ৰাজনীতি আৰু বিজ্ঞান (অংশুমান বৰগোহাঁই)

বিজ্ঞানৰ লগত ৰাজনীতিৰ সম্পৰ্ক অতি পুৰণি। সমাজৰ উন্নতিৰ বৃহদাংশ নিৰ্ভৰ কৰে বিজ্ঞানৰ প্ৰগতিৰ ওপৰত। বিশ্বযুদ্ধ তথা শীতল যুদ্ধৰ সময়ত ৰাজনীতি আৰু বিজ্ঞান প্ৰায় এক হৈ পৰিছিল। সেই সময়ত আমাৰ ভাৰতবৰ্ষত এই সম্পৰ্ক বাৰু কেনে আছিল?


স্বাধীনতাৰ মাথো দুবছৰ পাছৰ কাহিনী এয়া। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰু গৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘প্ৰিন্সটন বিশ্ববিদ্যালয়’লৈ, ‘আপেক্ষিকতাবাদ’ তত্বৰ পিতৃ আইনষ্টাইনক লগ কৰাৰ মানসেৰে। আইনষ্টাইনৰ তেতিয়া ভাৰতবৰ্ষৰ লগত সম্পৰ্ক অতি মধুৰ (কাৰণ সত্যেন্দ্ৰনাথ বসু-এলবাৰ্ট আইনষ্টাইন তেতিয়া কোৱাণ্টাম বিজ্ঞানৰ এক যুগান্তকাৰী যুতি)। সম্ভাষণ প্ৰসংগতে আইনষ্টাইনে নেহৰুক সোধে, “ড° নেহৰু, বসুৰ খবৰ কেনে”? নেহৰু অবাক হৈ আইনষ্টাইনলৈ চাই কয়, “অ’ আপুনি বোধহয় অৱগত নহয়; আপোনাক জনাব পাই মই অতি দুঃখিত যে আজি কেইবছৰমান আগতেই এক বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হয়। তেতিয়া আকৌ আইনষ্টাইনৰহে চকু কপালত উঠিল, “এয়া আপুনি কি কয়!! যোৱা মাহত দেখোন মই তেখেতৰ পৰা এখন চিঠি পাইছোঁ!”। নেহৰুৱে অতি আশ্চৰ্যৰে আইনষ্টাইনলৈ চাই সোধে, “তেন্তে আপুনি কোন বসুৰ কথা সুধিছে”? আইনষ্টাইনে নেহৰুৰ ভুলটো ভাঙি দি কয় যে তেওঁ সুভাষ চন্দ্ৰ বসু নহয় সত্যেন্দ্ৰনাথ বসুৰ কথাহে সুধিছে।
সত্যেন্দ্ৰনাথ বসু নামৰ এজন ভাৰতীয় বিজ্ঞানীয়ে পদাৰ্থবিজ্ঞান জগতত যে খদমদম লগাই আছে, নেহৰু তিলমানো অৱগত নাছিল। এয়াই আছিল বিজ্ঞানৰ প্ৰতি আমাৰ ৰাজনীতিজ্ঞ সকলৰ সচেতনতাৰ নিদৰ্শন। আজি স্বাধীনতাৰ ৬৬ বছৰৰ পাছতো এই সচেতনতা কিমান বাঢ়িছে সেয়া সন্দেহৰ আৱৰ্ত্তত।

 

(ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰফেচৰ গৌৰাংগধৰ বৰুৱাদেৱৰ লগত চাহৰ জুতিলৈ চলা এক আড্ডাৰ আধাৰত)।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments