ৰাতিৰ ৰজা (সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য)

ঘটনাটো আৰম্ভ কৰাৰ আগতে ৰজাকেইজনৰ চিনাকিটো দি লওঁ৷ ৰাতুল ৰাজবংশী, ঘৰ মঙ্গলদৈৰ ফালে, পেচাত এটা মাল্টিনেচনেল ডিজি কোম্পানীৰ চাৰ্ভিচ ইঞ্জিনিয়াৰ৷ অমৰ গগৈ, ঘৰ শিৱসাগৰত, পেচাত এটা ভাৰতীয় টেলিকম কোম্পানীৰ গ্ৰাহক সেৱা বিষয়া৷ আমিনুৰ ৰচুল, ঘৰ নলবাৰীত, পেচাত বিদ্যুৎ বিভাগৰ এজন অভিযন্তা৷ অনুজ গোস্বামী, ঘৰ গুৱাহাটীৰ গান্ধীবস্তিত, পেচাত এজন চৰকাৰী কৃষি বিভাগৰ ৰাজপত্ৰিত বিষয়া আৰু ওপৰোক্ত ৰজা তিনিজন থকা ভাড়াঘৰটোৰ মালিক৷

ৰাতি ১০ বজাৰ পৰা ১২ বজালৈ শক্তিপানী টুপি গলাধ:কৰণ কৰাৰ পিচত তিনিওজন একো একোজন ৰজা৷ ৰাতিপুৱা শুই উঠি নেমু চৰ্বত এগিলাচ খোৱাৰ পিছতহে ৰাতিৰ ৰাজসিংহাসনৰ কথাটো পাহৰি তিনিওজনে নিজৰ নিজৰ কামত ওলাই যায়৷ আজি প্ৰায় তিনি বছৰ সিহঁতৰ প্ৰতিবেশী হিচাবে সদায় ৰাতিৰ এই ৰজাকেইজনক সন্মান জনাই আহিছো৷ ৰজা হৈ থকা সময়ত সিহততকৈ উদাৰ মানুহ মই এই ভূ-ভাৰস্তত দেখা নাই৷ কাষৰ ৰুমৰ ভাড়াতীয়া হিচাবে ৰাজভোগৰ ভাগ মই কোনো কৰ কাটল নিদিয়াকৈ সদায় পাওঁ৷ অকল মইয়ে নহয় ঘৰৰ মালিক গোস্বামী ডাঙৰীয়াৰো অবাধ দখল তেখেতসকলৰ ৰাজ্যৰ ওপৰত, তথাপিও তেখেতে পত্নীৰ ভয়ত ৰাতি ৰাজভোগত মগ্ন নহয়৷ মোৰ এই প্ৰতিৱেশী ৰাজ্যখনত মাজে মাজে দুই চাৰিজন সৰু সৰু ৰজাৰো আগমণ ঘটে ৷ “অতিথি সাক্ষাত দামোদৰ“ এই নীতিকে সৰোগত কৰি মোৰ প্ৰতিৱেশী ৰজাকেইজনে সেইদিনা গাহৰিৰ পৰা মুৰ্গীলৈকে, বিলাসী স্কটছৰ পৰা লোকেল চাউলৰ মদলৈকে বিভিন্ন ব্যঞ্জনৰ আয়োজন কৰে ৷

সাধাৰণতে ৰাজভৱনত ১২ মান বজালৈকে মেহফিল চলে যদিও সেইদিনা আমাৰ মালিক গোস্বামীৰ পত্নী মাকৰ ঘৰলৈ যোৱাত আৰু শনিবাৰ হোৱা কাৰণে অনুষ্ঠান প্ৰায় ১ মান বজালৈ পূৰ্ণগতিত চলি আছিল৷ হৈ হাল্লাত ওচৰ চুবুৰীয়া কেইঘৰো অতিষ্ঠ হৈ থকা বুলি মই প্ৰায় নিশ্চিত, বিপদৰ সম্ভাৱনা দেখি পেটটো বেয়া লগা বুলি ওলাই আহি বিছনাত উঠিছোহে মাত্ৰ, সেইফালে ৰজাসকলৰ শক্তিপ্ৰদৰ্শন আৰম্ভ হৈ গৈছে৷

আব্বে ৬শ বছৰ বে, গোটেই অসম মোৰ আছিল বে, তহঁতি মোৰ প্ৰজা আছিলি৷ ময়েই চুকাফা৷
বাদ দে তোৰ ৬শ বছৰ, গোটেই ইণ্ডিয়া আমাৰ আছিল বে৷ বৃটিছ নাহিলে তঁহতি আমাৰ অধীনতে থাকিলিহেতেন৷ মই বাবৰ বে, বাবৰ৷

ঘেণ্টা মোৰ, না চুক্যাফাক সেইফালে যাব দিছিলো, না বাবৰক এইফালে আহিব দিছিলো৷ মোৰ ভয়ত কোনো কোনোফালে যাব পৰা নাছিলি তহত৷ মই বীৰ চিলাৰায়৷

ৰাজবংশী, গগৈ আৰু ৰছুল ক্ৰমে চিলাৰায়, চুক্যাফা আৰু বাবৰৰ সম্পূৰ্ণ ৰূপ লোৱাৰ পৰা মাত্ৰ দুপেগমান দূৰত এনেতে দুৱাৰত টোকৰ পৰিল৷ মই অনুমান কৰাটোৱে হল, পুলিচ৷ দৰজাখন খুলি দি সন্মুখত পুলিচ দেখা পাই চুক্যাফাৰূপী গগৈয়ে সাদৰেৰে ভিতৰলৈ মাতি নিলে৷ দেখিচ’ তহঁতে, মোৰ ৰাজ্যৰ পুলিচে ইমান ৰাতিলৈকে ডিউটি কৰে৷

– চুপ থাকক, ইমান ৰাতিলৈকে মাতলামি কৰি থাকিব আপোনালোকে আৰু আমি টোপনি খটি কৰি আপোনালোকৰ পিচত লাগি থাকিম, বলক থানালৈ আটাকেইজন, কোনজন কোন দেশৰ ৰজা হিচাব কৰিম আজি মই৷

– আপুনি হাজৰিকা নহয় জানো ?
গগৈৰ মাতত পুলিচ অফিচাৰজনে ওলোটাই ধমক দিলে, ‘হয় হাজৰিকা, কি হল তাতে৷’

ভালকৈ ঘূৰি নহা জিভাখনেৰে গগৈয়ে কলে, ‘হাজাৰজন সৈনিক লগত নোহোৱাকৈ মোৰ ৰাজ্যত হাজৰিকা ঘূৰি ফুৰিব নোৱাৰে, আপুনি নাজানে নেকি?’

এটা প্ৰচণ্ড চৰ গালত পৰাৰ লগে লগে চুক্যাফা, বাবৰ, চিলাৰায় নিজৰ নিজৰ প্ৰকৃত জগতলৈ ঘূৰি আহিল৷ ভয়ত মোৰ অৱস্থা নাই কাষৰ ৰুমটোত, কি কৰো, ওলাই গলেও বিপদ, থাকিলেও বিপদ৷
এখেত কোন, মালিকলৈ আঙুলি পোনাই পুলিচ অফিচাৰজনে সুধিলে৷ ইমান সময় গোস্বামী দাদাৰ মাত নুশুনি মই ভাবিছিলো যে অনুশোচনাত দগ্ধ গোস্বামী দাদাই চাগে কাইলৈ সমাজৰ আগত কেনেকৈ মুখ উলিয়াৱ তাকে ভাবি ভাবি লাজতে মুৰ্চা যোৱাৰ উপক্ৰম হৈছে৷ এনেই জুখি মাখি চলা ব্যক্তি, বিৰাট বেয়া লাগিল মোৰ মনটো৷

মই চাণক্য, তিনিজন ৰজাক একেসময়তে কণ্ট্ৰোল কৰিব পৰা মহান কুটনীতিবিদ, গোস্বামীদাৰ মাত শুনি হাঁহি ৰখাবই নোৱাৰিলো৷ ধেক ধেককৈ বিছনাত বাগৰি বাগৰি হাঁহিছো৷ পুলিচ খঙত অগ্নিশৰ্মা, চাল্লা মালিক-ভাড়াতীয়া মিলি ৰুমত মদৰ আদ্দা পাতিবলৈ আহিছ’ তহঁতে, ওচৰৰ মানুহক ৰাতিখন শুব নিদিয়৷ ব’ল থানালৈ৷

এক মিনিট অফিচাৰ, কাষৰ ৰুমটোত আমাৰ একমাত্ৰ প্ৰজাজন শুই আছে, তাকো উঠাই লওক৷
বিনা প্ৰজা ৰাজশাসন মে ক্যা মজা৷ পিচফালৰ দৰজাখন খুলি ‘চাই লম আপোনাক গোস্বামী দা’ বুলি কৈ তৰা নৰা চিগি ৰাতি ২ বজাত দৌৰি আছো এই আহোম, কোচ আৰু মোগল ৰাজ্যৰ প্ৰৱল প্ৰতাপী প্ৰজাজন৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments