ৰিজাল্ট (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

আজি ৰিজাল্ট দিব। দেউতাক গৈছে গুৱাহাটীলৈ আৰু ভায়েক গৈছে মোমায়েকহঁতৰ ঘৰলৈ। …..কথাটো মনলৈ অহাৰ লগে লগে তাই পুনৰ জুকিয়াই চালে….”আজি ৰিজাল্ট দিব, দেউতা গৈছে গুৱাহাটীলৈ আৰু ধন গৈছে মামাহঁতৰ ঘৰলৈ”। ৰূপম গৈছে এই সময়ত মোমায়েকহঁতে কিবা …..তাইৰ নিজকে এটা অবিশ্বাসযোগ্য পটভূমিৰ গল্পৰ চৰিত্ৰৰ দৰে লাগিল। এনেকুৱা এটাত দিনত এনে এটা পৰিবেশ গল্পৰ বাবে অবিশ্বসনীয় হ’ব পাৰে কিন্তু তাইৰ বাবে সেয়াই বাস্তৱ… তাই মাজে মাজে ভাবে- কোনে লিখে বাৰু ….. এই জীৱনৰ কাহিনীবোৰ?
গাঁৱৰ স্কুলত তাইৰ শিক্ষা জীৱনৰ পাতনি। চাৰি বিঘা খেতি মাটিৰে পোহপাল যোৱা ঘনকান্তৰ চাৰিজনীয়া পৰিয়ালৰ ডাঙৰ জীয়ৰী ৰশ্মি, ৰূপম মানে ধন, পেট-মোচা। বয়সৰ পাৰ্থক্য দুবছৰ। দুয়ো গাঁৱৰ স্কুলতে পঢ়িছিল, হয়তো শেষলৈকে পঢ়িলেওহেঁতেন। তাই ক্লাছ এইট পোৱাত খেলিমেলিটো লাগিল। প্ৰথমতে তাই ভালেই পাইছিল। লাহে লাহেহে তাই অনুভৱ কৰিব লৈছিল চহৰৰ প্ৰাইভেট স্কুলত পঢ়িবলৈ হ’লে সিহঁতৰ দৰে পৰিয়ালে বহুতো হেৰুৱাব লগা হয়। প্ৰথমতে মাটি…. তাৰ পিছত…. হয়তো তাই পঢ়া স্কুলখনৰ পৰা হঠাৎ অংকৰ চাৰজনে এ,চি,এচ পাই চাকৰি এৰি নোযোৱাহেঁতেন তাইৰ ভাল স্কুলত পঢ়া নহ’লহেঁতেন।
মাক শুই আছে। ন মান বজাত উঠিব। তাই একাপ চাহ বনাই দিব আৰু তাৰ পিছত মাকক ধৰি বাহিৰৰ বেঞ্চখনত বহুৱাই দিব লাগিব। মাক উঠিছেনে নাই চাবলৈ তাই ঘৰলৈ সোমায় গ’ল। নাই মাক এতিয়াও উঠা নাই। চাহ হয় মানে উঠিব লাগে, নুঠিলে মাতি দিম বুলি ভাবি তাই পাকঘৰলৈ গ’ল। তেতিয়াহে তাইৰ মনত পৰিল ৰাতিপুৱাই ট্ৰেইনত গুৱাহাটীলৈ যাওঁতে দেউতাকলৈ চাহ বনাওঁতেই চেনী শেষ। সিহঁতৰ ঘৰৰ কাষতে চাৰিআলিত গাঁওৰ দোকানখন। গাঁওৰ মানুহখিনিয়ে তাতেই গেলামালৰ সৰু-সুৰা বজাৰখিনি কৰে। তাইও মাজে মাজে কিবা কিবি সৰু সুৰা বস্তু আনে। কিন্তু বাকীকৈ আনিব যাব লাজ লাগে। এবাৰ কিবা আনিব যাওঁতে বস্তুখিনি দিয়াত দিছিল কিন্তু ঘনকান্তৰ আগৰ বাকীখিনি তাইৰ আগত কৈ দেউতাকক সোঁৱৰাই দিব কৈছিল। তাই লাজ পায় এনেকুৱা কথা। কিন্তু কি কৰিব। তাইৰ বেগটো খুচুৰা দহ টকা পালে।
তাইৰ দেউতাক ঘনকান্ত, মানুহজন বেয়া নহয়। ৰশ্মিক চহৰৰ স্কুলত দিয়াৰ আগলৈ চাৰি বিঘা মাটিৰ খেতিৰেই ভালদৰেই চলি আছিল। সৎ বুলি এটা নামো আছিল। তাৰোপৰি ৰশ্মি পঢ়াশুনাত খুব ভাল। ল’ৰা ছোৱালী পঢ়াত ভাল হ’লে যে সমাজত সমীহ বাঢ়ে সেই কথা ঘনকান্তই ভালদৰে অনুভৱ কৰিছিল। ৰশ্মিয়ে পঢ়া স্কুল হেডমাষ্টৰে অংকৰ শিক্ষক নোহোৱা হোৱাত তাক কৈছিল যে ৰশ্মিক এই স্কুলৰ পৰা বেলেগ স্কুলত দিব পাৰিলে ভাল আছিল। তাই পঢ়াত ভাল। ভাল শিক্ষা পালে তাই খুব ভাল ৰিজাল্ট কৰাৰ আশা আছে। পাৰিলে তাইক প্ৰাইভেট স্কুলত দিব লাগে। এতিয়াতো অংকৰ শিক্ষকেই নাই।
প্ৰথমতে চহৰৰ প্ৰাইভেট স্কুলত দিয়াৰ কথা ওলাওঁতে তাই ভালেই পাইছিল। চহৰৰ স্কুললৈ যাব …. ধুনীয়া ধুনীয়া স্কুলড্ৰেছ পিন্ধি ধনী মানুহৰ দৰে পঢ়িব। কিন্তু দিনে দিনে সিহঁতৰ ঘৰখন দুখীয়া হৈ গৈ আছিল। সেইটো তাই লাহে লাহে অনুভৱ কৰি গৈ আছিল। দেউতাকে তাইক চহৰৰ স্কুলত নাম লগাই দিয়াৰ নামৰ দুবিঘা মাটি বিক্ৰী কৰিছিল। সেই সময়ত তাই অনুভৱ কৰিব পৰা নাছিল মাটি বিক্ৰী কৰিলে কি হয়। আজি তাই জানে মাটি বিক্ৰী কৰাৰ বাবেই আগতে নিজৰ খেতিমাটিত কাম কৰা দেউতাকে মাজে মাজে দা লৈ ওলাই যায়।
চেনীখিনি বৈয়ামটোত ভৰাই চেনী বান্ধি অনা কাগজখন গৰম বাচন ধৰাৰ জাপি থ’বলৈ ওলাওঁতেই পটকৈ তাত কাকলি বাৰ ছবি যেন দেখি তাই কাগজখন মেলি চালে। অ’ হয়েই দেখোন এইখন কাকলিবাৰেই ছবি। কাকলি সিহঁত স্কুলতেই পঢ়ে। যোৱা বাৰ ষ্টেণ্ড কৰিছিল। চেনী বান্ধি অনা কাগজখন এখন পেম্ফ্লেট। ষ্টেণ্ড কৰাৰ পিছত স্কুলৰ পৰা কাকতৰ লগত বিলোৱা এখন পেম্ফ্লেট। আজি তাইৰ ৰিজাল্ট ওলাব। কথাটো পুনৰ মনত পৰি তাইৰ গাটো শিহঁৰিত হৈ উঠিল। বহুতে কয় আনকি চাৰহঁতেও….। তাই ভাবিলে – কৰিবনে তাই ষ্টেণ্ড ? কথাখিনি ভৱাৰ লগে লগে তাইৰ ৰিজাল্টলৈ ভয় লাগিব ধৰিলে।
-‘ৰশ্মি, ক’ত আছ…. চাওঁ আহচোন… অলপ ধৰি দে হি…..”
-‘ মা, মই চাহ বনাই আছো, ৰবি গৈ আছো’
-‘দেউতা গৈ পালেনে নাই এবাৰ ফোন কৰি চাবিচোন’
দেউতাকে ফোন ব্যৱহাৰ নকৰে। আজি গুৱাহাটীলৈ যাবলগীয়া হোৱাত ধনৰ ফোনটো তাই জোৰকৈ দি পঠাইছে। এনেয়ে তাইও গ’লেহেঁতেন। কিন্তু কেনেকৈ যায় আজি তাইৰ ৰিজাল্ট ওলাব।….. তাইৰ আৰু ধনৰ দুটা মোবাইল। ধনে মাজে মাজে জিদ ধৰে, তাক এটা নতুন মোবাইল লাগে। আচলতে তাইকো লাগে। লগৰ বিলাকৰ এনড্ৰইড, গেলেক্সী… কিমান ধুনীয়া ধুনীয়া স্মাৰ্টফোন! স্কুলত তাইলৈ ফোন নাহিলেই তাই ভাল পায়। যিমান নহ’লেও সেই ফোনটো সকলোৰে আগত উলিয়াবলৈ লাজ লাগে। তথাপি কেতিয়াবা দৰকাৰ হয়। আজি বাৰু ধনৰ ফোনটোৱে প্ৰয়োজনীয় হৈ নপৰিছেনে?
অৰ্থনীতি বিজ্ঞানৰ এটা প্ৰশ্ন তাইৰ সিমান ভাল নহ’ল। চাহিদা, যোগান আৰু বজাৰ সম্পৰ্কীয় সেই প্ৰশ্নটোত প্ৰতিযোগিতামূলক ৰজাৰ অৰ্থনীতিত চাহিদা আৰু যোগানৰ কথাখিনি তাই ভালেই লিখিছিল কিন্তু মুক্ত প্ৰতিযোগীতামূলক বজাৰ অৰ্থনীতিৰ এটা প্ৰভাৱশালী কাৰক বিজ্ঞাপনৰ কথাখিনি ভালদৰে লিখা নহ’ল। তাই ভাবিলে- ‘অৰ্থনীতি বিজ্ঞানত অন্তত লেটাৰ মাৰ্কটো ৰ’লে…’
দেউতাকলৈ তাইৰ মাজে মাজে খুব বেয়া লাগে। কিমান যে কষ্ট কৰে…. তাইৰ পঢ়াৰ নামৰ মাটিৰো মোহ এৰা দেউতাকৰ তাইৰ ৰিজাল্টলৈ বৰ হেঁপাহ। দেউতাকৰ আশা তাই ভাল ৰিজাল্ট কৰিব। ধনৰ পঢ়ালৈ সিমান ধাউতি নাই। ঘনকান্তই তাইক কয়-“মাজনী ভালদৰে পঢ়িবি, দুখীয়া বুলিয়েই কাকো পঢ়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিতৎ নহয়। ই, ৰূপমৰ পঢ়াত মন কাণ নাই। তোক মই ভালদৰে সুবিধা দিব পৰা নাই। কিন্তু একাগ্ৰতাৰে তই সকলো অসুবিধা দূৰ কৰিব লাগিব। তই বুজা ছোৱালী, তোক বুজোৱাৰ জ্ঞান মোৰ নাই। যি কৰ ভালদৰে ভাবি-গুণি কৰিবি।”
তাইৰ দুখ লাগে। সঁচাকৈ দেউতাকে সিহঁতৰ বাবে কিমান যে কষ্ট কৰে…. আঁৰলৈ গৈ কেতিয়াবা তাই চকুলোও টোকে। দেউতাকৰ এনেবোৰ কথাই তাইক তাইৰ লাজ লগা মোবাইলটো ব্যৱহাৰ কৰোঁতে লগা লাজ বহু পৰিমাণে কমাই দিয়ে।
যোৱা পোন্ধৰদিন আগলৈ তাইৰ ৰিজাল্টক লৈ উৎসাহী হৈ থকা ঘনকান্ত জঁই পৰি গৈছিল। মাকক লৈ সিহঁত গুৱাহাটীলৈ গৈছিল। এসপ্তাহ বেমাৰত ভোগা মাক শুকাই খিনাই জঁকাৰ দৰে হৈ পাৰিছিল। এইটো টেষ্ট সেইটো টেষ্ট কৰিও একো বেমাৰ বিচাৰি পোৱা হোৱা নাছিল। শেষত তেজৰ এটা বিশেষ পৰীক্ষাৰ বাবে তেজৰ নমুনা বাহিৰলৈ পঠাব লাগিব বুলি কোৱা হৈছিল। মাকৰ চিকিৎসাৰ নামৰ বহু খৰছ হৈছিল। ঘনকান্তই বাকী থকা দুবিঘা মাটিৰ এবিঘা বিক্ৰী কৰি দিছিল। সেই দিন ধৰি দেউতাকে তাইক এবাৰো তাইৰ ৰিজাল্টৰ কথা সোধা নাছিল। তাই ভাবিলে আজি বাৰু তাই দেউতাকৰ লগত গুৱাহাটীলৈ যোৱাই উচিত আছিল নেকি?
-‘এবাৰ দেউতাৰক ফোন কৰি চা চোন?’
তাই ফোনটোত ৰূপমৰ নাম্বাৰ ডায়েল কৰিলে।’দেউতাকে জানিবনে ফোন ৰিচিভ কৰিব!’- তাই কাণত ফোনটো লৈ ৰিচিভ হোৱালৈ ৰৈ থাকিল। দুখন গাড়ী আহি সিহঁতৰ ঘৰৰ সন্মুখত ৰ’ল। স্কুলৰ পৰা ছয়জন মান শিক্ষক আহিছে। অতি উৎসাহেৰে হাঁহি খিকিন্দালি কৰি প্ৰায় দৌৰি অহাৰ দৰেই শিক্ষক কেইজন আহি তাইৰ কাষত ৰ’ল।
-‘ঐ ৰশ্মি, ব’লা স্কুললৈ যাব লাগে। আজি ৰিজাল্টৰ দিনা ঘৰত কি কৰি আছা। গম পাইছানে নাই তুমি……………স্কুলৰ পৰা প্ৰচেছন …… …. স্কুললৈ যাব লাগে….
……………………………………………………..
…………………………………………………….
ইতিমধ্যে ৰিচিভ হোৱা ফোনত দেউতাকৰ কান্দোন শুনি তাই শিয়ৰি উঠিল।
-‘দেউতা, কি হৈছে’- তাই তাৰ পৰা অলপ আঁতৰলৈ গৈ পুনৰ দেউতাকক সুধিলে- ‘দেউতা কি হৈছে’
কান্দোনত ভাগি পৰা দেউতাকে থোকা-থুকি মাতেৰে কলে -‘মাজনী, তোৰ মাৰৰ ৰিজাল্ট দিলে মা….জ…’ ………. তাইৰ কাণত ভাহি ৰ’ল দেউতাকৰ কান্দোন। ক’ব নোৱাৰাকৈ তাইৰ দুচকুৰে লোতক বাগৰি গ’ল। তাইৰ কাণত ভাঁহি থাকিল…”তোৰ মাৰৰ ৰিজাল্ট….. স্কুলৰ পৰা প্ৰচেছন উলিওৱা হ’ব, ব’ল স্কুললৈ যাব লাগে।”
তাই জঠৰ হৈ থিয় হৈ ৰ’ল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক