ৰাস আৰু মোৰ শৈশৱৰ অনূভৱ (চিদানন্দ বৰা)

ঠাই বিশেষে ৰাসৰ উপস্থাপন সমূহ সূকীয়া৷ আমাৰ ফালে মূৰ্তি ৰাস নাই৷ ছোৱালী ৰাসৰ লগতে কেতিয়াবা লৰাৰ ৰাস সমূহ দেখা মনত আছে৷
শৰত ঋতুৰ মহিমাৰ বৰ্ননা কৰি শেষ কৰিব নোৱাৰি৷ শৰতৰ শেৱালিয়ে পদূঁলিটোৰ সৌন্দৰ্য্য বঢ়োৱাৰ লগে লগে কহুঁৱাই নৈ বিলৰ চাপৰিবোৰৰ সৌন্দৰ্য্যতা বঢ়ায়৷ নৈ খনৰ লগত ওতপ্ৰোতভাৱে চহা জীৱনৰ কাৰ্য্যক্ৰমবোৰ জড়িত আছিল বাবেই তাৰ লগত এক নিবিড় প্ৰেমৰ প্ৰতিচ্ছবিও ফুতি উঠিছিল৷ সেয়ে কৱিতাত, বিহুগীতত আৰু অনেক ৰচনাত তাৰ গৌৰৱোজ্জ্বল বৰ্ননা৷ বতৰৰ সলনিয়ে আনে মনলৈ এক যোগাত্মক পৰিবৰ্তন৷ নানান ’পৰৱ’ৰ লানি নিচিগা সোঁতৰ মাজেদি আনন্দ উৎসুকতা বোৰো ভৰ দি উঠেহি৷
“ৰাসো“- হ’ল তেনে এটি আনন্দৰ উৎসৱ৷ তেতিয়া গাঁও বিলাকত ছোৱালীৰ সংখ্যা বেছি আছিল৷ লগতে আছিল এটি একাত্মবোধ৷ তেতিয়া “জাক“ শব্দটোৰ চানেকি যেন য’তে ত’তে সহজলভ্য আছিল৷ সকলো লগ হৈ নৈৰ ঘাটলৈ যোৱাৰ প্ৰতিচ্ছবিত, একগোট হৈ ধান কাটিবলৈ যোৱাৰ আৰু পিঠা পনা বনোৱাৰ বাবে চাউল চিৰা খুন্দিবলৈ কাৰোবাৰ ঢ়েকীশালত একগোট হোৱাৰ ছবিত— তাৰ চানেকী দেখা পাইছিলো৷ আধুনিকতাই গ্ৰাস নকৰা অকৃত্ৰিম সৰল মনবোৰৰ কি যে সৌন্দয্য আছিল —–! ! ! ! এইবোৰ যেন এতিয়া এক নষ্টালজীয়াহে! ! এয়া আমি সৰুতে দেখা পেহী, মাহী হঁতৰ গাভৰু কালৰ কথাহে কৈছো যদিও আমি অলপ ডাঙৰ হোৱালৈকে এনে পৰিবেশ বোৰ আমাৰ বাবেও প্ৰায় চিনাকি হৈয়ে আছিল৷
আবেলিতে কাৰোবাৰ ডাঙৰ চোতালত, নহলে নামঘৰৰ বাকৰিত জাক পাতি পাতি সকলো গোট খাইছিল ৰাসৰ ঠিক এমাহ মানৰ আগৰে পৰা৷ তাল-খোল ৰ বাজনাত গাঁৱৰ পৰিবেশ ৰজনজনাই থাকে৷ শিশুৰ পৰা বৃদ্ধলৈকে উচাহৰ ঢ়ল৷ আখৰাত নিৰ্দিষ্ট সময়ত উপস্থিত হবলৈ গাভৰুসকলে কৰনীয় কামবোৰ আগতীয়াকৈ কৰি মেলি আজৰি হৈছিল৷ লেম চাকি বোৰ চাফা কৰি আগতীয়াকৈ সাজু কৰি থোৱা, ঘৰৰ ভিতৰ আৰু আগ চোতাল খন আগতীয়াকৈ সাৰি থোৱা, খেনোৱে আকৌ ভাতকিটাৰ বাদে বাকী যোগাৰ আগতেই ব্যৱস্থা কৰা, ৰাতিৰ কাৰণে লাগতিয়াল পানীখিনি দুৰৈৰ ৰাইজৰ কুৱাটোৰ বা নদীৰ পৰা আনি জোগাৰ কৰি থোৱা আদি অনেক কামৰ দায়িত্ব আগতীয়াকৈ সূচাৰু ভাৱে সম্পাদন কৰি আখৰাৰ সময়কনলৈ আজৰি হৈছিল৷
ৰাস খনত “ৰাধা“, কৃষ্ণ আৰু শঙ্খচোৰৰ ভাও কিটাৰ মহাত্যই যেন আছিল কিছু সুকীয়া৷ সেয়ে ৰাস খনৰ কোনটো চৰিত্ৰৰ ভূমিকাত কোন অবতীৰ্ণ হব ইয়ো এক প্ৰধান আলোচ্যৰ বিষয় হৈ পৰে৷ গাঁও বা অঞ্চলৰ ধুনীয়া নাচনি জনীকেই ৰাধাৰ ভাওটো দিয়া হয়, আৰু শঙ্খচোৰটোৰ বাবে হৃষ্টপুষ্ট গাভৰু গৰাকীকে নিৰ্বাচন কৰা হয়৷ কৃষ্ণৰ ভাও দিয়া গৰাকীৰ আকৌ এটা গুণ আৰু বেছি থাকিব লাগে৷ সেয়া হৈছে — সুন্দৰ কণ্ঠ৷ কাৰন বহুত বচন কৃষ্ণৰ৷ পয়াৰ, লেচাৰী আদিও গাব লাগে অনেক৷ ছোৱালীৰ ৰাসত সকলো চৰিত্ৰত ছোৱালীবোৰেই অবতীৰ্ণ হয় যদিও কেতিয়াবা কৃষ্ণ আৰু শঙ্খচোৰৰ ভূমিকাত পুৰুষ সকলো অবতীৰ্ণ হোৱা দেখা যায়৷
তেতিয়াৰ দিনত শব্দব্যৱস্থা বৰ পুতৌজনক আছিল আৰু আজিকালিৰ দৰে মঞ্চ ৰাস সাজি নেপঠ্যত বিশিষ্ট গায়ক গায়িকাই বচন বা গীত জুৰি অভিনেতা অভিনেত্ৰী সকলক নচাৰ সুবিধা প্ৰদান কৰাৰ দৰে ব্যৱস্থা বা ৰীতিও নাছিল৷
ৰাসৰ দিনটো ওচৰ চাপি অহাৰ লগে লগে গাঁৱৰ যুৱক সকল ঘৰে ঘৰে গৈ তুলি অনা তামোল আৰু বাহেৰে ৰভা খন দিয়াত লাগে৷ তামোলৰ খূটাবোৰ চুচি চুচি চূনৰ ৰং দিয়া হয়৷ ওপৰত টিঙৰ ৰভা৷ মুখ্য খূটাবোৰ গপচ নহলে দিগদাৰ কাৰন সেই খূটাবোৰত সংলগ্ন হৈ থকা মাৱলি ডালতে বৃহৎ আকাৰৰ লণ্ঠন বোৰ আৰি দিয়া হয়৷ লণ্ঠনটোৰ উচ্চতা কম বেছি কৰিবলৈ তাৰ লগত সংলগ্ন হৈ থাকে শকত একোডাল দীঘল ৰছী৷ ৰছীডালৰ সিটো মূৰ খূটাত বন্ধা থাকে৷ ডেকৰচনৰ নামত ইটো খূটাৰ পৰা সিটো খূটালৈ ৰছী আৰু ৰছীবোৰত ভিন্ন ৰঙৰ ৰাঙপতা কাগজক তিনিচুকীয়াকৈ কাটি আঠা লগাই ওলোমাই থোৱা হয়৷ মঞ্চ বুলিলে গোটেই ৰভাখনকে বুলিব পাৰি৷ কাৰন শ হিচাপত গোপীৰ পয়োভৰ ঘটে সেই দিনা৷ গতিকে মাজখণ্ড খালি ৰাখি বাহৰ বেৰিকেট বনোৱা হয়৷ বেৰিকেটৰ মাজে মাজে গোপীৰ নাচোন৷ বেৰিকেটো এনেভাৱে সজা হয় যাতে নৃতৰত কোনো যুৱতীক যাতে কোনো উচ্ছৃংখল দৰ্শকে ইচ্ছা কৰিলেও হাতেৰে চুব নোৱাৰে৷ তাৰ বাবে তামোল বা শকত বাহেৰে উপৰিঞ্চিকৈ কাষে কাষে বান্ধি দিয়া হয় গাৰ্ড ৱাল হিচাপে৷
ৰাতিলৈ কোনে কি সাজ পিন্ধিৱ তাতে গাভৰু সকল ব্যস্ত৷ খেনোৱে বিয়া দিয়া বায়েকৰ খেনোৱে আকৌ নৱ বিবাহিতা বৌৱেকৰ পৰা ন সাজ এযোৰ আনি যতন কৰি থয়৷ কোনোবা জনী আকৌ বিমূখ হৈ মাকৰ পূৰণা সাজটোকে ইস্তি মাৰি সাজু কৰি লয়৷ অলপ বয়সীয়াল তিৰোতা বোৰে নানান ৰূপত ভাও দিয়ে নিজকে— নাগিনী, আলৰবুঢ়ী, কানী, কুঁজী আদিৰ ভিন্ন ৰূপত৷ বহুৱালি ৰাসৰ এটি মনোগ্ৰাহী খোৰাক আছিল যি ৰসত মানুহৰ হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হৈছিল৷ গ্ৰীনৰুম বুলিবলৈ কাৰোবাৰ বৃহৎ চোতাল খন৷ গন্ধবাদন শেষ হোৱাৰ পাছতেই কৃষ্ণ নৃত্য আৰু তাৰ পাছতেই শ শ গোপীৰ প্ৰবেশ৷ বায়নৰ চাপৰত গোপীৰ নয়নাভিৰাম নৃত্য৷ বেৰিকেটৰ চৌপাশে ডেকাৰ কিৰিলি৷ নাচোনৰ চন্দতে চিনাকিজনৰ লগত চকুৰ বাৰ্তালাপ৷ খেনোৰ আকৌ নিজৰ চিনাকি বা মনৰ চিনাকি জনীক বিচাৰি অপেক্ষা! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments