ৰাম নাম সত্য হ্যে — আৰমান হাজৰিকা

গুপ্তাজীলৈ মাজে মাজে বেয়াও লাগে। তেখেতৰ পৰিবাৰৰ মুখৰা স্বভাৱটোৰ কথা প্ৰায় সকলোৱেই জানে। তাৰ বিপৰীতে গুপ্তাজী কিন্তু তেনেই নিমাখিত। আমাৰ ঘৰৰ নিচেই কাষৰঘৰীয়া হিচাপে দুয়োজনৰে জীৱনশৈলীৰ লগত মোৰ মোটা-মুটি ধৰণে ভালকৈয়ে চিনাকি বুলিব পাৰি। পুৱাতে আমাৰ বাওঁকাষৰ ঘৰটো ভাৰালৈ লোৱা নৱদম্পতীহালৰ পৰিবাৰে সঙ্গীত সাধনা কৰি, ৰাগৰ আলাপ-বিলাপবোৰ আৰম্ভ কৰি পৰিবেশটোলৈ নিৰ্মল বাতাবৰণ এটা আনি দিয়াৰ ক্ষন্তেক পিছতেই, সোঁফালৰ ঘৰটোৰ পাকঘৰৰ পৰা গুপ্তাজী-ভাবীয়ে সপ্তম স্বৰৰো কিছু ওপৰৰ স্কেলত সংলাপ আৰম্ভ কৰে। এই অব্যাকৰণিক কণ্ঠসাধনা আৰম্ভ হোৱাৰ কিছু পিছতেই গুপ্তাজীয়ে হাতত বজাৰ কৰা মোনা এটা লৈ, একপ্ৰকাৰে পলায়নৰ ভঙ্গীৰে ঘৰৰ পৰা খৰধৰকৈ ওলাই যায়। পিছে ভাবীজীৰ কণ্ঠসাধনা তাৰ কিছু পিছলৈও চলি থাকে। বোধহয় ভাবীজীৰ উচ্চাঙ্গ সঙ্গীতে আমাৰ বাওঁকাষৰ প্ৰতিবেশীক সপ্তস্বৰৰ সীমাবদ্ধতা বুজাই দিয়ে। গতিকে ক্ষন্তেক পিছলৈ দুয়োপক্ষই মৌনতা অৱলম্বন কৰে।

গুপ্তাজীয়ে বজাৰৰ পৰা উভতি আহি আধাঘণ্টা মানৰ পিছত, সন্মুখৰ বাৰাণ্ডাত বহি এখন হাতেৰে চাহৰ কাপটো আৰু আনখন হাতেৰে বাতৰি কাকতখন ধৰি মুখত মিচিকিয়া হাঁহিটোৰে অৱসৰপ্ৰাপ্ত নাগৰিকৰ আমেজেৰে পুৱাটো উপভোগ কৰিবলৈ আৰম্ভ কৰোঁতেই, পুনৰ পাকঘৰৰ পৰা কাঁহি-বাতিৰে সৃষ্টি কৰা যন্ত্ৰ সঙ্গীতৰ লগত ভাবীজীৰ উচ্চাঙ্গ সঙ্গীত ভাঁহি আহে। সচৰাচৰ এই নিয়মটোৰ কিবা খেলিমেলি হলেই গুপ্তাজী বা ভাবীজীৰ স্বাস্থ্যৰ খবৰ লোৱাটো মোৰ এটা নিয়মৰ দৰেই হৈ পৰিল।

ভাবীজীৰ এই উচ্চাঙ্গ সঙ্গীত কেতিয়াবা কাঁহি বাতি জাতীয় যন্ত্ৰ সঙ্গীতৰে সৈতে বা কেতিয়াবা যন্ত্ৰ সঙ্গীত অবিহনেই দিনটোৰ যিকোনো মুহূৰ্ততে আৰম্ভ হব পাৰে যদিও নিশা দহ বজাৰ পিছত ভাবীজীয়ে সঙ্গীত সাধনা নকৰে। সাধাৰণতে ভাবীজীয়ে দ্বৈতসঙ্গীত নাগায়। তথাপিও কেতিয়াবা গুপ্তাজীয়ে ‘আৰে, শান্তভী হ যাৱ!” বুলি এটা পাঞ্চলাইন নিক্ষেপ কৰে। এই পাঞ্চলাইনৰ প্ৰয়োগৰ পিছতেই ভাবীজীয়ে বোধহয় কিবা অষ্টম, নৱম ধৰণৰ স্বৰসাধনা কৰি দিয়ে। সেই সময়ত ওচৰৰে প্ৰায়বোৰ মহিলাই ঘৰৰ লাইট বন্ধ কৰি কৰি অতি নীৰৱ বাতাবৰণত কেবল ভাবীজীৰ উচ্চাঙ্গ সঙ্গীত উপভোগ কৰে।

এই ভাবীজীৰে এটা ঘটনা এবাৰ গুপ্তাজীৰ মুখৰ পৰাই শুনিছিলোঁ। সঁচা-মিছা মই নাজানো। গুপ্তাজী এইটো ঘৰলৈ অহাৰ প্ৰায় চাৰিবছৰ মানৰ আগৰ ঘটনা। এদিন হঠাতে কিবা খঙৰ ভমকত হেনো, ভাবীজী পাকঘৰতে পিচল খাই চিত্ হৈ পৰিল। গুপ্তাজীও বেচ হৃষ্ট-পুষ্ট মানুহ। ততাতৈয়াকে দাঙি আনি, বিছনাত শুৱাই মুৰত পানী-দুনী দিয়ে মানে, মানুহগৰাকীৰ ‘পঞ্চতং গতঃ’ হলেই। ইফালে একমাত্ৰ জীয়েকৰ তেতিয়া বিয়া হোৱাই নাছিল। ছোৱালীৰ গগন ফলা চিঞৰত মানুহ চাপি-কুছি আহিল। দুই এজন বিজ্ঞলোকে মৃতকক তুলসী তললৈ নিব লাগে বুলি কোৱাতহে সকলোৰে সম্বিত আহিল। সকলোৱে ধৰি-মেলি বিছনাৰ তোচকখনেৰে সৈতে ভাবীজীৰ শটো খৰখেদাকৈ বাহিৰলৈ নিবলৈ খদম্-দম্ লগালে। সকলোৱে একেস্বৰে, “ৰাম নাম সত্য হ্যে; সত্য হ্যে ভাই সত্য হ্যে” বুলি আওৰাই আওৰাই যেয়ে যেনেকৈ পাৰে ধৰি শটো উলিয়াই আনোঁতে কোনোবা এজনৰ অসাৱধানতাত বাৰাণ্ডাৰ খুটাত শটোৰ মুৰটো খুন্দা খালে। লগে লগে ভাবীজীৰ শটোৰ মুখৰ পৰা ‘ওহ’ বুলি শব্দ এটা কৰি শটো বাহিৰলৈ দাঙি নিয়া অৱস্থাতে খচমচ লগাই, তুলসী তলত থোৱাৰ লগে লগে বহিয়ে দিলে। শটো দাঙি বাহিৰলৈ নিয়া মানুহবোৰেও ভুত দেখাদি দেখি ফাঁহি- চিটিকা দিলে। কিছুবেলিৰ পিছতহে মানুহৰ জ্ঞান হলযে, প্ৰকৃততে মানুহজনীৰ মৃত্যু ঘটা নাছিল, অজ্ঞান হে হৈছিল। গোটখোৱা মানুহবোৰেও ভাবীজীৰ লগত ইয়াৰ পিছৰ পৰ্য্যায়ৰ আলোচনাত বহাতকৈ ‘ছত্ৰভঙ্গ’ দিয়াই বুদ্ধিমানৰ কাম হব বুলি গণ্য কৰিলে।

যোৱা দুদিনমানৰ পৰা ভাবীজীৰ অকস্মাতে হৈ থকা সঙ্গীত সাধনাত কিবা এটা ভাটা পৰিল। কথাটো মোৰ বাদেও আন চুবুৰীয়া সকলেও মন নকৰাকৈ থকা নাই। খুউব কম সময়ৰ বাবে আগতকৈ কিছু নিম্নস্বৰত দুই এটা আলাপ গায়েই ভাবীজীয়ে আলাপটো সামৰে। তাৰ বিপৰীতে আজি পুৱাতে হঠাতে গুপ্তাজীয়ে উচ্চ স্বৰত কৰা বিলাপহে ভাঁহি আহিল। লগে লগেই খদমদম লগাই সকলোবোৰ চুবুৰীয়া ‘পুৰুষ-নাৰী’ চাপি-কুচি আহিল।

আমি গৈ পাওঁতে দেখিলোঁ, চুবুৰীৰে ডাঃ ফুকনে কাণত ষ্টেটিস্কোপ লগাই বিছনাত শুই থকা ভাবীজীৰ দেহটো পৰীক্ষা কৰি আছে। কাষতে ক্ৰন্দনৰত গুপ্তাজীয়ে উদ্বিগ্নতাৰে ডাঃ ফুকনৰ মুখখনলৈ চাই আছে। এসময়ত ডাঃ ফুকনে ভাবীজীৰ গাৰ ওপৰত থকা কাপোৰখনেৰে ভাবীজীৰ মুখখন ঢাকি দিলে।
চুবুৰীৰে শৰ্মা দদাইদেউয়ে প্ৰস্তাৱ দিলে “সকলোৱে ধৰি মৃতকক চোতালৰ তুলসীৰ তললৈকে লৈ যোৱা যাওক।” কথাষাৰ শুনাৰ লগে লগেই, সকলোৱে সমস্বৰে “হয় হয়, সজ কৈছে!” বুলি বিছনাৰ তোচকখনৰে সৈতে মৃতকৰ দেহটো বাহিৰলৈ ডাঙি নিবলৈ আয়োজন কৰিলে। তাৰ মাজতে কোনোবা এজনে মুখেৰে ডাঙৰকৈ “ৰাম নাম সত্য হ্যে” বুলি উচ্চাৰণ কৰিলে। বাকীসকলেও লগতে সমস্বৰে “সত্য হ্যে ভাই সত্য হ্যে” বুলি হৰিধ্বনি দিলে। লগে লগে গুপ্তাজীয়েও তীব্ৰ স্বৰেৰে তাৰ লগতে যোগ দিলে, “বাৰাণ্ডাৰ খুটাত খুন্দা নুখুৱাবা!”

আমি সকলোৱে “ৰাম নাম সত্য হ্যে; সত্য হ্যে ভাই সত্য হ্যে” বুলি হৈধ্বনি দি দি আৰু গুপ্তাজীয়ে তাৰ পিছে পিছে “বাৰাণ্ডাৰ খুটাত খুন্দা নুখুৱাবা!” বুলি হৈধ্বনি দি দি মৃতকক তুলসী তলত ৰখা হ’ল। এইবাৰ পিছে আগৰবাৰৰ দৰে কোনো ‘মিৰাকল’ নঘটিল।
জেঠৰ বাৰখৰত সেই কেইদিন সকলো একপ্ৰকাৰ বিধস্ত হৈ আছিল। ‘বেছি পলম কৰিলে মৃতকৰ বাবেহে বেয়া’ বুলি সকলোৱে মত পোষণ কৰিলে। শ্মশানলৈ নিবলৈ সকলোবোৰ আয়োজন ততাতৈয়াকৈ কৰা হ’ল। একমাত্ৰ উলিয়াই দিয়া জীয়ৰী জনীলৈকে সকলোৱে বাট চাই আছিল। জীয়ৰীও জোঁৱাইৰ সৈতে কিছু বেলিৰ পিছতে আহি পায়, মাকৰ পথানত মূৰ আফালি আফালি আৰু বাপেকক সাৱট মাৰি কিছু পৰ কন্দাকটা কৰাৰ পিছত সকলোৱে মতামত দিলে, “দেৰি কৰা ভাল নহব। তাতে হঠাতে বতৰটো গোমাই পেলাইছে। বৰষুণ দিলে পয়মাল ঘটিব।”

কথা মতেই কাম। চুবুৰীয়াসকলৰ লগতে দুই-চাৰিজন আত্মীয়ই মিলি শ্মশানলৈকে শোভাযাত্ৰা কৰি ভাবীজীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলেগৈ। ভগবানৰ কৃপাত বতৰে যদিও বতাহ ধুমুহাৰে কিছু ৰূদ্ৰৰূপ দেখুৱালে, তথাপিও কোনো ডাঙৰকৈ বিধি-পথালি নিদিলে।

বিধিগত ভাবে কামবোৰ হৈ যোৱাৰ পিছত সকলোৱেই নিজ নিজ ঘৰমুৱা হ’ল। নিচেই গাতে লাগি থকা চুবুৰীয়া হিচাপে মই লগে লগেই গুপ্তাজীক লগ এৰা দিবলৈ বেয়া পালোঁ। গোটেই সময়ছোৱাত মানুহজনে অতি শান্তভাবে লগতে মৌন হৈ থাকি কৰণীয়বোৰ কৰি গ’ল। এই মৌনতা ঘৰ আহি পোৱাৰ পিছতো ভঙ্গ নহল। মানুহজনে যে ভাবীজীক খুব ভাল পাইছিল, আজিহে মই উপলব্ধি কৰিলোঁ।

প্ৰকৃতিয়েও ইতিমধ্যে ধৰি থকা ৰূদ্ৰৰূপৰ পৰা বেছিহৈ সম্পূৰ্ণ তাণ্ডৱ নাচিবলৈ আৰম্ভ কৰিলে। বতাহ-ধুমুহাৰ উপৰিও বিজুলী ঢেৰেকণীৰে চৌপাশে তালফাল লাগি পৰিল। মৃতকৰ দাহ সংস্কাৰৰ কামফেৰা কোনো বিঘিনি নঘটাকৈ হৈ যোৱাত মই মনে মনে প্ৰভুক ধন্যবাদ জনালোঁ। ইমানৰ মাজতো গুপ্তাজীয়ে চোতালৰ মাজতে থিয় দি একান্ত মনেৰে আকাশৰ ফালে স্থিৰদৃষ্টি ৰাখি প্ৰকৃতিৰ তাণ্ডব চাই আছিল। মানুহজনৰ পত্নীপ্ৰেম দেখি মই একপ্ৰকাৰ আবেগিক হৈ গলোঁ। মই গুপ্তাজীৰ কাষ চাপি মোৰ এখন হাত গুপ্তাজীৰ কান্ধত থলোঁ। এপলক মোলৈ চাই গুপ্তাজীয়ে পুনৰ বিজুলীৰ চমকনিত চিৰাচিৰ হৈ পৰা আকাশখনলৈ চাই, মই শুনাকৈ কলে, “আকাশৰ অবস্থাটোলৈ চাই মোৰ অনুমান হৈছে, তেওঁ ইতিমধ্যে আকাশ পাইছেগৈ!”

হৰিঔম!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক