ৰামানুজনৰ অসুখ –ড° নয়নদীপ ডেকা বৰুৱা

মহান গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনে আনুষ্ঠানিক উচ্চ শিক্ষা অবিহনেও গণিতৰ বিভিন্ন ক্ষেত্ৰলৈ অভিনৱ অৱদান আগ বঢ়াইছিল। তেওঁৰ গৱেষণাপত্ৰ, চিঠি, টোকাবহী, আদিত লিপিৱদ্ধ কৰি যোৱা প্ৰমাণিত-অপ্ৰমাণিত তিনি সহস্ৰাধিক গাণিতিক ফলাফলে আজি মৃত্যুৰ এশ বছৰৰ পিছতো গণিতৰ বিভিন্ন ক্ষেত্ৰ প্ৰভাৱিত কৰি আহিছে। অসুখৰ বাবে মাত্ৰ বত্ৰিছ বছৰ চাৰি মাহ চাৰি দিন বয়সতে মৃত্যু নোহোৱা হ’লে তেওঁ যে গণিতলৈ আৰু বহুতো অনবদ্য অৱদান আগ বঢ়ালেহেঁতেন সেই কথা অনস্বীকাৰ্য। ৰামানুজনৰ নাটকীয় জীৱন কাহিনী প্ৰায় সকলোৱে কম-বেছি পৰিমাণে জানে বা শুনিছে। ৰামানুজনৰ সততে উপলব্ধ জীৱনী কিছুমানত যক্ষ্মাত তেওঁৰ মৃত্যু হোৱা বুলি পোৱা যায়। কিন্তু তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ যক্ষ্মা নাছিল। এই প্ৰবন্ধত ৰামানুজনৰ অসুখ আৰু আনুষঙ্গিক বিষয় কেইটামান আলোচনা কৰা হৈছে।

ইংলেণ্ডত তিনি বছৰ থকাৰ পিছত ১৯১৭ চনৰ মে মাহত ৰামানুজনৰ জটিল অসুখ আৰম্ভ হ’ল। পিছৰ দুবছৰ তেওঁ বিভিন্ন চিকিৎসালয়, আৰোগ্য ভৱন আদিতেই কটাবলগীয়া হ’ল। প্ৰথমতে তেওঁক কেম্ব্ৰীজৰে থম্পচন লেনত থকা নাৰ্চিং হোষ্টেলত ভৰ্তি কৰোৱা হ’ল। উল্লেখযোগ্য যে এই নাৰ্চিং হোষ্টেলটো পিছলৈ ছাত্ৰাৱাসলৈ পৰিৱৰ্তিত কৰা হৈছিল আৰু ১৯৮১ চনত ইয়াক সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিল। ড° লৰেন্স হামফ্ৰী আৰু ড° উইলিয়াম ৱাৰবাৰ্টন উইংগেটৰ তত্ত্বাৱধানত ৰামানুজনৰ চিকিৎসা চলিল। যক্ষ্মা হৈছে বুলি ভাবি চাৰিমাহৰ পিছত, ২০ চেপ্তেম্বৰত, সেই নাৰ্চিং হোষ্টেলৰপৰা ৱেলছৰ মেনদিপ পাহাৰত অৱস্থিত যক্ষ্মা ৰোগৰ চিকিৎসালয় হিল গ্ৰোভ চেনেটৰিয়ামলৈ স্থানান্তৰ কৰা হ’ল। এই চেনেটৰিয়ামখন স্থাপন কৰিছিল ভাৰতীয় মূলৰ যক্ষ্মা বিশেষজ্ঞ ড° ডেভিড জেকব আৰন চাওৰি-মুথুৱে। যিহেতু সেই সময়ত যক্ষ্মাৰ ঔষধ ওলোৱাই নাছিল গতিকে মুক্ত বায়ু আৰু পৰিষ্কাৰ পৰিৱেশত ৰোগীক ৰখাৰ ব্যৱস্থা হিচাপে যক্ষ্মা চিকিৎসালয়বোৰ পাহাৰীয়া স্বাস্থ্যকৰ পৰিৱেশত স্থাপন কৰা হৈছিল। উল্লেখনীয় যে ড° চাওৰি-মুথুৱে ১৯২৮ চনত ভাৰতলৈ ঘূৰি আহি মাদ্ৰাজৰ পৰা ৩৫ কিলোমিটাৰ আঁতৰত টম্বৰম পাহাৰত টম্বৰম চেনেটৰিয়াম স্থাপন কৰে। ড° চাওৰি-মুথু ব্যক্তিগত কাৰণত ভাৰত এৰি যাব লগা হোৱা বাবে চিকিৎসালয়খন চৰকাৰে ১৯৩৭ চনত কিনি লয় আৰু বৰ্তমান সেইখন Government Hospital of Thoracic Medicine, Chennai হিচাপে জনাজাত। পিছে ৰামানুজনক হিল গ্ৰোভ চেনেটৰিয়ামত বেছি দিন ৰখা নহ’ল। দুমাহৰ পিছত তেওঁক পুনৰ ডাৰ্বিশ্বায়াৰত অৱস্থিত মেটলক হাউছ চেনেটৰিয়ামলৈ স্থানান্তৰ কৰা হ’ল। এই চেনেটৰিয়ামত ড° ফ্ৰেডেৰিক কিনকেইদ, ড° লভু ৰাম, আৰু ডাৰ্বিশ্বায়াৰ কাউণ্টি কাউন্সিলৰ যক্ষ্মা বিশেষজ্ঞ ড° উইলিয়াম হেনৰী ৱেইনৰ দ্বাৰা চিকিৎসা আৰম্ভ হ’ল। পিছে ৰামানুজন বৰ ভাল ৰোগী নাছিল। নিজৰ অসুখলৈ কেৰেপ কৰাতকৈ ভালকৈ অংক কৰিবলৈ নোপোৱাৰ কাৰণেহে ব্যথিত হৈছিল। মেটলক হাউছৰপৰা হাৰ্ডিলৈ দিয়া এখন চিঠিত ৰামানুজনে লিখিছিল যে তেওঁৰ কোঠাটো যথেষ্ট ঠাণ্ডা আৰু প্ৰায়েই কঁপি কঁপি কটাবলগীয়া হৈছে। কিন্তু লগতে লিখিছিল— “ইয়াৰ বাথৰূমবোৰ বৰ ভাল আৰু উমাল! এতিয়াৰপৰা মই কাগজ আৰু কলম লৈ প্ৰতিদিনে এঘণ্টামান বাথৰূমলৈকে যাম আৰু আপোনালৈ দুখন-তিনিখনমান গৱেষণাপত্ৰ পঠাম। কিয়যে এই ভাবটো মোৰ মনলৈ আগতে অহা নাছিল! নহ’লে ইতিমধ্যে কিবাকিবি লিখিবই পাৰিলোঁহেঁতেন! আপুনি হয়তো এসপ্তাহমানৰ ভিতৰত ডাক্তৰৰপৰা মই সদায় গা ধুইছোঁ বুলি (গাত জ্বৰ লৈ) অভিযোগ পাবই। গতিকে আপোনাক আগতীয়াকৈ জনাই থলো যে গা ধুবলৈ নহয়, কিবাকিবি লিখিবলৈহে মই বাথৰূমলৈ যাম।” মেটলক হাউছৰপৰা প্ৰায় নিয়মীয়াকৈ হাৰ্ডিৰ সৈতে চিঠিৰ দ্বাৰাই অংক আলোচনা কৰিবলৈ ধৰিলে। সংলগ্ন ফটোকেইখনৰ প্ৰথম দুখনত ৰামানুজনে মেটলক হাউছৰপৰা হাৰ্ডিলৈ দিয়া চিঠি এখনৰ প্ৰথম আৰু শেষৰ পৃষ্ঠা দুটা দিয়া হৈছে। চিঠিৰ নমুনাৰপৰাই অনুমান কৰিব পাৰি যে অসুখে ৰামানুজনক গণিতৰপৰা তিলমাত্ৰও আঁতৰাব পৰা নাছিল। নিজৰ স্বাস্থ্যৰ বিষয়ে হাৰ্ডিলৈ এটা বাক্যও নিলিখি কেৱল অংক আলোচনা কৰিয়েই পাঁচ-ছয় পৃষ্ঠাৰ দীঘল চিঠিবোৰ লিখিছিল। ৰামানুজন আৰু হাৰ্ডিয়ে যৌথভাৱে প্ৰকাশ কৰা কেইখনমান বিখ্যাত গৱেষণাপত্ৰ সম্পূৰ্ণৰূপে এনেদৰেই বিকশিত হৈছিল।

ৰামানুজন ১৯১৪ চনৰ ১৪ এপ্ৰিলত লণ্ডনত উপস্থিত হৈ প্ৰথম কিছুদিন ২১ ক্ৰমৱেল ৰোডত থকা Department of the Educational Advisor to Indian Students ৰ ভৱনত আছিল। সেইসময়ত ভাৰতৰপৰা অধ্যয়নৰ বাবে ইংলেণ্ডলৈ যোৱা সকলো ছাত্ৰই চৰকাৰী নীতি- নিৰ্দেশনা আৰু পৰিৱেশৰ লগত সহজ হ’বলৈ কেইদিনমান তাত কটাবলগীয়া হৈছিল। তাতেই ৰামানুজনে লগ পাইছিল এ এছ ৰামলিঙ্গমক, আৰু পৰৱৰ্তী সময়ত তেওঁৰ সৈতে ভাল বন্ধুত্বও গঢ়ি উঠিছিল। ইতিমধ্যে ৰামলিঙ্গমে লণ্ডন বিশ্ববিদ্যালয়ৰ কিংছ কলেজৰপৰা ১৯১৩ চনত চিভিল ইঞ্জিনিয়াৰিঙৰ বি এছচি ডিগ্ৰী লৈছিল। পিছলৈ তেওঁ কেইবছৰমান ব্ৰিটিছ আৰ্মীৰ ৰেলৱে ইঞ্জিনিয়াৰ হিচাপে সেৱা আগ বঢ়াই ১৯১৮ চনত ব্ৰিটিছ ভাৰতত সহকাৰী ইঞ্জিনিয়াৰ হিচাপে পি ডব্লিউ ডিত নিযুক্তি পাইছিল। পি ডব্লিউ ডিৰ চাকৰিৰ বাবে ভাৰতলৈ উভতি অহাৰ কেইমাহমান আগতে তেওঁ ৰামানুজনক চাবলৈ মেটলক হাউছলৈ গৈছিল। ৰামানুজনৰ ভগ্ন স্বাস্থ্য দেখি তেওঁ অতিকৈ ব্যথিত হৈ পৰিছিল। ৰামানুজনৰ লগত তিনিদিন থাকি তেওঁৰ খোৱা-বোৱাবোৰ লক্ষ্য কৰি অতিশয় আচৰিত হৈছিল। ৰামানুজনে তাত দিয়া খোৱাবোৰৰ একো জুতি নেপায় বাবে প্ৰায়েই খোৱা নাছিল। গাখীৰ, পাউৰুটি, অ’টমিল আদিৰ সলনি ৰামানুজনে বিচাৰিছিল ভজা ভাত-তৰকাৰী, চাম্বৰ, চাটনি, আচাৰ, আদি। অসুখ ভাল হ’বলৈ যে জিভাৰ জুতিও সলাব লাগে সেয়া ৰামলিঙ্গমে ৰামানুজনক বুজাইছিল। কিন্তু ৰামানুজনে পৰাপক্ষত সেয়া আওকাণ কৰিছিল। শুদ্ধ নিৰামিষাহাৰী ৰামানুজনে ফৰমাইছ দিয়া ভাৰতীয় খাদ্য প্ৰকৰণ আৱাসৰ বৃটিছ ৰান্ধনিয়ে ৰান্ধিবই নাজানিছিল। ৰামলিঙ্গমলৈ দিয়া এখন চিঠিত তেওঁ লিখিছিল— ‘‘কালি গোটেই ৰাতি মোৰ জ্বৰ উঠিছিল আৰু পুৱা পৰ্য্যন্ত ১০২° আছিল। পুৰণি ৰান্ধনিগৰাকী পৰহি গুচি গ’ল। নতুন গৰাকীয়ে মোৰ আপালাপ্পুবোৰ নষ্ট কৰিলে। আধা নিসিজিল আৰু আধা দেই গ’ল (হয়তো ভালকৈ লৰাই নিদিয়াৰ ফলত)। ভাতবোৰ আকছাটাৰ চাউলৰ দৰেই হৈ থাকিল। … ’’
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আকছাটা হ’ল দাক্ষিণাত্যৰ মাংগলিক অনুষ্ঠানসমূহত হালধিকে আদি কৰি আন মচলা আদি সানি কৰা চাউলৰ মিশ্ৰণ।

ৰামানুজনৰ বাবে যাতে ভাৰতীয় খাদ্যবোৰ অলপ সহজে উপলব্ধ হয় সেই ভাবি মেটলক হাউছৰপৰা লণ্ডনৰ ওচৰৰ চিকিৎসালয় এখনলৈ তেওঁক স্থানান্তৰ কৰিবলৈ ৰামালিঙ্গমে হাৰ্ডিক চিঠিৰে অনুৰোধ জনালে। সেইমতে ১৯১৮ চনৰ জুনৰ শেষৰফালে ৰামানুজনক লণ্ডনৰ ফিটজ্ৰয় হাউছ নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। এই ফিটজ্ৰয় হাউছৰ পৰা হাৰ্ডিলৈ লেখা ছয় পৃষ্ঠাৰ চিঠি এখনৰ প্ৰথম আৰু শেষৰ পৃষ্ঠা দুটা সংলগ্ন ফটোত দিয়া হৈছে। চিঠিৰ ক’তোৱেই নিজৰ অসুখৰ অৱস্থাৰ উল্লেখ নাই। ৰামানুজনে এই ফিটজ্ৰয় হাউছৰপৰাই বিভাজন ফলন সম্বন্ধীয় তেওঁৰ বিখ্যাত সমতুল্য সূত্ৰকেইটা (congruences for the partition function) চিঠিৰে হাৰ্ডিক জনাইছিল। হাৰ্ডিয়ে ৰামানুজনৰ গৱেষণাপত্ৰখন চাই-চিতি গৱেষণা পত্ৰিকালৈ প্ৰকাশৰ বাবে পঠাইছিল আৰু পিছলৈ ৰামানুজনৰ সেই গৱেষণাপত্ৰৰ প্ৰভাৱে বিভাজন ফলন সমন্ধীয় গৱেষণা ক্ষেত্ৰখনকেই সলাই পেলাইছিল।

ভাৰতীয় পৰিৱেশত ভগ্ন স্বাস্থ্য উদ্ধাৰ হ’ব বুলি ভাৱি ৰামানুজন ১৯১৯ চনত ভাৰতলৈ ঘূৰি আহিল। পিছে ইংলেণ্ডত যেনেকৈ ইখনৰ পিছত সিখনকৈ নাৰ্চিং হোম, চেনিটেৰিয়াম সলাই ফুৰিবলগীয়া হৈছিল, ঠিক তেনেকৈ ভাৰতলৈ আহিও তেওঁ তিনিমাহ মাদ্ৰাজত, দুমাহ কাবেৰীৰ পাৰৰ কদুমুদি গাঁৱত, আৰু তিনিমাহ আপোন ঠাই কুম্বকোনমৰ এটা ঘৰত আছিল। বৰ্তমানে ট্ৰিনিটী কলেজৰ লাইব্ৰেৰীত সংৰক্ষিত এখন টোকাপত্ৰ মতে ইংলেণ্ডত চিকিৎসাৰ বাবদ তেওঁ প্ৰায় ৫৬৪ পাউণ্ড ১৩ চিলিং ৮ পেনি দিবলগীয়া হৈছিল। উল্লেখযোগ্য যে ৰামানুজনে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বছৰি ২৫০ পাউণ্ডকৈ ফেল’শ্বিপ পাইছিল। স্মৰণযোগ্য যে ভাৰতলৈ ঘূৰি অহাৰ পিছৰ সময়খিনিত হোৱা ৰামানুজনৰ চিকিৎসা-ব্যয় সেই সময়ৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ এডভোকেট জেনেৰেল এচ শ্ৰীনিৱাস আয়েঙ্গাৰে বহন কৰিছিল বুলি জনা যায়। কুম্বকোনমত থাকোঁতে তেওঁক মাদ্ৰাজৰ প্ৰখ্যাত যক্ষ্মাৰোগৰ বিশেষজ্ঞ চিকিৎসক ড° পি এচ চন্দ্ৰশেখৰে চাইছিল। মাদ্ৰাজ মেডিকেল কলেজৰ হাইজিন আৰু ফিজিঅ’লজিৰ অধ্যাপক ড° চন্দ্ৰশেখৰ আছিল নতুনকৈ স্থাপিত চৰকাৰী যক্ষ্মা চিকিৎসালয়ৰ প্ৰথমজন সঞ্চালক। তেখেতে Tuberculosis in the Madras Presidency নামৰ কিতাপ এখনো লিখিছিল। ডা° চন্দ্ৰশেখৰে ৰামানুজনক মাদ্ৰাজতহে থাকিবলৈ উপদেশ দিলে যাতে তেওঁ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থাকিব পাৰে। অশেষ বুজনি দিহে ১৯২০ চনৰ জানুৱাৰীত ৰামানুজনক কুম্বকোনমৰ পৰা মাদ্ৰাজলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ৰ মাদ্ৰাজৰ প্ৰসিদ্ধ ব্যৱসায়ী তথা গৃহ নিৰ্মাতা টি নাম্বেৰুমল চেত্তীয়ে তেওঁৰ চেটপেটত থকা ক্ৰাইনেণ্ট (crynant) নামৰ এটা ডাঙৰ প্ৰসাদত ৰামানুজনক থাকিবলৈ দিছিল। ৰামানুজনে ৰসিকতা কৰি কৈছিল যে ক্ৰাইনেণ্টত থাকিলে তেওঁ কান্দিয়েই (cry) থাকিব লাগিব। কেইদিনমান পিছত তেওঁক ওচৰৰে ক্ৰাইনেণ্টতকৈ বায়ু চলাচলৰ অধিক সুবিধা থকা গোমেত্ৰা নামৰ প্ৰসাদলৈ স্থানান্তৰ কৰা হৈছিল। ৰামানুজনে পুনৰ ৰসিকতা কৰি মন্তব্য দিছিল যে গো-মিত্ৰৰ সৈতে থাকিবলৈ ভালেই হ’ব!
পিছে ৰোগী হিচাপে ৰামানুজন বৰ আকোঁৰগোজ স্বভাৱৰ আছিল। গৰম পানী খাবলৈ কোৱা, আঙুৰজাতীয় টেঙা ফল নাখাবলৈ কোৱা আদি চিকিৎসকৰ উপদেশ প্ৰায়েই আওকাণ কৰিছিল। দীঘলীয়া অসুখ আৰু পৰ্যাপ্ত চিকিৎসাৰ পিছতো নিজকে সুস্থ অনুভৱ নকৰাত ৰামানুজন যেন অধৈৰ্য্য হৈ পৰিছিল। মনৰ জোখাৰে পঢ়িবলৈ নোপোৱাত জলপানিবোৰ যেন কষ্ট নকৰি এনেই পাইছে তেনে এটা ধাৰণা মনৰ মাজত গঢ়ি উঠিছিল। চিঠি-পত্ৰ আদিত সেই বিষয় লৈ আক্ষেপ প্ৰকাশ কৰিছিল। মাক কোমলতাম্মল আৰু পৰিবাৰ জানকীৰ মাজত হোৱা কাজিয়াইও ৰামানুজনক কিছু পৰিমাণে খিঙখিঙীয়া কৰি তুলিছিল। চিকিৎসক ড° চন্দ্ৰশেখৰে নিজৰ ডায়েৰীত ৰামানুজনৰ অসহায় অৱস্থাৰ কথা লিখি থৈ গৈছে। আনহাতে, ৰামানুজন ইংলেণ্ডত থকা সময়তে আইনৰ ডিগ্ৰী লোৱা পি আদিনাৰায়ন চেত্তীয়ে ৰামানুজনৰ স্মৃতি ৰোমন্থন কৰি কৈছিল যে চিকিৎসকে জিৰণি লবলৈ দিয়া উপদেশ ৰামানুজনে সুবিধা পালেই ভংগ কৰিছিল। চিকিৎসকৰ অজ্ঞাতে পঢ়িছিল আৰু খাইছিল। চেত্তীয়ে এবাৰ তেওঁক দেখা কৰিবলৈ যাওঁতে ইউক্লিডৰ জ্যামিতিৰ ওপৰত লিখা কিতাপ এখন লুকুৱাই পঢ়ি আছিল আৰু আন এবাৰ কেঁচা তিঁয়হত কামোৰ মাৰি আছিল।

বেছি দিন যে আৰু জীয়াই নেথাকে ৰামানুজনে নিজেই অনুমান কৰিছিল। কুম্বকোনমৰপৰা মাদ্ৰাজলৈ অহাৰ পিছতেই, ১৯২০ চনৰ ১২ জানুৱাৰীত তেওঁ দুখন চিঠি লিখিছিল। এখন আছিল মাদ্ৰাজ বন্দৰ ন্যাসৰ মুখ্য হিচাপ পৰীক্ষক এচ নাৰায়ণ আয়াৰৰ চিঠিৰ উত্তৰ, বন্দৰ ন্যাসত কৰা চাকৰিৰ প্ৰভিডেণ্ট ফান্দত জমা হোৱা ১০৩ টকা ১২ অনা ৮ পাই তেওঁৰ বেংকত জমা কৰি দিবলৈ অনুৰোধ জনাই। আনখন চিঠি লিখিছিল হাৰ্ডিলৈ। সেইখন আৰম্ভ কৰিছিল এনেকৈ, “প্ৰিয় মিষ্টাৰ হাৰ্ডি, ভাৰতলৈ অহাৰ পিছত আপোনালৈ এখনো চিঠি দিব নোৱাৰি মই দুঃখিত। শেহতীয়াকৈ মই কিছুমান নতুন ফলন আৱিষ্কাৰ কৰিছোঁ, যিবোৰৰ নাম দিছোঁ ‘মক’ থেটা ফলন।” ছয় পৃষ্ঠাৰ দীঘল চিঠিখনৰ পিছৰখিনি কেৱল সেই নতুন গাণিতিক আৱিষ্কাৰৰ কথাৰে ভৰি আছিল। সংলগ্ন ফটোত চিঠিখনৰ শেষৰ দুটা পৃষ্ঠাৰ ফটো দিয়া হৈছে। সেই চিঠিত নিজৰ শৰীৰৰ অৱস্থাৰ কথা একো উল্লেখেই কৰা নাছিল। জানকীয়ে পিছলৈ দিয়া সাক্ষাৎকাৰ অনুসৰি মাদ্ৰাজত কটোৱা শেষৰ চাৰিমাহ তেওঁ কেৱল অংকই কৰিছিল। সেইসময়ত কৰা অংকৰ কিছুমান পৃষ্ঠা জানকীয়ে সাঁচি ৰাখিছিল আৰু কালক্ৰমত সেই পৃষ্ঠাখিনিয়েই ৰামানুজনৰ হেৰোৱা টোকাবহী নাম পালে। অসুখৰ ওচৰত হাৰ মানি মাত্ৰ ৩২ বছৰ চাৰি মাহ চাৰি দিন বয়সত ১৯২০ চনৰ ২৬ এপ্ৰিলত ৰামানুজনে ইহলীলা সম্বৰণ কৰিলে। হাৰ্ডিয়ে ৰামানুজনৰ মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈ পৰিছিল। মাত্ৰ চাৰি মাহ আগতে ৰামানুজনৰ পৰা অভিনৱ গাণিতিক আৱিষ্কাৰ বৰ্ণিত দীঘল চিঠি পাই হাৰ্ডিয়ে ৰামানুজন লাহে লাহে সুস্থ হৈ উঠিছে বুলিহে ধাৰণা কৰিছিল।

ৰামানুজনৰ অসুখৰ প্ৰকৃত কাৰণ ইংলেণ্ড আৰু ভাৰতৰ চিকিৎসকসকলে ধৰিব পৰা নাছিল। ইংলেণ্ডত থাকোঁতে ৰামানুজনে নিজে ৰান্ধি-বাঢ়ি খাইছিল। অংক কৰাতেই মগ্ন থকাৰ ফলত এবাৰেই ৰান্ধি কেইবাসাজো খাইছিল। ৰন্ধা বাচনবোৰ ভালকৈ পৰিষ্কাৰ নকৰাৰ ফলত সীহৰ পৰা খাদ্য বিষক্ৰিয়া হ’ব পাৰে বুলিও চিকিৎসকে অনুমান কৰিছিল। ৰামানুজনৰ প্ৰায় নিয়মীয়াকৈ জ্বৰ আছিল, কেতিয়াবা পেটৰ অসহ্য বিষ হৈছিল আৰু নিয়মীয়াকৈ ওজন হ্ৰাস পাই আহিছিল। সম্ভাৱ্য ৰোগৰ কাৰণ প্ৰথমে পাকস্থলীৰ ঘাঁ (gastric ulcer) আৰু যকৃতৰ কেঞ্চাৰ বুলি চিকিৎসকে অনুমান কৰিছিল যদিও পিছলৈ পৰৱৰ্তী পৰ্যায়ত বেমাৰৰ লক্ষণ দেখি সেইবোৰ অনুমান নস্যাৎ কৰা হৈছিল। যক্ষ্মাৰ চিকিৎসা চলিছিল যদিও সাধাৰণ যক্ষ্মা ৰোগীৰ লক্ষণ নাছিল। মুঠতে ৰামানুজনৰ অসুখে চিকিৎসকক যথেষ্ট বিপাঙত পেলাইছিল। ইংলেণ্ডৰপৰা ভাৰতলৈ আহিবৰ সময়ত ভ্ৰমণ কৰিব পৰাকৈ সুস্থ হৈছিল যদিও আহি পোৱাৰ পিছত পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ব্ৰিটিছ চিকিৎসক তথা গৱেষক ড° ডগলাছ ইয়ঙে ১৯৯৪ চনত ৰামানুজনৰ অসুখ সম্পৰ্কীয় উপলব্ধ লেখা, চিঠি-পত্ৰ, কাগজ-পাতি, ৰামানুজনৰ সংস্পৰ্শলৈ অহা আত্মীয় আৰু বন্ধুবৰ্গই বৰ্ণাই যোৱা বিভিন্ন ঘটনা-পৰিঘটনা আদি পুংখানুপুংখকৈ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে ৰামানুজন আচলতে পৰজীৱীৰ দ্বাৰা যকৃতৰ সংক্ৰমণতহে (hepatic amoebiasis) আক্ৰান্ত হৈছিল। আদ্যপ্ৰাণী পৰজীৱীৰ দ্বাৰা বৃহদান্ত্ৰ সংক্ৰমিত হৈ ডিচেণ্ট্ৰী হয় আৰু ভালকৈ চিকিৎসা নেপালে সেই পৰজীৱীবোৰ বহুদিনলৈ সুপ্ত হৈ থাকিব পাৰে। অনুকূল পৰিৱেশত পুনৰাই সংক্ৰমণে গা কৰি উঠে। উল্লেখযোগ্য যে ১৯০৬ চনত মাদ্ৰাজত থাকোঁতে এবাৰ ৰামানুজন জটিল ডিচেণ্ট্ৰীত আক্ৰান্ত হৈছিল। পুনৰ ১৯০৯ চনত তেওঁক এবাৰ অপাৰেশ্বনো কৰিবলগীয়া হৈছিল। লণ্ডনৰ শীতল জলবায়ু আৰু ৰামানুজনে পৰ্যাপ্ত পুষ্টিকৰ আহাৰ গ্ৰহণ নকৰাৰ ফলস্বৰূপে পৰজীৱীৰ সংক্ৰমণে পুনৰাই গা কৰি উঠিল। ড° ইয়ঙৰ Ramanujan’s illness শীৰ্ষক গৱেষণাপত্ৰখন Notes Rec. Royal Soc. London নামৰ গৱেষণাপত্ৰিকাত ১৯৯৪ চনত প্ৰকাশ হৈছিল। উল্লেখযোগ্য যে ৰোগীৰ লক্ষণৰপৰা এই ৰোগৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰা যথেষ্ট কঠিন বুলিয়েই জনা যায়। স্বাভাৱিকতে ৰামানুজনৰ সময়ত হয়তো আৰু কঠিন আছিল। পিছে প্ৰকৃত কাৰণটো নিৰ্ণয় কৰিব পাৰিলে হেনো এই ৰোগ উপযুক্ত চিকিৎসা ব্যৱস্থাৰে সহজে নিৰাময় কৰিব পাৰি। দুৰ্ভাগ্যবশত: ৰামানুজনৰ ক্ষেত্ৰত সেয়া নহ’ল আৰু তেওঁক অকালতে হেৰুৱাবলগীয়া হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments