ৰাসৰ কৃষ্ণ — যোগানন্দ মহন্ত

: হেপ্পী বাৰ্থ-ডে….! হ’ব দিয়া লাহেকৈয়ে কৈছোঁ, নুশুনে আন কোনেও!
: ঠিক আছে, ঠিক আছে, হেপ্পীয়েই হৈছোঁ বাৰু! নিজৰ মানুহজনীয়ে ৰাতিপুৱা চকু মেলি লৈয়েই হেপ্পী বাৰ্থ-ডে বুলিছা যেতিয়া!
: আজিকালি নিজৰ মানুহটোক হেপ্পী বাৰ্থ-ডে বুলি কৈ ফেচবুকত চবে ধুনীয়া ধুনীয়া ফটোৱেই দিয়ে। তোমাৰ শাহু, বাই-শাহু, পেহী-শাহু চবেই কেক্ কাটি বাৰ্থ-ডেৰ ফটো দিয়ে ফেচবুকত। দেখিয়েই ভাল লাগে। আমাৰহে ফটো এখন উঠি ফেচবুকত দিওঁ বুলিলে কিমান কি ওলাব!
: হেৰা, ইমান দিন চিনেমা-তিনেমা নকৰিলোঁ যে, এতিয়া ফটো এখন উঠি ফৎকৰে তুমি ফেচবুকত দিওঁ বুলিলে মোৰ তাহানি চিনেমা-হলবোৰৰ সমুখত লগাই থোৱা ধৰ্মেন্দ্ৰ-হেমামালিনীৰ মস্ত মস্ত ৰোমাণ্টিক্ পোষ্টাৰবোৰলৈ মনত পৰি কিবা এটা লাজ লাজ লাগি যায়। আচলতে আমি যে তাহানিৰ সেই ‘দৰা’ই ৰঙা চামৰাৰ চুটকেচ্ হাতত ওলোমাই পথাৰৰ চৰ্ট-কাট্ ৰাস্তাৰে ওৰণি লোৱা ‘কইনা’ৰ পাচে পাচে গৈ আঠ-মঙলা খাবলৈ শহুৰৰ ঘৰলৈ যোৱা দিন-জামানাৰ মানুহ, গতিকে কিয় জানো কিবা এটা দিগদাৰ লাগি যায় হে! তথাপি পৰাবোৰে কৰি থাকক দিয়াচোন বাৰু! নিজে কিবা নোৱাৰিলেও, আনে পৰাখিনিক ঈৰ্ষা কৰিব নাপায়।
: তোমাৰ যদি ইমান লাজেই লাগে, তেন্তেনো ৰাসত তাহানিৰ পৰাই কৃষ্ণ কেনেকৈ হৈছিলা? বিয়াৰ পাচতো দেখোন মোৰ কাপোৰকে নি তোমাৰ লগত নচা ৰাধাজনীক পিন্ধাইছিলা। মইহে জানো নতুনে নতুনে কেনেকৈ মই ৰাস চাইছিলোঁ সেইদিনা!
: দিব্য শক্তি, বুজিছা! ৰাসত কৃষ্ণৰ সাজযোৰ পিন্ধি বাঁহীটো ল’লেই গালৈ দিব্য শক্তি আহি যায়। লাজ-কাজ নাইকিয়া হৈ যায়, ষোল্ল-শ গোপীও তোমাৰ একদম মোহিত হৈ যায়।
: তোমাৰ নামটো আচলতে কৃষ্ণই থ’ব লাগিছিল!
: কিয় ক’লা?
: মানুহ মুহিব পাৰা কাৰণে কৈছোঁ। কাক তুমি মুহিব পৰা নাই! মোক, মা-দেউতাক, মোৰ ভণ্টি-বাইদেউকেইজনীক, পেহা-পেহী, ভাগিন-ভতিজা-ভতিজী, নিজৰ ল’ৰা-ছোৱালী দুটাৰ কথা বাৰু নকওঁৱেই। ইফালে ফেচবুকৰ কথা ক’বই নালাগে, মোহিনী বাণেই মাৰি থৈছা!
: হেৰা ৰ’বাচোন, ৰ’বা! আজি কি তাৰিখ, কি তিথি?
: অসমীয়া তাৰিখ নাজানো। ইংৰাজী ২৯ নবেম্বৰ, তোমাৰ জন্ম-দিন আৰু আজি ৰাস পূৰ্ণিমা।
: গুড্! আজি মোৰ জন্ম দিন লগতে আজি ৰাস পূৰ্ণিমা, পইণ্ট টু বি নোটেড্!
: মানে?
: মানে আৰু কি!
: মোৰ জন্ম ৰাস পূৰ্ণিমাত হৈছিল!
: ১৯৬২ চন আছিল?
: আছিল!
: চীন-ভাৰতৰ যুদ্ধ হৈছিল?
: হৈছিল।
: অত্যাচাৰী চীনা-কংস মামাৰ ভয়ত দেউতাই মোক মাৰ গৰ্ভতে তেজপুৰ, মানে চীনা-কংসৰ কাৰাগাৰৰ পৰা মুক্ত কৰি নি নিৰাপদে যমুনা-লুইত পাৰ কৰি গোকুল-নগাঁৱলৈ লৈ গৈছিলে?
: লৈ গৈছিলে!
: তেন্তে তুমিয়েই কোঁৱা এতিয়া, মই কৃষ্ণ নহয় ক’ত! হেঃ…হেঃ…হেঃ…বুজিলা নহয়!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক