ৰাজআলিৰ সোণমইনা (জ্যোতিৰেখা তালুকদাৰ)


সদায় ভাৱো এটি গল্প লিখিম । সুমধুৰ শব্দৰে পাঠকক আনন্দ দিম । এটি কাহিনীৰ উপস্থাপন কৰিম ভাললগা বাক্যৰে চুটিকৈ হ’লেও । কিন্তু ধৈৰ্য্য আৰু অভিজ্ঞতাৰ অভাৱত বহু কথাই প্ৰকাশ কৰা নহয়গৈ,বহু কথা কবলৈ ৰৈ যায় । শব্দহীনতাত ডুবি নিৰ্বাক হৈ ৰয় কলম আৰু একেদৰেই দিনৰ পাছত দিন ধৰি উকা হৈ থাকে ডায়েৰীৰ পৃষ্ঠাবোৰ ।

প্ৰায়ে মহানগৰীৰ অলিয়ে গলিয়ে ঘূৰি ফুঁৰো কবিতাৰ সন্ধানত । কলা ধোঁৱাই চানি ধৰা আকাশত প্ৰিয় আকাশী নীলা বিচাৰি ফুৰো ।বগলী উৰে শাৰীপাতি,আনফালে ডাষ্টবিনৰ কাষে কাষে কাউৰী,কুকুৰৰ কোৰ্হাল,বমি আহিব খোজা গোন্ধ । কবিতা কৰবাত হেৰাই যায় । ৰাজআলিৰ চৌপাশে ৰঙা ৰঙা কৃষ্ণচূড়াৰ প্ৰেমালাপ । যেন সমস্ত যৌৱনৰ মূৰ্তিমান প্ৰকাশ । ডিঙিলৈকে উজাই আহি থমকি ৰয় প্রেম,যৌৱন,সপোনৰ ডেউকা মেলিউৰিব খোজা কুমলীয়া কবিতা । ৰাজআলিৰ কাষে কাষে একোখন ঘৰ ফটা চাদৰৰ ওপৰত । তিনিফিট মান মাটিৰ ওপৰত একোটা অনিশ্চয়তাৰ ক্ষুদ্র ঘৰ ।ব্যস্ত মানুহবোৰে নাকত ৰুমাল লৈ খৰখোজে আঁতৰি যায় । ৰাজআলিৰে কত’ সুন্দৰ বিলাসী গাড়ী চলে,ভিতৰত একোটা মৰমলগা বিদেশী কুকুৰ
পোহনীয়া । শৰাইঘাটৰ মোহময়ী সন্ধিয়াবোৰ চাওঁ । কমলা ৰঙৰ বেলিটিয়ে আকাশ ৰাঙলী কৰি শুই পৰে লুইতৰ বুকুত । হেঙুলীয়া আভা বিয়পি পৰেচৌদিশে ।

বহুদিন হ’ল ৰাজআলিৰে ইফালে সিফালে ঘূৰি ফুৰা বুকুত বহু আশা নিৰাশা লৈ । বাস্তৱ জীৱনৰ সাময়িক সংঘাতত থকা-সৰকা হৈ চালনী যেন হৈ পৰা বুকুখন লৈ দৈনন্দিনৰ কাম বোৰ কৰি যাওঁ । ক্লাছ,টিউচন,পৰীক্ষাৰ নম্বৰ ইত্যাদি ইত্যাদি,লগতে ভবিষ্যতৰ এশ এবুৰি চিন্তা । কেতিয়াবা দীঘলী পুখুৰীৰ পাৰত অকলশৰে বহি দিও । প্ৰেমিক-প্ৰেমিকাৰ চঞ্চল,ভিন্ন অৰ্থৰহাঁহি । আহ ! আজিকালি প্রেম শব্দটো শুনিলেই বমি আহিব খোজে ।লাহে লাহে আঁতৰি যাওঁ সমস্ত জঞ্জাল,কোলাহৰ পৰা । ষ্ট্ৰীট লাইটেৰে ৰঙীন হৈ পৰা সন্ধিয়াবোৰত অকলশৰে ডুব যাওঁ ।

আজিও ৰাজআলিৰ কাষৰ ক্ষুদ্ৰ অনিশ্চয়তাৰ ঘৰটিত সন্ধিয়াৰ ষ্ট্ৰীট লাইটৰ পোহৰৰ কিছু কিছু ৰেশ । দুই তিনিদিন আগৰ পৰা অন্যমনষ্কভাৱে লক্ষ্য কৰিছিলো মুকলি আকাশৰ তলৰ সেই সৰু সংসাৰখন । জপৰা চুলিৰে অপৰিপাটি তিৰোতাগৰাকী আগৰদৰেই কাতি হৈ শুই পৰিছে,তাইৰ কাষতে দুটি ক্ষুধাতুৰ চকু লৈ বহি আছে পাঁছ বছৰীয়া (আনুমানিক) সোণমইনা । হয়তো আজি দিনৰ দিনটো একো এটা নপৰিল পেটত ।
তাৰ শিশুসুলভ সুন্দৰ দুটি কণমানি চকু টোপনি আৰু প্ৰয়োজনীয় যত্নৰ অভাৱত ঘোলা,হালধীয়া হৈ পৰিছে । সাধাৰণ শিশুৰ দৰে কোনো চঞ্চলতা নাই,কোনো আৱদাৰ,অভিমান নাই মলিয়ন ফটা চিতা কাপোৰেৰে ঢাক খাই থকা কনমানি দেহাটোৰ । ঈশ্বৰে পৃথিৱীত সমস্ত ধন-ঐশ্বৰ্য্য বিলাই সমাপ্ত কৰাৰ শেষতকৈও শেষত যেন সোণমইনাৰ জন্ম । পৃথিৱীৰ সৰ্বোচ্চ দৰিদ্ৰতাৰ এক বুজা-নুবুজা ছবি অংকিত হৈ আছে তাৰ দুচকুত । ক্ষন্তেকৰ বাবে পাহৰি গ’লোমই নিজৰ অস্তিত্বক। বেগৰ পৰা নিজলৈ কিনি লোৱা এপেকেট বিষ্কুট উলিয়াই সোনমইনাক যাঁচিলো । চকুদুটি সামান্য তিৰবিৰাই উঠিল সোণমইনাৰ ।

ৰাতিপুৱাৰে পৰা কিনকিনিয়া বৰষুণ । সেমেকা হতাশাজনক দিনটোৰ আৰম্ভণি । ভাবিলো ক্লাছৰ শেষত সোণমইনাক চাম এবাৰ । আজিতাৰ মৰমলগা নামটো সুধিম ।

দুপৰীয়াৰ দুৰ্বল বৰষুণজাকে ভালদৰে তিয়াব পৰা নাই ৰাজআলি । গছৰ পাতবোৰো সম্পূৰ্ণভাৱে মুক্ত হোৱা নাই ধূলিৰ প্ৰকোপৰ পৰা ।গৰম গৰম ভাৱটো কিছু কমক বুলিয়েই ৰাজআলিৰ কাষে কাষে বৰষুণৰ টোপাল বোৰ ওফৰাই খোজ ল’লো । অলপ দূৰৈত সোণমইনাৰ সৰু ঘৰখন ।

আজি সোণমইনা অকলে বহি আছে দোকান এখনৰ এচুকত । কণমানি মগজটোৰে ইমানকৈ কি ভাৱিছে নাজানো, কৰবাত স্থৱিৰহৈ পৰিছে তাৰ দৃষ্টি । কাষতে বহি তাৰ দৃষ্টিক অনুকৰণ কৰিলো । অলপ দূৰৈত এজাক সৰু ল’ৰা ছোৱালীয়ে আইচক্রীম খাইছে । চিৰিংকৈ উঠিল মোৰ বুকুখন । ততাতৈয়াকৈ এটা আইচক্ৰীম কিনি আনি সোণমইনাক যাঁচিলো,লগতে এপেকেট বিষ্কুট । স্বৰ্গখন হাততে ঢুকি পোৱাদি পৰম সন্তুষ্টিতসি আইচক্রীম খোৱাত ব্যস্ত হৈ পৰিল । তাৰ খোৱাৰ আগ্ৰহ দেখি মোৰ বুকু মন ভৰি গ’ল। সুধি পেলালো হঠাতে… মইনা কি নাম তোৰ..???
খাবলৈ এৰি মোৰ চকুত চকু থলে সি ৷ মুখেৰে কিছুমান অস্ফুট শব্দ কৰিলে । তাৰ দৃষ্টিত মোৰ কলিজা শিল হৈ গ’ল !পৃথিৱীৰ সমস্ত দুখ,কৰুণতাৰে ভৰা সেই অসহায় দৃষ্টি !
ক্ষণিকতে মোৰ গল্প,কবিতা সকলোবোৰ হেৰাই থাকিল । ক্রমাত বৰষুণজাক ডাঙৰকৈ আহিবলৈ লৈছিল । বোবা কলম আৰু উকা ডায়েৰীটোলৈ মই উদ্দেশ্যবিহীনভাৱে খোজকঢ়া আৰম্ভ কৰি দিলো ধাৰাসাৰে নামি অহা বৰষুণজাকৰ সৈতে একাকাৰ হৈ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments