ৰামধেনু (মূল:জনাৰ্দন গোস্বামী, গ্রন্থ আলোচক:অনামিকা বৰুৱা)

উপন্যাস: ৰামধেনু
লেখক:জনাৰ্দন গোস্বামী
প্ৰথম প্ৰকাশ: মাৰ্চ,২০১০ চন
প্ৰকাশক: ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্‌
প্ৰচ্ছদ:দিগন্ত বিজয়
মূল্য:৮০.০০ টকা
গ্রন্থ আলোচক:অনামিকা বৰুৱা

এখন সামাজিক উপন্যাস যদিও অলপ অগতানুগতিক কাহিনী, অগতানুগতিক উপস্থাপন শৈলীৰে ৰামধেনু অলপ ব্যতিক্ৰমী উপন্যাস। ইয়াত প্ৰেম-ভালপোৱা-বিশ্বাস-প্ৰতাৰণা-জীৱন সকলো আছে। কিন্তু সমগ্ৰ উপন্যাসখনক ধৰি ৰাখিছে জীৱন অম্বেষণৰ এক অন্তহীন তৃষাই। এক জিজ্ঞাসা। জীয়াই থকা দিনবোৰত প্ৰতি মুহূৰ্তে মুহূৰ্তে সলনি হোৱা ঘাত-প্ৰতিঘাতৰ স্বাক্ষৰ। উপন্যাসিকে খুব সুন্দৰকৈ এক কাব্যিক পৰশ সানি আঁকি গৈছে জীৱনৰ ৰামধেনু এখন ধুনীয়া ছবি। মায়াময় বিষাদত ডুবিও জীৱন সজোৱাৰ মহামন্ত্ৰ যেন কাণে কাণে সংগোপনে কৈ গৈছে। কৈ গৈছে এয়েতো জীৱন। জীৱন-মৃত্যু-প্ৰেম অথবা ব্ৰক্ষ্মাণ্ড, জীৱন আৰু প্ৰেম। মায়া মথোঁ মায়া। সকলো মায়া।

…ৰৈ থকাজনেই হেৰুৱায়, গৈ থকাজনেই পায়
জীৱনৰ বাটত গৈ থাকিলেই সুৰংগ, ৰৈ থাকিলেই গুহা…..

প্ৰথম পুৰুষত আৰম্ভ কৰা কাহিনীটোত উপন্যাসিকে মনৰ দাপোণত লুকা-ভাকু খেলা অলেখ জীৱন্ত চৰিত্ৰৰ ছবি আঁকিছে সযতনে। মূল চৰিত্ৰ খানু বাবা। যি জীৱনত সকলো হেৰুৱাইও সকলোৰে বাবে জীয়াই থকাৰ উত্স। খানু বাবাৰ জীৱনক তুলি ধৰোঁতেই মাজে মাজে ধৰা দিছে উষা বাইদেউ, কাহিনীকাৰৰ বন্ধু জিত, ৰূপশিখা, এদিনীয়া বন্ধু গুপ্তা, গুপ্তাৰ বন্ধু ৰবি শৰ্মা, ডাইভাৰ ৰতন, মৰমী আৰু বহুতো।

”তোমাৰ হৃদয়খন আজি এখন উলাহৰ ৰামধেনুৰে মেৰিয়াই লোৱা
আজিৰ সূৰুযটোৱে এটা হাঁহি আঁকি দিয়ক তোমাৰ মুখত।

বকুল কাহিনীৰ সূত্ৰধাৰ। বুকুত উষা বাইদেউৰ প্ৰতি সীমাহীন প্ৰেম। কিন্তু তাক স্বীকাৰ কৰাৰ কোনো পথ নাই। জীৱন পথত বাট বোলোতে বোলোতে ক্ৰমাত্‌ অঘৰীৰ ৰূপ লোৱা মনটোৱে ঘৰ-সংসাৰত বান্ধ খাব নুখুজিলে। তথাপি অবুজ মৰমীৰ মৰমে যেন বান্ধিব খোজে অজানিতে। বন্ধু জিতে কয় এই বয়সত আৰু সেই জুৱা নেখেলিবি। তোৰ শব্দৰ মায়াজালত বন্দী মৰমীক শব্দতেই মজি থাকিবলৈ দে। মিছাতে তাইক টনা আজোঁৰা কৰি তাইৰ লগতে নিজকে ফাঁকি নিদিবি। স্পিড্‌লৈ ভয় কৰা জিতৰ দেহ এদিন নিথৰ হৈ যায় গাড়ীৰ নিষ্ঠুৰ আঘাতত। নিথৰ দেহাত প্ৰাণ নাই বুলি নিশ্চিত কৰে এসময়ৰ প্ৰেয়সী ৰূপশিখাই।

’দুখে বুকু খান্দিলে নিশাৰ আকাশলৈ চাবা,
জীৱনৰ সুন্দৰতা তৰাবোৰৰ মাজতেই পাবা!’

তাকেই সৰোগত কৰি গুপ্তা চাহাবে জীৱনত প্ৰিয় পত্নী-পুত্ৰ সকলোকে হেৰুৱাইও খানু বাবাৰ পৰশত নতুনকৈ জী উঠিছিল পৰৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰি। গুপ্তাই কৈছিল-’True friendship is the God’s greatest blessing to the mankind. A friend is a friend.’ এই গুপ্তাই বকুলৰ বুকুত জগাই তুলিছিল খানু বাবাক লগ পোৱাৰ-জনাৰ এক উত্‌কণ্ঠাৰ। আইতাকৰ অস্থি বিসৰ্জন দিবলৈ গৈ হৰিদ্বাৰত খানুবাবাৰ সান্নিধ্য লাভৰ বাবেই বকুলে অতিৰিক্ত তিনিদিন অপেক্ষা কৰিছিল।

বেদনাক জীৱনৰ সৌন্দৰ্যলৈ ৰূপান্তৰ! বেদনা! বেদনা! অন্তহীন বিষ-বেদনাৰ ব্যাপ্তিৰে কিমান যে জীৱন থকাসৰকা! কিবা আছে, কিবা নাই! এটি সুন্দৰ দেহ আছে, এটি সুস্থ মন নাই। সত্য-সুন্দৰ মন আছে, শান্ত-সুস্থ দেহ নাই। জীৱিকা আছে, জীৱন নাই। নিমিষতে সকলো কাঢ়ি নিয়া নিষ্ঠুৰ নিয়তি আছে। জীৱনৰ অদ্ভুত বৈচিত্ৰ আছে। শূন্য বিলীন হয় অসীমত। সকলো সীমাও গলি যায় শূন্যৰ গৰ্ভত। এয়ে সত্য।

’প্ৰাণ থাকে তেজৰ প্ৰবাহত
জীৱন থাকে স্নেহৰ পৰশত।’

জীৱনৰ পম খেদি শৈশৱতে তেওঁৰ নাম আছিল কান্‌ ডি চুজা। শৈশৱতে পিতৃ-মাতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত কানে আশ্ৰয় পালে অত্যাচাৰী মোমায়েক-মামীয়েকৰ কাষত। কিন্তু এদিন মোমায়েক-মামীয়েকেও তেওঁক নিঠৰুৱা কৰি আন ক’ৰবালৈ গুচি গ’ল। লঘোণে-ভোকে কান্দি কান্দি বাটৰ কাষত পৰি থাকোঁতে এজন মৰমীয়াল পুলিচ বিষয়াই লৈ গ’ল। তেৱেঁই কানৰ থকা-মেলাৰ ব্যৱস্থা কৰি দিলে। দুখীয়া ল’ৰা-ছোৱালীয়ে পঢ়া স্কুল এখনত পঢ়াৰ সুবিধাও পালে। লাইব্ৰেৰীৰ চকিদাৰ ৰহমান চাচাৰ সাহায্যত লাইব্ৰেৰীৰ কিতাপবোৰ পঢ়াৰ সুবিধা পালে। কিন্তু ৰহমান চাচাৰ লগত থকাৰ কাৰণেই তেওঁৰ নাম কানৰ ঠাইত খান হ’ল।

’আন্ধাৰ মাথোঁ আন্ধাৰ
সুখৰ বিন্দু বিচাৰি
খান্দি যাওঁ দুখৰ পাহাৰ!
দুৰ্ভাগ্যবশত: দশম শ্ৰেণী পাওঁতেই এদিন ৰেষ্টুৰেণ্টত কাম কৰি থাকোতেই এটা দুৰ্ঘটনাৰ সৈতে জড়িত হৈ জেইল খাটিব লগা হ’ল।

’পৰশ-বলিয়া আন্ধাৰত সত্যৰ তপত উশাহ
দুখৰ তপত চকুপানী আৰু সুখৰ অনন্ত পিয়াহ।’

ঘটনাৰ পাকচক্ৰত পৰি এদিন ৰবাৰ্ট চাহাব আৰু মেৰী মেমচাবৰ লগুৱা হ’লগৈ। তাত অজুত মৰম চেনেহ পোৱাৰ লগতে পালে যৌবনৰ প্ৰথম পৰশ মেৰী মেমচাবৰ পৰা। ভুল বুলি অনুতাপত দগ্ধ হৈ থাকোঁতেই এক এক্সিডেণ্টত পৰি মেৰী মেমচাবৰ মৃত্যু হয় কানে চলোৱা গাড়ীতেই। ’মৃত্যুৰ সময়ত মেৰী মেমচাব আছিল অন্ত:সত্ত্বা—এই খবৰটোৱে কানৰ মৌন জগতখনত এক নতুন ধৰণ বিষাক্ত শিহৰণ ঢালি দিছিল। শাৰীৰিক দুখ-কষ্টকো পাহৰি মনৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ কান গুচি গৈছিল আলমোড়ালৈ। ডা: এলেনে সহায় কৰিছিল কানক।

’সপোনে সিঁচি দিয়ে
প্ৰেমৰ ৰেণু
বতাহত বিয়পি পৰে
সত্যৰ সুবাস।
বিষাদ?
বিষাদ যে জীৱনৰ তপত উশাহ!’

…..নতুন জীৱনৰ প্ৰতিজ্ঞা লৈ অনেক ঘাত-প্ৰতিঘাত পাৰ হৈ উভতি আহি দিল্লীত সৈন্যবাহিনীৰ দলত ভৰ্তি হয়। চাকৰি কালতেই অসমলৈ আহিল। ডিব্ৰুগড় নামৰ সৰু চহৰ এখনৰ কাষৰ চাবুৱা নামৰ ঠাইত এটা সেনা শিবিৰত কানৰ চাকৰি জীৱন আৰম্ভ হ’ল। তাতেই লগ পালে বকুলক। প্ৰেম আৰু মমতাৰে বকুলে উপচাই তুলিলে কানক। বিয়াৰ দিনবাৰ চাওঁতেই যুদ্ধৰ বিভীষিকাই ছানি ধৰে কান আৰু বকুলৰ জীৱন। যুদ্ধই পুনৰ কানক নিঠৰুৱা কৰিলে। যুদ্ধত মৃত বুলি ঘোষিত হোৱা কানে বহু বছৰৰ পাছত স্মৃতি ঘূৰাই পায় যেতিয়া বকুলক বিচাৰি আহে তেতিয়া দেখে কানৰ সমাধিত সেন্দুৰ পিন্ধা বকুলে দুডাল মম জ্বলাই বহুত লেৰেলি যোৱা বকুলেৰে শ্ৰদ্ধাঞ্জলি জনাই গৈছে।

’জীৱন-সুৰংগত স্বপ্নৰ কুঁৱলী
স্মৃতিৰ ধোঁৱা
সত্য?
সত্য যে কেৱল বৰ্তমান’

”যি পৃথিৱীত মোৰ মৰম আছে, মোৰ প্ৰেয়সী আছে, সেই পৃথিৱী মোৰ বাবে সদায়েই আপোন। মোৰ আত্মাই সাবটি ধৰিব এই পৃথিৱীক। পৃথিৱীয়েই মোৰ প্ৰেয়সী। এই ব্ৰক্ষ্মাণ্ডই হ’ব মোৰ ঘৰ। দুখী মানুহৰ দুখৰ আন্ধাৰ ফালি মই মাথোঁ গৈ থাকিম আৰু গৈ থাকিম।” কানুৰ মাজৰপৰা উঠি আহে খানু। কিন্তু সেই খানু বাবাৰ প্ৰেয়সী বকুলৰ নাতি ল’ৰা এই বকুল—এক অবিনশ্বৰ সত্য।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments