ৰাম তেৰি গংগা মেইলি ২: অপূৰ্ব কলিতা

ৰাম তেৰি গংগা মেইলি ২

অপূৰ্ব কলিতা

এয়া সেই দিনৰ কথা যেতিয়া মই উগান্ডা নামৰ দেশ খনৰ প্ৰথম আৰু শেষ ৰজা আছিলো । আজিৰ পৰা প্ৰায় ৭০০ বছৰ আগৰ ঘটনা হব । হঠাৎ মোক যৌৱনে আমনি কৰা হৈছিল । কাৰণ হিমুজ্যোতি বুলি ভাৰত নামৰ দেশখনৰ এজন বৃদ্ধ নাগৰিকে মোক এখন চিনেমা চাবলৈ দিছিল য়ু টিউবত । সেই সময়ত চি.ডি. , ডি.ভি.ডি. আদিৰ কথা কল্পনাৰো অগোচৰ আছিল । চিনেমাখনৰ নাম আছিল মি. ইন্দিয়া । তাত শ্ৰী দেৱী বোলা গাভৰু এজনী আছিল । বৰ ধুনীয়া । এনেয়ো প্ৰেম চোপ্ৰাৰ লগত ডবা খেলি খেলি মোৰো প্ৰেম কৰিবলৈ মন গৈ আছিল । কথাটো মোৰ প্ৰিয় বন্ধু হিউৱেন চাং ক কলো । তেখেতে কলে তেখেতৰ পত্নী সুৰ্পনখাৰ লগত হেনো তাইৰ খুব ভাল বন্ধুত্ব । মই ভালেই পালো আৰু ভাৰতত যাবলৈ যো জা চলালো ।
আপোনালোকে জানেই যে সেইসময়ত আজিৰ দৰে উৰাজাহাজৰ প্ৰচলন নাছিল । একমাত্ৰ ৰাৱণ নামৰ ৰজাজনৰ হে ব্যক্তিগত হেলিকপ্তাৰ এখন আছিল । ৫০০০০ য়ুৰোৰ বন্দোৱস্তিত চুপাৰমেনক ভাৰা কৰি আনিলোঁ । আগতে ঠিক কৰি থোৱা মতে হোটেল তাজত মোৰ থকা ব্যৱস্থা ইতিমধ্যে ৰতন টাটা নামৰ মোৰ ব্যৱসায়ৰ অংশীদাৰ এজনে ঠিক কৰি ৰাখিছিল । দুদিনমান শ্ৰী দেৱীৰ মতি গতি মানে ক’ত ক’ত যায় , কি কৰে সকলো পৰ্য্যবেক্ষণ কৰিলোঁ । দিন বাৰ ঠিক হ‘ল , ৫০০ টকা হাজিৰাত ইতিমধ্যে ওচামা বিন লাডেন আৰু বকাসুৰ নামৰ বদমাছ কেইটাক ঠিক কৰি ৰাখিছিলো । ৰাতিপুৱা কলেজলৈ বুলি ওলাওতে হঠাৎ শ্ৰী দেৱীক সিহঁত কেইটাই আগচি ধৰি জোকাবলৈ ধৰিলে । মই সিহঁতক কৈ ৰাখিছিলো যে মই আহিয়েই সিহঁতক পিটন দিয়া আৰম্ভ কৰিম আৰু মই তাইক সিহঁতৰ কবলৰ পৰা মুক্ত কৰিম । এই বুলি মই দৌৰি দৌৰি আগবাঢ়িছো হে কিন্তু ……………কৰ পৰা নো মানুহ এজন আহি সিহঁত কেইটাক গুৰুলা গুৰুল কৈ পিটি হাতেৰে লাৰু এটা বনাই দলিয়াই দিলে পাত্তাই নাপালো । শ্ৰী দেৱীয়ে মানুহজনক ধন্যবাদ ৰজনীকান্ত দা বুলি কওতেহে তাৰ নামটো জানিলোঁ । ধৈত, প্ৰথম চেষ্টায়ে বিফল ।
তথাপিও মই সহজে এৰা বিধৰ মানুহ নহয় । এইবাৰ দ্বিতীয় চেষ্টা হিচাপে আৰু এটা বুদ্ধি পাঙিলো । বুদ্ধি মতে তাই কলেজত হাতত কিতাপ লৈ আহি থাকিব , ময়ো আহি থাকিম , দুয়োটাৰ এক্সিডেণ্ট হব ,মানে খুন্দিয়া খুন্দি লাগিব , দুয়োটাৰ চকুয়ে চকুয়ে মিলন হব আৰু কাম হৈ যাব । এইবুলি এদিন মই হাতত ফেচবুক কেইখনমান লৈ তাই অহালৈ ৰৈ আছোঁ আৰু তাইক দুৰতে দেখি ফেচবুক মুখৰ আগত ৰাখি ৰাখি তাইলৈ এইম কৰি আহি আছোঁ । ………খতলং ধং ঠিং টং………ব্ৰহ্ম খুন্দা এটা খালো লোহাৰ বস্তু এটাত । কিহত খুন্দা খালো চালো , সন্মুখত শ্ৰী দেৱীয়েই । শ্ৰী দেৱীয়ে মোক উঠাই হাতত ফেচবুক কিতাপকেইখন দি হাত খন আগবঢ়াই দি কলে ” হাই , আই এম শ্ৰী দেৱী । স্পীদ ১৫০গিগা হাৰ্ডচ মেমৰি ৱান জেতা বাইট । ” মোৰ মুৰটো আচন্দ্ৰাই কৰাৰ দৰে হ‘ল আৰু যি দৌৰি অসম নামৰ ঠাইখন লৈ পলালোঁ তাৰ পৰা দুনাই ঘুৰি নাচালোঁ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments