ৰামকিঙ্কৰ বেইজ -নৱ কোঁৱৰ

 

ৰবীন্দ্ৰনাথ ঠাকুৰে খুব পুৱাই টোপনিৰ পৰা উঠে ৷ উঠিয়েই শান্তিনিকেতন আশ্ৰমৰ কিছু অংশত ফুৰাৰ অভ্যাস৷ সেইদিনাও তেওঁ ফুৰিবলৈ ওলাই গ’ল৷ আগুৱাই গৈ সঙ্গীত ভৱনৰ সন্মুখত তেওঁ ৰৈ গ’ল৷ সন্মুখত এঘাৰ ফুট ওখ ক্ষীনাঙ্গী এক তৰুণীৰ মূৰ্ত্তি৷ গম্ভীৰভাবে সুধিলে, “কোনে কৰিছে এইটো? ”
ৰাতিপুৱাই ৰবীন্দ্ৰনাথৰ গম্ভীৰ ভাৱ দেখি সকলোৰে ভয় হ’ল৷ এজনে ভয়ে ভয়ে কলে, “এইটো ৰামকিঙ্কৰে কৰিছে৷ ”
“তাক মোৰ কাষলৈ এতিয়াই পঠিয়াই দিয়া৷ ” গম্ভীৰভাবে ৰবীন্দ্ৰনাথে কলে৷ এবাৰ মূৰ্ত্তিটো ভালদৰে চাই তেওঁ অহাবাটে ঘূৰিল৷
ৰামকিঙ্কৰ বেইজৰ বুকু দুৰু দুৰুকৈ কঁপি উঠিল৷ তথাপিও ৰবীন্দ্ৰনাথক দেখা কৰিবলৈ গ’ল৷
“নাৰীমূৰ্ত্তিটো তুমি কৰিছিলা? ”
“হয়৷ ”ৰামকিঙ্কৰৰ ডিঙি শুকাই কাঠ মাৰিছিল৷ ৷
“সমস্ত আশ্ৰমত ইয়াতকৈও ডাঙৰ ডাঙৰ মূৰ্ত্তি গঢ়ি দিব পাৰিবা? পাৰিলে ভৰাই দিয়া৷ ”
যিটো মূৰ্ত্তিলৈ ৰবীন্দ্ৰনাথ আৰু ৰামকিঙ্কৰৰ মাজত আলোচনা হৈছিল, সেই মূৰ্ত্তিটোৰ নাম ‘সুজাতা’৷ ৰামকিঙ্কৰে প্ৰথমে নাম দিছিল ‘জয়া’৷ এই ভাস্কৰ্যৰ মডেল আছিল জয়া আপ্পাস্বামী , শান্তিনিকেতনত পেইণ্টিং বিষয়ত পঢ়ে৷ ৰামকিঙ্কৰৰেই ছাত্ৰী জয়া৷ কিয় জয়াক মডেল হিচাপে লৈ এই ভাস্কৰ্য তৈয়াৰ কৰিলে, সেই প্ৰসঙ্গত ৰামকিঙ্কৰে নিজেই কৈছে ,“যি কো্নো ডাঙৰ শিল্পকৰ্মৰ পিছত থাকে আবেগ, সেইয়াও অন্ধ আবেগ আৰু প্ৰেম ? প্ৰেম নোহোৱাকৈ জানো ছবি বা মুৰ্ত্তি গঢ়িব পাৰি ? প্ৰেম বহুবাৰ আহিছে, নিশব্দে নহয়৷ জীৱনত যিমানেই প্ৰেম আহিছে সকলোবোৰ ৰেখালৈ বদলি কৰি হয় ক্যানভাচত আঁকিছো বা মুৰ্ত্তি গঢ়িছো৷ জয়া আপ্পাস্বামীক দেখি সুজাতা মূৰ্তিটো তৈয়াৰ কৰিছো৷ তাই ইয়াত পেইণ্টিং বিষয়ত পঢ়া মোৰেই ছাত্ৰী৷ তাইৰ লগত কোনো প্ৰেমৰ সম্পৰ্ক নাছিল৷ সুন্দৰ ফিগাৰ দেখি মুৰ্ত্তি গঢ়ি, নাম দিলো জয়া৷ “
ৰামকিঙ্কৰে দিয়া ‘জয়া’ নামটো সৰহ দিন নিটিকিল৷ ভাস্কৰ্যটি স্থাপন কৰা হ’ল সঙ্গীত ভবনৰ কাষত৷ তাত আগৰে পৰা ৰুদ্ৰাপ্পাই তৈয়াৰ কৰা এটা মাটিৰ বুদ্ধ মূৰ্ত্তি আছিল৷ তাৰ কাষতেই ‘জয়া’ক স্থাপন কৰা হ’ল৷ তেতিয়া শান্তিনিকেতনৰ কলাভবনৰ অধ্যক্ষ আছিল নন্দলাল বসু৷ তেওঁ আহি ‘জয়া’ৰ এঘাৰ ফুট ওখ দেহৰ ভাস্কৰ্যটি দেখি বিস্মিত হৈ কলে, “আৰে! এইটো দেখো ওখ গছ এজোপাৰ দৰে ? ” মুৰ্ত্তিৰ কাৰুকাৰ্য দেখি আনন্দৰে কলে, “ভাল হৈছে৷ বুদ্ধ মুৰ্ত্তিৰ সন্মুখত স্থাপন কৰিছা যেতিয়া মূৰত পৰমান্নৰ পাত্ৰ এটা দি দিয়া, ‘সুজাতা’ হৈ যাব৷ ” নন্দলাল বসুৰ পৰামৰ্শমতে ৰামকিঙ্কৰে ‘জয়া’ৰ মূৰত পৰমান্নৰ পাত্ৰ এটা বহুৱাই দিলে৷ ‘জয়া’ হৈ পৰিল ‘সুজাতা’৷
১৯৪১ চনত ৰামকিঙ্কৰে কবিগুৰু ৰবীন্দ্ৰনাথৰ এখন মুখাআবয়ব নিৰ্মাণ কৰিছিল৷ কবিয়ে শোকসভাত এটি ভাষণ দিব, সেইবাবে মন ভৰাক্ৰান্ত; সেই সময়তে শিল্পী ৰামকিঙ্কৰে অতি খৰকৈ কিছু স্কেচ কৰি লৈছিল৷ এই ভাস্কৰ্যত এক অপূৰ্ব অভিব্যক্তি প্ৰকাশ পাইছে৷
১৯৫৬ চনত নিৰ্মিত হয় গুৰুত্বপূৰ্ণ ভাস্কৰ্য ’কলেৰ বাঁহী’৷ চিমেণ্টেৰে নিৰ্মিত কলা ভবনৰ সন্মুখত স্থাপিত হয় এই ভাস্কৰ্য৷ ইয়াত চাঁওতাল যুবতী কামৰ আহ্বানত দৌৰি গৈছে, তেনেই সাধাৰণ এটি গল্প৷ ভাৰতৰ শিল্পচৰ্চাত এনে নিৰেটিভ ভাস্কৰ্যৰ উৎকৰ্ষ সাধন ৰামকিঙ্কৰৰ আগতে কোনো শিল্পীৰে দেখা নাযায়৷ তেওঁৰ অপূৰ্ব শৈলীত সাধাৰণ জনজীবন, পৰিবেশ ৰূপায়ন কৰিছিল৷ তেওঁ ভাৰতীয় ধ্ৰুপদী ভাস্কৰ্যৰ ধাৰণাক নিজস্ব মেধাৰ বলত অন্য ৰূপত উপস্থাপন কৰিছে৷ তেওঁৰ বিশ্ব ভাবাপন্ন চিন্তাৰে সামাজিক দায়বদ্ধতা আগত ৰাখি শিল্প নিৰ্মাণত নামি পৰিছিল৷
চল্লিছৰ দশকত শিল্পকলাত কিউবিজম আৰু এক্সপ্ৰেশনিজমৰ প্ৰভাব দেখা যায়৷ এই প্ৰভাবক শিল্পীসকলে নিজা পৰিবেশ, অবস্থানৰ পৰিপ্ৰেক্ষিতত ব্যবহাৰ কৰিছিল৷ শিল্পী ৰামকিঙ্কৰৰ জীবন আৰু পৰিবেশৰ অভিজ্ঞতা বিশেষভাবে গুৰুত্বপূৰ্ণ৷ শিল্পী হবলৈ হ’লে জীবনমুখী হবই লাগিব বুলি তেওঁ সিদ্ধান্ত লৈছিল৷ তেওঁ আঙ্গিকৰ ক্ষেত্ৰত পাশ্চাত্যৰ প্ৰভাবক কিমান অগ্ৰাহ্য কৰিছিল বা প্ৰাচ্যৰ শিল্পধাৰণক কেনেধৰণে গ্ৰহণ কৰিছিল, সেইয়া গুৰুত্বপূৰ্ণ৷
ৰামকিঙ্কৰৰ ছবিত বাকুৰাৰ অভিজ্ঞতা প্ৰতিফলিত হৈছে৷ শান্তিনিকেতনত তেওঁৰ গুৰুদেব নন্দলালৰ সান্নিধ্যলৈ আহি জীবনবোধৰ অধিক সম্প্ৰসাৰন ঘটিছিল৷ শান্তিনিকেতনৰ চাঁওতাল জীবনে তেওঁক আকৃষ্ট কৰিছিল৷ ১৯৪৮ চনত অঙ্কিত ’বিনোদিনী’ শিল্পী ৰামকিঙ্কৰৰ এক অনবদ্য সৃষ্টি৷ নাৰীৰ অবয়ব আঁকিছিল সাৱলীলভাবে৷ দৃষ্টিত আছিল একাগ্ৰতা৷ আঙ্গিকত পাশ্চাত্যৰ ভাব থাকিলেও বিষয়-উপস্থাপনত প্ৰাচ্যৰ সৰলতা বিদ্যমান৷ চিত্ৰ পৰিচয়ক চেৰপেলাই ৰামকিঙ্কৰে খ্যাতি লাভ কৰিছে ভাস্কৰ হিচাবে৷ তেওঁৰ পূৰ্বেও অনেক ভাস্কৰ আছিল কিন্তু ভাৰতীয় ঐতিহ্যক আধুনিকতাৰ লগত সংপৃক্ত কৰিবলৈ কোনোৱে সক্ষম হোৱা নাছিল৷ তেওঁ ১৯৩৫ চনত চিমেণ্ট কংক্ৰিটেৰে ’সুজাতা’ নিৰ্মাণ কৰে৷ শিল্পী ৰামকিঙ্কৰে গছৰ ডালৰ দৰে এগৰাকী যুবতীক নিৰ্মাণ কৰা দীৰ্ঘ অবয়ব যাক প্ৰকৃতিৰ পৰা পৃথক কৰা দুৰূহ, নাৰীদেহৰ সৌন্দৰ্যৰ বিশেষত যি ৰূপ, একান্তই প্ৰাচ্যৰ- তেনে এক অনুভূতি ’সুজাতা’ৰ৷
১৯৩৮ চনত নিৰ্মাণ কৰে ’সাঁওতাল পৰিবাৰ’; এই ভাস্কৰ্যই তেওঁক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ভাস্কৰ উপাধি আনি দিয়ে৷ সাধাৰণ এটি বিষয়কে তেওঁ ভাস্কৰ্যৰ ৰূপ প্ৰদান কৰিছে৷ কামৰ শেষত এটি চাঁওতাল দম্পতী ঘৰলৈ ঘূৰিছে৷ , নাৰীৰ কাঁন্ধৰ পৰা ওলমি পৰা কাপোৰৰ দোলৰ মাজত শুই পৰা শিশু, নিত্য প্ৰয়োজনীয় বস্তু বাহানি লৈ ঘৰলৈ ঘূৰিছে আৰু পিছে পিছে আহি আছে এটা পোহনীয়া কুকুৰ৷
কলাভবনৰ কলাৰঙৰ কংক্ৰীটৰ গান্ধী মূৰ্তিটো ৰামকিঙ্কৰে গঢ়া৷ অসম চৰকাৰৰ আহবানত ১৯৬৮চনত ৰামকিঙ্কৰে ভাস্কৰ্যটিৰ কাম আৰম্ভ কৰে৷ কিছুদিনৰ পাছত কৰ্তৃপক্ষই জনালে যে তেওঁলোকৰ পচন্দ হোৱা নাই৷ তেওঁ আন এটিৰ কাম আৰম্ভ কৰি শেষ কৰিছিল, কিন্তু আধাগঢ়া মূৰ্ত্তিটো তেনেকৈয়ে থাকিল৷ পাছত তেওঁ সেইটো অসমাপ্ত কাম বুলি উল্লেখ কৰে৷
ৰামকিঙ্কৰৰ বিখ্যাত ভাস্কৰ্যৰ মাজত আছে:
প্লাষ্টাৰত কৰা মা ও ছেলে (১৯২৮), কচ ও দেবযানী (১৯২৯), মিথুন-১ (১৯৩১), মিথুন-২(১৯৩১), মিথুন-৩(১৯৩১), সাঁওতাল-সাঁওতাল ৰমণী(১৯৩৫), সাঁওতাল দম্পতী(১৯৩৫), আলাউদ্দিন খাঁ(১৯৩৫), কংক্ৰীটেৰে কৰা সাঁওতাল পৰিবাৰ(১৯৩৮), প্লাষ্টাৰত কৰা ৰবীন্দ্ৰনাথৰ বিমূৰ্ত ভাস্কৰ্য(১৯৩৮), সিমেণ্টে কৰা ৰবীন্দ্ৰনাথৰ আৰু এটি ভাস্কৰ্য(১৯৪১), হাৰ্ভেষ্টাৰ(১৯৪২), ফেমিন (১৯৪৩), সাঁওতাল নাচ (১৯৪৩), অবনীন্দ্ৰনাথ (১৯৪৩), সিমেণ্টে কৰ কুলি মাদাৰ (১৯৪৩-৪৪), বিনোদিনী (১৯৪৫), বুদ্ধ (১৯৪৬-৫০? ), সিমেণ্টেৰ দ্য মাৰ্চ (১৯৪৮), ডাণ্ডী মাৰ্চ (১৯৪৮), লেবাৰ মেমৰী (১৯৪৮), মা ও ছেলে (১৯৪৯), স্পীড এণ্ড গ্ৰাভিটি (১৯৪৯), শুয়োৰ (১৯৫২), পিতা-পুত্ৰ ( ১৯৫২), মিলকল (১৯৫৬), গান্ধী (১৯৫৭), শাৰ্পেনাৰ (১৯৫৮? ), ম্যান এণ্ড হৰ্স ( ১৯৬০), সুভাসচন্দ্ৰ বসু (১৯৬০-৬১), হৰ্স হেড (১৯৬২), মহিষ-১ (১৯৬২) কাউৰী আৰু কুলি (১৯৬২), আগুমেৰ জন্ম (১৯৬৩), যক্ষী-১১(১৯৬৩? ) মহিষ ও ফোয়াৰা (১৯৬৩), মাছ (১৯৬৪), তিমি মাছ (১৯৬৫), নৃত্যৰতা নাৰী (১৯৬৫), লালন ফকিৰ (১৯৬৫), যক্ষ যক্ষী (১৯৬৬), প্ৰেগন্যাণ্ট লেডি (১৯৬৭-৬৯), বলিদান (১৯৭৬), ৰাজপথ (১৯৭৭), ৰেখা, কলেজ গাৰ্ল, গণেশ, সিটেড লেডি, মা ও শিশু, কুকুৰ, মা, সেপাৰেশন, ৰাহুপ্ৰেম, প্যাশন, ত্ৰিভুজ, দ্য ফ্ৰুট অফ হেভেন, হাঁহি, বন্ধু ইত্যাদি৷
জীবিত অৱস্থাত শান্তিনিকেতন আৰু তাৰ আশেপাশে থকা বহুতেই ৰামকিঙ্কৰক সঠিক মূল্যায়ন কৰিব নোৱাৰিলে৷ কিছু লোকে অৱশ্যে ৰামকিঙ্কৰক থিক বুজি পাইছিল৷ ৷ বন্ধুৰ দৰে সকলোসময়তে সদায়ে কাষত আছিল শিক্ষক নন্দলাল বসু, বিনোদবিহাৰী মুখোপাধ্যায়৷ আৰু আছিল ৰবীন্দ্ৰনাথ৷
শান্তিনিকেতনত ৰামকিঙ্কৰেই প্ৰথম তেলৰং প্ৰৱৰ্তন কৰে৷ তাৰ আগতে কোনেও তেলৰঙৰ কাম কৰা নাছিল৷ আনকি তেলৰঙৰ ব্যৱহাৰৰ কথা দোকানীৰ পৰা জানি লব লগা হৈছিল৷ তেওঁ অসংখ্য পানীৰঙৰ ছবি আঁকিছিল, অলপ ৰঙেৰেই তেওঁ বহুকথা প্ৰকাশ কৰিছিল৷
বাকুঁৰাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা অহা ৰামকিঙ্কৰ লৰাটি এদিন শান্তিনিকেতনৰ শ্ৰদ্ধাৰ শিল্পী ৰামকিঙ্কৰ হ’ল৷ কিন্তু সদায়েই প্ৰকৃতিৰ সন্তান ৰামকিঙ্কৰ স্নেহভৰা ৰামকিঙ্কৰেই আছিল৷ তেওঁৰ সৰহভাগ সৃষ্টিকৰ্মৰ বিষয় আছিল সাধাৰণ মানুহ, তেওঁলোকৰ জীবন যাত্ৰা আৰু অন্যান্য আনুষঙ্গিক বিষয়৷ “প্ৰতিদিন সকাল সন্ধ্যায় যাদেৰ দেখেছেন তিনি তাৰাই তাঁৰ মডেল৷” শান্তিনিকেতনৰ ৰামকিঙ্কৰৰ আবাসৰ কাষতে পিয়াৰ্চন পল্লীত চাঁওতালসকলৰ বাসস্থান৷ তেওঁলোকৰ সৈতে ৰামকিঙ্কৰৰ গভীৰ বন্ধুত্ব৷ প্ৰাকৃতিৰ সন্তান এই চাঁওতালসকল প্ৰতিদিনৰ জীৱন যাপন সেয়ে তেওঁৰ ভাস্কৰ্যত বহুলভাবে প্ৰতিফলিত হৈছে ৷ ৰামকিঙ্কৰে শিল্পৰ বুদ্ধি অথবা চাতুৰ্যক স্থান নিদি সামাজিক চাহিদাৰ কথা মনত ৰাখি কাম কৰে৷ কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈ মনলৈ অহা ভাবনাবোৰক স্বতঃফুৰ্তভাবে ছবি বা ভাস্কাৰ্যৰ ৰূপ দি তেওঁ প্ৰশস্তি লাভ কৰে৷
ৰামকিঙ্কৰ বেইজৰ জন্ম ১৯০৬ চনৰ ২৫ মেত ব্ৰিটিশ ভাৰতৰ বাংলা প্ৰেসিডেন্সিৰ বাঁকুড়া জিলাৰ যুগীপাড়াৰ এক নাপিত পৰিয়ালত৷ পিতাকৰ নাম চাণ্ডীচৰণ, মাকৰ নাম সম্পূৰ্ণা৷ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল নাছিল৷ সুৰেন পণ্ডিতৰ পাঠশালাত লেখাপঢ়া আৰম্ভ কৰি যুগীপাড়াৰ নৈশবিদ্যালয় আৰু লালবাজাৰৰ জাতীয় বিদ্যালয়ত অষ্টম শ্ৰেণী (মতান্তৰ দশম শ্ৰেণী )লৈকে শিক্ষাগ্ৰহণ কৰে৷ ৰামকিঙ্কৰ সৰুৰে পৰা মূৰ্ত্তি বনোৱা আৰু ছবি অঁকাত অতি আগ্ৰহী আছিল৷ স্কুলত থকা সময়তে চাইনবৰ্ড, নাটকৰ পট আদি আঁকিছিল৷ ৰামকিঙ্কৰৰ ঘৰৰ কাষতে অনন্ত সূত্ৰধৰে প্ৰতিমা নিৰ্মাণ কৰিছিল৷ ৰামকিঙ্কৰে অনন্ত সূত্ৰধৰৰ প্ৰতিমা নিৰ্মাণত সহযোগিতা কৰিছিল৷ ৰামকিঙ্কৰে টকাৰ অভাবত ৰং কিনিব নোৱাৰি গছৰ পাতৰ পৰা সেউজীয়া, হালধীয়া ৰঙৰ বাবে হালধি ব্যৱহাৰ কৰিছিল৷ এদিন কিবা কামত ৰামানন্দ চট্টোপাধ্যায় ৰামকিঙ্কৰৰ ঘৰলৈ আহিছিল৷ ৰামকিঙ্কৰৰ ঘৰত ছবি আৰু মুৰ্ত্তিবোৰ দেখি তেওঁ আপ্লুত হয়৷ ৰামানন্দ চট্টোপাধ্যায়ে ৰামকিঙ্কৰক শান্তিনিকেতনৰ শিল্পাচাৰ্য নন্দলাল বসুৰ সৈতে চিনাকি কৰি দিয়ে৷ ১৯২৫ চনত ৰামকিঙ্কৰে ছাত্ৰ হিচাবে শান্তিনিকেতনত যোগদান কৰে৷ তাৰ পিছত গোটেই জীৱন শান্তিনিকেতনতে পাৰ কৰে৷
মানসিক আৰু শাৰীৰিকভাবে প্ৰেমৰ সম্পৰ্ক হৈছিল যদিও তেওঁ বিয়া কৰোৱা নাছিল৷ ৰামকিঙ্কৰৰ কথাৰে– বিয়াৰ কথা ভাবিলেই ভয় হয়- বিয়াৰ পিছত আৰু ছবি আঁকিব বা মূৰ্ত্তি গঢ়িব পৰা নাযাব৷ জনা যায় এবাৰ পৰিয়ালৰ তৰফৰ পৰা বিয়াৰ দিন তাৰিখলৈকে থিক হৈছিল, কিন্তু কাকো নজনোৱাকৈ এদিন হঠাৎ ৰামকিঙ্কৰৰ ঘৰৰ পৰা নোহোৱা হ’ল৷ বহুদিন কোনো খবৰ নাছিল৷ বহুদিনৰ পিছত মাকলৈ চিঠি লিখি জনালে- মা, মই বিয়া নকৰাও৷ এই প্ৰসঙ্গত ৰামকিঙ্কৰে কৈছে, ‘বিয়া কৰালে এই মহৎ সাধনাৰ পৰা কক্ষচ্যুৎ হৈ পৰিব লাগিব৷ বিয়া কিয় কৰাব লাগে? ’ শান্তিনিকেতনত ৰামকিঙ্কৰৰ সৈতে ৰাধাৰানী দাসীৰ সম্পৰ্কক লৈ এসময়ত বহু সমালোচনা হৈছিল৷ ৰাধাৰানীয়ে ৰামকিঙ্কৰৰ ৰন্ধা- বঢ়া আৰু অন্যান্য কামকাজ কৰি দিছিল৷ ৰামকিঙ্কৰৰ বহু ছবি আৰু ভাস্কৰ্যৰ মডেল আছিল ৰাধাৰানী৷ ৰাধাৰানীক লৈ বহুতো ষ্টাডি-স্কেচ কৰিছে৷ দীৰ্ঘদিন একেলগে ৰামকিঙ্কৰৰ সৈতে থকাৰ পিছত ৰাধাৰানীৰ এটা মানসিক সম্পৰ্ক গঢ়লৈ উঠিছিল৷ কিন্তু সেই বিষয়টো লৈ তথাকথিত সভ্য-শিক্ষিত কাৰোৱেই সহ্য হোৱা নাছিল৷ ফলত ৰামকিঙ্কৰৰ লগত কাজিয়া হৈছিল৷ এই বিষয়টো লৈ ৰামকিঙ্কৰ আছিল অনমনীয়৷ জীবনৰ শেষ দিন পৰ্যন্ত ৰামকিঙ্কৰৰ ৰাধাৰানীৰ প্ৰতি দায়িত্বশীল আছিল৷ মৃত্যুৰ পিছত ৰামকিঙ্কৰে তেওঁৰ ছবি বিক্ৰীৰ এটা শকত স্বত্ব ৰাধাৰানীক দি গৈছে৷ কিন্তু জনা যায় ৰাধাৰানীয়ে পাবলগা এই টকাৰ বেচিভাগেই অন্যৰ হাতলৈ যায়৷ ৰাধাৰাণীৰ ফালৰ পৰাও ৰামকিঙ্কৰৰ প্ৰতি শ্ৰদ্ধা আৰু অকুণ্ঠ ভালপোৱা আছিল৷
ৰামকিঙ্কৰৰ গোটেই জীৱনৰ কামৰ স্বীকৃতি স্বৰূপ ১৯৭০চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ উপাধিৰে সম্মানিত কৰে৷ সেই বছৰতে তেওঁ গুৰুতৰভাবে অসুস্থ হৈ কলিকাতাৰ মেডিকেলল ৰিচাৰ্চ ইন্সটিটিউট হস্পিটেলত ভৰ্তি হয়৷ হস্পিটালত কেইবামাহ থাকিবলগা হোৱাৰ বাবে তেওঁৰ স্বাস্থ্য ভাঙি পৰে৷ ১৯৭১ চনৰ ২৫ মে তাৰিখে অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১৯৭৩চনত ভাৰত চৰকাৰে তেওঁক লৈ ‘ৰামকিঙ্কৰ’ শিৰোনামাৰে চল্লিশ মিনিটৰ এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে৷ তথ্যচিত্ৰখনি পৰিচালনা কৰিছিল দেবব্ৰত ৰায়ে৷ ১৯৭৭ চনত ৰামকিঙ্কৰে তেওঁৰ ছাত্ৰ শঙ্খ চৌধুৰীয়ে দিয়া ৰতন পল্লীৰ মাটিৰ ঘৰটো এৰি বিশ্বভাৰতী কৰ্তৃপক্ষই দিয়া এণ্ড্ৰুজপল্লীৰ কোয়াৰ্টাৰলৈ আহে৷ পুনৰ তেওঁৰ শৰীৰ বেয়া হবলৈ ধৰে৷ নানা সমস্যা, দুৰ্বলতা, হাত ভৰি কঁপি থকা, দৃষ্টশক্তি কম । গোটেই দিন বিছনাতে পাৰ কৰিবলগা হয়৷ কেতিয়াবাহে কাৰোবাৰ সহায়ত অলপ চলাফুৰা কৰিব পাৰে৷ তেতিয়া প্ৰায় সকলো সময়তে তেওঁৰ সংগী আছিল ৰাধাৰানী দাসী৷ সকলো দেখাশুনা ৰাধাৰনীয়ে কৰিছিল৷ প্ৰায়ে তেওঁৰ ছাত্ৰ ছাত্ৰীসকল আহিছিল৷ তাৰপিছত আহিছিল ভতিজা দিবাকৰ আৰু নাতি সম্পৰ্কৰ সাধন৷
জীবনৰ এই কষ্টকৰ মুহূৰ্তবোৰত তেওঁ মৃত্যুৰ কথা এবাৰো ভবা নাছিল৷ জীয়াই থকাৰ বৰ আশা কৰিছিল, জীয়াই থাকি আকৌ কাম আৰম্ভ কৰিব এয়ে আছিল সপোন৷
১৯৭৯ চনৰ ২২ চেপ্তেম্বৰত ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ে তেওঁক ডি.লিট সম্মানেৰে সন্মানিত কৰে৷ ৰামকিঙ্কৰৰ প্ৰয়োজনীয় চিকিৎসাৰ বাবে ‘লোকচিত্ৰকলা’ পত্ৰিকা , ‘পেইণ্টাৰ্স ফোৰাম’ আৰু বহু কেইজন বিখ্যাত শিল্পীৰ দ্বাৰা পশ্চিমবঙ্গৰ সেইসময়ৰ তথ্য আৰু সংস্কৃতিক বিভাগৰ মন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ ওচৰত আবেদন জানোৱা হয়৷
তেওঁৰ প্ৰষ্টেট গ্ল্যাণ্ডৰ অসুখ হৈছিল৷ ফলত মলমুত্ৰ ত্যাগৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল৷ খোৱা বোৱাও কমি গৈছিল৷ চিকিৎসাৰ বাবে তেওঁক কলকাতালৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয়৷ তেওঁৰ কিন্তু কলিকতালৈ যোৱাৰ বিন্দুমাত্ৰও আগ্ৰহ নাছিল৷ যিকিনহওক ১৯৮০ চনৰ ২৩ মাৰ্চ তাৰিখে ৰামকিঙ্কৰক কলিকতাৰ শেঠ সুখলাল কাৰনানি হাস্পিতেলত ভৰ্তি কৰা হয়৷ তেওঁৰ চিকিৎসাৰ খৰচৰ দায়িত্ব লয় পশ্চিমবঙ্গ চৰকাৰে৷ বিশ্বভাৰতীৰ পৰাও কিছু টকা দিয়া হয়৷ সিদ্ধান্ত হল মস্তিষ্কত জমা হৈ থকা পানী উলিয়াই দিয়া হব৷ ২৬ জুলাই তাৰিখে মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়৷ তাৰ আগৰ দিনা ৰামকিঙ্কৰে মাটিৰে এটি সৰু ভাস্কৰ্য বনালে৷ এইটিয়েই তেওঁৰ জীবনৰ সৰ্বশেষ শিল্পকৰ্ম৷ পিছদিনা অস্ত্ৰোপচাৰ কৰা হ’ল৷ দু দিন সুস্থ অৱস্থাতেই আছিল৷ তাৰপাছত মস্তিষ্কৰ ৰক্তক্ষৰণ আৰম্ভ হ’ল৷ ১৯৮০ চনৰ ২ আগষ্ট ৰাতি চাৰে বাৰ বজাত তেওঁৰ মৃ্ত্যু হয়৷ জীবনৰ শ্ৰেষ্ঠ সময়খিনি পাৰকৰা শান্তিনিকেতেই তেওঁৰ বাবে পাৰি দিয়া হ’ল শেষ শয্যা৷
ৰামকিঙ্কৰ ভাৰতীয় উপমহাদেশৰে নহয় আধুনিক শিল্পজগতৰে অন্যতম গুৰুত্বপূৰ্ণ শিল্পী৷ তেওঁৰ জন্ম অথবা কৰ্মস্থল যদি ইউৰোপত হ’লহেতেন, তেওঁৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুগুণে বৃদ্ধি পালেহেঁতেন৷ তেওঁৰ কৰ্ম যিসকল শিল্পসুলভ ব্যক্তিয়ে দেখিছে তেওঁলোকৰ বাবে ৰামকিঙ্কৰ বেইজ শিল্পী হিচাবে অনেক শ্ৰদ্ধেয়, আৰু মানুহ হিচাবে বিস্ময়কৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments