ৰিচিপচন ( বিকাশ শইকীয়া )

পাঠকে খুব ট্ৰে়জেদী ফালিলে৷ টেমাটো গৰম হৈ গল৷ সি সুধিলে সি কি কৰা উচিত৷ সাধাৰণতে এনেকুৱা কেচত মই ‘টিট ফৰ টেট’ জাতীয় এডভাইচ দিও৷ কিম্ত এইটো কেচত ২য় পাৰ্টি চিনাকি৷ বৰুন মোৰ কলেজৰ বেটচমেট৷ গতিকে পাঠকক ডাইভাৰ্ট কৰিবলৈ ডিপ্লমেটিক পেকেজটো মেলিলো৷ তাক ক’লো যে টেনচন লৈ লাভ নাই৷ লাইফত কিচুমান ব্যস্ত আহে, যায়.. আকৌ আহে…এনজয় কৰ, পাহৰি যা আৰু এনজয় কৰ…….মানুহ কুল হ’ব লাগে সি কিবা বুজিলে নে নাই নুবুজিলো…. মই ফোনটো কাটি দিলো।
বৰুনলৈ ফোন লগালো…. সুধিলো প্ৰিপেৰাচন কেনে – চব ঠিকেই আছে, চহৰৰ দামী হলটো বুক কৰি আহিলো, খালী এই পাঠক বোলাটোৱে দিগদাৰ নকৰিলেই হয় – পাঠক বোলাটোক একেবাৰে বাইপাচ কৰিলি যে….. মই সুধিলো – চা দোস্ত, মানুহ প্ৰেক্টিকেল হব লাগে – কিন্তু সিহতৰতো… – বাদ দে সেইচব, এভৰিবদি ৱাণ্টচ এ বেটাৰ চইচ, মোৰ ঠাইত তই হোৱাহলে কি কৰিলিহেতেন – এতিয়া তই যি কৰিচ তাকে কৰিলোহেতেন – অকে, ২২ তাৰিখ, মনত ৰাখিবি, আহিবই লাগিব……. বৰুনে ক’লে।
মই আৰু পাঠক ইউনিভাৰচিটিত একেলগে আছিলো৷ ইশিতাই গুৱাহাটীৰ কলেজ এখনত বি.এ কৰি আছিল, প্ৰাগত চিনেমা এখন চাবলৈ যাওতেই পাঠকে ইশিতাক লগ পায় আৰু দুয়োটাৰে হিয়া দিয়া নিয়া আৰম্ভ হয়৷ কেতিয়াবা এনেকুৱাও হৈছিল যে পাঠকে মোৰপৰা বাইকখন লৈ ইশিতাৰ সৈতে দিনটো নাপাত্তা হৈ যায় আৰু মই সিদিনা বাছেৰে ঘৰলৈ যাবলগা হয়৷ পাছতহে গম পালো যে ইশিতা মোৰ লগত একেলগে গ্ৰেজুৱেচন কৰা বৰুনৰ ভনীয়েক৷
২২ তাৰিখ, আবেলি ডাষ্টাৰখন লৈ ওলালো৷ লক্ষ্য- উৰুলি বিবাহ ভৱন, বৰুনৰ ভনীয়েক ইশিতাৰ ৰিচেপচন৷ বিয়া এটেণ্ড কৰাৰ মোৰ আদৱ কাইদা এতিয়া যথেষ্ট সলনি হৈছে৷ আগতে যি পাও তকে পিন্ধি গৈছিলো, এই ধৰক টি-চাৰ্ট-জিনছ-ছেণ্ডেল চু৷ কিন্তু চাল্লা সেইটো গেট আপত কেনেও পাত্তা নিদিয়ে, আনকি বুফে বিলাই থকা কেটাৰিঙৰ লৰাকেইটাইও যিটো চাৱনি দিয়ে এনে লাগে যেন হাতত থালীখন লৈ ফ্ৰী খানাহে খাব আহিছো৷ তাৰ পাছত গেট আপ চেঞ্জ কৰিলো৷ দামী চুট কেইযোৰমান ললো, ডাষ্টাৰ এখন কিনি দিলো৷ এতিয়া পলিছ কৰা চু, কোট-টাই পিন্ধি যেতিয়া গাড়ীৰপৰা নামো, এটমচফিয়াৰতেই ডাঙৰ মানুহ টাইপৰ এচেন্স এটা ভৰি পৰে৷ বিয়াবোৰলৈ মজলীয়া চাইজৰ গিফট এটা লও, পেকেটটোৰ ভিতৰত বাতি-গিলাছ- কাপ-প্লেট কিবা এটা থাকে৷ লগত এশ টকীয়া বুকে এটা লৈ লও৷ হাতত বুকে লৈ খমখমীয়া ইস্ত্ৰি কৰা কাপোৰ পিন্ধি গহীন খোজেৰে যেতিয়া এন্ত্ৰি মাৰো, ৰিচিপচনত থকা লোককেইজনৰ মাত কথাৰ আদৱ কাইদাই সলনি হৈ যায়৷
গহীন খোজেৰে ইশিতাৰ ৱেডিং ৰিচেপচন হলত এন্ত্ৰি মাৰিলো৷ বৰুনে দুৰৰপৰাই মোক দেখি আগুৱাই আহিল৷ ইশিতাক গিফটটো দি চফ কেইটামান ল’লো৷ – ইউ.এছ’লৈ গৈ আমাকতো পাহৰিয়ে যাবা চাগৈ …… মই কলো – নাই দা, ঘৰৰ বহুত প্ৰেচাৰ, এণ্ড গৌৰাংগ ইজ এ নাইচ পাৰচন, কেয়াৰিং, ৰেচপনচিবল, কাইণ্ড হাৰটেড….. ইশিতাই কলে – হ’ব, আফটাৰ অল হি ইজ এ ইউ.এছ বেচড চফটৱেৰ ইঞ্জিনিয়াৰ, চিন্তা কৰিব নালাগে, পাঠকক বুজনি দি দিছো, সি ঝামেলা নকৰে – নাই দা, মানে – তোমাৰ আগতে তাৰ প্ৰয়াসী নামৰ এফেয়াৰ এটা আছিল৷ তুমি অহাৰ পাছত তাইৰ লগত সি ব্ৰেক আপ কৰি দিছিল, গতিকে তুমি ইমান গিল্টি ফিল কৰিব নালাগে….. মই হাঁহি এটা মাৰি কলো – দাদাও যে আৰু……. ইশিতাইও হাঁহি এটা মাৰিলে – এনিৱে উইচ য়ু এ হেপ্পী এণ্ড পিচফুল মেৰিড লাইফ …… মই ক’লো।
বৰুনে মোক ঘৰৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ লৈ গ’ল৷ বৰুনে তাৰ পৰিয়ালৰ কেইবাজনো মানুহৰ লগত চিনাকি কৰি দিলে, দদায়েক, পেহীয়েক, বৰমাক, খুড়াক, জেঠায়েক – আৰু এইজনী মোৰ সৰুপেহীৰ খুলশালী, কৰবিতা, খুব ভাল গান গায় …….. বৰুনে ক’লে।
কৰবিতাই সৌজন্যসুচক হাহি এটা মাৰিলে৷ ময়ো হাহিৰে প্ৰত্যুত্বৰ দিলো৷ কৰবিতা আৰু মই একেলগে ডাইনিং হললৈ গ’লো৷ কৰবিতাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাছিল৷ কৰবিতা ইউনিভাৰচিটিৰ ভাৰচিটি উইকৰ ছেকেণ্ড বেষ্ট চিংগাৰ আছিল৷ তাইৰ লগতে ষ্টেজত তবলাবাদকে তবলা বজাইছিল৷
ইশিতা, কৰবিতা আৰু বৰুনৰপৰা বিদায় লৈ গাড়ীত বহিলো৷ গাড়ীৰপৰা তবলাবাদকলৈ ফোন কৰিলো৷ – কি দোস্ত কি চলি আছে – বঢ়িয়া – পি.এইচ.ডি কেতিয়া খতম কৰিবি……. মই কলো – নাজানো ভাই, চলি আছে আৰু – কৰবিতাৰ লগত ব্ৰেক আপ হল নেকি – নাই, কিয় – হবও পাৰে না – আৰে পৃথিৱী উলটি যাব কিন্তু কৰবিতা আৰু মোৰ মাজত দৰাৰ নাহে৷ আমাৰ পিউৰ লাভ, আচল প্ৰেম বুইচ, দো দিল এক জান, তই এইচব কি বুজি পাবি……. তবলাবাদকে ক’লে – আচ্চা বাৰু …… মই ফোনটো কাটি দিলো।
দুমাহ পাছত…………… প্ৰত্যাশিতভাৱে তবলাবাদকে ফোন কৰিলে৷ সি বহুত ফ্ৰাচটেৰেট হৈ আছে৷ কোনোবা অইলৰ ইঞ্জিনিয়াৰে বোলে কৰবিতাক খেপ দিছে৷ বিয়াৰ ডেটো বোলে ফাইনেল৷ কৰবিতাইও তাক পাহৰি যাবলৈ কৈছে৷
তবলাবাদকে খুব ট্ৰে়জেদী ফালিলে৷ টেমাটো গৰম হৈ গল৷ সি সুধিলে সি কি কৰা উচিত৷ সাধাৰনতে এনেকুৱা কেচত মই টিট ফৰ টেট জাতীয় এদভাইচ দিও৷ কিম্ত এইটো কেচত ২য় পাৰ্টি চিনাকি৷ সন্দীপদা মোৰ চিনিয়ৰ কলিগ….. গতিকে তবলাবাদকক ডাইভাৰ্ট কৰিবলৈ ডিপ্লমেটিক পেকেজটো মেলিলো……. তাক কলো যে টেনচন লৈ লাভ নাই….. লাইফত কিচুমান বস্ত আহে, যায় আকৌ আহে…এনজয় কৰ, পাহৰি যা আৰু এনজয় কৰ…….মানুহ কুল হ’ব লাগে।
সি কিবা বুজিলে নে নাই নুবুজিলো…. মই ফোনটো কাটি দিলো।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments