ৰাজীৱ আংকল (ৰাজীৱ শইকীয়া)

হাইস্কুল উত্তীৰ্ণ হৈ থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতে প্ৰথম বাৰ্ষিকত নাম লগালোঁ। লগৰবোৰৰ প্ৰায় সংখ্যকেই লগতেই থাকিল যদিও পঢ়াত ভাল কিছুমানে কটনত নাম লগালে আৰু কিছুমান নতুনকৈ আহিল বেলেগ বিদ্যালয়ৰ পৰা। দেউতাকৰ ট্ৰেন্সফাৰৰ বাবে মিতালী নামৰ ছোৱালী এজনীয়েও বাহিৰৰপৰা আহি আমাৰ স্কুলতেই নাম লগালে। মিতালী… আস। প্ৰথম দেখাৰ পৰাই আমাৰ লগৰ ল’ৰাগালৰ সকলোৰে তাই সপোনৰ ৰাণী। যেন তাই সেইসময়ত ৰিলিজ হোৱা ‘মেইনে প্যাৰ কিয়া’-ৰ ভাগ্যশ্ৰী। কিন্তু ল’ৰাবোৰৰ লগত মাতবোল কৰা পিছৰ কথা, চাৱনি এটাও নাই।
 
আমাৰ ল’ৰাবোৰৰ কিন্তু সাংঘাটিক পৰিৱৰ্তন এটা আহিল। সদায় ইষ্ট্ৰি কৰা উইনিৰ্ফম, জেল লগোৱা চুলিৰ নতুন ষ্টাইল, কাহানিও পানীৰ স্পৰ্শ নোপোৱা কিন্তু সদ্য পৰিস্কৃত হিৰ’ ৰেনজাৰ চাইকেল, পিঠিত লোৱা ডিজাইনাৰ বেগ ইত্যাদি। নাই, তথাপিও মিতালীৰ কাৰোলৈ কাণসাৰ নাই। কিন্তু আগৰেপৰা একেলগে পঢ়া কৰবীহঁতৰ আমাৰ ওপৰত অনবৰতে সৰ্তক চকু।
কৰবী… আমাৰ ঘৰৰ পৰা তিনিটা ঘৰ পাৰ হৈ সিহঁতৰ ঘৰ। মোৰ একেবাৰে লগৰ। ক্লাছ ওৱানৰ পৰা একেলগে পঢ়া, খেলাতকৈ বেছি কাজিয়া কৰা, চুলিয়া-চুলি, শেষত কন্দা-কটা। কৰবী এতিয়া মিতালীৰ বেষ্ট ফ্ৰেণ্ড। কোনোবা ল’ৰাই মিতালীক জোকায় কিবা এটা ক’লেই তাই মিতালীক অন্য মানসেৰে স্কুলৰ আন বেলেগ ঠাই বা ক্লাছ চলি নথকা ক্লাছলৈ লৈ যায়। মোক আকৌ কেতিয়াবা মনে মনে সকিয়াই থৈ যায় ‘ৰ’ মাক কৈ দিম’। মইও উত্তৰ দিওঁ ‘কবি যা’।
ৰোমাঞ্চ, পঢ়া, টিউচন, ঘৰৰ গালিবোৰৰ সংমিশ্ৰণত কিতাপ-পত্ৰত জিল-লেবেল লগাই থানথিত লগোৱা নহ’লেই ফাৰ্ষ্ট ৰ্টামিনেল আহি পালেহিয়েই। তেতিয়ালৈকে যেনিবা টিউচনৰ কৃপাত ফিজিক্স, কেমেষ্ট্ৰি, মেথেমেটিকছত বেছি নহ’লেও পৰীক্ষাত বহি তিনিঘন্টা বহি পাৰ কৰাৰ আহিলাখিনি আয়ত্বলৈ আহিছিল। কিন্তু এইবাৰ ইংৰাজীত অৱস্থা তথৈবচ। চেপটাৰ কেইটাৰ নাম একাদিক্ৰমে ক’ব পৰা অৱস্থাতেই নাই। তাতে এইবাৰ দুৰ্যোগৰ সম্ভৱনা প্ৰৱল। কাৰণ প্ৰশ্নকাকত হেনো কাটিছে বৰুৱা ছাৰে, মানে আমাৰ “ব্ৰিটিছ হিটলাৰে”। আগৰেপৰাই বৰুৱা ছাৰে তেওঁৰ নিজা ষ্টাইলৰ প্ৰশ্নকাকতেৰে আমাকলৈ বহুবাৰ অশ্বমেধ যজ্ঞ পাতি থৈছে। যদিও ক্লাছ নাইনলৈকে বেলেগ ছাৰৰ প্ৰশ্নকাকতত পাঠ্যক্ৰমৰ যিকোনো এটা কবিতাৰ প্ৰথম দহটা লাইন লিখিবলৈ আহে, তেওঁ আকৌ দিয়ে শেষৰ দহ লাইন, মাজৰ দহ লাইন। আন প্ৰশ্নসমূহো সেইবিধৰেই। মুঠতে চাজেচন, গাইড বুক পূজাৰীসকলৰ তেওঁ পাক্কা দুচমন। এইবাৰ আকৌ ‘বাই ওৱান গেট ওৱান ফ্ৰী’। বহীও তেওঁ চাব।
পৰীক্ষা হৈ গ’ল। এতিয়া উত্তৰ বহী দিয়াৰ সময়। ইংৰাজীৰ বহীবোৰ লৈ বৰুৱা ছাৰ ক্লাছত সোমাল। তেওঁৰ চকুকেইটা দেখি এনেকুৱা লাগিল যেন তেওঁৰ ঘৰৰ মতা হাহঁটো আমি চুৰ কৰি নি ভোজ খালোঁ। ছোৱালীবোৰৰ কথা নাজানিলেও, আমি ল’ৰাবোৰৰ সকলোৰে একমত, মানে ফেইল। বৰুৱা ছাৰে কলে ‘মাত্ৰ এজনে পাছ কৰিছে’। ছোৱালীবোৰ নিমাত। আমাৰ কেইটাৰ চকুত তেতিয়া কোনো কৌতুহল নাই, কেৱল কোনজনী ছোৱালী পাছ কৰিল বা? বৰুৱা ছাৰে মোলৈ আঙুলিয়াই দিলে। ‘তয়ো পাছ কৰিব নালাগিছিল। যিবোৰহে লিখিছ’। দেখিলোঁ গোটেই ক্লাছটোৰ মোৰ ওপৰতেই চকু। বৰুৱা ছাৰে এজন এজনকৈ নাম মাতি গালি দি দি বহীবোৰ দি গ’ল। এইবাৰ মিতালীৰ বহী অনাৰ পাল। বেলেগ স্কুলৰ পৰা অহাৰ কাৰণেই হয়তো বেছি একো নোকোৱাকৈ তাইক বহীখন দিলে। চাৰৰ টেবুলৰপৰা বহীখন লৈ তাই মোলৈ ঘূৰি এনেকৈ চালে যেন আমি দুয়ো বহুদিনীয়া প্ৰেমিকহে আৰু যেন মোৰ অগাধ প্ৰেমত সময় নষ্ট কৰাৰ বাবেহে তাই ফেইল কৰিলে।
তাৰপিছতেই অফ্ পিৰিয়ড। আমাৰ ল’ৰাগালৰ মাজত যেন সেইটো ঠাট্টা-মস্কৰা, দুখ-বেজাৰৰ, মাজে মাজে কেইজনমানৰ মিতালীও ফেল কৰাৰ বাবে মৃদু উল্লাস উদ্‌যাপনৰ পিৰিয়ড।
‘অই তোক মিতালীয়ে মাতিছে’ কৰবীয়ে মোক মাত দিলেহি। কথাষাৰ শুনি এতিয়ালৈকে কিবা দুখৰ মাজত সুখ বিচাৰি থকা লগৰমখাই টোপনিৰ পৰা যেন সাৰ পালে। মই সুধিলোঁ ‘কিয়’? ‘জানো’ বুলি কৈ কৰবীয়ে কলে ‘ব’ল তাই ৰৈ আছে’। লগৰকিটাৰ হাঁহি খিকিন্দালি নেওচি কৰবীৰ খোজত খোজ মিলাই মিতালীৰ ওচৰ পালোঁগৈ। মই আৰু লগৰবোৰে ভবাৰ দৰে বিশেষ একোৱেই নাছিল। মিতালীক মোৰ উত্তৰবহীখন কেইদিনমানৰ কাৰণে লাগে। বিচৰামতেই বহীখন মিতালীক দিলোঁ। কৰবীয়ে মোলৈ চকু টিপ এটা মাৰি শলাগ ল’লে নে ঠাট্টা কৰিলে গম নেপালোঁ। তাই মাথোঁ স্কুল ছুটিৰ পিছত ঘৰলৈ যোৱাৰ পথত ক’লে ‘মই বহীখন বিচৰা হ’লে দিলিহেঁতেন নে? এশ এটা অজুহাত উলিয়ালিহেঁতেন। ঘৰত পঢ়ি চাব লাগিব, মাক দেখুৱাব লাগিব।’
 
এনেদৰেই আৰু কেইদিনমান গ’ল। ‘এনুৱেল স্কুলৱিকো’ পাৰ হৈ গ’ল। অৱশেষত লগৰকেইটাৰ উত্পাতৰ তাগিদাত মিতালীলৈ প্ৰেমপত্ৰ দিয়াটো ঠিৰাং কৰা হ’ল… ইংৰাজীত। শব্দ আৰু ভাষাৰ কথা চিন্তা কৰিবলৈ ততকে নাপালোঁ। সকলো সিহঁতৰেই। কি ইংৰাজী? কি ভাষাশৈলী? ভাবিবলৈ বাধ্য হলোঁ, ইহঁত ইংৰাজীত লাড্ডু মৰাৰ কাৰণটো কি? এতিয়া প্ৰশ্ন হ’ল চিঠিখন মিতালীক দিবগৈ কোনে? মোৰ যে সাহস নাই, সেইটো সৰ্বজনবিদিত। তেতিয়াহ’লে, আৰুনো কোন… কৰবী। কামটো হ’লে পাৰ্টিৰ এটা খোৱাৰ আশাত কৰবীও মান্তি হ’ল। এনেদৰেই চলিল। স্কুলত গৰমবন্ধ দিলে। মিতালীৰো খবৰ নাই, মোৰ উত্তৰবহীও নাই, চিঠিৰো উত্তৰ নাই।
এদিন ওচৰৰে ফিল্ড এখনত ঘৰৰ ওচৰৰ ল’ৰাবোৰৰ লগত ক্ৰিকেট খেলি আহি দেখোঁ মিতালী আমাৰ ঘৰত। মাৰ লগত বাগিচাৰ ফুলবোৰ চাই হাঁহি হাঁহি কথা পাতি আছে। এনেহেন লাগিল যেন মিতালী মোৰ সদ্যবিবাহিতা পত্নী আৰু অফিচ ছুটি কৰি দুখে ভাগৰে আহি ঘৰৰ পদূলিমুখত মই তেওঁৰ স্বামী। এনেতে কৰবী আমাৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মোক মনে মনে কলে ‘তাই তোৰ উত্তৰবহীৰ লগতে তোৰ চিঠিৰ উত্তৰো আনিছে। চিঠিখন উত্তৰবহীখনৰ মাজতেই আছে। এতিয়া দুটা পাৰ্টি একেলগে দিবি কিন্তু।’
সন্ধিয়া হোৱাত মিতালী আৰু কৰবী ঘৰমুৱা হ’ল। মই মিতালীৰ চিঠিখন বিচাৰি চলাথ কৰিলোঁ। নাই দেখোন। ভাবিলোঁ মায়ে পায় লুকুৱাই থ’লে নেকি নে কৰবীয়ে মিছাকৈয়ে ক’লে। কিবা হ’ল? ভাবিগুণি পাৰ নাপালোঁ। মায়েও মাজতে আহি খবৰ ল’লে ‘কি ইমান বিচাৰি আছ?’
‘ভাত দিলোঁ আহ’। ভাতৰ টেবুলত বহি খাওঁতে দেখিলোঁ মায়ে মাজে মাজে মোলৈ চাই আছে। ‘তই হ’বপাই মিতালীৰ চিঠিখন বিচাৰি আছিলি?’ বুকুখন চিৰিংকৈ উঠিল। ‘তোৰ চিঠিখন কৰবীয়ে মিতালীক দিওঁতে তাই নল’লে। তাইৰ হেনো এতিয়া পঢ়া শুনা কৰাতহে মন। কৰবীয়ে সেয়েহে চিঠিখন আনি মোক দিলেহি।’ সমষ্ট গাটো কঁপি উঠা যেন লাগিল। ‘ভালেই কৰিলে দে, চিঠিখন আনি মোক দিলেহি। তোক চিঠিখন তাই ঘূৰাই দিবলৈ বেয়া পালে। ক’লে বুজালেও তই তাইৰ কথা নুশুন, মোকেই তোক ভালকৈ বুজাবলৈ কৈ থৈ গ’ল। তয়োও ভালকৈ পঢ়া শুনা কৰ। তই পঢ়ি শুনি কিবা এটা কৰালৈকে মিতালীৰ বিয়া হৈ ল’ৰা ছোৱালীৰ মাক হ’বগৈ।’ এনেকুৱা লাগিল যেন ধুমুহাত চিঙি পথাৰত পৰি থকা উচ্চ ভল্টৰ তাঁৰ এডালতহে ভৰি দিলোঁ।
বিচনাত বাগৰি-জুগৰি ৰাতিটো যেনেতেনে পাৰ কৰিলোঁ। ৰাতিপুৱাই মুখহাত ধুই চাহ বিস্কুট খাই চাইকেলখন লৈ এনেয়েই ওলাই গ’লোঁ। আজিকালিও কেতিয়াবা অফিচ নথকা বন্ধৰ দিনত এনেকৈয়েই ওলাই যাওঁ শ্ৰীমতীয়ে বনাই দিয়া চাহ বিস্কুট খাই। পিছে হিৰ’ ৰেঞ্জাৰ খনত নহয়, কেতিয়াবা বাইকখন লৈ, কেতিয়াবা গাড়ীখনলৈ। কেতিয়াবা লগৰবোৰৰ ঘৰলৈ নহ’লে ওচৰৰে পাণ দোকানখনলৈ।
এদিন পাণ দোকানখনতেই ৰৈ ওচৰৰ কেইজনমানৰ লগত কথা পাতি আছোঁ। গাড়ী এখন আহি ৰ’লহি। গাড়ীখনত দেখোন মিতালী আৰু লগত তাইৰ গিৰীয়েক। দুয়ো গাড়ীখনৰ পৰা নামি আহিল লগতে সিহঁতৰ চাৰিবছৰীয়া ল’ৰাটোও। তাইৰ মানুহজন মোৰ সৰু মামাৰ সমবয়সীয়া হ’ব যেন লাগিল। মোতকৈ প্ৰায় দহবছৰমান ডাঙৰ হ’লেওঁ কম নহ’ব। ঘৰ সংসাৰৰ কথাবতৰা পাতিলোঁ। ব্যস্ততাৰ হেতুকে আমাৰ ঘৰলৈ বেলেগ এদিন আহিম বুলি কৈ সিহঁত গ’লগৈ। এটাই কথা আজিকালি কেতিয়াবা মনত পৰি থকা হ’ল ‘বেটা ৰাজীব আংকলক বাই বুলি কোৱা’।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক