ৰাজাৰামঃ ব্যক্তি নহয় যেন এক আন্দোলনহে – পাৰ্থজ্যোতি বৰুৱা

চৰকাৰী শিক্ষাখণ্ডৰ এটা বহুচৰ্চিত শব্দ হৈছে OSC (Out of School Children) অৰ্থাৎ বিদ্যালয় বহিৰ্ভূত শিশু৷ বিভিন্ন কাৰণত বিদ্যালয়লৈ নহাকৈ থকা বা আধাতে বিদ্যালয় এৰি দিয়া শিক্ষাৰ্থীসকলক OSC বুলি কোৱা হয়৷ শিক্ষাৰ অধিকাৰ আইন ২০০৯ বলবৎ হোৱাৰ পাছতো সম্প্ৰতি ভাৰতত আঠ কোটিৰো অধিক শিশু বিদ্যালয় বহিৰ্ভূত হৈ আছে৷ OSC ৰ পৰিমাণ এনেকুৱা হাৰত বৃদ্ধি পাবলৈ লৈছে যে দেশৰ হেজাৰ হেজাৰ চৰকাৰী বিদ্যালয়ত ইতিমধ্যে তলা ওলমিবলগীয়া অৱস্থাও সৃষ্টি হৈছে৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ কাজেই ভাৰতৰ মানৱ সম্পদ মন্ত্ৰালয়ত এই শিশুসকলক লৈ নিতৌ নতুন নতুন চিন্তন আৰম্ভ হৈছে আৰু মৰহিছে৷ সি যি কি নহওক, এই লেখাটোত আমি OSC ৰ বিষয়ে আলোচনা কৰিব খোজা নাই৷ আমি ক’ব বিচাৰিছোঁ এজন শিক্ষকৰ কথা যিজনে কঠোৰ সংগ্ৰামৰ মাজেৰে কিদৰে নিজৰ বিদ্যালয়ত তথা নিজৰ অঞ্চলটোত OSC ৰ পৰিমাণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে৷

                                                   

ৰাজাৰাম নাইক৷ কৰ্ণাটকৰ উৰুপি জিলাৰ বাৰালি চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শাৰীৰিক শিক্ষাৰ শিক্ষক তেওঁ৷ বহু বিদ্যালয়ৰ দৰে ৰাজাৰামৰ বিদ্যালয়তো লাহে লাহে কমি আহিছিল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা৷ কেৱল কমি অহাই নহয়, ছাত্ৰ ছাত্ৰীৰ অভাৱত বিদ্যালয়খন বন্ধ হৈ যোৱাৰো উপক্ৰম হৈছিল৷ ৰাজাৰাম নাইকৰ লগতে আন শিক্ষকসকলক বিষয়টোৱে চিন্তাত পেলাইছিল৷ অনেক প্ৰচেষ্টা হাতত ল’লে তেওঁলোকে৷ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ গৈ অভিভাৱকক অনুৰোধ কৰিলে সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ৷ শিক্ষাৰ অধিকাৰ আইন আৰু শিশুশিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়েও অভিভাৱকক সজাগ কৰিবলৈ যত্ন কৰিলে৷ পিছে ফল নধৰিলে৷ হতাশ হ’ল ৰাজাৰাম সহিতে বিদ্যালয়ৰ শিক্ষকসকল৷ এইবাৰ ৰাজাৰাম নাইকে বিশ্লেষণ কৰিলে বাৰালিৰ ছাত্ৰ- ছাত্ৰীসকল বিদ্যালয়লৈ নহাৰ কাৰণ৷ বিশ্লেষণত ওলাই পৰিল বাৰালিৰ দুৰ্গম হাবিতলীয়া পথেই ইয়াৰ ঘাই কাৰণ৷ তিনি/চাৰি কিলোমিটাৰ হাবিতলীয়া দুৰ্গম, বিপদসংকুল পথেৰে খোজকাঢ়ি সন্তানক বিদ্যালয়লৈ পঠিওৱাত আগ্ৰহী নহয় বাৰালিৰ অভিভাৱক৷ তাতকৈ ভাল ব্যক্তিগত খণ্ডৰ বিদ্যালয়, স্কুলবাছৰ ব্যৱস্থা থাকে৷

তাৰপাছত আৰু বহি নাথাকিল ৰাজাৰাম৷ বন্ধ হ’বলৈ ধৰা বিদ্যালয়খন বচাবলৈ কিবা এটা কৰিবই লাগিব৷ কিবা এটা মানে অন্য একো নহয়, এখন স্কুলবাছ লাগিব৷ পিছে চৰকাৰী বিদ্যালয়ত স্কুলবাছ কিদৰে সম্ভৱ? দৃঢ়মনা ৰাজাৰামে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিলে বিষয়টো৷ সকলোৰে সহায় বিচাৰিলে৷ বাছ এখন কিনিব, ধন লাগে৷ ৰাজাৰামৰ একাগ্ৰতাই অন্তৰ জিনিলে সকলোৰে৷ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিয়েই যেনেকৈ পাৰে বৰঙনিৰে ৰাজাৰামক উৎসাহিত কৰি থাকোতেই অন্য এজন প্ৰাক্তন ছাত্ৰ তথা উদ্যোগপতি বিজয় হেজে শিক্ষক ৰাজাৰামৰ আন্তৰিকতাক সন্মান জনাই বিদ্যালয়খনলৈ দান কৰিলে এখন স্কুলবাছ৷ ৰাজাৰামে যেন সৰগহে ঢুকি পালে৷ পিছে হাতী কিনিবলৈ যিমান ধন লাগে পুহিবলৈ তাতকৈ বেছি লাগে৷ কি কৰা যায়? তেনেতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সিদ্ধান্ত ল’লে যে বাছৰ ইন্ধনৰ খৰচ তেওঁলোকে বহন কৰিব৷ দুগুন উৎসাহেৰে ৰাজাৰামেও ঘোষণা কৰিলে, বাছৰ পঞ্জীয়ন, বীমা, আয়কৰ আৰু মেৰামতিৰ খৰচ (বছৰি প্ৰায় বিশ হেজাৰ) তেওঁ দৰমহাৰ পৰা বহন কৰিব৷ মুঠতে অঞ্চলটোৰ সকলো ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত বিনামূলীয়া শিক্ষা পাব লাগে আৰু ঐতিহ্যমণ্ডিত বিদ্যালয়খন জীয়াই থাকিব লাগে৷ বাছৰ মেৰামতিৰ খৰচ বহন কৰিম বুলি দায়িত্ব লোৱা ৰাজাৰামক পৰিয়ালৰ লোকেও উদগনি যোগালে৷ গভীৰ আত্মবিশ্বাস আছিল যদিও ৰাজাৰামে ভবা নাছিল পৰিকল্পনাবোৰ ইমান নিয়াৰিকৈ আৰু সহজে বাস্তৱ হ’ব বুলি৷ সকলো হ’ল৷ এতিয়া লাগে এজন চালক৷ চালকৰ বেতনৰ নামতো লাগিব ভালেমান ধন৷ ক’ত পাব? কোনে দিব? অৱশেষত শেষ সমস্যাৰ সমাধানো ৰাজাৰামেই উলিয়ালে৷ বাছ তেওঁ নিজে চলাব৷ হৈ গ’ল৷ কথামতেই কাম৷ গধুৰ বাহন চলাব পৰাকৈ তেওঁ এখন চালকৰ অনুজ্ঞাপত্ৰও উলিয়াই ল’লে৷ সেয়া ২০১৭ চনৰ জুন মাহৰ কথা৷

আৰম্ভ হৈ গ’ল বাৰালি চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়লৈ বিনামূলীয়া স্কুলবাছেৰে ছাত্ৰ-ছাত্ৰী অনা নিয়া কৰা অভিযান৷ গোটেই অঞ্চলতে বিৰাট এক আলোড়ন সৃষ্টি হ’ল৷ কেৱল বাৰালিতেই নহয় উৰুপি জিলাত আৰু ক্ৰমে সমগ্ৰ কৰ্ণাটকতেই চৰ্চিত হ’ল ৰাজাৰাম নাইক৷ ৰাজাৰাম এজন ব্যক্তি নহয় এক আন্দোলন হৈ পৰিল৷ প্ৰশংসিত হ’ল বিদ্যালয়খনৰ শিক্ষকৰ লগতে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকল৷ ৰাইজৰ আশীৰ্বাদেৰে পুষ্ট হ’ল বিজয় হেজ নামৰ প্ৰাক্তন ছাত্ৰজন৷ এটা শুদ্ধ বিশ্লেষণ আৰু এক সুপৰিকল্পনাই বিদ্যালয়খনক অভূতপূৰ্ব সফলতা আনি দিলে৷ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাঢ়িল, নামভৰ্তি বাঢ়িল আৰু লগে লগে বাৰালি অঞ্চলত OSC ৰ হাৰ কমিল৷ বুকুফিন্দাই চলি থাকিল ৰাজাৰামৰ স্কুলবাছ, চলি থাকিল শাৰীৰিক শিক্ষা, বিজ্ঞান আৰু অংকৰ শিক্ষণ৷

পুৱা ৮ বজাতেই ঘৰৰ পৰা স্কুলবাছ লৈ ওলাই যায় ৰাজাৰাম৷ চাৰিটা গোটত ভাগ কৰি লৈছে ছাত্ৰ ছাত্ৰীসকলক৷ বিভিন্ন ঠাইৰ পৰা চাৰিবাৰত বিদ্যালয়লৈ নি শেষ কৰে সকলো ছাত্ৰ- ছাত্ৰীক৷ বিদ্যালয় ছুটিৰ পাছত আকৌ চাৰিবাৰত ঘৰত থৈ আহেগৈ৷ দিনটোত মুঠতে আঠবাৰ অহাযোৱা কৰে ৰাজাৰামৰ স্কুলবাছ৷ আঠবাৰ অহাযোৱা কৰোঁতে ৰাজাৰামক প্ৰয়োজন হয় দুঘণ্টা সময়ৰ৷ শিক্ষক হিচাপে বিদ্যালয়ত সকলো দায়িত্ব নিষ্ঠাৰে সমাপন কৰাৰ পাছতো অতিৰিক্ত দুঘণ্টা সময় ব্যয় কৰে ৰাজাৰামে৷ বিৰক্ত হৈ নপৰেনে তেওঁ? নপৰে৷ নিষ্পাপ শিশুসকলৰ লগত দুঘণ্টা বেছিকৈ কটাবলৈ পোৱাৰ বাবে ৰাজাৰামে নিজক সৌভাগ্যবান বুলিহে ভাবে৷ অত্যন্ত সুখী তেওঁ৷

প্ৰধান শিক্ষয়িত্ৰীয়ে ৰাজাৰামক বিদ্যালয়খনৰ ভগৱান আখ্যা দিছে৷ ৰাজাৰামে পিছে কয়- “এইয়া মই অকলে কৰা নাই, সকলোৰে আন্তৰিকতাৰ বাবেহে এইয়া সম্ভৱ হৈছে৷” বাৰালিৰ স্থানীয় ৰাইজ, অভিভাৱক, প্ৰাক্তন ছাত্ৰ, বিদ্যালয়ৰ শিক্ষক সকলোৰে মনত এতিয়া গদ্গদ গভীৰ আত্মবিশ্বাস- বিদ্যালয়খন এদিন বিশ্বতে জিলিকি উঠিব, বাৰালি শিক্ষাৰ পোহৰে আলোকময় হ’ব৷ পিছে দুশ্চিন্তা এটা নথকা নহয়৷ ৰাজাৰামক যদি কেনেবাকৈ বেলেগ বিদ্যালয়লৈ বদলি কৰি লৈ যায় শিক্ষাবিভাগে? কোন হ’ব পৰৱৰ্তী বাৰালিৰ ৰাজাৰাম?

কোনেও কামনা নকৰে ৰাজাৰামৰ বদলি৷ আমিও নকৰোঁ৷ আপুনিও নকৰিবই নিশ্চয়৷ সকলোৱে আশা কৰিম ৰাজাৰাম বাৰালি চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰে শিক্ষক হৈ থাকক৷ বাৰালিতে চলি থাকক ৰাজাৰামৰ স্কুলবাছ৷ কিন্তু সমান্তৰালভাৱে আশা কৰিম, ভাৰতৰ প্ৰতিখন বিদ্যালয়তে সৃষ্টি হওক একোজনকৈ ৰাজাৰাম নাইক৷ নিজৰ পৰা সমূহলৈ চিন্তা কৰা একোজন শিক্ষাব্ৰতী মানুহ৷■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments