“ৰাহিৰ আঠটকা”: দীপচান চাংমাই

“ৰাহিৰ আঠটকা”

দীপচান চাংমাই

বাছৰ পৰা নামিয়েই নৱই ৰিক্সাষ্টেণ্ডটোলৈ চাই পঠিয়ালে। শাৰী শাৰী ৰিক্সা আৰু সন্ধানী দৃষ্টিৰে ৰিক্সাৱালাকেইটা ৰৈ আছে। নৱই স্বস্তিৰ নিশ্বাস পেলালে। যা হওক, আজি যাত্ৰী কম ৰিক্সা বেছি। অৰ্থাৎ ৰিক্সাৰ যোগান বেছি কিন্তু চাহিদা কম। ৰিজাল্টটো জলজল-পটপট। সি কোনো সোধ-পোচ নকৰাকৈ ৰিক্সা এখনত উঠি দিলে। ৰিক্সাৱালাইয়ো কোনো প্ৰশ্ন নকৰাকৈ ৰিক্সা চলাই দিলে। আনদিনা হোৱা হ’লে “ক’লৈ যাব”, “চাৰিআলিৰপৰা সিপাৰলৈ নাযাওঁ” বা “ভাড়া বিশ টকা” জাতীয় আগতীয়া বন্দৱস্ত হ’লহেঁতেন।

নৱৰ এই স্বভাৱ মাকৰ পৰাই গঢ় লৈ উঠিছে। হেৰিডিটি নহয়, বিহেভিয়াৰেল কিবা ইফেক্টহে হ’ব চাগে’। সি মাকৰ লগত বজাৰ-সমাৰ কৰিবলৈ পৰাপক্ষত নাযায়েই। এটা মাত্ৰ ব্লাউজ কিনিবলৈ মিনি মাৰ্কেট কেইখনৰ সমস্ত দোকান ঘূৰিব আৰু শেষত পাঁচ টকাৰ ব্যৱধানত একে মানৰ ব্লাউজটো কিনিব। তেওঁৰ হেনো ষাঠি টকা কোৱা দামৰ ব্লাউজটো বিশেষ দৰদাম নকৰাকৈ পঁচপন্ন টকাত কিনি যিখিনি অনুশোচনা হয় তাৰ বিপৰীতে সেই একে দামৰ ব্লাউজটো অশেষ দৰদামৰ অন্তত আঠাৱন টকাত কিনি অনাৰ পাছত এক বিশেষ সন্তুষ্টিৰে মন ভৰি পৰে। অৰ্থনীতিৰ স্নাতকোত্তৰৰ ছাত্ৰ নৱ এই চহৰখনত থাকিবলৈ লোৱা আজি প্ৰায় এবছৰেই হ’ব। চহৰখনৰ মানুহবোৰৰ আচাৰ-ব্যৱহাৰৰ সৈতে নিজকে একাত্ম কৰি পেলাইছে। নিজাকৈ এটা ভাড়াঘৰ লৈ থকাৰ ইচ্ছা কলেজীয়া দিনৰে। এতিয়া পূৰণ হৈছে। মাকৰ পৰা আয়ত্ব কৰা গুণটোৰ বলতে শাক-মাছ বেচিবলৈ অহা বেপাৰীকেইটাকো এসেকা দিয়ে। ঘৰে ঘৰে শাক-মাছ কিয় বেছিব সিহঁতে? কাৰণ সিহঁত বাধ্য। সিহঁতৰ পাপী পেট। তাৰে সুযোগটো সি গ্ৰহণ কৰে। দহটকাত কিয় তিনিমুঠি শাক ল’ব, ছমুঠি দিলে দিয়া; সেই গধুৰ ভাৰখন বৈ বৈ এনেও সিহঁত জুৰুলা। ছমুঠি নিদি পাৰেনে?

গৰমৰ দিনকেইটা এই চহৰখনত অসহ্য লাগে। ফাগুনটো যাওঁ যাওঁ। এজাক ধূলিৰ পছোৱা আহি সিহঁতৰ ৰিক্সাখন ধোৱাই গ’ল। বুঢ়া ৰিক্সাৱালাটোৱে কঁকালত বান্ধি থোৱা মলিয়ন কাপোৰখনেৰে মুখখন মচি ল’লে। তাৰ কাষলতিৰ তলৰপৰা লুণীয়া গোন্ধ এটা আহি নৱৰ নাকত লাগিল। ওকালি আহিব খোজা মুখখন নিজৰ কাষলতিৰ ওচৰলৈ লৈ গ’ল। কালি কিনি অনা পাৰ্ক-এভিনিউৰ সুগন্ধ নাকত লাগিল। আজি এই দ্বিতীয়বাৰৰ বাবে অনামিকাক লগ কৰিবলৈ আহিছে। ফোনযোগে চিনাকী অনামিকাৰ সৈতে আজি দুমাহত তাৰ ঘনিষ্ঠতা বাঢ়িছে। সেইদেখি আজি নৱই নিজকে অলপ সজাই-পৰাই আনিছে। তাতে চহৰখনৰ অলপ নামী-দামী ৰেষ্টুৰাঁ এখনত সিহঁত লগ হোৱাৰ কথা। ঘড়ীটোলৈ চালে। এই পাঁচ বাজো বাজো। এইটো গতিৰে গৈ থাকিলে আৰু দহ-পোন্ধৰ মিনিটৰ পাচতহে সি তাৰ গন্তব্যস্থল পাবগৈ। তাৰ স্বভাৱ সুলভ ধূৰ্তালিৰে সি বুঢ়াৰ ৰিক্সাখনতে উঠি দিছিল। কিন্তু তাৰ এতিয়া বুঢ়াটোৰ ওপৰত বিৰক্তি উপজিছে। “তোৰ ঘৰ ক’ত?” নৱই বুঢ়াক নিৰীক্ষণ কৰি প্ৰশ্নটো সুধিলে। “বৰপেটাত।” “ৰিক্সা চলোৱা কিমান দিন হ’ল?” “নাই, মই নতুনকৈ…” বুঢ়াই কিবা এটা ভাবি পুণৰ চমুকৈ উত্তৰ দি থ’লে “হ’ল কিছু দিন।” নৱৰ চকুদুটাত আকৌ অলপ ধূৰ্তালি খেলি গ’ল। “ৰিক্সাখন নিজৰ নে?” “নাই, আমিনো ক’ত নিজৰ ৰিক্সা চলাম। ভাড়া মাৰি যিকেইটা পইচা পাওঁ তাৰে এটা ভাগ মালিকক দি নিজলৈ নামমাত্ৰহে বাচে।” নৱই আৰু কথা আগ নবঢ়ালে। বাকীচোৱা বাট মনৰ ভিতৰতে হিচাপ-নিকাচ কৰি বহি আহিল।

ৰেলক্ৰচিংটোৰ ওচৰতে ৰিক্সাখন ৰখাবলৈ কৈ নৱই শাৰী শাৰী দোকানৰ চালিবোৰৰ সিপাৰে জিলিকি থকা বহুজাতিক ৰেষ্টুৰাঁখনলৈ চাই পঠিয়ালে। গ্লাচ দিয়া সুউচ্চ ৰেষ্টুৰাঁখনৰ ভিতৰত মৃদু পোহৰ। মাল্টিনেশ্বনেল ৰেষ্টুৰাঁ চেইন ধাৰণাৰে দ্ৰুতগতিত সংখ্যা বঢ়াই অহা এনে ৰেষ্টুৰাঁ যেন চহৰখনৰ একশ্ৰেণীৰ নিচা হৈ পৰিছে। শ্ৰেণীটো উচ্চ-মধ্যবিত্ত বা তেনে আন কিবা বিত্তৰ নহয়। এটা কমন ছাইক’লজিকেল এট্ৰিবিউট কঢ়িয়াই ফুৰা এটা শ্ৰেণীহে। যা হওক, ইনকামৰ ৰি-ডিষ্ট্ৰিবিউশ্বন হওক বা নহওক, নৱৰদৰে আন দহটা নিম্ন-মধ্যবিত্তৰ প্ৰাণীয়ে নিজৰ মাহেকীয়া বাজেটত এটা নতুন শিতানটো খুলিছে। ৰিক্সাৱালাকেইটাৰ বিপৰীতে ৰেষ্টুৰাঁকেইখনৰ কথা ভাবিবলৈ মন গ’ল নৱৰ। “কেই টকা?” নৱই সুধিলে। “দিয়ক।” বুঢ়াৰ সংক্ষিপ্ত উত্তৰ। নৱই ৱালেটৰপৰা দহ টকা উলিয়াই ৰিক্সাৱালাটোক দিবলৈ লৈ ৰয় গ’ল। ৱালেটটো খুচৰি দুটকা এটা উলিয়াই ক’লে, “ইয়ালৈ দহটকা দিওঁ। দুটকা এটা বেছিকৈ দিছোঁ।” বুঢ়াই সেমেকা হাঁহি এটা মাৰি পইচাকেইটা হাত পাতি ল’লে। ৰেলক্ৰচিংটো পাৰহৈ দোকানৰ শাৰীটোৰ সিপাৰে মূল পথত উঠি নৱই নিজকে ক’লে, “আঠটকা চাৰপ্লাচ; বুঢ়াই গমেই নাপায় যে ইয়ালৈ ভাড়া বিশ টকা।”

ভাড়াঘৰৰ ৰান্ধনিশালত সোমায়েই নৱৰ হিচাপ-নিকাচত খেলি-মেলি লাগি গ’ল। মাহৰ শেষ হওঁ হওঁ। ঘৰৰপৰা জলপানি আহি পাবলৈ এতিয়াও দিনচেৰেক বাকী। ভাবিছিল শেহতীয়া পাঁচশ টকাৰ তিনিশ টকাও যদি আজি তাইৰ লগত খৰচ হয় বাকী দুশৰে যেনে-তেনে জোৰা-টাপলি মাৰিব। কিন্তু ৰেষ্টুৰাঁত তাইৰ লগৰজনীৰে সৈতে সিহঁত তিনিওটাই তিনিশ ষাঠি টকাৰ আইচক্ৰীমৰ নামত শৰাধ পাতিলে। বিল পৰিশোধ কৰিবলৈ পাঁচশ টকীয়া নোটখন উলিয়াই দি নৱই ঘপ্ কৰে কৈ পেলালে, “কিপ্ দি চেইঞ্জ।” কথাটো মনত পৰি তাৰ কাণ-মূৰ গৰম লাগি গ’ল। নৱই বিচনাত বহি লৈ ৱালেটটো জোকাৰি দিলে। খিটিং খিটিং কৈ কেইটামান খুচুৰা পইচা সৰি পৰিল। নৱই পইচাকেইটা হাতত লৈ চালে, “আঠটকা।”

***********************************
“চৰাইলৈ বুলি ছিটিকা পাতিলোঁ
দৰিকলৈ পাতিলোঁ জাঙী;
উঘা পকোৱাদি পকাই পকাই সুধিলোঁ
পেটৰ কথা নক’লা ভাঙি।”

“বজাৰত কিনিলোঁ ৰেছমৰে ৰুমাল
ৰেলগাড়ী ভটিয়াই গ’ল;
বিয়া কৰিম বুলি বৰঘৰ সাজিলোঁ
গৰু বন্ধা গোহালি হ’ল।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments