ৰাম লাড্ডু – মন্টু কুমাৰ ডেকা

(ইণ্ডিগ’ ফ্লাইটত এদিন…)
বিহাৰী “ ৰাম লাড্ডু” খাইছেনে? নাই যদি শুনক…

২০১০চনৰ এটা স্মৰণীয় দিন৷ ৰাতিপুৱা ৭ বজাত দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ‘ ডি ১‘ ত অকলে অকলে বহি আছো৷ মনত গধুৰ চিন্তা৷ কামটো কৰি ঘৰৰ পৰা দুদিনতে ঘূৰি আহিব লাগিব৷ মোৰ ওচৰত মাক জীয়েক এহাল৷ হিন্দী আৰু অসমীয়া সানমিহলি কৰি কথা পাতি আছে৷ এনেকৈ কথা পতাবোৰক মই ব্যক্তিগত ভাৱে খুব বেয়া পাওঁ৷ মনে বিচাৰিছিল যদিও মাত এষাৰো নলগালো৷ আধাঘণ্টা সময় এনেদৰে অতিবাহিত কৰিলোঁ৷ কিছু ভাল লাগিল৷ বিপৰীত ফালৰ পৰাও অকণমান গুৰুত্ব পোৱা যেন লাগিল৷ যিমান হ’লেও অবিবাহিত অকলশৰীয়া ডেকা ল’ৰা৷ মন চঞ্চল হোৱাতো স্বভাৱিক৷ পিছে ছোৱালীজনীয়েও মই যে অসমীয়া সেইটো চাগে গম নেপালে৷ নহ’লে মাকৰ আগত মোৰ বিষয়ে অসমীয়াতে তেনেকৈ……৷

যা নহওক, যথা সময়ত সেই বিশেষ ৰঙা বাছখন আহিল৷ বিমান বন্দৰত এপাক ঘূৰাই ইণ্ডিগ’ খনৰ ওচৰত লৈ গ’ল৷ জখলা বগাই গৈ বহিলোঁ৷ বেগত থকা লেপটপটো যথেষ্ট গধুৰ যেন লাগিছে৷ লেপটপৰ বেগটোৰ পকেটটোত হাত ভৰাই ৰাতিপুৱাতে ভৰাই থোৱা টেবলেটৰ এটা খাই ল’লো৷ কালি নাজানো সেই ছোৱালীজনীয়ে কি খুৱাই দিছিল৷ দুই বছৰৰ পাছত তাইক লগ পোৱা কাৰণে খা-খবৰ লোৱাৰ উপৰিও অকণমান ইফালৰ সিফালৰ কথাও পাতিলোঁ৷ কিবা ৰামলাড্ডু নে কি, এনেধৰণৰ কিবা শুকান লাড্ডু তাই ভাল পায় কাৰণে কিনি মোকো খোৱালে৷ অসমীয়াৰ পেট, বিহাৰী লাড্ডু৷ ইফালে মিঠাও নহয়৷ লেতেৰ-পেতেৰ হাতেৰে দিয়া বস্তুবোৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰে যে কেনেকৈ খায় তাকহে ভাবি নাপাওঁ৷ যা নহওক, তাইৰ লগত চুপতি মাৰি কেনেকৈ ছয় নে সাতটা লাড্ডু খাই দিলো গমকেই নেপালোঁ৷ ৰাতিপুৱা চাৰিবজাৰ এলাৰ্ম দিয়া আছিল যদিও দুই বজাতে উঠিলোঁ৷ পেটটো গুৰগুৰাই দিলে৷ দুটা পদিনহেৰা খাই ঈশ্বৰৰ নাম লৈ টোপনি গ’লো যদিও আকৌ দুই বজাত, তিনি বজাত, চাৰি বজাত ..…৷ ফ্লাইটৰ ভিতৰত একো নহ’লেহে হ’ল৷ এয়াৰপৰ্টত বহি থাকোঁতে এবাৰ ওৱাচৰূম যোৱাৰ কথা ভাবিছিলোঁ যদিও ছোৱালীজনীয়ে চাই থকাৰ কাৰণে সকলো কথাই পাহৰি থাকিলোঁ৷ এতিয়াহে কিবা এটা কামোৰণি…মধুৰ অনুভৱ৷ এয়াৰ হোষ্টেজদুজনীয়ে ধুনীয়াকৈ ইনষ্টাকচন দি আছে যদিও মোৰ মন প্ৰাণ কিবা এটা দুঃচিন্তাত থকাৰ দৰে হৈছে৷ পেটৰ কামোৰণি ক্ৰমান্বয়ে বাঢ়ি গৈছে৷ ময়ো যেন ক্ৰমান্বয়ে সহ্য কৰি বিমানখন উৰাৰ লৈকেহে ৰৈ আছো৷ এনেতে কেতিয়াৰ পৰা বেলেগ এজনী এয়াৰ হোষ্টেজে মোক চিটবেল্ট বান্ধিবৰ বাবে কৈ আছে গমকে নেপালোঁ৷ তৎক্ষণাত সকাহ ঘূৰাই পোৱাৰ দৰে, “ইয়েছ মেম“৷ তাই গুচি গ’ল৷ মই সোলোকাই দিলো৷ বিমানখনে গতি বেগ ল’লে৷ ময়ো ক্ষণ বুজি চাই, কামফেৰা কৰাৰ শুভক্ষণ বুলি চিটৰ পৰা উঠি পাছফালে থকা ওৱাচৰূমত গলো৷ দৰ্জাখন টানিলো৷ বন্ধ৷ ৰৈ থাকিবৰ ধৈৰ্য্য নাই৷ বহুত কিবা কিবি হ’ব পাৰে৷ মোৰ অৱস্থা বুজি ধুনীয়া এয়াৰ হোষ্টেজ এজনীয়ে বিমানৰ আগফালে, মানে পাইলটৰ ওচৰত থকা ওৱাচৰোম টো আঙুলিয়াই দিলে৷ ময়ো প্ৰায়ে দৌৰাৰ দৰে কৰি ওৱাচৰোমটোৰ ওচৰ পালো৷ ঈশ্বৰৰ কৃপা৷ দৰ্জাখন খোল খালে৷ ভিতৰত গ’লো৷ পেটত জোৰকৈ হাত এখন দি ফাংচনবোৰ মানে ক’ত কেনেকৈ কামফেৰা কৰে, ক’ত বহে, কাৰণ কোঠাটো ইমানেই সৰু যে ভাল শকত কোনোৱা গ’লে অৱস্থা একেবাৰেই বেয়া হ’ব৷ পিছে মোৰ অৱস্থা একেবাৰেই বেয়া হ’ল৷ ফানচনবোৰ বুজাৰ কথা বাদ দি কাপোৰৰ কথা চিন্তা কৰি সৰুকৈ হাত-মুখ ধোৱা বেচিনৰ দৰে সেইটোত বহি ল’লো৷ পাছতহে গম পালো সেইটোৱেই “টয়লেট”৷ পেটৰ কামোৰ আৰু ইমাৰজেনচিৰ কাৰণে দৰ্জাখন বন্ধ কৰিবলৈ পাহৰি গলো৷ কিছু সময়ৰ পাছৰ কোনোবা এজনে দৰ্জাখন খোলাত মোক দেখা পালে৷ যেন এটা জীৱন্ত লাছ৷ “হেল“ বুলি কৈ সেইখন মাৰি গুচি গ’ল৷ মোৰ পিছে সেইবোৰ ধ্যান দিবৰ প্ৰয়োজন বোধ নকৰিলোঁ৷ পেটৰ কামোৰণিবোৰৰ প্ৰতিশোধ একান্তমনেৰে লৈ আছো৷ এখন হাতেৰে দৰ্জাখন ধৰি আছো৷ কাৰণ ইমান খৰধৰ কৰি মই দৰ্জাবন্ধ কৰা লকটো বিচাৰি পোৱা নাছিলোঁ৷ পাছত এয়াৰ হোষ্টেজ এজনীয়ে বাহিৰৰ পৰা বুটম এটা টি পি দিয়াতহে দৰ্জাখন লক হৈ গ’ল৷

কাগজৰ নুৰাৰে কামফেৰা সুন্দৰকৈ সমাপ্ত কৰি হাতত থকা ঘড়ীটোলৈ চালোঁ৷ আৰে আধা ঘণ্টা বহিলোঁ! লাহেকৈ দৰ্জাখন খুলি যিটোহে দেখিলোঁ৷ পোন্ধৰ জন মান মানুহৰ শাৰী৷ ওৱচৰোমৰ বাবে৷ ডায়েবেটিচ হোৱা সেই ককাজন, লাখুটি এডাল লৈ সকলোৰে আগত, তাৰ পাছত এজন ছোৱালী, তাৰ পাছত এজন মাক, পুতেক কান্ধত. ….তাৰ পাছত বাকী কেইজন.৷ ককাজনে মোৰলৈ কেৰাহিকৈ চালে৷ মই লাখুটিডাললৈ চাই থাকি সেমেনা সেমেনিকৈ ওলাই আহিলোঁ৷ সকলোৰে চকু মোৰ ওপৰত৷ চিধাই গৈ নিজৰ চিটত বহি ৰুমাল খন মুখত ঢাকি শুই যোৱাৰ ভাও জুৰিলোঁ৷ মোৰ পাছফালে আছে সেই অসমীয়া মাক জীয়েক..৷ মোৰ বিষয়ে অসমীয়াতে কৈ হাঁহি আছে৷ একো নাই মই অসমীয়া নাজানো নহয়, নিজকে সান্ত্বনা দিলো৷

গুৱাহাটী পালোহি৷ সকলোৱে নামিবৰ বাবে শাৰী পাতিলে৷ মই লাজে-ভয়ে সকলোৰে শেষত ওলাইছো৷ যথা সময়ত নিজৰ ডাঙৰ বেগটো ৰেলিৰ পৰা লৈ বেগেৰে বাহিৰলৈ গতি কৰিছোঁ৷ মোৰ লগত অহা অসমীয়া মাক জীয়েক৷ জীয়েকে মাকক ক’লে, ” মা মা চাওক তেতিয়া ফ্লাইটত টয়লেটত এঘণ্টা বহা ল’ৰাজন । লাজে-ভয়ে লৰালৰিকৈ বাহিৰলৈ আগবাঢ়িছো৷ সিহঁত পাছত মই আগত৷ এইবাৰ গেটত ” দাদা ক’ত যাব, আদাবাৰী, বেলতলা, চিলং, দাদা অসমীয়া মানুহ কমতে লৈ যাম” ।  মই যেন এজন অসমীয়া নহওঁ, অনাঅসমীয়াহে এনে এটা ভাৱত বিভোৰ হৈ মাক জীয়েকৰ পৰা আতঁৰিবলৈ চেষ্টা কৰি মনে-মনে এজনক “ জালুকবাৰীলৈ যাম কিমান ল’ব? ”

দাম দৰ মিলাত আগৰ চিটত বহিলোঁ৷ গোটেই ৰাষ্টাতো সেই কথাটোকেই মনে মনে ভাৱি আহিলোঁ৷ এনে এটা দিন যেন কাৰো নাহে৷

জালুকবাৰীত নামিলোঁ, ভাড়াটো দিয়াৰ সময়ত পাছফালৰ চিটৰ পৰা “ ভাইটি দিল্লীৰ পৰা আহিছা নহয়, আমি দেখোন একেখন ফ্লাইটতে, এই যে তুমি আগৰ চিটত…টয়লেটত.”

ঘৰলৈ যোৱা বাছত বহিছো যদিও ইফালে সিফালে চাইছো, কিজানি মাক জীয়েক ক’ৰবাৰ পৰা ওলাইহি..৷ কিজানি ছোৱালীজনীয়ে ক’ৰবাৰ পৰা আহি কয় ” মা মা চাওক তেতিয়া ফ্লাইটত ওৱাচৰোমত এঘণ্টা বহা ল’ৰাজন”

। পেটৰ কামোৰণি ক’ত গ’ল ধৰিবই নোৱাৰিলোঁ৷ পিছে “ৰামলাড্ডু” খাই মনৰ কামোৰণি এটাহে লৈ ঘৰ পালোহি৷

মণ্টু কুমাৰ ডেকা

, নতুন দিল্লী

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক