ৰাধেশ্যামীসকলৰ বৃন্দাবন – বিধৱা নাৰীৰ নগৰী -(প্ৰতিম প্ৰতাপ বৰুৱা)


ৰাধেশ্যামীসকলৰ বৃন্দাবন – বিধৱা নাৰীৰ নগৰী

-প্ৰতিম প্ৰতাপ বৰুৱা

বৃন্দাবন ধাম – বহুতৰ মতে হিন্দুসকলৰ বাবে সকলো ধামতকৈ শ্ৰেষ্ঠ ধাম। বছৰি প্ৰায় ২ কোটিতকৈও বেছি মানুহে বৃন্দাবন, মথুৰা, গোবৰ্ধন, বৰচানাত তীৰ্থ কৰিবলৈ আহে। ময়ো যাওঁ। আগতেও গৈছিলোঁ আৰু যোৱা ৫ বছৰ প্ৰায় প্ৰত্যেক মাহে গৈ আছোঁ।
প্ৰত্যেক বাৰে এটা কথা দেখি বিচুৰ্ত্তি খাও যে বৃন্দাবন, মথুৰা, গোবৰ্ধন, বৰচানাত যেনিয়ে চোৱা যায় সেইফালেই দেখা পোৱা যায় বিধৱা মহিলা। কপালত চন্দনৰ দীঘলীয়া ফোঁট লোৱা, বগা বগা শাৰী পিন্ধা, বহুতৰে চুলি চুটিকৈ কাটি থোৱা, দুবেলা দুসাজৰ বাবে কিবা এটা বিচাৰি বাটত থিয় হৈ “ৰাধে-ৰাধে” বুলি কৈ দুহাতেৰে নিজৰ আচলখন মেলি দৰ্শনাৰ্থীসকলৰ ফালে আগবাঢ়ি অহা এইসকল বিধৱা। বৃন্দাবনত তেওঁলোকক ৰাধেশ্যামী বুলি কয়। সকলো বয়সৰ, সকলো শ্ৰেণীৰ (ধনী বা দুখীয়া) বিধৱা এইসকল। স্বামীৰ মৃত্যুৰ লগে লগেই সকলো শেষ তেওঁলোকৰ বাবে। সেই স্বামীৰ বয়স ডেকাও হ’ব পাৰে বা ৭০ বছৰীয়াও হ’ব পাৰে। সেই বিধৱাৰ বয়স ১৫ বছৰো হ’ব পাৰে, ৬৫ বছৰো হ’ব পাৰে। সমাজে, নিজৰ পৰিয়ালে তেওঁলোকৰ অৱস্থিতি অস্বীকাৰ কৰাৰ পিছত তেওঁলোক এতিয়া বৃন্দাবনত। তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰাটো টান কাম, আৰু তেওঁলোকৰ বিষয়ে তেওঁলোকৰ নিজৰ মুখৰ পৰাই শুনাটো আৰু টান কাম। সকলো ত্যাগ কৰি কিবা প্ৰকাৰে তেওঁলোক আহি বৃন্দাবন পায়হি। কেনেকৈ পায়হি সেয়া বিস্ময়কৰ আৰু বহুত ক্ষেত্ৰত ভয়লগা। হাতত থকা কেইটামান টকা খৰচ কৰি প্ৰথমে বৃন্দাবনত এটা ভাড়াঘৰ লয়। দিনতে অন্ধকাৰ, প্ৰয়োজনীয় কোনো সা-সুবিধা নথকা, ভঙা-চিঙা এটা মাত্ৰ সৰু কোঠালীৰ এই ঘৰবোৰক বৃন্দাবনত খুপ্‌ৰী বুলি কয়। লাহে লাহে তেওঁলোকে কোনোবা আশ্ৰমত আশ্ৰয় লয়। এসময়ত তেওঁলোক ৰাধে-কৃষ্ণৰ ভক্ত হৈ পৰে, বৃন্দাবনতে তেওঁলোকে নিজৰ মৃত্যু হোৱাটো বিচাৰে। কিন্তু এই ভক্ত হৈ পৰাটো, বৃন্দাবনতে নিজৰ মৃত্যু হোৱাটো বিচৰাটো তেওঁলোকৰ জীৱনৰ আটাইতকৈ কঠোৰ বাধ্যবাধকতা। এৰি অহা সমাজখনলৈ তেওঁলোক উভতি যাব নোখোজে। আচলতে উভতি যাব নোখোজে নহয়, সেইখন সমাজলৈ তেওঁলোক উভতি যাব নোৱাৰে। তেওঁলোকৰ জীৱন সংকুচিত হয় মৃত্যুৰ বাবে কৰা প্ৰতীক্ষালৈ। মৃত্যুও ইমান সহজে নাহে তেওঁলোকৰ বাবে। আনকি একমাত্ৰ টকাৰ অভাৱৰ বাবেই তেওঁলোকৰ মৃতদেহ সৎকাৰলৈ বাট চাই কেইবাদিনলৈও আশ্ৰমতে বা কোনোবা খুপ্‌ৰীতে পৰি থাকে। জীয়াই থাকোঁতেই তেওঁলোকে নিজৰ মৃতদেহৰ সৎকাৰৰ বাবেও উপাৰ্জন কৰিব লগা হয়।বৃন্দাবনত এই ৰাধেশ্যামীসকলৰ বাবে কেইখনমান চৰকাৰী সাহায্যপ্ৰাপ্ত আশ্ৰম আছে। কিন্তু সেইকেইখন আশ্ৰমত স্থান পোৱাটো উজু কথা নহয়। সেইকেইখন আশ্ৰমৰ ৰাধেশ্যামীসকলে মাহে ৩০০ টকাকৈ সাহায্য পায়।
বৃন্দাবনৰ এই বিধৱাসকলে কেইখনমান আশ্ৰমত সদায় পুৱা-গধূলি ভজন গায় আৰু সমাজৰ বাবে প্ৰাৰ্থনা কৰে। এই প্ৰাৰ্থনা কৰা আৰু ভিক্ষা কৰাই তেওঁলোকৰ জীৱন নিৰ্বাহৰ বাবে উপাৰ্জন কৰাৰ একমাত্ৰ পথ। আশ্ৰমত ভজন গাবলৈ যাওঁতে তেওঁলোকক একোটাকৈ টিকট দিয়া হয়। ভজন-প্ৰাৰ্থনাৰ শেষত এই টিকটটো জমা দিলে তেওঁলোকক ১০ টকা আৰু এমুঠি চাউল আৰু এমুঠি দাইল দিয়া হয়। কিন্তু ইমান কষ্টকৰ জীৱন যাপন পৰাৰ পিছতো তেওঁলোক নিজৰ এৰি অহা সমাজখনলৈ উভতি যাব নোখোজে। কাৰণ নিজৰ সমাজখনত তেওঁলোকে এই এমুঠি চাউল আৰু এমুঠি দাইলৰ বাবেও ইয়াতকৈ বেছি হাহাকাৰ কৰিব লগা হয়। এয়া মাত্ৰ ভাৰতত সম্ভৱ। আন দেশত হোৱা হ’লে বিভিন্ন চৰকাৰী আঁচনিৰে এই বিধবাসকল এটা সুসংগঠিত কৰ্মদল হ’লহেতেন। কিন্তু ভাৰতত এইসকলৰ জীৱন কৰ্মহীন, সংগীহীন, সন্মানহীন, দুখী, ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলগা হোৱা এটা অভিশপ্ত জীৱন। ভগৱানৰ নামত দান-দক্ষিণা লৈ একোখন আশ্ৰম সাজি তাত এই পৰিত্যক্তা বিধৱাসকলৰ হতুৱাই প্ৰাৰ্থনা কৰোৱা হয় আৰু জীয়াই থকাৰ তাড়নাই তেওঁলোকক এই প্ৰাৰ্থনালৈ টানি আনে। ধনী মানুহে মাজে মাজে আহি তেওঁলোকক শাৰী পতাই বহুৱাই লৈ গাইপতি ১০০, ২০০ টকা দান দিয়েহি। দান দি থাকোঁতে তেওঁলোকে নিজৰ ফটো উঠায়। সেই ফটোখন আনক দেখুৱাই তেওঁলোকে সমাজত নিজৰ বিষয়ে উচ্চ ধাৰণা এটা দিবলৈ চেষ্টা কৰে। কিন্তু একেখন সমাজৰ দ্বাৰা পৰিত্যক্তা একোগৰাকী ভাৰতীয় বিধৱাই কিমান যন্ত্ৰণা সহ্য কৰাৰ পিছত, কিমান অপমান সহ্য কৰাৰ পিছত, লাজ-মান কাতি কৰি কেইটামান মাত্ৰ টকা পোৱাৰ আশাত শাৰীত আহি বহি দিয়েহি সেয়া কোনে বুজি পাব? ভাৰতীয় সমাজে কেতিয়া বুজিব যে এই বিধৱাসকলক দান-দক্ষিণা অথবা ভিক্ষা নালাগে, তেওঁলোকক সামাজিক ভাৱে স্বীকৃতি লাগে, সন্মানেৰে জীয়াই থকাৰ অধিকাৰ লাগে। ভগৱানৰ নামত দান-দক্ষিণা তুলি এখন আশ্ৰম সজা ভাৰতত তেনেই সহজ কাম। কিন্তু ভগৱানলৈ ভয় কৰি জীয়াই থকা এই ভাৰতীয় সমাজখনৰ অমানবীয় নিয়মবোৰ সলনি কৰাটো বহুত কঠিন কাম। এই বিধৱাসকলৰ সামাজিক অধিকাৰ স্বীকাৰ কৰি লোৱাটো কঠিন কাম।নাৰীৰ সমাধিকাৰৰ বিষয়ে, লিংগ বৈষম্যৰ বিৰুদ্ধে যিমানেই চিঞৰ-বাখৰ কৰা নহওঁক কিয়, বৃন্দাবনৰ এই বিধৱাসকলক দেখিলে সকলো ফুটুকাৰ ফেন যেন লাগে। গোড়া ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজত বিধৱাসকলৰ অৱস্থান কিমান শোচনীয় সেয়া নেদেখিলে বুজিব নোৱাৰি। বিধৱাসকলক আজিও সমাজে যি ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে সমাজে যেনে ধৰণৰ নিয়ম নিৰ্ধাৰণ কৰি থৈছে সেই বিষয়ে লিখিবলৈও হাত কোঁচ খায়। স্বামীৰ মৃত্যুৰ লগে লগেই এগৰাকী মহিলাই হেৰুৱাই পেলায় নিজৰ সত্তা, নিজৰ অৱস্থিতি। অপ্ৰিয় সত্য যে ভাৰতীয় সমাজত এতিয়াও মহিলাৰ অৱস্থিতি পুৰুষৰ সৈতে সংযুক্ত। এতিয়াও তেওঁলোকৰ চিনাকি কোনোবা পুৰুষৰ মাতৃ, পুত্ৰী, পত্নী, ভগ্নী আদি। লগত কোনোবা পুৰুষৰ সংযোজন নাথাকিলেই ভাৰতীয় সমাজত মহিলাসকল হৈ পৰে অৱস্থিতিহীন। এইবিলাক নিয়মৰ নাগপাশত এগৰাকী বিধৱা মহিলা সামাজিক অত্যাচাৰৰ লক্ষ্য হৈ পৰে। পুৰুষৰ লোলুপ দৃষ্টিয়ে বিচাৰি ফুৰে তেওঁলোকক। এসময়ত তেওঁলোকে সেই সমাজখন ত্যাগ কৰি ওলাই যাবলৈ বাধ্য হয়। লক্ষ্যস্থান হয় বৃন্দাবন, কাশী, বাৰানসী, হৰিদ্বাৰ ইত্যাদি। এই তীৰ্থস্থানসমূহত তেওঁলোকৰ হাতত সমাজে তুলি দিয়ে ভিক্ষাৰ পাত্ৰ। ধিক। ধিক্‌ এই ভাৰতীয় সমাজ ব্যৱস্থা।
বৃন্দাবনৰ কেইবাজনো ধৰ্মগুৰুক সুধিছোঁ – এইসকল মহিলাৰ কি দোষ? তেওঁলোক বিধৱা হোৱাটো তেওঁলোকৰ দোষ নেকি ? স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ কি কোনো অধিকাৰ থাকিব নোৱাৰে নে ? স্বামীৰ মৃত্যুৱেই তেওঁলোকৰ জীৱনৰ শেষ নেকি? তেওঁলোকৰ সন্মানেৰে জীয়াই থকাৰ, সুখী হোৱাৰ, নিজকে সজোৱাৰ অধিকাৰ কিয় নাই ? কোনোবা অদৃশ্য ভগৱানক বাধ্য হৈ প্ৰেম কৰিবলৈ বাদ দি কোনোবা এজন দৃশ্যমান পুৰুষক প্ৰেম কৰাৰ অধিকাৰ তেওঁলোকৰ কিয় নাই? যিখন সমাজে তেওঁলোকক পৰিত্যক্তা কৰিলে সেইখন সমাজৰ বাসিন্দাসকলৰ সুখ-শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ তেওঁলোক আজি কিয় বাধ্য হৈছে? তেওঁলোকৰ সেই প্ৰাৰ্থনাৰ দাম মাত্ৰ ১০ টকা আৰু এমুঠি চাউল কিয় ??? নাই…….. কাৰো ওচৰত কোনো উত্তৰ নাই !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক