ৰাজধানী এক্সপ্ৰেছ – বৈদুৰ্য্য বৰুৱা

ৰাজধানী এক্সপ্ৰেছ৷ ৰাজধানী এক্সপ্ৰেছখন প্ৰথম প্ৰথম যেতিয়া চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া বৰ ইচ্ছা এটা হৈছিল সেই ট্ৰেইনখনত উঠি চোৱাৰ৷ মানুহৰ মুখত শুনো …কেনেকুৱা স্পীড ভাই…! ….একদম প্লেন টাইপ….! দিল্লীলৈ বেলেগ ট্ৰেইনতকৈ বাৰ ঘণ্টাৰ ডিফাৰেঞ্চ য়াৰ…খোৱা-বোৱা ফ্ৰী….মাজে মাজে জুচ চুচ চাহ কফি খাবলৈ দিয়েই থাকে… ফুল এ.চি. …ফাল্টু মানুহ সোমাব নোৱাৰে…..টকা কিন্তু অচুল হৈ যায় দোষ্ট…একদম টিপ টপ চাফা…
হয়ো হয়…ৰাজধানীত উঠা-নমা কৰা যাত্ৰীবোৰ দেখিও তেনেকুৱাই লাগিছিল৷ আন ট্ৰেইনবোৰৰ যাত্ৰীতকৈ যেন ৰাজধানীৰ যাত্ৰীসকল কিছু বেলেগ কপাল লৈ পৃথিৱীলৈ আহিছে…..তেওঁলোকৰ ব্যক্তিত্ব…চেহেৰা-পাতি…ৰহন-চহন …তেওঁলোকৰ চাল-চলন…খোজ-কাটল… সকলোবোৰ সাধাৰণ মানুহতকৈ কিছু বেলেগ…৷ সকলো কথা বাদ দি এটা কথা গেৰান্তি দি ক’ব পাৰি যে তেওঁলোকৰ বেচিভাগেই বিত্তৱান৷
এই কথাবোৰ দেখি শুনি মোৰো ইচ্ছা এটা হ’ল যে পাৰিলে এবাৰ ৰাজধানীত উঠিব লাগিব৷ পিছে উঠিবলৈ হ’লেটো ক’ৰবালৈ যাবও লাগিব…!
ৰাজধানীত তাৰপাছত অহা-যোৱা কৰিছোঁ যদিও মোৰ প্ৰথমবাৰৰ ৰাজধানীত যাত্ৰা কৰাৰ অভিজ্ঞতাটো অলপ মনত ৰৈ যোৱা বিধৰ আছিল৷

এবাৰ হঠাতে মোৰ গুৱাহাটীলৈ যাব লগা হ’ল৷ মই নৈশ বাছৰ যাত্ৰাতকৈ ট্ৰেইনৰ যাত্ৰাটো বেছি পচন্দ কৰোঁ৷ গতিকে পোনচাটেই ট্ৰেইন ষ্টেচনৰ ফালেই ঢপলিয়ালোঁ৷
এক নম্বৰ প্লেটফৰ্মত দেখিলোঁ গুম গুম শব্দৰে অভিজাত ক্ৰীম ৰঙৰ ৰাজধানী বুকু ফিন্দাই ৰৈ আছে৷ ফটকৈ মনলৈ আহিল মোৰ ৰাজধানী এক্সপ্ৰেছত উঠাৰ চখটো দেখোন আজি পূৰা কৰিব পাৰোঁ…!
কাউণ্টাৰত গৈ সুধিলোঁ৷ টিকেট হ’ব নেকি৷ ক্লাৰ্কজনে মোৰ মুখলৈ খন্তেক চাই মাত্ৰ মূৰটো জোকাৰিলে৷ ভাৱটো এনেকুৱা ধৰণৰ…“হুঃ…কি বুৰ্বক মানুহ…..পেচেঞ্জাৰ ট্ৰেইন পাইছ…! এই মূৰামূৰি সময়ত ৰাজধানীৰ টিকেট! ..যতচব..মূৰ্খ…!”
ৰাজধানীৰ আশা বাদ দিলোঁ৷ ভাৱিলোঁ ইয়াৰ পাছত যিখন যাব তাতেই উঠিম আৰু….
তেনেতে দেখিলোঁ চিনাকি পুণ্যক৷ ক’লা কোট এটা পিন্ধি ষ্টল এখনত চাহ খাই আছে৷ সি ৰেলৰে টিকেট চে’কাৰ জাতীয় কিবা এটা কৰে৷ পুণ্যইও মোক দেখিলে৷ ময়ো তাৰফালে আগবাঢ়ি গ’লোঁ৷
__কোনফালে?
সি দোকানীজনক আৰু একাপ চাহৰ অৰ্ডাৰ দি মোলৈ চালে৷
__গুৱাহাটীলৈ যাব লাগিছিল…ৰাজধানীত চোন টিকেটেই নাই…বেলেগ কিবা এখনতে যাব লাগিব..
__ ৰ..ৰ.. মই কিবা এটা কৰি দিছোঁ… ইয়াৰ পৰা বহুত খালী চিট যায়…ফৰকাটিঙলৈকে আমাৰ তোলন যাবই…লামডিঙত সৰকাৰ বাবু নহ’লে অমৰ বাবু …..
__নাই বাদ দে…এনেকৈ বিনা টিকেটত ডলাৰ বগৰীৰ দৰে ঘূৰি নুফুৰোঁ…
__আৰে তোৰ চাৰিশ টকাতে কাম চলি যাব৷ মিছামিছি আঠশ নশ টকা ভৰি লাভ কি! ….
__ ই অ’৷ এনেকৈ কিবা এটা মই সুখ নাপাওঁ….টকা চাৰিশৰ কাৰণে মই সন্মানটো বাজীত নলগাওঁ…
__তেনেহ’লে তই পাছৰ ব্ৰহ্মপুত্ৰখনত যাব লাগিব… দেৰি আছে কিন্তু…..
__হ’ব দে…সেইখনতে টিকেট এটা পাৰিলে যোগাৰ কৰি দিবি…
হওঁতে মই আগতে এবাৰ দুবাৰ লৰালৰিত পৰি বা বাধ্যত পৰি বা কম খৰচত যাবলৈকে হওক টি.টি.ই.ৰ লগত বুজাপৰা কৰি ট্ৰেইন যাত্ৰা নকৰা নহয়৷ কিন্তু তেনেকৈ যাত্ৰা কৰি কিবা এটা স্বাধীন স্বাধীন ভাৱ নাহে৷ লাজত পৰাৰ ভয়ত শান্তিৰে শুব নোৱাৰোঁ৷ এই ক্ষেত্ৰত “দেখিলি বিনা টিকেটত কেনেকৈ যাত্ৰা কৰোঁ!” বুলি ক’বলৈ বা “দেখিলি মই কিমান চালাক” বুলি গৌৰৱবোধ কৰাতকৈ এটা লজ্জাভাৱেহে ক্ৰিয়া কৰে৷
__তই কিন্তু এটা কাম কৰিব পাৰ….পাহৰিছিলোঁৱেই…!
পুণ্যই মাত দিলে৷ মোক ট্ৰেইনত উঠাই গুৱাহাটীলৈ পঠোৱাটো তাৰ যেন এটা দ্বায়িত্ব হৈ পৰিছিল৷ মই চালোঁ তালৈ৷
__দুদিনৰ আগৰ পৰা ৰাজধানীৰ একেবাৰে পিছফালে এটা জেনেৰেল ডবা লগাইছে৷ সেইটোত যাব পাৰ৷ ভিৰ ভাৰ নাই৷ আৰামত শুই যাব পাৰিবি৷ মাত্ৰ এচি ফেচি নাপাৱ আৰু….বাকী চেইম স্পীড! বেলেগ পেচেঞ্জাৰৰ সৈতে একেলগে গুৱাহাটী পাই যাবিগৈ৷ মানে সাতশ-আঁঠশ মিটাৰ মান পিছত পাবি…! মানুহকো ক’ব পাৰিবি ৰাজধানীত আহিলোঁ বুলি…!
__টিকেটৰ দাম?
__মাত্ৰ এশ বিশ টকা!
….ক’ত আঠশ টকা…ক’ত এশ বিশ টকা……তাকো ৰাজধানীত…! মই সিদ্ধান্ত ল’লোঁ৷ সময় নষ্ট কৰি লাভ নাই…৷ … যাঃ…ৰাজধানীতে যাম!
__যা যা ট্ৰেইন এৰিবই এতিয়া…টিকেট এটা লৈ লগৈ…
মই চাহৰ কাপটো থৈ পুণ্যক ধন্যবাদ এটা জনাই কাউণ্টাৰৰ ফালে দৌৰিলোঁ৷ টিকেটটো লৈ আকৌ ৰাজধানীৰ পিছফালে দৌৰিলোঁ৷ প্লেটফৰ্মৰ শেষৰ ফালে অনুজ্বল সেমেকা পোহৰৰ মাজত মন মাৰি ডবাটো অকলে ৰৈ আছিল৷ এটা আওপুৰণি ৰঙা সেই প্ৰাইমাৰ কালাৰৰ পেচেঞ্জাৰ ডবা৷ মই অনুমান কৰিলোঁ ডবাটো ডিব্ৰুগড়-লিডু পেচেঞ্জাৰখনৰ পৰাই আনি লগাই দিয়া হৈছে৷ চুট-টাই মাৰি থকা ভদ্ৰলোক এজনে তলত বোকা লগা ফটা জোতা এজোৰ পিন্ধি থাকিলে যেনেকুৱা লাগিব; ৰাজধানীখনকো এই ডবাটোৰ সৈতে মোৰ তেনেকুৱাই লাগিল৷ ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিছিল৷ মই একেজাঁপে ডবাটোত উঠি পৰিলোঁ৷ প্ৰথম কম্পাৰ্টমেণ্টটোতে খিড়িকী এখনৰ কাষত বহি উশাহ সলালোঁ৷ অপৰিষ্কাৰ পৰিবেশ৷ এশ বিশ টকাত অৱশ্যে ইয়াতকৈ ভাল পৰিবেশ বিচাৰি লাভ নাই৷ ইফালে সিফালে চালোঁ৷ কম্পাৰ্টমেণ্টটোত কোনো যাত্ৰী নাই৷ দূৰলৈ উকি মাৰি চালোঁ৷ ওহোঁ কাকো নেদেখিলোঁ..! তাৰমানে ৰাজধানীৰ এটা ডবা চৰকাৰে কি কেৱল মোৰ নামত লিখি দিলে..? ! এনেকুৱা ৰাজকীয় সন্মান জীৱনত কেইটাই পাইছে…!
বেচ আমোদো লাগিল কথাটো ভাৱি…হওক তেওঁ…
ট্ৰেইনৰ স্পিড লাহে লাহে বাঢ়ি আহিছে….
…..ঢানাং…ঢাং…ঢাং…লেঁক…কঁচ…..কাঁচহ…লাং..থাং…
ট্ৰেইনখনৰ ডবাটোৰ পৰা বিভিন্ন আজৱ শব্দ বাহিৰ হৈছে…খিৰিকীয়েদি হাও হাও কৈ ধুমুহাৰ দৰে বতাহ সোমোৱা আৰম্ভ কৰিছে…ডবাটো যেনি তেনি লৰিবলৈ আৰম্ভ কৰিছে….লাহে লাহে অকলে বেয়াও লাগিছে…ছেঃ…এটা দুটা মানুহ থকা হ’লে বেয়া নাছিল….
এনেতে দূৰত দেখিলোঁ এচমকা পোহৰ জ্বলি উঠি আকৌ নুমাই গ’ল৷ ভমককৈ নাকৰ আগেদি বিড়িৰ গোন্ধ এটা এচমকা ধোঁৱাৰে সৈতে পাৰ হৈ গ’ল৷ কোনোবাই বিড়ি জ্বলাইছে৷ তাৰমানে মোৰ বাহিৰেও দ্বিতীয় প্ৰাণী কোনোবা আছে…! বেগটো হাতত লৈ মই সেইফালেই আগবাঢ়ি গ’লোঁ৷ ইটো মূৰৰ কম্পাৰ্টমেণ্টটোত অলপ খাটি খোৱা মানুহৰ দৰে লগা লোক এজন বহি আছে৷ ওঁঠত এটা বিড়ি৷ বিহাৰী লোক যেনেই লাগিল৷ কাষত দুটা ডাঙৰ ডাঙৰ টোপোলা৷ মোক দেখি সেই মানুহটোৱেও উচপ খাই উঠিছিল৷ সম্ভৱ তেৱোঁ ভাৱি আছিল তেওঁৰ বাহিৰে দ্বিতীয় প্ৰাণী এই ডবাটোত নাই৷ মই হাঁহি এটা মাৰি তেওঁৰ সন্মুখত বহিলোঁ৷ জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ কোনোদিনে গুৰুত্ব নিদিয়া সাধাৰণ মানুহ এটাও অকলশৰীয়া মুহূৰ্তত কেতিয়াবা অতি গুৰুত্বপূৰ্ণ লোক হৈ পৰে৷ আচলতে কোনোবা এটা পইণ্টত গৈ মানুহে সদায় মানুহকেই বিচাৰে৷ ইয়াত জাতি-ধৰ্ম নিচা-পেঁচা ডাঙৰ-সৰু উচ্চ-নিম্নৰ কথাই নাহে৷ মানুহটোৱেও মোক পাই আনন্দিত হ’ল৷ কথা পাতি সময় পাৰ কৰিবলৈ ধৰিলোঁ৷ মানুহটোৱে ডিগবৈত ফুটপাথত কাপোৰ বিক্ৰী কৰে৷ বিহাৰলৈ যাব….
….ঢাং…ঢাং…ঢানাং…ঢাং…থাইৰাঁকাচ….কাঁচ….ঘৰ…ঘৰ…
ট্ৰেইনৰ গতিও বৃদ্ধি হৈছে…শব্দ আৰু কঁপনিও বৃদ্ধি হৈছে…..সময় কটাবলৈ আগ-গুৰি নোহোৱা কথা পাতি গৈ আছোঁ…. খেতি-বাতি..ঘৰ-সংসাৰ…লালু…আলু…
….ভোকো লাগিছে…এশ বিশ টকাততো আৰু মোক ৰাজধানীয়ে ফ্ৰী ভাত নুখুৱায়…উঠিবলৈ যে এটা ডবা অকলে দিছে সেয়েই বহুত..! পেণ্ট্ৰী কাৰলৈ যোৱাৰো উপাই নাই৷ মাজৰ কৰিড’ৰটো নাই৷ ৰাজধানীৰ লগতে আছোঁ যদিও আমি মূল সুঁতিৰ পৰা যেন বিছিন্ন…! অসমখনক যে মাহী আইৰ দৰে কেন্দ্ৰই ব্যৱহাৰ কৰে বুলি বহুতে চিঞৰে… কথাটো এনেকুৱাই নেকি বাৰু…দেখাত সমানে সমানে গৈ থকাৰ দৰেই লাগে….কিন্তু কিবা এটা যেন নাই….কিবা এটা অসমতা.. প্ৰথম নহয়… দ্বিতীয় নহয়…তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি..! ….কিবা যেন এশ বিশ টকীয়া খেল এটা ক’ৰবাত আছে……
….ঢানাং…কাঁৰাক…ধা..ম..ম..!
মই প্ৰায় আগলৈ উফৰিয়েই পৰিলোঁ! বিহাৰী ভায়ো পিছলৈ উফৰি পৰিল৷ ট্ৰেইনখন কোনোবা এটা ষ্টেচনত ৰৈছে৷ ….হয়তো ডবাটোৱে আনটো ডবাক খুন্দা মাৰিলে যি দুদাল ভীমকায় স্প্ৰীঙে খুন্দাটো মূৰ পাতি লয় সেইদাল সলাবৰ হ’ল….
__ চিমলগুৰি না মাৰিআনি..?
বিহাৰী ভায়ে মূৰটো মোহাৰি মোক প্ৰশ্ন কৰিলে৷ মই বাহিৰলৈ চালোঁ৷ একো ধৰিব নোৱাৰিলোঁ৷ আমাৰ ডবাটো য’ত ৰৈছে তাৰ পৰা একো ধৰিব নোৱাৰি৷ ওচৰে পাজৰে কিবা এটা খাওঁ বুলি ভাৱিলেও একো নাই৷ কিছু দূৰলৈ যাব লাগিব৷ নামিবলৈও ভয়৷ কেনেবাকৈ ট্ৰেইন এৰি দিলে যিকোনো ডবাত উঠি কৰিড’ৰেদি আহি নিজৰ ডবালৈ অহাৰো সুবিধা নাই…
__ মৰিয়নি৷
এনেয়েই উত্তৰ দিলোঁ৷ আচলতে ময়ো নাজানো শিমলুগুৰি পালোঁনে মৰিয়নি পালোঁ!
বিহাৰী ভায়ে এইবাৰ টোপোলা এটা খুলিলে আলফুলকৈ৷ আম আচাৰ আৰু কিবা ধনীয়া মছলাৰ ভাজি এখনৰ গোন্ধ নাকত লাগিল৷ পেটতো কলমলাই উঠিল৷ আনফালে মুখখন ঘূৰালোঁ৷
__খাইইয়েগা…আ..?
বিহাৰী ভাইৰ প্ৰশ্ন…
__ না…আপ খাইয়ে না…
মোৰ কিছু ডিপ্লমেটিক উত্তৰ…
__ আৰে খাইয়ে..না…
__ আপকা কমতি নেহী হ’গা…! ?
এনেকুৱা নিলৰ্জ প্ৰশ্নৰ উত্তৰ যে কোনো ভদ্ৰ মানুহৰ হাতত নাথাকে…মই চিঅ’ৰ…!
__ আৰে বহুত হে…চিন্তা মত কিজিয়ে…..
বিহাৰী ভাইৰ ভাগৰ ৰুটি তিনি চাৰিখনমান ভাজি আৰু আচাৰৰ সৈতে তৃপ্তিৰে খালোঁ আৰু খাই যাওঁতে কৈ গ’লোঁ কি কি অসুবিধাৰ বাবে মই খোৱাবস্তু আনিব নোৱাৰিলোঁ!
এটা সময়ত বিহাৰী ভায়েও দীঘল দিলে ময়ো দীঘল দিলোঁ৷
….ঢাম..ঢাম…ঘাটাং…ঘেটেং…কঁওচ…কঁচ…ধাৰাম…ধাম..ধাম…ঝেং..ঝেং…ঝাং…ঝাং…
হঠাতে শুই থকাৰ পৰা উফৰি যাওঁ যেন হ’লোঁ৷ লগতে বিকৎ শব্দ! মোৰ এনে লাগিল ট্ৰেইনখনৰ কিবা এক্সিডেণ্ট হ’ল! লগে লগে একেজাপে উঠিলোঁ৷ বিহাৰী ভাই মোতকৈও আগতে উঠিছিল৷ হয়তো ট্ৰেইনখন কোনোবা তীখাৰ ব্ৰীজ পাৰ হৈছিল বা বেলেগ ৰেলৰ কাষেৰে পাৰ হৈছিল৷ দুয়োটাই ইটোৱে সিটোৰ চকুলৈ চালো৷ ডবাটো অস্বাভাৱিক ধৰণৰে ইফালৰ পৰা সিফাললৈ লৰিছে৷ এনেকুৱা লাগিছে ডবাটো ছিগি ক’ৰবাত থাকি আহিব..! লাইনৰ পৰা নামি গৈ যেন কাষৰ আন্ধাৰ পথাৰেদি দৌৰিব৷ আৰু ডবাটোৰ কম্পনাংক যদি ভূমিকম্প জোখা যন্ত্ৰটোৰে জোখা হয়; মোৰ ধাৰণা মতে ৰিখটাৰ স্কেল এশমান পাৰ হৈ যাব চাগে’! ডবাটোৰ দুৱাৰ খিড়িকী, মজিয়া, চিলিং, চিট, চকা, স্প্ৰীং পাটি কিহে চিঞৰি উঠা নাই…!
আচলতে ৰাজধানীয়ে আচল গতিটো তেতিয়া লৈছিলহে৷ প্ৰতি ঘণ্টাত এশ কিলোমিটাৰতকৈও অধিক বেগত যোৱা ৰাজধানীয়ে পিচফালে যিটো ডবা চুলিত ধৰি চোচোঁৰাই নিয়াৰ দৰে নিছে সেই ডবাটোৱে জন্মৰ পৰা কিজানি প্ৰতি ঘণ্টাত চল্লিচ পঞ্চাশৰ ওপৰত যোৱা নাই৷ তদুপৰি তাৰ অলপ দূৰে দূৰে জিৰাই শঁতাই যোৱা অভ্যাস এটাও আছে৷ তাৰ ওপৰত ডবাটো খালী টিং এটাৰ দৰে পাতল হৈ আছে৷ ডবাটোৰ পেটত খুদ একণ নাই৷ মাত্ৰ দুটা মানুহ৷ অৱশ্যে বাটত যদি আৰু দুটা তিনিটা মানুহ পিছলৈ উঠিছেও গম পোৱা নাই৷ গতিকে দুৰ্বল বেমাৰী বৃদ্ধ ভোকাতুৰ মানুহ এটাক কোনোবা সবল মানুহ এটাই ডিঙিত ৰচী বান্ধি টানি দৌৰালে যিটো অৱস্থা হ’ব সেইটোৱেই আমাৰ ডবাটোৰ ক্ষেত্ৰত হৈছে৷ প্ৰকৃততে আমাৰ ডবাটো দৌৰা নাই৷ প্ৰাণকাতৰ আৰ্তনাদ কৰি চুচঁৰিহে গৈছে….
টোপনি আৰু নাহিল৷ আতংকৰ ভাৱ এটা লৈ ১০০ ৰিখটাৰ স্কেলৰ ভূমিকম্প আৰু ধুমুহাৰ মাজত ইফালে সিফালে হালি জালি আৰু কিছুমান অদ্ভুত বিকৎ ধাতৱ শব্দৰ মাজেদি বেছিভাগ সময় বহি বহিয়েই পাৰ কৰি দিলোঁ৷ বিহাৰী ভাইৰো একেই অৱস্থা……
পুৱা গুৱাহাটী পালোঁহি৷ ময়ো ৰাজধানীৰ পৰাই নামিলোঁ৷ কিন্তু মাত্ৰ আঁঠশ মিটাৰমান পিছফালে৷ একো নাই…খন্তেক পাছতেই মোৰ মুখলৈয়ো নিজে নিজেই ৰাজধানীৰ পৰা নমা অসাধাৰণ ব্যক্তিত্ব এটা বিয়পি পৰিল৷ মূল সুঁতিৰ সৈতে সুন্দৰ ভাৱে মিলি পৰিলোঁ…..!

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক