ৰাতি দিন জীৱন ৰঙীন ( অজয়লাল দত্ত )

ৰাতি দিন জীৱন ৰঙীন

অজয়লাল দত্ত

(১) বাহানাঃ

“মই মদ খাওঁ যদিও, মই কিন্তু মদাহী নহয়”- আত্মপক্ষ সমৰ্থনৰ এটা সঘন সংলাপ মদ্যপায়ীৰ ৷ মদ আমাৰ ঘৰতে থয় , নিয়ম, পূৰ্ব-পুৰুষৰে পৰা প্ৰচলিত, সন্ধিয়াৰ এটা পেগ হাৰ্টৰ বাবে উপকাৰী, মদ নাখাও নহয় মাজে মাজে বিয়েৰ হে খাওঁ, আমাক জন্মৰ পাছতে সাজ/আপং/চুজে অকন মুখত লগাই দিছিল, হোষ্টেলত সংগ দোষত শিকিলো, লুকাই চুৰকৈ কেতিয়াবা খাওঁ , সদায় নাখাও নহয়, পাৰ্টি চাৰ্টি হ’লে আকৌ মুখত নিদিলে বেয়া দেখায় , আৰ্মীক কম-দামত দেখুন চৰকাৰেই দিয়ে আৰু গজলতেই দেখুন গাইছে- থ’ৰি থ’ৰি পিয়া কৰো ৷ এইবোৰ হ’ল মদ্যপানৰ সপক্ষে সতকাই সঘনাই দাঙি ধৰা যুক্তি-অপযুক্তি ৷
আমি খালে সুৰা, বামুনে খালে পূজাত লগা বাৰুনী , এনে ধৰণৰ স্পৰ্শকাতৰ অপযুক্তিৰো অন্ত নাই ৷ অত্যাধিক জনপ্ৰিয়তা পোৱা, এই ৰঙীন পানীয়ৰ নাম মদ ৷ এইবিধ নহলে যেন জীৱন ব্লেক-এণ্ড-হোৱাইট ৷ দুটুপি গলাধ্:কৰণ কৰিলেহে জীৱন ৰঙীন হয় ৷ অতীজৰে পৰা ই সুৰা , বাৰুণী, সোমৰস, গেলা আদি নামেৰে প্ৰসিদ্ধ হোৱাৰ লগতে মানুহৰ প্ৰিয় হৈ আহিছে ৷ যি যুক্তিৰেই নাখাওক কিয়, মদ এবিধ নিচা, বেয়া নিচা ৷
মানুহৰ সাংসাৰিক জীৱনৰ আহুকালৰ ৮০% কাৰণৰ মূল এইবিধেই ৷ সুখে-দুখে সংগ লবলৈ বিচৰা এই পানীয় বিধৰ লগত মানুহ এবাৰ কেনেবাকৈ চিনাকি হলেই হ’ল ৷ তাৰ পাছত কেতিয়াবা কেতিয়াবা, কম কমকৈৰ পৰা গৈ, কেতিয়া ই সীমা চুই দিয়ে কবই নোৱাৰি ৷ এনে অভ্যাসে লাহে লাহে এক সুৰাসক্ত জীৱনশৈলী গঢ়ি দিয়ে ৷ সিদিনা এজন পুৰণি বন্ধুলৈ ফোন কৰিলো, কি খবৰ , আছো, পাৰ্টি কৰি আছো ৷ কিমান খোৱা আৰু ৷ স্বভাৱ-সিদ্ধ উত্তৰ মহাশয়ৰ, বুইছে,”আজিকালি আৰু মই মদ নাখাও, কাৰণ মদে মোক ইতিমধ্যেই খাবলৈ আৰম্ভ কৰি দিছে…”৷

(২) সুৰা-সংস্কৃতিঃ

ইংৰাজী চিনেমাত কি ধুনীয়াকৈ ৰঙীন পানীয় সেৱন কৰে ৷ দেখিয়েই ভাল লাগি যায় ৷ পশ্চিমীয়া জীৱন যাত্ৰাক অনুসৰণ কৰাটো আমাৰ নব্য-উদাৰ-গোলকীয় জীৱনশৈলীৰ যেন এৰাব নোৱাৰা অংশ হৈ পৰিছে ৷ টিভিত পুৰণি দিনৰ চিৰিয়েল দিয়ে, তাতো সম্ৰাট সকলক সুৰা-সুন্দৰীৰ মাজতে ৰঙীন সময় কটাই থকা বুলিহে দৰ্শায় ৷ হিন্দী চিনেমাটো ইউপি, বিহাৰ হিলাই থকা উদ্দাম নৃত্যৰে সুন্দৰীৰ মেলাত সুৰাৰ উদ্দাম প্ৰচাৰ ৷
অসমীয়া চলচিত্ৰত খালী মদ খাই মাতলামি, ৰাষ্টাৰ কাষত পৰি থকা বা সংসাৰত বেয়া প্ৰভাৱৰ কথাই বেছিকৈ প্ৰত্যক্ষ কৰিছো ৷ নতুন ছবি এ-ৱিকএণ্ড আদিতহে নতুন জোৱাৰৰ পাব, বাৰ আদিত ধনীক জনৰ মদ্যপানৰ বিলাসিতাক আকৰ্ষণীয় কৰি তুলি ধৰা হৈছে ৷
সমাজ-সংস্কৃতিৰ ভিন্ন উপাদানেৰে ভৰা এই সমাজত সেয়ে মদ্যপান উচিত হয়নে নহয় সেই কথা আজিও পৰিস্কাৰ নহয় ৷ তথাপি মানুহে পৰিমিত মদ্যপানক প্ৰায়ে স্বীকৃতি প্ৰদান কৰা দেখা যায় ৷ অথচ এই স্বীকৃতিয়েই অভ্যাসক গঢ় দিয়ে, আৰু এই অভ্যাসৰ শেষ ফলাফল কাৰোৰে ক্ষেত্ৰতেই ভাল হোৱাৰ উদাহৰণ পোৱা নাযায় ৷

(৩) কলাত্মক সুৰাপানঃ

ব্যক্তিগত জীৱনত কৰ্পৰেট ব্যৱস্থাপনাৰ ট্ৰেইনিঙৰ সময়তে পৰিমিত মদ্যপানৰ কলাত্মক ৰূপৰ ওপৰত এক প্ৰশিক্ষণ লাভৰ সুযোগ হৈছিল ৷ এই প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰ্মীৰ অৱসৰপ্ৰাপ্ত ব্ৰীগেডিয়াৰ দুজনে ৷ লগতে ডাইনিং এটিকুৱেটছ আদি ফৰ্মেল পাৰ্টিত কেনেকৈ মেইণ্টেইন কৰিব লাগে, কাটা আৰু চুৰিৰে খাদ্য গ্ৰহণ কেনেকৈ কৰিব লাগে এইবোৰো শিকাইছিল ৷ তেখেত সকলে কোৱা দুই এটা কথা আছিল, এনে ধৰণৰ- ভাৰতীয় সকলে পাৰ্টি আদি এটেণ্ড কৰিবলৈ গ’লে, মানুহৰ লগত চা-চিনাকী হোৱা বা চচিয়েল কণ্টেক্ট বঢ়োৱাৰ যি উচ্চ লক্ষ্যৰে পাৰ্টিৰ আয়োজন কৰা হয়, সেই কথাটোকেই প্ৰথমে লক্ষ্যচ্যুত কৰে ৷ প্ৰথমেই গৈ বিনামূলীয়া ৰঙীন পানীয়ৰ কাউণ্টাৰৰ কাষতে চুচুক-চামাক কৰি অৱশেষত অলপ গলাধ-কৰণৰ পাছত সাহসেৰে বাকী ফাৰদাৰ গলাধ্:কৰণত ব্ৰতী হয় ৷ পাছত খোৱা-বোৱা আদি কৰিবৰ বাবে দেহত জ্ঞান, পেটত ঠাই আদি নথকাৰ বাবে খালী পেটে উভতনি যাত্ৰা কৰি, ৰাতিৰ বাবে বিচনাত আশ্ৰয় লয় ৷ তাৰ বিপৰীতে পশ্চিমীয়া দেশত চাব, তেওঁ সকলে প্ৰথমে কথা-বতৰা চা-চিনাকী পৰ্বৰ সময়তো লঘু খোৱা-বোৱা কৰি থাকে ৷ মূল-খোৱা বোৱাৰ সতেহে সুৰা-জাতীয় পানীয় সেৱন কৰে ৷ তাৰ ফলত এটা ভৰা পেটত সুৰাৰ পাৰ্শ্চ-প্ৰতিক্ৰিয়া হেনো কমকৈ হয় ৷ খালী পেটত অত্যাধিক সুৰাৰ সেৱনেই আটাইতকৈ ক্ষতিকৰ ৷ সেয়ে পশ্চিমীয়াৰ শৈলী শিকিলে তেওঁ সকলৰ ভালখিনি শিকায়েই বেছি উত্তম ৷
ৰেড ৱাইন, হুইস্কী, স্কটচ আদিৰৰ লগত ৰেড মিট মানে ছাগলী, গাহৰি, হাঁহ আদি খোৱা ভাল ৷ হোৱাইট ৱাইন, ভদকা, ব্ৰেণ্ডী আদিৰ সতে হোৱাইট মিট, কুকুৰা, মাছ আদি খোৱা ভাল বুলিও তেখেত সকলে শিকাইছিল ৷ আৰু পাৰ্টিত সুৰা কাউণ্টাৰৰ ওচৰতে ৰৈ তাতে মনোযোগ দিয়াৰ সলনি মানুহৰ সতে চা-চিনাকী বঢ়োৱা তথা সামাজিক স্থিতি সৱল কৰাত গুৰুত্ব দিবলৈ শিকোৱা হ’ল ৷ লগতে গিলাচৰ ওপৰত টিচু-পেপাৰেৰে মেৰিয়াই ৰাখি কি সেৱন কৰা হৈছে তাক লুকুৱাই ৰখাটো এটা এটিকুৱেট বুলিও ক’লে ৷ খোৱা-বস্তুৰ সতে ভৰা এটা পেটত কম-পৰিমাণৰ সুৰাপানক তেওঁলোকে সামাজিক ব্যৱস্থাৰ সতে তাল মিলাই চলাৰ এটা উপায় বুলি উল্লেখ কৰে৷
এতিয়া মায়া নগৰীত ডাঙৰ ডাঙৰ কিতাপৰ দোকান , ক্ৰছবৰ্ড আদিত সোমাই দেখিলো মদ্যপানৰ ওপৰত, সুৰাৰ ওপৰত বিশ্বকোষেই আছেহে ৷ ভিন্ন দেশৰ ভিন্ন সুৰা, মহান ব্ৰেণ্ড, ইতিহাস, খোৱাৰ ধৰণ, লগত কি খাব তাৰ সুন্দৰ বৰ্ণনা থকা এনেকুৱা মহাভাৰত ৰেক ভৰি ভৰি আছে ৷ তাতে সুন্দৰ ৰঙীন প্ৰিণ্ট সহ, পিছে দাম দেখিহে কিনাৰ লোভ সামৰিব লগা !
এইখিনিতে আমাৰ পেগু তাৱৈদলৈ মনত পৰিছে ৷ তেখেতে সন্ধিয়া ভাত পাততে দুবাতি ছাই আপং খায় ৷ তাৰ লগে লগে ভাত ৷ তাৰ পাছত নিদ্ৰা ৷ নিজৰ জনগোষ্ঠীয় পৰম্পৰা ধৰি নিয়মীয়াকৈ অথচ পৰিমিত ৰূপত ঘৰতে বনোৱা আপং সেৱন কৰে ৷ তেখেতে বাহিৰত কেতিয়াও সেৱন নকৰে ৷ তাৰ ফলত মদ্যপানৰ আন কিছুমান অতি প্ৰতিক্ৰিয়াশীল সংগী যেনে অৰ্থনীতিত প্ৰভাৱ, ভেজাল মদ সেৱন, লিমিট ক্ৰচ নকৰা তথা সুৰাপানৰ পাছত যাত্ৰা আদিৰ পৰা নিজকে বচাই চলিছে ৷ পেগু তাৱৈদৰ এই শৈলীটোৱেই পশ্চিমীয়াতকৈ ভাল যেন অনুভৱ হয় ৷

(৪) অভ্যাসৰ নৰঃ

এজন চিনাকি কলিগ, সন্ধিয়া এটুপি নধৰিলে থাকিব নোৱাৰা অভ্যাস ৷ যোৱা ত্ৰিশ বছৰতৈ বেছি কাল সুৰাপান কৰি আহিছে ৷ এইটো জীৱনতে কেইবা ট্ৰাকমান সুৰা গলাধকৰণ কৰি পেলালে ৷ পিছে তেখেতৰ ভাগ্যত এইবাৰ মাজ-সাগৰৰ পোষ্টিঙ পৰিল ৷ নিচা নোহোৱাকৈ থাকিব কেনেকৈ! এদিন ৰাতি লগ পালো ডিউটিতে, কানে কানে ক’লে আজি কালি পুৰীয়া (ভাঙৰ) লৈ আহো, চিগাৰেটত লুকাই খাওঁ, তাৰ পাছত আৰু কোনে পায়, ৰজা ! কি কম ভাবি নাপালো ৷

(৫) ঘৰ-সংসাৰঃ

মোবাইল ফোন আহে ডেকা জনৰ, বোলে ঘৰলৈ আহোতে, শাক-পাত মাছ অকন লৈ আহিবি , ডেকাই গেঙেৰী মাৰে, মোকহে পাৱ, মোৰ হাতত এটকাও নাই! অলপ পাছতে সন্ধিয়া হয়, তেতিয়া কিন্তু লগৰ লৰাৰ লগত কণ্ট্ৰি কৰিবলৈ চল্লিশ টকাটো ঠিকেই ওলায় ৷
ঘৰত বজাৰ কৰিবলৈ এটকাও নথকা জনেও সন্ধিয়াটো ৰঙীন কৰিবলৈ কৰ পৰানে ঠিকেই যোগাৰ কৰে, সেয়াহে আচৰিত ৷ দৰমহা বা উপাৰ্জনৰ টকা এটাও ঘৰত নিদিয়াকৈ মাত্ৰ মদ্যপান কৰা লেতেৰা মানুহো এইখন সমাজতে আছে ৷ ঘৰত পত্নী-সন্তান লঘোনে থাকে অথচ মদ খাই বলিয়া হৈ আহি মাছ-মাংস বিচৰা বৰমতা বৰ সুলভ ৷ অতীষ্ঠ পত্নীয়ে কেটকেটাই “মুতনী” সোপা গিলি অহা বুলি ক’লেই জগৰ লাগে, এইবিধ কন্দলেই এই সংসাৰ সাগৰত অতি সুলভ হৈ পৰাটোৱেই এটা চিন্তাৰ বিষয় হৈ পৰিছে ৷

(৬) চেতন ভগত, গুজৰাট ইত্যাদিঃ

গুজৰাটত প্ৰশিক্ষণ লবলৈ গৈছিলো ৷ তাত গৈ গম পালো, গান্ধীৰ ৰাজ্য বাবে গুজৰাট ড্ৰাই ষ্টেট মানে সুৰা নিষিদ্ধ ৷ অথচ দোকানো দেখিলো ৷ খবৰ কৰাত গম পালো, এই সুৰাৰ দোকানবোৰে সুৰাপানৰ লাইচেন্স থকা মানুহক সুৰা যোগান ধৰে ৷ ঔষধ হিচাবে লবৰ বাবে যি সকলে উপদেশ পাইছে সেই সকল আৰু ৰাজ্যৰ বাহিৰৰ পৰা যোৱা যাত্ৰী তথা পৰ্যটকে আবেদন মূল্য সহ এই লাইচেন্স লব লাগে ৷ উৎসাহী এজনে ফৰ্ম আনিলেগৈ ৷ ফৰ্ম ফিল-আপ কৰিব লাগে, মদাহীৰ নাম (হিন্দীত বেউৰা), বেউৰা কা বাপ কা নাম, বেউৰা কা পতা, বেউৰা কা ফোন নং ৷ ধেত এইখন যে নোৱাৰি আৰু বুলি কৈ তেওঁ ফৰ্মখন ফালিয়েই পেলালে ৷ “মোৰ ডিঙি মোৰ কথা” মানি চলা বন্ধুৱে হোটেলৰ ৰুমবয়ক সুধিলে ৷ ৰুম বয়ৰ উত্তৰ- “সেইবোৰ বাদ দিয়ক, পইচা মোক দিয়ক, ৰুমতেই পাব” ৷ সেইমতে ৰুমতে কোনোবা অটৱালাই দি গ’ল ৷ দাম খালী অলপ বেছি ৷ পাছত পুৰা বটল শেষ কৰাটো যেতিয়া নিচা নালাগিল , তেতিয়াহে আন এজন গুজৰাটী বন্ধুলৈ ফোন কৰিলে খঙত ৷ তেওঁৰ পৰা উৰহী গছৰ উৰ ওলাল ৷ বোলে গুজৰাটত ভেজাল মদেই সৰহ!
সেই একেখিনি কথাকে জনপ্ৰিয় লেখক চেতন ভগতে সিদিনা ৰাষ্ট্ৰীয় দৈনিকত লিখিছে ৷ মদ-নিবাৰণৰ বাবে এই নিষিদ্ধকৰণৰ ফলত গুজৰাটতেই ভেজাল মদ বটলীকৰণৰ চোৰাং উদ্যোগ উভৈনদী ৷ তাতে আন কিছু ৰাজ্যতকৈ দাম অতিপাত বেছি (লাইচেন্স লৈ দোকানত কিনিলেও) ৷ অসমত ২২০টকীয়া ৰয়েল ষ্টেগ তাত ৪৫০টকা ৷ অসমত ৪৭৫টকীয়া ব্লেণ্ডাৰচ প্ৰাইড তাত ৮৭৫টকা ৷ ফলত কি হৈছে, সুৰাপানৰ হাৰ কমিছেনে ? নাই, মদাহীয়ে মদ খাবই ৷ যি মানুহে একেই বাজেটত ভাল সুৰাপান কৰি কম স্বাস্থ্যহানি কৰিলে হয় , তেওঁ একেই পইচাত সস্তীয়া, বেয়া, ভেজাল সুৰাপান কৰিছে ৷ সংলগ্ন দমন ডিউ, মহাৰাষ্ট্ৰৰ পৰা চোৰাং সুৰাৰ মুকলি বেহাৰ নেটবৰ্ক হৈছে ৷ সেয়ে গান্ধীৰ ৰাজ্য গুজৰাটেই আটাইতকৈ ভাল ড্ৰাই ষ্টেট যত, আপুনি সুৰা ঘৰতে ডেলিভাৰী পাব, কিন্তু গুণাগুণৰ ভৰসাই নাই ! চেতন ভগতে সেয়ে প্ৰশ্ন কৰিছে, এনে নিষিদ্ধকৰণ প্ৰকৃততে কিমান কল্যানকামী?

(৭) সুৰ আৰু সুৰাঃ

দুয়োবিধেই হেনো হাতে-হাত ধৰি থাকে ৷ সেয়ে শিল্পীৰ বাবে আচুতীয়া কিডনী বেংকৰ দাবী জনাইছো ৷ সুৰাপানৰ নদীত নিজকে উটুৱাই দিয়া বৰেণ্য শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দু-লাইন মান খালীকে ৰাখিছো, দুই মিনিট মৌনতাৰ দৰেই !

(৮) পাঠ আৰু শিক্ষাঃ

এজন মদাহীৰ দুজন ল’ৰা ৷ ঘৰত তাকে লৈ দৈনিক কাজিয়া-হুলস্থুল-মাৰপিট অশান্তিৰে ভৰা সিহঁতৰ শৈশৱ ৷ পাছলৈ তাৰে এজন ঘোৰ মদাহী হ’ল, আনজনে আকৌ সেইবিধ হাতেৰেই নুচুৱে ৷ এজনে সুধিলত উত্তৰ পালে, “মোৰ দেউতাই ঘোৰ মদাহী আছিল, তেন্তে মই মদাহী নহৈ কি হম বুলি আপুনি আশা কৰিছিল ৷ বাপ চাইহে বেটা!” আনজনক তুমি কিয় নোখোৱা বুলি সুধিলত উত্তৰ দিলে, ”দেউতা আছিল মদাহী, তাকে লৈ ঘৰ-সংসাৰখন চিৰ অশান্তি ৷ শৈশৱ-কৈশোৰ-যৌৱন সকলো চিন নোহোৱাকৈয়ে পাৰ হ’ল ৷ তাৰ পাছত আপুনি তেনেকৈ আশা কৰিব, যে ময়ো দেউতাৰ পথেই লম ?” পাঠ একেটাই, অথচ গ্ৰহণ কৰোতাৰ মানসিকতাই তাৰ পৰা লোৱা শিক্ষাত বৃহৎ পাৰ্থক্যৰ সৃষ্টি কৰে ৷

(৯) শেষ বিচাৰঃ

এজন চিনাকি ভাইটিৰ জীৱনলৈ তাতোকৈ ডাঙৰ দুৰ্দশা নামি আহিল ৷ দেউতাক শিক্ষা বিভাগৰ কেৰেণী ৷ পেঞ্চনৰ কাম, চাকৰি দিয়াৰ প্ৰলোভন, সোঁৱে-বাৱে বাহিৰা পইচাৰ প্ৰৱল সোঁত ৷ লগতে আন এক নিচা লাগিল, মদৰ ৷ সময়ৰ সতে গম পোৱা গ’ল, দেউতাকে মেইনটেইন কৰা আন এখন সংসাৰৰ কথা ৷ দেউতাকে চকু উঠাব নোৱাৰা ব্যক্তিত্ব এটাৰ অধিকাৰী ভাইটিজন ৷ সেয়েহে দেউতাকে গুৱাহাটীত পঢ়ি থকা অৱস্থাত তাৰ মনক জিনিবলৈ পইচা-যিমান লাগে সিমানেই দিয়ে ৷ লগৰ ল’ৰাই মহানগৰীত সুৰাৰ নদীত গা-ধুবলৈ ল’লে ৷ ৰুমমেট এজন সুৰাপান কৰি পিকনিকৰ পৰা উভতি আহোতে বাটতে প্ৰাণঘাটী দুৰ্ঘটনাও হ’ল ৷ তথাপি আনসকলৰ ৰাগী নাঁতৰিল ৷ এই ভাইটিয়ে অথচ সুৰাত কেতিয়াও হাত নলগায় ৷ কাৰণ সোধোতে নিজৰ সৌম্য ব্যক্তিত্বৰে ক’লে- ৰাতি দিন জীৱন ৰঙীন কৰাৰ নামত মানুহে যিবোৰ পান কৰে ইটো প্ৰকৃততে মানুহৰ হিতাহিত জ্ঞান নাশহে কৰে ৷ আচলতে, ৰঙীন হৈ থকা বুলি ভবা মদাহীজনে কিন্তু তেতিয়া ৰঙা-বগাৰ পাৰ্থক্যকে ধৰিব নোৱাৰে ৷ চাওক দাদা, মোৰ দেউতাই মদৰ ৰাগীতে বিবেচনা হেৰুৱাই মোক মাহী-মা দিলে , যাৰ যন্ত্ৰণা আনে নুবুজে ৷ মই জীয়াই থকা সকলো সময়তে সেয়ে বিবেচনা লব্ধ হৈহে থাকিব বিচাৰো ৷ দুখ আহক বা সুখ আহক ৷ প্ৰতিটোকে মই সম্পূৰ্ণ সুস্থ মনেৰে মুখামখি হব বিচাৰো ৷ জানিব বিচাৰো পৃথিৱীৰ, জীৱনৰ আচল ৰং কি ? ইনো কিমান ৰঙীন ! ভাইটি জনক উত্তৰ দিবলৈ মোৰ কোনো ভাষা নাছিল৷ এতিয়া বিবেচনা আপোনাৰ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments