ৰাজনীতি (নয়নজ্যোতি শৰ্মা)

মই এটা দলক নেতৃত্ব দি আগবঢ়াই লৈ গৈ আছোঁ। প্ৰতি পাঁচ বছৰমানৰ মূৰে মূৰে ইয়াত এক যাত্ৰাৰ আয়োজন কৰা হয়। এই যাত্ৰাৰ লক্ষ্যস্থান প্ৰগতিৰ এক তীৰ্থ। এক বৃহত্সংখ্যক মানুহে কৰা এই যাত্ৰা এন্ধাৰৰ পৰা কম এন্ধাৰলৈ, পোহৰৰ পৰা বেছি পোহৰলৈ, অশান্তিৰ পৰা কম অশান্তিলৈ। কিন্তু সকলো যাত্ৰাতে লাগে এজন অগ্ৰগামী। কোনোবা এজন যিয়ে দলটোক প্ৰতিনিধিত্ব কৰিব। কোনোবা এজন যিয়ে বোকা-পানীখিনি ফালৰি কাটি আহিবলৈ মানুহ খিনিক ক’ব লাগিব। মই সেইজন মানুহ।
এই পথটোত ময়ো অভিজ্ঞ নহয়। ময়ো এই জনগণৰ মাজৰে এজন। মই কেনেকৈ নেতা হ’লোঁ? নাই নাই, এয়া গণতন্ত্ৰ। মোৰ দেউতা, ককাদেউতা সকলোৱে বহুবাৰ এই পথেটোৰে গৈ লক্ষ্যস্থান পাইছেগৈ। তেওঁলোকৰ নাম আজিও মানুহে মনত ৰাখিছে। অৱশ্যে কেতিয়াবা সৰু শিলগুটি এটা দুটাত তেওঁলোকে উজুটি নোখোৱা নহয়, খাইছে। কিন্তু উজুটি খোৱাৰ পিছতো যিয়ে নিজকে চম্ভালি পুনৰ যাত্ৰাত ৰত হয় তেওঁ হে প্ৰকৃত যাত্ৰী-এয়া মোৰ দেউতাৰ কথা। দেউতাই মোক এই বাটটোৰ কথা সৰুৰে পৰা কৈ আহিছে। কোনফালেৰে বাটটো চুটি, কোনফালেৰে দীঘল, কোনফালেৰে গ’লে কিছু কষ্ট হ’লেও লাভালাভ বেছি, কোনটো বাট আয়াসতে পাৰ কৰিব পাৰিলেও তেনে কোনো লাভৰ আশা নাই, কোনফালেৰে মায়াজাল, কোনফালেৰে মানুহখিনিৰ বিপদ হ’লেও নিজক বচাই লোৱাৰ সুৰংগ। আৰু দেউতাৰ কথাবোৰ শুনি শুনি এনে লাগে যেন ময়ো এই বাটটোৰে ইতিমধ্যেই অহা-যোৱা কৰিছোঁ। প্ৰতিটো কেকুঁৰি চিনি পোৱা হৈছো। বাটৰ কাষৰ বিহ-ঢেঁকীয়াৰ গোন্ধ পাই গৈছোঁ।
 
যিটো দীঘলীয়া প্ৰক্ৰিয়াৰে মোৰ নিৰ্বাচন হ’ল সেয়া আন এখন মহাভাৰত। কোনো কোনোৰ মতে মই নতুন, এই পথত যাত্ৰা কৰাৰ অভিজ্ঞতা মোৰ নাই, তেওঁলোকৰ মতে কোনো এদিন ৰাতি বাটত খলা-বমা পালে পোহৰটো কেৱল নিজৰ বাবে ৰাখি মই যাত্ৰীসকলক পাহৰি যাম, কেৱল নিজৰ লাভ হোৱাৰ আশা থকা উপপথবোৰত খোজ দিম। তেওঁলোকৰ মতে অভিজ্ঞ কোনো লোককহে দলপতিৰ বাব দিব লাগে। কিন্তু ইমান কেইবছৰচোন অভিজ্ঞসকলেই এই যাত্ৰাৰ নেতৃত্বত আছে, তথাপিওতো কোনো যাত্ৰী নিখোজ হোৱা, কোনো কোনো যাত্ৰী বিভিন্ন দুৰ্ঘটনাত পতিত হোৱা, কোনো কোনো কৰ্পদকশূণ্য হোৱা আদিৰ দৰে ঘটনাবোৰ হৈয়েই আছে। বহুতেই বহুতবাৰ ৰাস্তা পাহৰি একেখিনি ঠাইতে দলটোক পৰুৱাই পোৱাৰ দৰে ঘূৰাই থকা নাইনে? অথবা নিজৰ লাভৰ বাবে একো একোবাৰ ভুল লক্ষ্যস্থানলৈ লৈ যোৱা নাইনে? বহু যুক্তি-তৰ্ক কৰি মই এই পদটি পাইছোঁ। আৰু মই বিশ্বাসী যে কতো একো বিজুতি নঘটাকৈ মই সুকলমে দলটোক নি লক্ষ্যস্থান পোৱামগৈ।
আৰু সেই নিৰ্বাচনত জয়ী হোৱাৰ পিছৰে পৰা মই আগে আগে বুকু ডাঠি গৈ আছোঁ। এতিয়ালৈকে যিখিনি বাট আহিলো সেইখিনি বাট যথেষ্ট সুচল। হয় মই মাজে মাজে দুই এটা ঠিয় গৰা পাইছোঁ। বিষাক্ত বন-বগৰীৰ মোক-খা মোক-খা কৰি থকা বাৰী এখনো পাইছো। কিন্তু মই মোৰ দলটিৰ সুৰক্ষাক আগস্থান দি নিৰাপদে সেই বিপদখিনি পাৰ হৈ আহিছোঁ। আৰু মোৰ মনে কৈছে এতিয়াৰ পৰাহে আচল বিপদসংকূল পথছোৱা আৰম্ভ হ’ব। কাৰণ মই দেখিবলৈ পাইছো ইয়াৰ আগৰ বাটছোৱা এঢলীয়া হৈ ওপৰলৈ উঠি যোৱা আৰু আকাশখন কেৱল সু-উচ্চ গিৰিশৃংগৰে ভৰা। তাতোকৈয়ো ডাঙৰ কথা, মই আহি প্ৰথমখন জিৰণি চ’ৰা পাইছোহি।
ইতিমধ্যে অতিক্ৰম কৰা পথছোৱাৰ ভাগৰখিনি হাতে-ভৰিয়ে বিয়পি গৈ যাত্ৰীসকলক অৱশ কৰি তোলা সময়তে আমি জিৰণি চ’ৰাখন পালোঁ। মই ভিতৰলৈ সোমাই এক মিতব্যয়ী চুক্তি কৰি দলটিৰ জিৰণিৰ ব্যৱস্থা কৰিলোঁ। এই ঠাইখিনিৰ কথা দেউতাই মোক কৈছিল, খুব ভালকৈয়ে কৈছিল। দেউতাই কৈছিল এজন দলপতিৰ ভাগ্যনিৰূপণৰ স্থান এই চ’ৰাখনেই। কৈছিল ইয়াত খেপ লৈ থকা বিবেকক পমুৱাই নিব পৰা বিভিন্ন লোভ লগা প্ৰস্তাৱ হাতত লৈ থকা বেপাৰীবোৰৰ কথা। মই পঢ়িছিলোঁ যে তেওঁহে এজন দলপতি যিয়ে ইয়াত ভাল প্ৰস্তাৱবোৰ গ্ৰহণ কৰে, আৰু তেওঁহে এজন সঠিক দলপতি যিয়ে ইয়াত কোনো প্ৰস্তাৱ গ্ৰহণ নকৰে।
দিনটোৰ ভাগৰত লেবেজান দলটোৰ মানুহখিনি সোনকালেই লালকাল দিলে। সকলো শোৱাৰ পিছত মোৰ আচুতীয়া কোঠাত আচল পোহাৰখন আৰম্ভ হ’ল। এজন এজনকৈ মোৰ ওচৰলৈ বিচিত্ৰ মানুহ কিছুমানে বিচিত্ৰ প্ৰস্তাৱ লৈ আহিল। কিছুমানে নিজৰ লাজ-মানৰ পোচাকবোৰ খুলি থৈ নতুনকৈ চিলোৱা স্বাৰ্থপৰতাৰ পোচাকবোৰ পিন্ধি আহিল, কিছুমানে গাত সানি অহা বিদেশী আতৰৰ গোন্ধ মই দূৰৰ পৰাই চিনি পালোঁ। লোভত ৰঙা হৈ পৰা চকুৰে মানুহৰ পৰা পিশাচ হৈ পৰা সিহঁতবোৰৰ বিভিন্ন কথাই মোক জোকাৰি তুলিলে। ইমান ষড়যন্ত্ৰ, ইমান ভণ্ডামি, প্ৰগতিকামী এই জনগণৰ লগত ইমান বিশ্বাসঘাতকতাৰ প্ৰস্তাৱ।
 
পিছদিনা পুৱাৰে পৰা আমাৰ যাত্ৰা আকৌ আৰম্ভ হ’ল। নতুন বেলিটোৱে সকলোকে আগুৱাই যাবলৈ মনত জোৰ দিলে। আকৌ আৰম্ভ কৰিলোঁ মোৰ যাত্ৰা, এদল মানুহক বাট দেখুৱাই লৈ যোৱা যাত্ৰা, নিজৰ মাজত নিজকে বিচাৰি পোৱাৰ যাত্ৰা। এঢলীয়া বাটটোৰে ক্ৰমাৎ উঠি গৈ থাকিলোঁ। বাটৰ দুইকাষৰ জোপোহাবোৰ ক্ৰমে ডাঠ হৈ আহিবলৈ ধৰিলে। মোৰ উশাহবোৰ লাহে লাহে ঘন হৈ আহিল। আৰু পৰৱৰ্তী কেকুঁৰিটো ঘূৰিয়েই আমি বিখ্যাত দোমোজাৰ দু-আলি আহি পালোঁ। দলটোৰ মানুহবোৰৰ ভাগ্য নিৰ্ণায়ক সেই ক্ষণ, মোৰ আত্মাৰ অগ্নিপৰীক্ষাৰ মুহূৰ্ত্ত। মোৰ সন্মুখৰ এটা স্থানৰ পৰা দুটা আলি খহটা হাতেৰে বনোৱা কেটেপা এটাৰ দৰে দুভাগ হৈ এটা সোঁফালে এটা বাওঁফালে ফালৰি কাটি গৈছে। দুয়োটা পথৰে অন্ত কিন্তু এটা স্থানতেই। বেলি আৰু জোনটোৱে বেলেগে বেলেগে পৰিক্ৰমণ কৰি থাকি ঢলপুৱা আৰু গধূলি (কেতিয়াবা) একেলগ হোৱাৰ এই আলি দুটাৰো জন্ম আৰু লুপ্তিস্থান একে। পাৰ্থক্য মাথো ইয়াৰ পৰিক্ৰমাৰ। ইয়াৰে প্ৰথমটো পথ অতিকৈ সূচল। দলিছা পৰা বাট, বাটৰ দুয়োকাষে পানীৰ ফোৱাৰা, ঠায়ে ঠায়ে জিৰাই শতাই ল’বলৈ বৃক্ষৰ ছাঁ, সুস্বাদু ভোজনালয়, আয়াসবহুল কিন্তু বহু দীঘল। আনহাতে এইটো পথৰ আধাতকৈও কম হ’লেও দ্বিতীয় পথটি দুৰ্গম। পাহাৰৰ বুকু ভাঙি ক্ষীণ নৈ এখনৰ দৰে পথটো বৈ গৈছে। হয়তো মাজে মাজে কোনো হিংস্ৰ জন্তুৰ চোং, বনৰীয়া বিহফলৰ দুষ্ট আমন্ত্ৰণ, খোৱাপানীৰ নাটনিৰ ভয়। খোজৰ অভাৱত একালত থকা লুংলুঙীয়া বাটটোৰো মাৰ যাওঁ যাওঁ চিন। কাৰণ বেছিভাগ দলপতিয়ে বাছি লয় প্ৰথমটি পথ। কোনেনো ভাবে দূৰ ভৱিষ্যৰ কথা। প্ৰথম বাটটোৰে যোৱা আৰু বুজন পৰিমাণৰ ধন লোৱা, এয়া যে জিৰণি চ’ৰাৰ প্ৰতিজন সদাগৰৰ প্ৰস্তাৱ। প্ৰথমবাটটোৰে গ’লে দলপতিৰ সুৰক্ষা নিশ্চিত, জনতাক যিমান পৰিমাণৰ আভুৱা ভৰিব পাৰে সিমানেই তেওঁৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। কাৰণ এই আৰামদায়ক দীঘলীয়া পথত ঠায়ে ঠায়ে আছে সদাগৰবোৰৰ পইচা অৰ্জন কৰাৰ বিভিন্ন কূট-কৌশল, যাত্ৰীসকলক ইন্দ্ৰজালেৰে সন্মোহিত কৰি লুণ্ঠন কৰাৰ পৰিকল্পনা। আনহাতে দ্বিতীয় চুটি, দুৰ্গম পথটিৰে গ’লে দলপতি আৰু যাত্ৰীৰ কোনো ভিন পৰা নাই, কাৰো বৰ লাভ নাই, কিন্তু অলপো লোকচানো নাই। সোনকালে লক্ষ্যস্থানত উপনীত হৈ মানুহবোৰৰ ভাগৰ জিৰোৱাৰ থল থাকে। যাত্ৰীসকলৰ বেছিভাগৰে এই সম্পৰ্কে কোনো জ্ঞান নাথাকে। অচিন পথত তেওঁলোক নেতৃত্বৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। যি দুই এজনে মাত মাতে তেওঁলোককো লাভৰ কিছু অংশ দি মুখবন্ধ কৰি থোৱা হয়।
 
শুনি আহিছোঁ এই স্থানত গঢ়ি উঠা বিয়াগোম নেতাৰ কথা, পঢ়ি আহিছোঁ এই স্থানত গঢ় লোৱা মানুহৰূপী মহাত্মাৰ কথা। এতিয়া মোৰ সমুখত এই কঠোৰ সিদ্ধান্তৰ দায়িত্ব। নিজৰ কথা ভাবিম নে দহৰ। বিভিন্ন কথাই মোৰ মনত ঢৌ খেলি গ’ল। মোক নিৰ্বাচন কৰাৰ সময়ত মানুহবোৰৰ মুখত ফুটি উঠা আশাবোৰে ঢৌটোক আৰু অধিক প্ৰৱল কৰি তুলিলে। মোৰ হকে দায়িত্ব হাতত লোৱা সমৰ্থকবোৰৰ আনন্দৰ কথা মনত পৰাত ঢৌটো যেন অবাধ্য হৈ পৰিল। সৰ্বশেষত দলটোৰ মানুহবোৰৰৰ লক্ষ্যস্থান পোৱাৰ পিছত যি পৰিতৃপ্তি ফুটি উঠিব, মোৰ প্ৰতি যি বিশ্বাসৰ উদ্ৰেক হ’ব সেই ভাৱটোৱে মোৰ মনৰ দ্বিধাৰ বান্ধ উটুৱাই নিলে। দ্বিতীয় পথটোৰ ফালে দলটোক আগবঢ়াই নিলোঁ মই।
আগদিনা ৰাতি জিৰণী চ’ৰাত শেষৰ ফালে মই এজন আচহুৱা সদাগৰক লগ পালোঁ। মানুহজনৰ দৰেই আচহুৱা তেওঁৰ প্ৰস্তাৱটি মই গ্ৰহণ নকৰি নোৱাৰিলোঁ। চুক্তিমতে মই সোঁতৰ বিপৰীতে উজাই গৈ ৰাইজৰ স্বাৰ্থৰ হকে বিপদসংকুল পথটিত খোজ দিম। ই মোক সকলোৰে বিশ্বাসৰ পাত্ৰ কৰি তুলিব। আৰু পৰৱৰ্তী যাত্ৰাত ই মোক নেতৃত্ব প্ৰদানত সহায় কৰিব। সেইবাৰো মই মোৰ দলৰ সুবিধাক আগস্থান দিম। আগৰবাৰ যদি সেই বিশ্বাস সাগৰৰ বালিত অকাঁ ৰেখাডালৰ দৰে ঢৌৰ ভয়ত কম্পমান আছিল, পিছৰবাৰ সি শিলত অকাঁ ৰেখা হৈ পৰিব। ডাঠ বৰণৰ খহটা শিলত বগা, কঠোৰ কুটিল বিশ্বাস। আৰু মোৰ দলপতিৰ স্থান হৈ ৰ’ব প্ৰতিষ্ঠিত, প্ৰতিদ্বন্দীৰহিত। আৰু তেতিয়া মই সুবিধা ল’ম সেই আচহুৱা সদাগৰৰ পৰা, যিয়ে প্ৰথম দুবাৰো অৱশ্যেই সকলোৰে অলক্ষিতে মোক লভ্যাংশ নিদিয়াকৈ নেৰিব।
 

Subscribe
Notify of
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক