ৰান্ধনিশাল (দুলাল বৰুৱা)

ৰান্ধনিশাল

দুলাল বৰুৱা

 

অতীতত প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত সুকীয়াকৈ এটা ৰান্ধনিঘৰ থকাটো অসমীয়া সমাজ আৰু সংস্কৃতি এক পৰম্পৰা আছিল আৰু সকলোৱে এই ৰান্ধনিশালৰ প্ৰৱিত্ৰ্তা ৰক্ষা কৰি চলিছিল। ৰান্ধনিঘৰত সোমায়ে পোন প্ৰথমে চৌকাকেইটাই চকুত পৰে। ৰান্ধনিশালত মাথো ভাত ৰন্ধা চৌকা যে ব্যৱহাৰ হয় এনে নহয়, ওচৰতে এটা কোণত চাহ কৰা চৌকা তৈয়াৰ কৰি লোৱা হয়। ভাতৰ চৌকাবিলাক এটি গাঁত খান্ধি লৈ তিনিটা কোণ ওলাই থকা নিচিনা কৈ মাটিৰে লেপি সজোৱা হয়। চৌকা ভালদৰে সজাব নোৱাৰিলে জুই ভাল দৰে নুঠে আৰু জুই উঠিলেও চৌকাৰ বাহিৰলৈ জুই ওলাই যোৱাৰ বাবে ৰন্ধন কাৰ্য পলম হয়। আগৰ দিনত ৰান্ধনিঘৰ বা পাকঘৰত উধান নামেৰে এবিধ বোকামাটিৰে চৌকা সজোৱা হয়। উধান বিলাক সাধাৰণতে ফাগুন-চ’ত মাহত খাল বা পুখূৰী আদি শুকাই যোৱাৰ সময়ত তাৰ বোকা মাটি আনি তৈয়াৰ কৰা হয়। উধানৰ চৌকাত কাপোৰ, ধান আদি সিজোৱা কাম কৰিছিল। আজি কালি উধান দেখিবলৈ নোপোৱা হ’ল। কেতিয়াবা কিছুলোকে তিনিটা শিল বা ইটা গোটাই লৈ উধান সজোৱা দেখা যায়।

অতি পুৰণি কালৰ পৰাই অসমীয়াৰ প্ৰতিঘৰ গৃহস্থীৰ ৰান্ধনিশালৰ পবিত্ৰতা কেনেকৈ ৰক্ষা কৰা হয় সেই বিষয়ে বিশেষ গুৰুত্ব দিয়া হৈছিল। আগৰ দিনত গা-পা নোধোৱাকৈ ৰান্ধনিঘৰত সোমাব নাপায় বুলি সকলো মানুহে জানিছিল। গা নোধোৱাকৈ ৰান্ধনিশালত বা ৰান্ধনিঘৰত সোমোৱাৰ কথা মনলৈ আহিবই নোৱাৰিছিল। গা-পা নোধোৱাকৈ ৪/৫ বছৰৰ ল’ৰাইহে পাকঘৰত সোমাব পাৰিছিল। সাধাৰণতে পাকঘৰৰ চৌকাৰ ওপৰত ৫/৬ হাতমান ওখকৈ কেইবাটাও খলপীয়া কৰি চাং পাতি বিভিন্ন বস্তু থব পৰা কৈ বাঁহেৰে বা তামোলৰ গা-গছৰ তক্তাৰে চাং সজাই লোৱা হয়। এই চাং বোৰত কলহ, চৰু আদি ৰাখিব পৰা য়ায়। চাংখনৰ ওপৰত থোৱা টেকেলি আদিত শুকান টেঙা, হালধীগুৰা, মচলা আদি ৰখা হয়। বহু দিন হলেও চাংখন ধোঁৱা লাগি এলান্ধুময় হয়। কলহ, টেকেলি আদিও ক’লা হৈ পৰে। আগৰ দিনত পিঠা, সান্দহ, মাহকড়াই আদিও এই চাঙৰ ওপৰত কলহ আদিত ভৰাই ৰাখিছিল। তাৰোপৰি ৰান্ধনিসকলৰ সাজ-পাৰতো বিশেষত্ব আছিল। সাধাৰণতে হালধীয়া বৰণৰ কাপোৰ ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত সাজ-পাৰৰ কোনো গুৰুত্ব নাই। ছেণ্ডেল পিন্ধিও ৰান্ধনিঘৰত সোমাই ৰন্ধন কাৰ্য চলায়। তাৰ ওপৰিও ৰান্ধনিশালত ঘৰৰ ডাঙৰ জন বহাৰ ঠাই খিনিৰো সুকীয়া ব্যৱ্স্থা আছিল। ডাঙৰ কাঁহিত কোনে খাব তাৰো নিয়ম আছিল। সেই সময়ত ভাত খাওঁতে কথা কব নাপায় বুলিও বিশ্বাস আছিল। তাৰ ওপৰিও ভাত খোৱাৰ সময়ত গালি-গালাজ কৰাটো একেবাৰে নিষেধ আছিল। পৰম্পৰাগত ভাৱে অসমীয়া তিৰোতা বিলাকৰ নিত্যকৰ্মৰ ভিতৰত ভাত ৰন্ধাও এটা প্ৰধান কৰ্ম।

এটা ডাঙৰ ঘৰৰ সলনি অসমীয়া মানুহে কেইবাটাও ভাগত ঘৰ সাজে। যেনে-চৰাঘৰ, গোসাঁইঘৰ, খৰিথোৱা ঘৰ, ভঁৰালঘৰ, গোহালিঘৰ, আৰু ৰান্ধনিঘৰ ইত্যাদি। পুৰণা পদ্ধতিৰ চৌকাত ৰন্ধন কৰাৰ বাবে তাৰ ধোঁৱাৰ ফলত চকুৰ বেমাৰ, বুকুৰ ধপধপনি, এজমা আদি ৰোগৰ উত্প ত্তি হয় বুলি চিকিত্সৰক সকলে মত পোষন কৰিছে। আজি কালি পুৰণা পদ্ধতিৰ চৌকাৰ উন্নতি সাধন কৰি ধোৱাবিহিন চৌকা উদ্ভাৱন কৰিছে। সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া সমাজৰ ৰান্ধনিশালৰো পৰিবৰ্তন হ’ল। গতিকে আজি সেই অসমীয়া সমাজৰ ‘ৰান্ধনিশাল’ সময়ৰ বুকুত হেৰাই গ’ল….!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক