ৰাৱণ কথা: সমুদ্র কাজল শইকীয়া

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

ৰাৱণ কথা

থিয়েটাৰী কাব্যঃ কাণখোৱাৰ ডিছপোজেব্‌ল থিয়েটাৰ

সমুদ্র কাজল শইকীয়া

একো একোটা পৌৰাণিক বা মহাকাব্যিক চৰিত্রই মূৰ ডাঙি উঠাটো আধুনিকতাবাদী সাহিত্যৰ অন্যতম লক্ষণ, টি এচ এলিয়টৰ পৰা আমাৰ আপোন নৱকান্তলৈকে উদাহৰণৰ অন্ত নাই। অৱশ্যে মই নিজকে আধুনিকতা বুলিবলৈ টান পাওঁ, বিভিন্ন কাৰণত আধুনিকতাবাদৰ বিৰোধিতাও কৰোঁ। মাইকেল মধুসূদন দত্তৰ নামটো বিশেষভাৱে উল্লেখ কৰিবলগীয়া হয় তেওঁৰ যুগান্তকাৰী “মেঘনাদ বধ কাব্য”খনৰ কাৰণে। ৰামায়ণ চর্চাৰ (মৌখিক পৰম্পৰা, পৰিৱেশন, চিত্রৰূপ সমন্বিতে) দেশীয় আৰু বিদেশী পৰম্পৰাবোৰৰ কোনো লেখ জোখ নাই। এই বিভিন্ন চর্চাৰ ধৰণ-প্রকৰণ যেনেকৈ বিচিত্র, ইয়াক কেন্দ্র কৰি চলতি বিশ্বাসবোৰো বৈচিত্র্যময়। ঠায়ে ঠায়ে আৰু সময়ে সময়ে ই অন্য ৰূপ লয়।
ৰাৱণৰ বিষয়ে চিন্তা-চর্চা কৰি থাকোঁতেই অৰুণ কুক্রেজাৰ দশানন নামৰ নাটকৰ কিতাপ এখন হাতত পৰিল। ২০০৪ চনত এই নাটকখনে লিম্‌কা বুক অব্‌ ৰেকর্ডচত স্থান পায় মহাকাব্যিয় চৰিত্রক কেন্দ্র কৰি ৰচিত প্রথম ভাৰতীয় স্বগতোক্তি হিচাপে। ৰাৱণ কথাৰ তৃতীয় স্কন্ধটোত কুক্রেজাৰ দশাননৰ সাৰভাগ আছে। কিন্তু মই বিশ্বাস কৰোঁ, নৱকান্তই কুক্রেজাতকৈ বহুকাল আগতে তাতোকৈ বহু বেছি সার্থকতাৰে একেটা কামকেই কৰি থৈ গৈছে। নৱকান্তৰ ৰাৱণ বহু বেছি বিস্তৃত আৰু গভীৰ। পৰস্পৰ বিৰোধী নাটকীয় সঙ্ঘাত আৰু অন্তর্নিহিত মনস্তাত্ত্বিক গৱেষণাৰে নৱকান্তৰ ৰাৱণ এটা মাইলৰ খুটা হৈ ৰৈছে। কৰুণা আৰু অহং বোধৰ এটা নিপুণ খনিকৰী শিল্প। ডায়লেক্টিক্সৰ ফালৰ পৰাও ইয়াৰ নাটকীয়তা কুক্রেজাৰ দশাননতকৈ দেছি যেন বোধ হয়। আৰু অন্যান্য বিভিন্ন ভাষিক কবিতা পঢ়িবলৈ পাইছিলোঁ এই সময়খিনিত। তাৰ মাজত এটা হ’ল প্রেমেন্দ্র মিত্রৰ বঙালী কবিতা “দশানন”।
কিন্তু মূলগতভাৱে মোৰ “ৰাৱণ কথা” সেই আটাইবোৰ আধুনিকতাবাদী কবিতাতকৈ পৃথক। অন্ততঃ মই নিজে তেনেকৈয়ে ক’ম। মই এনে এটা সময়ত চৰিত্রটোৰ পুণৰোত্থানৰ কথা ভাবিলোঁ, যিটো সময়ত নেকি “সকলো কথাই কোৱা হৈ গৈছে, সকলোবোৰেই কৰা হৈ গৈছে, নতুন বুলিবলৈ আৰু একো নাই।’’ যিটো সময়ত মেটা-নেৰেচন আৰু মেটা-বিলিফবোৰ থৰক বৰক হৈ পৰিছে বহুধা বিভক্ত খন্ডিত অভিজ্ঞতাৰ অহৰহ আঘাতত। এক অর্থত মোৰ “ৰাৱণ কথা”ৰ ৰামায়ণ চর্চা পৰম্পৰাৰ সৈতে কোনো সংগতি নাই। প্রাক্‌ শ্বেইক্সপীয়েৰ খ্রিষ্টোফাৰ মার্লো বা গেৰমান গোয়েথেৰ সৈতে কোনোবাই জোৰ কৰি ৰিজালেও মোৰ আপত্তি নাই। আপত্তি নাই বহুমুখী হেমলেট চর্চা অথবা মিলটনৰ সৈতে ৰিজালেও। ৰাৱণ নামটো উচ্চাৰণ কৰিলেই আমাৰ মনৰ আগত কোনো এটা নির্দিষ্ট ছবি ভাঁহি নুঠে, ভাঁহি উঠে বহুতো মুখা, ভাৱৰীয়া অথবা ৰূপাৰোপিত জুমুঠি। সকলো দিশৰে পৰাই ৰাৱণ বহুত্বৰ প্রতিনিধি, দ্বান্দ্বিক বিৰোধ আৰু প্রতিনিধিত্বৰ আহুকাল।
কেইবাবছৰ ধৰি কাম কৰিও ৰাৱণ কথা শেষ কৰি উঠিব পৰা নাছিলোঁ। পৰিশেষত এটা পোষ্ট-কলোনিয়েল পৰিৱেশত ই সম্পূর্ণ ৰূপ পালে, অভিনেতা আৰু দর্শকৰ জটিল ৰসায়নিক সম্পর্কই ইয়াক যেনেকৈ জটিল কৰি তুলিলে, তেনেকৈয়ে ইয়াল সম্পূর্ণ হোৱাতো সহায় কৰিলে।
There was no one in him. …the story goes that, before or after he died, found himself before god and he said: “I, who have been so many men in vein, want to be one man: myself.” The voice of god replied from a whirlwind: “Neither am I oneself; I dreamed the world as you dreamed your work, my Shakespeare, and among the shapes of my dream are you, who, like me, are many persons – and none.” Jorge Luis Borges (Everything and Nothing).[ii]

নান্দী সুহাই

একবিংশ শতিকাৰ প্রথম দশকৰ মাজভাগৰ কোনোবা এটা বছৰৰ, কোনোবা এটা মাহৰ,
কোনোবা এটা দিনৰ কথা।
সি চাহৰ দোকানত বহি চাহৰ কাপত চুমুক দিছে। তিনিআলিৰ ফালে চাই কিবা এটা ভাবিছে,
অথবা একো ভবা নাই। কাৰোবাৰ আগত সি বিৰবিৰই কিবা এটা কৈ আছে, অথবা
অন্য এজনে তাক উদ্দ্যেশ্যি কিবা এটা কৈ আছে। হঠাৎ সেই কোনোবা এজন
আগবাঢ়ি আহি হাতখন আগবঢ়াই ক’লেঃ

“ইমান পৰ কথা হ’ল, তোমাৰ নামটোৱেই সোধা নহ’ল”।

আমাৰ নায়কে জেপৰ পৰা নিজৰ হাতখন উলিয়াই আগবঢ়াবলৈ গৈয়ো থমকি ৰ’ল।
হঠাৎ কিয় জানো, সন্দেহ হ’ল, এই হাতখন নিজৰ হাত হয় নে নহয়।
কি বিচাৰি জানো জেপত এবাৰ খেপিয়ালে, ফুঃ এটুকুৰা ভঙা বিড়ি।
নিজৰ নামটো কৈ পৰচয় দিয়াৰ আগতে অলপ সময় মনে মনে ৰ’ল। ইচ্ছা আছিল এইবুলি ক’বৰ
“মোৰ নাম চৰণদাস। মই এটা মানুহ আৰু চুৰি কৰাটো মোৰ পেছা” [i]।

কিন্তু ক’ব নোৱাৰিলে। কাৰণ এই ধৰণৰ সততাৰো কোনো সততা নাথাকিবও পাৰে। 

সি কিবা এটা ভাবিলে।
কিবা এটা ভাবি সি মনে মনে ৰ’ল।
মনে মনে ৰৈ সি কিবা এটা ভাবিলে।

আৰু ক’লে, “মই ৰাৱণ”।

প্রথম স্কন্ধ

মই সকলোতে আছোঁ। মই ক’তো নাই।
মোৰ মন ভাল লাগে, এনেয়ে। ওহোঁ, একো ভাল লগা নাই।

চাহৰ কাপত চুমুক দি মই ভাবোঁ মই কিয় ভাবোঁ
কি ভাবোঁ মই কি ভবা উচিত। পিছে কোনো কথাই
ভবা হৈ নুঠে মোৰ ভাবোতে ভাবোতে দেখোঁ।

মই এজন মানুহ। নহয় নহয় দহজন।
মই ৰাৱণ।

উদাত্ত কন্ঠেৰ মই আওঁৰাব নোৱাৰোঁ মাইকেল মধূসুদন।[i]
চিৰপ্রেমবঞ্চিত মই কলেজীয়া যুৱক। আত্মগ্লানি মোৰ অৱসৰ বিনোদন।
চাহৰ দোকানত বহি পুৰণা মহাকাব্যৰ পাত লুটিয়াওঁ এথোন।

ওহোঁ, মহাকাব্য নহয়, ইতিহাস[ii]। টুকুৰা টুকুৰ কৰ যাৰে সাজোঁ সপোন।

বেটুপাত উৱলি যায়। পৃষ্ঠা ক্রমাংক আউল লাগি নাজানোঁ কি পাগুলি ৰওঁ।
এই যেন বাল্মিকীৰ লগত একেলগে বহি চাহৰ কাপত সোহাটো মাৰোঁ
এই যেন হঠাৎ হোমাৰৰ স’তে সুৰা-কাজল-সমুদ্রত[iii] মেলি দিওঁ নাও।
এইবাৰ তিনিআলিৰ মূৰত আপোনাসবে দেখিব মোৰ নতুন পুৰণা ভাও।

আহ্‌! মোৰ নীলা শৰীৰ[i]। আকাশ উন্মুখ মই নশ্বৰ পার্থিৱ।
মই, মই, মই দশগ্রীৱ।

কোৰাছঃ
মই শব্দ, দৃশ্য আৰ উপমাৰ এটা শৰীৰ।
মানুহৰ মুখে মুখে চকুৱে চকুৱে মই জীৱন পাত কৰোঁ।
হুবহু আৰু অসামঞ্জস্যৰ মই নায়ক।
মই আন্য কাকো প্রতিনিধিত্ব নকৰোঁ। মই সকলোকে প্রতিনিধিত্ব কৰোঁ।
ঠিক যেনেকে মিশ্বেল ফুকোৱে চিনি পালে ডন কিয়োটে[i]
জর্জ লুই বর্হেছে চিনি পালে শ্বেইক্সপীয়েৰ।[ii]

দ্বিতীয় স্কন্ধ

ওহোঁ, কবি নহওঁ, কবিতাত বাৰু কেনেকৈ ফাঁকি দিওঁ?
মোক বিশ্বাস কৰিব নালাগে, মোৰ কথাবোৰ মানিবলৈ জোৰ জুলুম নকৰোঁ।
আপুনি ধর্মনিৰপেক্ষ নে? কেনে ধৰণৰ ধর্ম নিৰপেক্ষ, ঈশ্বৰ আছেনে আপোনাৰ?
ঈশ্বৰ এটা দিয়া, অনুভা। ভাল পাবলৈ এটা ঈশ্বৰ। পলাবলৈ এটা ঈশ্বৰ।[i]

মই যে আছোঁ, সেয়ে মোৰ পৰিচয়। মই বিৰাট
মোৰ মাজতে সমাহিত বিশ্বজগত।
মোৰ মুখৰ ভাষাই চিনাই দিছে পৃথিৱীৰ নির্যাস
হাতেৰ চুইছোঁ মাটি, নাকেৰ লৈছোঁ উশাহত বতাহ।
চকুৰে দেখিছোঁ পোহৰ, কাণেৰ চিনিছোঁ শব্দ, এৰা
জিভাৰে বুজিছোঁ কি তিতা কি মিঠা অথবা কেঁহা।
নাথাকিলেহেতেন মোৰ মাটি মোৰ বতাহ মোৰ পোহৰ মোৰ পানী
মই নাথাকিলে, নাথাকিলেহেতেন মই নথকাৰ শূণ্যতাখিনি।

মই হুইটমেন, দেকার্তে আৰ উইটগেনষ্টেইন। ওহোঁ, মই কোনো নহওঁ
কবি নহওঁ, কাৰণ মিছা কথাৰে কবিতা লিখিব নোৱাৰি। জোৰ জুলুম নকৰোঁ,
মোৰ কথাবোৰ আপোনালোকে নামানিলে আপত্তি নাই। বিশ্বাস নকৰিলে থাকক।
আপুনি ধর্ম নিৰপেক্ষ নে? ঈশ্বৰ থকা ধর্ম নিৰপেক্ষ নে ঈশ্বৰ নথকা? মোকো ঈশ্বৰ এটা দিয়ক।
মই কান্দোঁ, মই হাহোঁ, মই চিঞৰি চিঞৰি পাত সৰুৱাওঁ গছৰ।
মই জানোঁ মই আছোঁ আৰু সেয়ে মোৰ অহংকাৰ।
ঈশ্বৰ, তুমি নাজানা তুমি আছা নে আচলতে নাই,
আৰু আনৰ অস্তিত্বত আঘাত হানিবৰ হাবিয়াস তোমাৰ সেয়েই।

তুমি কি কৰা? তুমি কি কৰা? নাকান্দা, নাহাঁহা, নকৰা বেজাৰ।
খং নাই ঢং নাই আছে কি তোমাৰ, ঈশ্বৰ?
মই গান গাওঁ, মোৰ খং উঠে, মোৰ বেজাৰ লাগে ঘনাই।
এটা সপোনক অমৰ কৰি তুলিবলৈ মই মৰিব পাৰোঁ।[i] তোমাৰ সাধ্য নাই।

তুমি প্রেমেৰে সিক্ত ভগৱান। প্রেম আছে তোমাৰ। কিন্তু আছেনে সপোন?
মই শিখাৰ ভিতৰৰ নীলা। নীলাভ শিখা। মই চঞ্চল ফাগুণ।
এবাৰ মোকো ৰাৱণ কৰি তোলা, ঈশ্বৰক জনাব খুজিছোঁ প্রত্যাহবান।
মোৰো শ্যাম বৰণ গা। দহোটা শিৰ। ৰাৱণ।

তৃতীয় স্কন্ধ

“মানুহ নহওঁ, মই ঈশ্বৰৰ প্রতিযোগী”[i]
“Lord! You are my antagonist”.[ii]

আত্মপৰীক্ষাৰ তোমাৰো আছে প্রয়োজন। নিজকে সুধি চোৱা
তুমি দৈব নে মানবী? যদি মানবী, তুমি দেৱতা হ’ব নোৱাৰা।
আৰ যদি দেৱতা, মানুহ হ’বা কেনেকৈ হে মধূৰিপু ৰঘুপতি ৰাম?
মনুষ্য যদি নোহোবা, পুৰষোত্তম বুলিবৰ অহংকাৰ তোমাৰ বৃথা।
মই, মাথোঁ মই, দশানন ৰাৱণ হ’ব পাৰোঁ পুৰুষৰ উত্তম।

অনন্ত কালৰ প্রতিদ্বন্দিতাৰ প্রতিভূ আমি দুই একক।
দুটা সত্য। দুটা সিদ্ধান্ত।
এজন আর্য আনজন অনার্য, দুয়ো উচ্চ বংশজাত।

ৰাঘৱ, আর্যপুত্র, দাশৰথী জ্যেষ্ঠ তুমি
ব্রহ্মা আদিজাত পুলস্তৰ পৰনাতি ময়ো বিশ্বশ্রৱা সূত।
ৰা – ধ্বনিৰে তুমি ৰাম, ৰক্ষাকর্তা পৰম
ৰা – ধ্বনিৰে মই ৰাৱণ, ক্রন্দন কাৰণ।
সৰুতে এদিন জোনটোক হাতেৰে ধৰিবলৈ বিচাৰিছিলা তুমি
কিমাশ্চর্যম্‌! ৰমচন্দ্রই হাত মেলে চন্দ্রলৈ বুলি।

মোৰ বাসনা জাগে অধিপতি হওঁ যেন ত্রিজগতৰ।
কি যেন ভীষণ অভিলাষ, তোমাৰ মোৰ, দুয়োজনৰ।

তোমাৰ ভাতৃ ভৰত যেনেকৈ আছিল স্নেহধন্য কৈকেয়ীৰ
মোৰ ভাতৃ কুবেৰ তেনেকৈয়ে মোতকৈ বেছি চেনেহৰ।
তুমি দেৱতা – নির্মোহ, দয়াশীল, দয়াবান
মই মানুহ – ঈর্ষাপৰায়ণ।

পিতৃ আজ্ঞায় তোমাৰ বনবাস। ময়ো হস্তগত কৰোঁ পুষ্পক বিমান।
মই একমাত্র তোমাৰ প্রতিদ্বন্দী, ভগৱান।
চতুর্থ স্কন্ধ


মই অদৈৱ প্রাণ
ঈর্ষাপৰায়ণ
প্রেমিক ৰাৱণ

গান্ধীজীয়ে এবাৰ চক্রৱর্তী ৰাজাগোপালাচাৰীক কৈছিলঃ ৰামায়ণখনেই বাৰু এখন উৎকৃষ্ট প্রেম কাহিনীৰ উদাহৰণ নহয় নে?[i] মই এক পার্থিৱ ঈর্ষাপৰায়ণ প্রেমিক যুৱক। এইখিনিতেই মোৰ এটা প্রশ্ন আছে। ই কাৰ প্রেম গাঁথা? কেনে ধৰণৰ প্রেম এয়া? এৰা, মই জানোঁ, ৰাম নামটোৱেই প্রেম শব্দৰ পৰিপূৰক মাত্র।[ii] তথাপি আপত্তি আছে মোৰ, কাৰণ ময়ো যে প্রেমিক। যদিওবা প্রেমৰ পাত্র হ’বৰ যোগ্যতা মোৰ আছেনে নাই নাজানিলোঁ, ময়ো ভাল পাইছিলোঁ মোৰ হিয়াৰ নিভৃত কোণৰ পৰা।

হে সীতা, মোৰ হৃদয়ৰ কুঁৱৰী, মোক ক্ষমা কৰি দিবা। মই নাজানোঁ প্রেম কিয় সদায়ে আচুতীয়া হৈ থাকে নায়কসকলৰ বাবে। ওলোটাই ক’লে, মই নুবুজিলোঁ কিয় প্রেমত সফল হোৱা জনেইহে নায়ক হিচাপে পৰিগণিত হয় তোমালোকৰ কাহিনীত। নুবুজিলোঁ, ৰাৱণ বধতেই যদি ৰমায়ণৰ শেষ, ৰামায়ণখন ৰাৱণায়ণ নহ’ল কিয়?

হওক তেনেহ’লে। এই ঈর্ষাকাতৰ অহংকাৰী ৰাৱণ এইবাৰ হওক তোমালোকৰ হিৰ’, আৰম্ভ হওক ৰাৱণায়ণ, ৰাৱণ কথা, ৰাৱণ চৰিত মানস।
হা হা প্রাণ সীতা ক্ষেমিও প্রগলভতা
নায়ক আৰু নায়িকা কিয় হ’ব প্রেমিক প্রেমিকা সর্বদা

ঠিক, সেয়ে হওক, এই হিংসুক পেটকুপটীয়া মানুহ হ’ব আজিৰ নায়ক

জানকীয়ে হেনো মোক ভাল নাপায়
তাইৰ মাজত মই দেখা পাওঁ পুৱতিৰ ৰাঙলি উষ্ণতা
যৌৱনৰ তেজ, ফুলৰ পাহিৰ কোমলতা আৰু অৰণ্যৰ সজীৱতা
যাৰ বাবে মই সকলো হেৰুৱাবলৈ প্রস্তুত[i]

কিন্তু তাই মোক ভাল নাপায়
কাৰ ছবি সেয়া তোমাৰ চকুৰ পতাত, কাৰ বাবে কঁপে তোমাৰ দুৰু দুৰু ওঁঠ

সর্বশক্তিময় ভগৱানৰ জয় হ’ল সীতা সয়ম্বৰত, ময়ো আছিলোঁ তাত
মানুহৰ পৃথিৱীলৈ নামি আহি থিয় দিলে মানুহৰ বিৰুদ্ধে ভগৱান
মোৰ আপত্তি আছে তাত
পৃথিবীবাসীৰ স’তে লুকাচুৰি খেলা এয়া কানেকুৱা বিধান

মানুহে মুখা তেনেকৈ নিপিন্ধে যেনেকৈ পিন্ধে ভগৱানে
নাটঘৰত তোমালোকে ৰাৱণৰ মুখাখন সজাই থোৱা কিয়
মানুহৰ ভাও লৈ আহে ভগৱান, সেয়েহে তাৰ মুখত মুখা

সেয়া চোৱা, পৰশুৰামৰ হাতৰ কুঠাৰখন যেতিয়া খহি পৰে
মানুহৰূপী ভগৱানৰ মুখাখনো তেতিয়াই খহি পৰে

মই সুৰবৈৰী, ৰজনীচৰ, ৰাক্ষসেন্দ্র; মোৰ হাত কঁপে, জানকী –
তোমাৰ ঈচ্ছাত। তোমাৰ প্রার্থনাত লজ্জানত হৈ মই হাৰ মানোঁ।

ভগৱানে ৰাজর্ষিৰ প্রার্থনা শুনে, দুহিতাৰ প্রার্থনা শুনে।
স্বর্গৰ সোপান গঢ়োঁ মই, ওহোঁ – স্বর্গৰ লোভ মোৰ নাই
কেৱল যদি ভগৱানে মোৰ প্রার্থনা শুনিলেহেতেন
কিন্তু কাৰ প্রার্থনা শুনা হ’ব আৰু কাৰ প্রার্থিনা শুনা নহ’ব
তাকে লৈয়ে যে ভগবানৰ কিমান কূটনৈতিক কৌশল

মোৰ প্রার্থনাতকৈও সীতাৰ প্রার্থনা তোমাৰ বাবে আছিল জৰুৰী
কৃষি শিল্প আয়ত্ব কৰাৰ তোমাৰ অজুহাত মই জানোঁ
জানোঁ এদিন তুমি মোৰ ওচৰলৈকো আহিবা
মোৰ ৰাজনৈতিক আৰু অর্থনৈতিক বিচক্ষণতা এদিন তোমাৰো হ’ব প্রয়োজন

ময়োতো ৰাজনীতিবিদ, বৰং শ্রেষ্ঠ ৰাজনীতিবিদ মোৰ সময়ৰ
কিন্তু তোমাৰ দৰে নহয়

হে পৰম সুন্দৰ বসুন্ধৰৰ জী
চকু মুদি বিৰবিৰ কৰি প্রার্থনা কৰিছা কি? অন্তৰত মাথোঁ ভগৱানৰ ছবি?
মই হিংসুক। ঈর্ষাপৰয়ণ।
ৰাম সীতাৰ জয়ধ্বনি শুনি
মোৰ বুকু বিদীর্ণ হৈ যায়।
ভগৱানে মানুহক প্রতাৰণা কৰা দেখি
মোৰ কামিহাঁড় ফাটি যায়।
মানুহৰ অধিকাৰ কাঢ়ি নিয়া ভগৱানক দেখি
মোৰ কলিজাৰ আমঠু শুকায়।

ক্ষেমিবা জানকী, মই ঈর্ষাপৰায়ণ
মই পার্থিৱ বাসনাৰ উর্ধত নহয়, মই হিংসুক ৰাৱণ

ধন্যবাদ জানকী, তোমাৰ পৰাই শিকিলোঁ, ক্ষমতা বিপণনৰ এই খেলাখনৰ পৰা ভালপোৱাও মুক্ত নহয়।

আজি মই ফাগুণৰ এছাটি দুধোৰ মোধোৰ বা।

ময়ো ভালপাওঁ। ভালপাই ভালপায়ে এদিন মই শেষ হৈ যাম।[i]
ভালপোৱা দেখুৱাওঁ কেনেকৈ, তূলাচনী যে নাই।

ভালপোৱাই শুহি নিব মোৰ সৌর্য
শিমলুৰ তুলা হৈ মিহলি হৈ উৰি যাব বতাহত

বতাহত উৰি আহি পৰে শিৰীষ গছৰ চিৰা
শিৰীষ গছৰ চিৰাত দহোটা বীজ

মই অদৈৱ প্রাণ। মই ঈর্ষাপৰায়ণ।

আকাশত ধূলি। ধূলিৰ বা মাৰলি।
নুনুমুৱাবি মোৰ বুকুৰ জুই

আজি মই চঞ্চল বা-ফাগুণ।
ৰাৱণ।

পঞ্চম স্কন্ধ

একেটা সময়তে ব্রাহ্মণ আৰু ৰাক্ষস হোৱা হেতুকে ৰাৱণৰ আছিল অন্য ৰাক্ষসবোৰতকৈ বেছি সুবিধা।
একেটা সময়তে মানুষ্য আৰু ভগৱান হোৱা হেতুকে ৰামৰো আছিল বিশেষ সুবিধা। অবিচাৰৰ গোটেই অধ্যায়টো ৰ’লগৈ সীতাৰ ভাগত, নাঙলৰ সীৰলুত জন্ম যাৰ।

সীতাহৰণ আছিল ৰাৱণৰ এটা ৰাজনৈতিক চাল।
সীতা উদ্ধাৰ অভিযান আছিল ৰামৰ এটা ৰাজনৈতিক চাল।
আৰু সীতাৰ ৰাজনীতি কোনখিনিত?

সীতা আছিল কৃষি শিল্পৰ প্রতীক। শূর্পনখাৰ ভাতৃৰ প্রতিহিংসাৰ প্রতীক।
কেৱল প্রতীক, কিহৰ প্রতীক সেয়াও ডাঙৰ কথা নহয়। তেজ মঙহৰ এটা জীৱন্ত শৰীৰ হ’বৰ অবকাশ নাই।

বৌদ্ধীয় দশৰথ জাতক অনুসৰী সীতা ৰামৰ ভগ্নী, পত্নী নহয়। অদ্ভুত ৰামায়ণৰ উল্লেখ মতে সীতা হ’ল ৰাৱণ আৰু মন্দোদৰীৰ সন্তান।[i]
তেনেহ’লে যেনেকৈ মই মই নহয়, তুমি তুমি নহয়, সীতাও সীতা নহয়।

এইখিনিতে মই আৰু এটা ৰাৱণ। অন্য এটা ৰাৱণ।
ওহোঁ, সীতাক মই কোনোদিনেই ভালপোৱা নাই। সেয়া আশোকবাটীকাত তাইৰ উচুপনি।
মোৰ কোনো কথাই তাইৰ কাণত নোসোমায়। তাইৰ হৃদয়খন এটা ঘড়ী।[i]
তাইৰ হৃদয়ঘড়ীৰ শব্দত মই জুখি লওঁ মোৰ জীৱন।
মই জ্যোতিষ তাত্বিক। মই মোৰ মৃত্যু দেখা পাওঁ। মই তাইৰ শব্দ শুনা পাওঁ। তাই নুশুনে।
এটা টিক্‌টিকনি। এটা ঢপঢপনি।

ষষ্ঠ স্কন্ধ[i]
মই অৰণ্যৰ অধিপতি
মই মোৰ অৰণ্যৰ পশু পখিবোৰৰ ৰক্ষা কৰোঁ
আৰু ৰক্ষা কৰোঁ বন বিৰিখৰ

মই অনুসূচীত হয় নে? অনুসূচীত হয় নে মই তোমালোকৰ দেশ নামৰ যন্ত্রটোত
মোৰ জীবন ধাৰণৰ নিয়ম কানুন, আদর্শ প্রমূল্য লিখি ৰাখিছানে?

মই যাৰ তত্ত্বাবধান কৰোঁ তোমালোকে আহুতি দিয়া যজ্ঞকর্মৰ নামত
হে আর্যপুত্র

নিজৰ বীৰত্ব প্রদর্শণৰ নামত এপাত কাঁড়েৰে
সাতোজোপা শাল গছ বিদ্ধ কৰিবৰ সঁচাকৈয়ে প্রয়োজন আছিলনে

আমি ৰক্ষক। আমি ৰাক্ষস। ৰক্ষা কৰোঁ অৰণ্য।
তুমি হ’ব খুজিছা আমাৰ প্রমূল্যৰ ৰক্ষক।
তুমি স্বেতবর্ণ আর্য
আমাৰ শান্তি বিঘ্নকাৰী হিংস্র

এজোপা শাল গছত সোমাই থাকে মোৰ জীউটো
যি শালকাঠেৰে তুমি ধনুকাঁড় সাজা, ৰাম ।
মই ক’লা তুমি বগা।
এই সমস্ত হিংসাৰ দায়ভাগী তুমি, ভগৱান।

প্রেম নিবেদন আছিল শূর্পনখাৰ অপৰাধ
আশ্চর্য তোমাৰ প্রতিদান

মই ৰাক্ষসেন্দ্র ৰাৱণ। অয়ম্‌ ৰক্ষম্‌।
সপ্তম স্কন্ধ
মই সিদ্ধার্থ মহাৰাৱণ
অহিংস

মহাবোধি গৌতমক মই এশটা প্রশ্ন কৰিছিলোঁ
মই নির্বাণ তাত্বিক

সিদ্ধার্থ গৌতম বুদ্ধ আৰু মই সমসাময়িক [i]

অষ্টম স্কন্ধ

মই যেনেকৈ একত্রে দহ, বিংশতিভূজ দশগ্রীৱ
তুমিও এক হ’ব নোৱাৰা হে মহাদেৱ সদাশিৱ

গাঞ্জাৰ চিৰল চিৰল পাতত মগ্ন হোৱা দেখোঁ তোমাক
দেখোঁ তোমাৰ ভষ্মসনা উদৰ

কৈলাশ শিখৰত ধ্যানমগ্ন হোৱা দেখিছোঁ তোমাক, ত্রয়ম্বকম য়যামহে[i]
দেখোঁ দিগন্ত প্রসাৰী তোমাৰ নটৰাজ মূর্তি

নিজৰ ভতিজাৰ বয়সী ল’ৰাটোক শাৰী পিন্ধাই গৌৰী সজাই তুমি নাচা
হাতত ডম্বৰু। থৰক বৰক খোজ।
তুমি সংগ্রহশালাৰ কাঁচৰ আঁৰতো থাকা
তোমাৰ ধাতু উজ্জ্বল গা।

মই যেতিয়া কঁপাই তুলিছিলোঁ তোমাৰ কৈলাশগিৰি
(সকলোকে কওঁ, চাই আহক ৱাঘোৰাৰ তীৰত[i])
তেতিয়াও কেনে শান্ত সমাহিত তোমাৰ মুখচিৰি
হে সর্বশক্তিমান

সেই পৰমার্থ মই কেতিয়াও বিচৰা নাই হৰি

মই কঁপি উঠিব খোজোঁ যেতিয়া মোৰ চাৰিওফাল কঁপি উঠে
বিপর্যস্ত হ’ব খোজোঁ বিপর্যয়ৰ কালত
মোৰ নিদানৰ কালত ওলাওক ফিনিক্সৰ আর্তি

ত্রস্ত কৈলাশৰ আর্তি নপৰে তোমাৰ কাণত
বিদীর্ণ নহয় বদন, আঃ তুমি কি অসহনীয় ভাবে প্রশান্তিময়

বীৰত্বৰ দম্ভ থাকিলেও মই বিচলিত হ’ব খোজোঁ
এই ধৰাৰ বিপর্যয়ৰ কালত। কাৰণ মই যে নশ্বৰ
মই বোকাত লেটি লৈ তৰাত চকু ৰাখোঁ

সেয়েইতো তুমি কেৱল তুমি। তুমি ঈশ্বৰ

যেনেকৈ এই ৰাৱণ সেই ৰাৱণ বহুতো ৰাৱণ মিলি মই এটা ৰাৱণ
তোমাৰো দেখোঁ ইটো সিটো বহুতো ৰূপ। হে বৃষ বাহন।

যজ্ঞ নহয়, বলি বিধান নহয়, সংগীত হওক উপাসনাৰ একমাত্র মাধ্যম
হে ঈশ্বৰ, অসুৰৰো দেৱতা, বৃষধ্বজ

বলিবিধানৰ নামত মই কেৱল নিজকে উৎসর্গা কৰিব পাৰোঁ
তুমি শিৱ। সত্য। অনন্ত।

মই এটা অনুসন্ধান
নৱম স্কন্ধ

মই একোৱে নাজানোঁ। অলপমান কথাৰ বাহিৰে।
মই নাজানোঁ মানুহে কিয় গান গায়, কিয় ছবি আঁকে অথবা নাটক কৰে।
মই নাজানোঁ মানুহে কিয় ইজনে সিজনৰ হাতখন এবাৰ চুই চাবলৈ বিচাৰে।
মই নাজানোঁ মানুহৰ কান্দোন, হাঁহি, উৎসাহ আৰু হতাশাৰ উৎস। বুজি নাপাওঁ।

কিয় হামিয়াই, কিয় বা হাঁচি মাৰে মানুহে।
টোপনিতে মানুহে বাগৰ সলায় কিয়?

চকুপানীৰ কোনো ভাষা নাই
দেশ নাই নিচুকনি গীতৰ
মাথোঁ এইকণ কথা বুজি পাওঁ

কিয় হয় আৰু কিয় নহয় এই দুটা কথাৰ মাজৰ পার্থক্য মই বুজি নাপাওঁ
বুজি নাপাওঁ কিয় বাৰে বাৰে মই নাটক কৰোঁ।


আজি মই এজন অভিনেতা, এজন পৰিবেশক। gentlemen, please give me your ears.

মই ভাও ধৰা বুলি আপুনি মোক হাঁহিব নোৱাৰে, কাৰণ আপুনিও ভাও ধৰে।
মই যদি এই দহোটা মূৰৰ মুখাখন পিন্ধি লওঁ আপোনাৰ চকুত মই হৈ পৰিম ৰাৱণ।
মই ভাও দিম, ভাও দিয়াটোও ভাওধৰাহে, নহয়নে বাৰু?
ঠিক আছে মানি ল’লোঁ।
কিন্তু আপোনালোকেও ভাও ধৰি আছে, জানিবা আপোনালোকে সঁচাকৈয়ে মানি লৈছে যে মই ৰাৱণ
আৰু কোনো নহয়, নহয় সমুদ্র কাজল নামৰ ভাৱৰীয়া।[i]

তেনেহ”লে মোক দোষ দিয়ে কিয়?

আহক ভাও দিওঁ অথবা ভাও ধরোঁ।
কেবল ভাওঁধৰা খিনিয়েই আমাৰ যোগাযোগৰ একমাত্র যোগাযোগৰ সেতু।


মই জানোঁ, প্রতিটো ভাওৱেই পুর্বৰ কোনোবা নহয় কোনোবা একোটা ভাওৰ পুণ্ররভাৱনা মাথোঁ।
Every act is enactment of some other act.
প্রতি মুহূর্ততে আমি ভাও দিওঁ। এই মুহূর্তত মোৰ ভাওটো হ’ল এজন কবিৰ অথবা এজন অভিনেতাৰ, আপোনাৰ ভাওটো এজন শ্রোতাৰ, পাঠকৰ অথবা দর্শকৰ।[i]

কার্যালয়ৰ ফাইলটো খুলিবৰ পৰত যদি আপুনি পাহৰিব নোবাৰে যে আপুনি এজন প্রেমিক,
আপুনি কাৰোবাৰ স্বামী অথবা পত্নী,
অথবা এজন গৰিব নাগৰিক,
যদি পঢ়াৰ মেজত বহি আপুনি পাহৰিব নোৱাৰে আপুনি যে এজন দায়িত্ববান পিতৃ,
সমাজসেৱী অথবা গায়ক,
এজন সাংবাদিক, এজন জুৱাৰী অথবা এজন ফুটবল খেলুৱৈ,
প্রেয়সীৰ চকুত চকু থৈ আপুনি যদি ভাবিবলৈ লয়
কিমানখিনি ধান পথাৰত এতিয়াও কাটিবলৈ বাকী,
অথবা হঠাৎ যদি মনত পৰি যায় যে চাহকাপত আপুনি চেনী দিবলৈ পাহৰিলে
তেনেহ’লে জানি লওক
আপুনি এজন ফ্লপ অভিনেতা।

আপোনাৰ অভিনয়ৰ বজাৰ মন্দা।


অভিনয় সকলোৱে কৰে, কাৰণ আমাৰ অতীত আৰু ভৱিষ্যৎ আছে[ii]। আমাৰ পৰিচয় আছে। মূৰৰ ওপৰত কৰবাত স্বর্গ এখন আছে যাৰে আপোনাৰ মোৰ সময় নির্ধাৰিত[iii]।

বাটেৰে বাট বুলিবৰ পৰত আপুনি বাটৰুৱা,
খোৱাৰ টেবুলত বহা আপুনিও এজন খাদক,
পিতা, প্রেমিকা আৰু গুৰুৰ সন্মুখত আপুনি অহৰহ অভিনয় কৰি আহিছে
এজন পুত্রৰ
প্রেমিকৰ
আৰু শিষ্যৰ।

কেৱল মই এজন অভিনেতা যেতিয়া অভিনয় কৰোঁ বুলি মঞ্চৰ ওপৰলৈ উঠোঁ
ধৰা পৰি যাওঁ
ধৰা পৰি যাওঁ
ধৰাপৰি যাওঁ, যে মই এজন অভিনেতা মাত্র। এজন নিমাখিত পৰিবেশক।

সেই একেটা সময়তে দর্শকৰ আসনত বহি আপুনি ভাও ধৰে
জানিবা আপুনি মোক এজন অভিনেতা হিচাপে নাজানে।

মই হয় ক, নহয় খ, অথবা গ

মই ৰাৱণ, বিশ্বাস কৰক, চকু-কাণ খোলা ৰাখক
মোৰ কথা শুনক
মোলৈ চাওক


এজন অভিনেতা হিচাপে মই সদায়ে এই wings আৰু sky ভাল পাওঁ।
মোৰ বাহুত যদি সঁচা ডেউকা এযোৰ নাথাকে আপোনালোকে মোলৈ নাচাব নেকি?
মই যদি সঁচা আকাশ খনৰ তলত থিয় হৈ কথা ক’বলৈ নলওঁ
আপোনালোকে মোৰ কথাবোৰ শুনিবলৈ নিবিচাৰিব নেকি?

এই wings বোৰে মোক হেঁচা মাৰি ঢাকি ধৰে। এই sky খনে মোৰ সীমা নির্ধাৰিত কৰি দিয়ে।
এইবোৰৰ পৰা মই কাহানিও হাত সাৰিব পৰা নাই
আপোনালোকৰ হাত চুবলৈ বেঙা মেলিব পৰা নাই

বাৰে বাৰে মই ৰাৱণ হৈ যাওঁ। মোৰ স্বগতোক্তি আৰম্ভ হয়।
ৰাৱণ মানে এটা পৌৰাণিক চৰিত্র নহয়। নহয় সৰুতে আইতাৰ মুখত শুনা এটা কল্পৰূপ।

ৰাৱণ মানে এজন দহোমূৰীয়া ভাৱৰীয়া।

দশম স্কন্ধ
Oh my soul! Do not aspire for immortal life: exhaust the limits of the possible
Pinder.

মই এক। মই দহ। মই কোনো নহয়। ময়ে সকলো।
একেটা সময়তে মই প্রথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ।

দুখোজ দুখোজ কৰি তিনিবাৰত মুঠ ছখোজ আগুৱাই
চাৰি খোজ পিছুৱাই যেতিয়াই জাঁপটো মাৰি মোচন দিম
এতিয়াও গোটেইখন গাঁৱৰ মানুহ কঁপি উঠিব

আবাল বৃদ্ধই প্রণিপাত জনাব। তিৰবিৰাই উঠিব চকু।

মাজুলিৰ হেমচন্দ্র গোস্বামীয়ে বাঁহৰ কাঠি বৈ যায়
মহাত্মা ৰাৱণৰ হেতু।
ৰামনগৰৰ অযোধ্যা পাঠক আৰু তেওঁৰ পুতেক। বাপেকো ৰাৱণ, পুতেকো ৰাৱণ।[i]
এজনে বচন আওঁৰায় আনজনে দেখুবায় আঙ্গিক –

একেসময়তে বহুজনক দেখি থাকিও এজন বুলিয়ে মানি লয় ৰাইজে।

প্রায়ে মই মোৰ মোক বিচাৰি নাপাওঁ
আইনা মানেই যেন মুখাৰ বীথিকা

মোৰ কাৰণেই এই মহাবিশ্বত বহুত কিবাকিবি ঘটে
যদিওবা মই বিশেষ একো কৰিব পৰা নাই।
মই হেনৰিক হফগেন। দোষ দিছা কিয়, মইতো একো কৰা নাই,
মই মাথোঁ এজন অভিনেতা, মইনো আৰু কি কৰিব পাৰোঁ[i]?

সীতা উদ্ধাৰ অভিযান আছিল এক অজুহাত মাত্র, প্রভূ ৰাম, জানোঁ আভিসন্ধি।
সীতা হৰণ আছিল মোৰো এক অভিসন্ধি মাত্র।
মই আচলতে তোমাক হে পাবলৈ বিচাৰোঁ, তোমাৰ প্রেমত মই নিজকে হেৰুৱাওঁ।

তুমি পৰম পুৰুষ, তোমাৰ প্রেমতে মই নিজৰ মাজতে তৃতীয় পুৰুষ

স্বর্গৰ চাকৰ হোৱাতকৈ হেনো নৰকত ৰাজত্ব কৰা ভাল[i]
এৰা মই মানোঁ। নাই, নামানোঁ।
শুভ আৰু অশুভৰ দুই দেৱদূত মোৰ কাষলৈ নাহে।
মোৰ মাজত আছে দহোটি দেৱদূত। সিহঁতৰ কোনো বেয়া নহয়, কোনো নহয় ভাল।
মই সিহঁতৰ আটাইৰে কথা শুনোঁ। মই কাৰো কথা নুশুনোঁ।

সোপান নহ’ল গঢ়া
স্বর্গ আজিও দূৰ[i]


এই উত্তৰ-ঔপনিবেশিক চহৰৰ ভিৰৰ মাজত এজন পৰাজয় উন্মুখ বীৰ ঘূৰি ফুৰে
ত্রিভূৱন বিজয়ী বীৰ মই আজি পৰাজিত হ’বলৈ বিচাৰিছোঁ।
কেৱল মোৰ এইকন ঈচ্ছা পূৰণৰ হেতু মাটিলৈ নামি আহিব লাগিব তুমি।

হে গোলকৰ দেৱতা
হে গোলকৰ দেৱতা। আজি মই পৰাজিত হ’ম। আঃ অসহনীয় উত্তেজনা মোৰ শিৰাই শিৰাই বয়।
হে গোলকৰ দেৱতা নামি আহিছা, ছানি আহিছা তুমি।

মই মহাৰাৱণ জ্যোতিষ তাত্বিক, গণনা কৰি দেখা পাওঁ মোৰ মৃত্যুৰ দিন
মোৰ পৰাজয়ৰ বাবে ময়ে দায়ভাগী।
আৰু কোনো নহয়, স্বয়ং ভগৱানো নহয়।

মই যে কেৱল তোমাক পাবলৈ বিচাৰোঁ, তোমাৰ প্রেমত মই নিজকে হেৰুৱাওঁ
মাথোঁ লোভ? মাথোঁ তৃষ্ণা? মাথোঁ এয়া
আত্ম-কণ্ডুয়ণ[i]

ৰাৱণৰ দহটা মূৰ একেলগে বহোৱাটো বৰ টান। ভাৰসাম্য কোনোমতেই নৰয়।
এপিনে চাৰিটা, মাজত এটা, আনফালে পাঁচটা – নাই নহ’ল, ঠিক নহ’ল।
মাজতে এটা ডাঙৰকৈ, তাৰ চাৰিওফালে সৰু সৰুকৈ নটা, অথবা
দুয়োফালে চাৰিটা চাৰিটা কৰি আঠটা, তলে উপৰে একোটাকৈ মুঠ হ’লগৈ দহটা
না না নহ’ল নহ’ল ওহোঁ

দহটা মূৰ মোৰ মাথোঁ অলংকাৰ, দহটা মূৰ মোৰ আচলতে নাই
নাই বিশখন হাত।

মানুহ নহয়, দেবতা নহয়, ৰাক্ষস নহয়। মই এটি সত্বা
অজস্র সত্বাৰ এটি সত্বা। (এটা নে বহুতো, সেইটোৱেইতো প্রশ্ন।)
অস্তিত্বটোৱেই এটা পৰিচয়।

মোৰ মহাকাব্যত সংঘাত হয় অস্তি আৰু নাস্তিৰ মাজত,
মুখা পিন্ধা আৰু নিপিন্ধাৰ,
নির্দিষ্টতাৰ আৰু সন্দেহৰ,
মুখ আৰু আইনাৰ,
প্রামিক আৰু প্রেমপাত্রৰ,
চমুৱাই ক’বলৈ হ’লে, তোমাৰ আৰু মোৰ
মোৰ আৰু তোমাৰ। তোমাৰ আৰু তোমাৰ। মোৰ আৰু মোৰ।

কিন্তু ভাল আৰু বেয়াৰ মাজত নহয়, একেবাৰেই নহয়।

মোৰ মহাকাব্যৰ সকলোবোৰেই সুবিধাবাদী। সকলোৱে ভাও দিয়ে।
সকলো মানে সকলো, যি কোনো নহয়, আনকি সিও।

১০

নাজানোঁ কিয় মানুহে ৰাৱণৰ মুখা সাজিবলৈ ভাল পায়
কিয় মানুহে ৰাৱণৰ মুখাত জুই দিবলৈ ভাল পায়
ৰামৰ মুখাতকৈ ৰাৱণৰ মুখা সদায়ে ডাঙৰ হয় কিয়
কিয়ইবা ৰাৱণৰ মুখত নীলা ৰং সনা হয়

(ক্ষমা কৰিব, মুখবোৰত)
কল্যাণ খৰমান
মোৰ মহাকাব্য বিকাৰগ্রস্থ।
মোৰ উপমা বিকাৰগ্রস্থ। বিকাৰগ্রস্থ মোৰ কল্পনাৰ আলি পদূলি।
এই বিকাৰগ্রস্থ সময়ত তুমি মোক ভাল পালা, যদি ভাল পালা, সোণ, ভালপোৱাক আৰু একো দিব নোৱাৰিলেও দিলোঁ মই বিকাৰ।

হে মোৰ দর্শকবৃন্দ, মোৰ শ্রোতা, মোৰ একান্ত সাক্ষী, সহচৰ, প্রত্যক্ষদর্শী, সতীর্থ, নজৰদাতা,
আহক আমি চাহ একাপ খাওঁ। কণ্ঠটো তিয়াই লওঁ।

মই বিকাৰগ্রস্থ অভিনেতা, বিকাৰগ্রস্থ মোৰ নামভূমিকা, মই নিবিচাৰোঁ আপোনালোকৰ হাতচাপৰিৰ জোৱাৰ

ৰামচন্দ্রৰ যাত্রা আছিল কৃষিক্ষমতা আহৰণৰ পৰা ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতা আহৰণৰ বাটেৰে
ৰাজর্ষি জনকৰ পৰা স্বর্ণলংকাৰ দিশেৰে
(এনেকৈয়ে বহু মানুহে বিশ্বাস কৰে)

একেটাই কাহিনী আনৰ বাবে হয়তো সংখ্যালঘুক পৰিসীমিত কৰিবৰ অভিসন্ধি
অথবা এটা সম্রাজ্যবাদী সাধুকথা

ওহোঁ, মই নো আকৌ কি কৰিলোঁ, দোষ দিছা কিয়, মই এক অভিনেতা মাত্র, মইনো কি কৰিব পাৰোঁ?
মই নো কি জানোঁ কাৰ কি দোষ কাৰ কি গুণ

মই অভিনেতা মাত্র
বিকাৰগ্রস্থ

আহকচোন, চাহ একাপ খাওঁ।

________________________________________
[i] সোপান হয়নি গড়া,
স্বর্গ আজো দূৰ।
প্রেমেন্দ্র মিত্র, দশানন।
________________________________________
[i] It is better to reign in hell than serve in heaven.
Milton, Paradise Lost.
________________________________________
[i] I am just an actor, what else can I do, why blame me?
See Sue-Ellen Case, Mephisto (review) in Theatre Journal, (The Johns Hopkins University Press, Volume 54, Number 2, May 2002) p. 298-299
________________________________________
[i] উৎসঃ Richard Schechner, Performative Circumstances From the Avant Garde to Ramlila ( published by Naveen Kishore for The Seagull Books, 26 Circus Avenue, Calcutta 700017, 1983)

________________________________________
[i] বি ভি কাৰান্থে এবাৰ এটা নাট্যকর্মশালাত কোৱা কথাৰ প্রতিধ্বনি।
[ii] The actor or actress represents, but what he or she represents is always still in the future and already in the past, where as his or her representation is impassible and divided, unfolded without being ruptured, neither acting nor being acted upon. It is in this sense that there is an actor’s paradox; the actor maintains himself in the instant in order to act out something perpetually anticipated and delayed, hoped for and recalled. The role played is never that of a character: it is a theme (the complex theme or sense) constituted by the components of the event, that is, by the communicating singularities effectively liberated from the limits of individuals and persons. The actor strains his entire personality in a moment which is always acting out other roles when acting one role.

Gilles Deleuze, The Logic of Sense P. 171.

[iii] There is time for everyone…বাইবেলৰ কথা।

________________________________________
[i] Actors are probably the only art makers who can be told (in response to gestures they make with their vocal and physical apparatus, their own attributes and their responses) by an observer that what they have palpably executed is not real or truthful. Anuradha Kapur
, “Actors Prepare”, Theatre India, N S D. Vol-9

________________________________________
[i] ৱাঘোৰা অজন্তা আৰু ইলোৰা দুয়োখন ঠাইকে সাবটি বৈ থকা মহাৰাষ্ট্রৰ এখন নদী। ইলোৰাৰ কৈলাশনাথ মন্দিৰকে সাঙুৰি গুহাবোৰত থকা শিৱৰ ভাষ্কর্যৰূপৰ তুলনা নাই।

________________________________________
[i]
ঔম ত্রয়ম্বকম য়যামহে
সুগন্ধিম পুষ্টিৱর্ধণম
উৰাৰু কামিবা ৱন্ধনাৎ
মৃত্যুর্মুক্ষেয় মাম্রৰতাৎ।।
ঋগবেদ তৈত্তিৰীয় উপনিষদ, ৰুদ্র মন্ত্র বা মহামৃত্যুঞ্জয় মন্ত্র, প্রথম কাণ্ড।

________________________________________
[i] Ibid.
বাঁহীটি বাই মই ঘুৰি ফুৰোঁ, এৰা মই অন্য ৰাৱণ
বাঁহীৰ সুৰত উতলা হৈ ঢপলিয়াই আহে সীতা

এদিন এক সাধু আহি সুধিলে, জানকী, ৰাৱণৰ মাজত তুমি দেখা পালা কি?
সীতাই ক’লে সাধুক, ৰাৱণৰ লগত গ’লোঁ মই হাতৰ লাঠিডাল দেখি
ৰাৱণৰ লগত গ’লোঁ মই কান্ধৰ মোণাটো দেখি
ৰাৱণৰ লগত গ’লোঁ মই বাঁহীৰ সুৰটো শুনি…

________________________________________
[i] নৱকান্ত বৰুৱা, ৰাৱণ।

________________________________________
[i] ৰাম আৰু ৰাৱণৰ যুদ্ধ আচলতে আর্য আৰু অনার্যৰ মাজৰ যুদ্ধ। বহুতে বিশ্বাস কৰে যে খিলঞ্জীয়া সকলৰ আদিবাসী গণতান্ত্রিক শাসক ৰাৱণ আর্যসকলৰ বিৰুদ্ধে থিয় দিছিল এইবাবেই যে আর্যসকলে তেওঁলোকৰ অৰণ্যলৈ অনুপ্রবেশ কৰিছিল, তাৰ লগতে বৈদিক যজ্ঞকর্মৰ নামত গছ বন কাটি জ্বলাইছিল আৰু জীৱ জন্তুবোৰক বলি দিছিল।
অন্যহাতে আর্যবোৰ ৰাৱণৰ শত্রু হৈ উঠিছিল কাৰণ ৰাক্ষসবোৰে সততে যজ্ঞকর্মত বিঘিনি ঘটাইছিল।

দ্রষ্টব্য, Malvi’s PATAN, tr. Dr. K. Jamanadas, Ravana: a non-violent “Gananayaka”,(chief of the republics); Shiddhartha Gautam Buddha and Ravana were contemporary

________________________________________
[i] ““Ophelia, her heart is a clock… I dig the clock which was my heart out of my breast”, Heiner Muller, Hamlet Machine, 1979, translation by Dennis Redmond.

________________________________________
[i] মহেশ্বৰ নেওগে গীতিৰামায়ণৰ ভূমিকাত পীতাম্বৰ কবিৰ “উষা পৰিণয়”ত কোকিলা ধায়ে পানী কেঁচুৱা উষাক পানীত উটাই দিবলৈ ওলোৱা আৰু “নীতি ৰামায়ণ”ত ৰাৱণৰ ভয়ত সীতাই নিজকে ৰাৱণ মন্দোদৰীৰ কেঁচুৱাতে পৰিত্যক্তা সন্তান বুলি দর্শোৱা কথাৰ মাজত সংযোগৰ সম্ভাৱনা দেখিছে।

________________________________________
[i] মই মাথোঁ ভালপাই শেষ হৈ যাম। নৱকান্ত বৰুৱা, ৰাৱণ।

________________________________________
[i] দ্রষ্টব্যঃ অৰুণ কুক্রেজাৰ স্বগতোক্তি, “দশানন”। পৃ ১৩।

________________________________________
[i] চক্রৱর্তী ৰাজাগোপালাচাৰীৰ ৰামায়ণখনৰ উপসংহাৰত এই কথাৰ উল্লেখ আছে।
[ii] শিৱসংহিতাত ৰাম শব্দৰ ব্যাখ্যা আছে এনেধৰণেৰে যে, ৰসিক ভক্তই অনেক দিব্য গুণৰ আশ্রয় স্বৰূপ “ৰাম”ত ৰমণ কৰে, আৰু সেই ভক্ত সকলতো স্বয়ং ৰামে ৰমণ কৰে, সেই বাবেই ৰামৰ এই নাম হৈছে। ৰাম পৰম ৰসময়, সেইবাবে নাৰীহে নালাগে পুৰুষেও নাৰী ৰূপে ৰামৰ আলিঙ্গন সুখ কামণা কৰে।

“ৰমন্তে ৰসিকা যস্মিন্‌ দিব্যানেক গুণাশ্রয়ে।
স্বয়ং চদ্রমণ্যে তেষু ৰামস্তেন প্রযুজ্যদে”।। শিৱসংহিতা, ১৮/৫
উৎস, কেশদা মহন্ত, বিচিত্র ৰামায়ণী কথা, পৃ ২৬।

________________________________________
[i] দ্রষ্টব্যঃ নৱকান্ত বৰুৱাৰ “ৰাৱণ” কবিতা।
[ii]দ্রষ্টব্যঃ অৰুণ কুক্রেজাৰ স্বগতোক্তি, “দশানন”।
Arun kukreja, Dashanan, A Soliloquy on Mahapurush Ravana, Translated from the original Hindi by Neera Kukreja Sohoni, Rupa Ekanki Series, 2004, p. 9.

________________________________________
[i] …মোৰ জীৱনৰ মৃত্যু, যাৰে
সপোন অমৰ হ’ব পাৰে…
মাথোঁ প্রেম, নাই প্রেম, যাৰে
সপোন অমৰ হ’ব পাৰে…
…আমাৰ মৃত্যুৰ গৰিমাৰে
জীৱন অমৰ হ’ব পাৰে… ,

নৱকান্ত বৰুৱা, ৰাৱণ।

________________________________________
[i] নৱকান্ত বাৰুৱাৰ কবিতা “পলায়ন”ৰ এটি ছত্র। উৎস “মোৰ আৰু পৃথিবীৰ”।

________________________________________
[i] …He is the hero of the same…he is himself like a sign, a long, thin graphism, a letter that has just escaped from the open pages of a book. His whole being is nothing but language, text, printed pages, stories that have already been written down…..
…his whole journey is a quest for similitudes….
See: Michel Foucault, “Don Quixote”, in the chapter “representing”, Order of Things, An Archaeology of the Human Sciences, A Translation of Les Mots et les choses, Vintage Books, New York, 1994, pp. 46-50.
[ii] বর্হেছৰ শ্বেইক্সপ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক