ৰাধাৰ আত্মকথা (হিৰণ্ময় বৰুৱা)

মই ৰাধাই কৈছোঁ। ৰাধা- কানাইৰ প্রেয়সী, আয়ানৰ পত্নী। সঁচা ভালপোৱাৰ এক নিদর্শন।

“ভালপোৱাই কোনো আগজাননি নিদিয়াকৈ আহে।”…. মোৰ জীৱনতো তেনে হ’ল। সংগোপনে প্রেম আহিল মোৰ আকাশলৈ আৰু সিঁচি থৈ গ’ল হৃদয়ত কানুৰ প্রতি ভালপোৱাৰ বীজ। হয়, বিবাহিতা হৈয়ো আঁকোৱালি ল’লো অন্য পুৰুষ এজনৰ মনটোক। ……এনেকৈয়ে মোৰ হেঁপাহবোৰ ফুলিব ধৰিলে ; মনৰ দাপোণত জিলিকিল তিৰবিৰ হালধীয়া…কানুৰ বাবেই।

আজি কানুৰ আৱেশত সঁপি দিওঁ মোৰ সর্বস্বক। বাৰে বাৰে মোৰ হৃদয়ত বাজে তেওঁৰ বাঁহীৰ চিনাকি সুৰটো। নিজানত কেতিয়াবা তেওঁৰ নেপুৰে হাতবাউলি মাতে। পলকতে ঢপলিয়াব খোজে মোৰ মনটোৱে তেওঁৰ ওচৰলৈ। মোৰ দুচকুত জিলিকি উঠা কানুৰ সজল ছবিখনে কেতিয়াবা কথা কয়,গীত জোৰে। বলীয়া বতাহজাকে কানুৰ ম’ৰাপাখিৰ সতে খেলা কৰি , উৰুৱাই লৈ আহে তেওঁৰ দেহৰ মিঠা গোন্ধ মোৰ উশাহত ঢালিবলৈ। বিয়াকুল কৰি তোলে মোক এই সুবাসটোৱে। এক অবুজ হেন্দোলনিয়ে কঁপনি তোলে মোৰ সমগ্র সত্তাত। খুব কষ্টৰে আয়ানৰ ৰাধাৰাণীৰ মাজত লুকুৱাই ৰাখোঁ কানুৰ ৰাধাজনীক।

ভালপোৱা মানেই কেতিয়াও প্রাপ্তি হ’ব নোৱাৰে। সেয়ে ভাললগা কিবা এটাক পাব নোৱাৰাৰ বাবেই জানো ভালপোৱাক অসন্মান কৰা উচিত ? ওঁহো… নহয়। কিন্তু, তাৰ বাবে মোৰ কোনো আক্ষেপ নাই। আধালেখা অধ্যায়তে বিচাৰোঁ আমি ছন্দৰ সাৰেগামা ….।

যদিওবা মই আয়ানৰ , কানুও অন্য কাৰোবাৰ। তথাপি মোৰ ভালপোৱাত বিশ্বাস আছে , আছে অধিকাৰহীন আকুলতা। ই নিয়ৰৰ দৰেই পৱিত্র। এই প্রেম অবৈধ নহয়।….কিছুমান সম্বন্ধক নাম দিবতো নোৱাৰি ; য’ত উবুৰি খাই পৰে মাথো ভালপোৱা , শ্রদ্ধা আৰু প্রতিশ্রুতি – জীৱনে মৰণে এক হোৱাৰ।…. সমাজে স্বীকৃতি নিদিয়া এই প্রেম জানো অবৈধ?….ওঁহো..কেতিয়াও নহয়।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক