“ৰাম তেৰি গংগা মেইলী” (অপূৰ্ব কলিতা)

“ৰাম তেৰি গংগা মেইলী”

অপূৰ্ব কলিতা

এয়া কেইবাহাজাৰ বছৰ আগৰ ঘটনা। তেতিয়া চিকাৰী হিচাপে মোৰ নাম জগত বিখ্যাত হৈ পৰিছিল। সেই সময়ত জুৰাচিক পাৰ্কৰ পৰা কেইটামান ডাইনছৰ পলাই গৈ হেনো আমেৰিকাৰ ৰাজধানী কহিমাত লুকাই আছিল। তেতিয়াৰ দিনত গ্ৰাহাম বেলে ফোন আবিষ্কাৰ কৰাই নাছিল, মানুহে তেতিয়াওঁ মবাইল ফোনেৰেই কাম চলাই আছিল। এদিন ৰাতিপুৱাই মোলৈ আমেৰিকাৰ মুখ্যমন্ত্ৰী জৰ্জ ক্লিন্টনে ফোন কৰি ক’লে যে সেই ডাইনছৰ কেইটা মাৰি পেলাব লাগে। ৰাতিপুৱাই সেই কথা শুনি মোৰ অলপ খঙো উঠিছিল আৰু ফোনত তাৰ মুখৰ গোন্ধ পাই বিৰক্তিও পাইছিলো তথাপিও পইছা ভাল দিম বুলি কোৱাত ‘য়েচ’ বুলিয়েই কলো। পিছে ভাপ ইঞ্জিন সেই সময়ত কল্পনাৰো অগোচৰ আছিল সেয়ে পানীজাহাজ, ৰেলগাড়ী আদিবোৰ অহায়েই নাছিল। সেয়ে কিংফিছাৰ এয়াৰলাইনচৰ পৰা উৰাজাহাজ এখন ভাড়া কৰি গ’লো। আমেৰিকাত মোক বিৰাট আদৰণি জনালে। গধুলি আমেৰিকাৰ ৰজা আৰ্নল্ড তালুকদাৰে মোৰ সন্মানাৰ্থে প্ৰীতি ভোজ এটাৰো আয়োজন কৰিলে। তাত চাকিৰা আৰু চলমান খানে খুব নাচিলে।
পিছদিনাখন কেতেপা এটা লৈ কাজিৰঙালৈ গ’লো ডাইনছৰ মাৰিবলৈ, কিন্তু হঠাতে মোলৈ বুলি ধুম ধুম শব্দ কৰি কিছুমান জলন্ত বস্তু নিক্ষেপ কৰিলে ডাইনছৰবোৰে। এতিয়াহে গ‘ম পালো সেইবোৰ গুলি আছিল বুলি। কিন্তু সিহঁতে গম নাপালে যে ময়ো বিখ্যাত চিকাৰী শম্ভুৰ ভতিজা। মই তৎক্ষনাত গান এটা গোৱা আৰম্ভ কৰিলো টেৰৰিষ্ট এন্টাৰ মাই হাউচৰ পৰা। “লাগৰ চাৱনি তোমাৰে চকুতে চঞ্চলা হাঁহি তোমাৰে মুখতে ……….”…..কান্দি কান্দি তৎক্ষনাৎ বপুৰাকেইটাই কাণত ধৰি ধৰি জংঘলৰ পৰা ওলাই আহিল আৰু কেতিয়াও জুৰাচিক পাৰ্কৰ পৰা পলাই নাহে বুলি শপত খালে।
মোৰ কাম শেষ হোৱাত পুৰস্কাৰ লৈ মই ঘৰলৈ বুলি যাবলৈ গ্ৰীণ ভেলীৰ বাছ এখনত উঠি ল’লো। বাছত আহি ভালেই লাগি আছিল কাৰণ মোৰ কাষৰ চিটত চানী লিয়নে বুলি ছোৱালী এজনী আছিল। বাছখন আহি আছে, মাজে মাজে খাল-বোমাত পৰি গাড়ীখন বেঁকা বেঁকী হৈ যায় আৰু তাই মোলৈ হালি আহে আৰু কেতিয়াবা মই হাওলি যাওঁ তাইৰ ফালে। অনবৰত বেয়া ৰাষ্টা পাবলৈ ভগৱানক খাটিব ধৰিলো। কিন্তু কি হ‘ব ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। বাছখন ঠিক আফগানিস্থানৰ মাজত আহি পাওঁতেই প্ৰচণ্ড শব্দ কৰি ৰৈ দিলে। মই পাইলটক সুধিলো কি হ‘ল বুলি? সি ক’লে বোলে বাছ যাব নোৱাৰি আগত, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈছে। কৌৰৱ আৰু পাণ্ডৱৰ মাজত তয়াময়া যুদ্ধ। মই বাছৰ পৰা নামি দেখিলো লাখ লাখ মানুহ নিজৰ মাজতে কাজিয়া কৰি আছে। ওচৰতে কোনোবাই “আন্না হাজাৰে জিন্দাবাদ হম তুমহাৰে চাথ হে” …বুলি কৈ থকা প্ৰ’চেচন এটাৰ আঁৰে আঁৰে মনে মনে অলপ ভিতৰলৈ গৈ দেখিলো হনুমান আৰু লাডেনৰ মাজত তয়াময়া যুদ্ধ। কোনোবাই মাইকত সান্ধ্য আইন জাৰী কৰা বুলি ঘোষনা কৰি আছে। বিপদৰ গোন্ধ পাই মই তৎক্ষনাৎ চুপাৰমেনক ফোনালো। সিওঁ আহি পালে। তাৰ পিঠিত উঠিয়েই চানীক বিদায় দি ভাৰত – বাংলাদেশ সীমান্তত চুপাৰমেনে মোক নমালে। সি ভাৰতৰ ভূ-খণ্ডত সোমাব নোৱাৰে, তাৰ হেনো ভিচা নাই। চুপাৰমেনক ভাড়াৰ বাবদ পাবলগীয়া ২৪০টকা আৰু ১০টকা টিপ দি মই কিংফিছাৰত উঠি এইমাত্ৰ ঘৰ পালো আৰু বাহিৰে বাহিৰে মোৰ অভিজ্ঞতা খিনি আপোনালোকক ক’বলৈ ফেচবুক খুলি  দিলোঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mani
6 years ago

যি দেখিছো আপুনি ৰাজকুমাৰ দাৰ বিশেষ ফেন…ভাল লাগিল পঢ়ি …..