিনিত মনত পৰে, ‘অস্তিত্ব’ৰ বলীউডৰ সবল অভিনেত্ৰী টাবুৰ অভিনয়খিনিলৈ।

ৰাগ— দৰ্শক কিয় কম? সেই বিষয়ে কৈ থাকিলে এখন ৰামায়ণ হ’ব। তথাপিও কওঁ, পোষ্টাৰৰ ক্ষেত্ৰত সফল, প্ৰম’ৰ ক্ষেত্ৰত সফল, বিজ্ঞাপনৰ ক্ষেত্ৰত সফল। কিন্তু ‘মচলা’ জাতীয় একো নাই। ছিৰিয়াচধৰ্মী ছবিৰ দৰ্শকে একেকোবে হজম কৰিব পাৰিব। কিন্তু মচলাপ্ৰিয় দৰ্শকে সোৱাদ পোৱাৰ সুযোগ কম। বিনোদনৰ ক্ষেত্ৰত পৰিচালক অসফল।

তথাপিও ‘ৰাগ—The Rhythm of Love’ চোৱাৰ সৌভাগ্য হয়তো দুনাই নাপাব। অসমীয়া ছবিৰ দুৰ্দশাৰ দিনত এগৰাকী মহিলা পৰিচালকে দুঃসাহস কৰিছে এখন অসমীয়া ছবি হলত মুক্তি দিবলৈ। টকা ঘূৰাই পাব যে আশা ক্ষীণ। কিন্তু মহিলাসকলে চাব লাগে। মহিলা বুলিয়েই নহয়, প্ৰতিজন অসমীয়া ছবিৰ অনুৰাগীয়ে চাব লাগে। এগৰাকী নাৰীৰ মনোবেদনাখিনি প্ৰকাশ কৰাত সফল হৈছে পৰিচালক ৰজনী বসুমতাৰী।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

Comment text..val lgil