ৰিদিপ কুমাৰ নাথৰ ৰংদেউ (২)

বানাসুৰৰ তাণ্ডৱ

 

( সেইদিনাৰ ঘটনাটোৰ পিছত ৰংমনে নিয়মিত যমৰ হাবিলৈ গৈ ৰংদেউৰ ৰূপ ধাৰণ কৰি নিজৰ শক্তিসমূহৰ পৰীক্ষাৰ লগতে কচৰত্ কৰিবলৈ আৰম্ভ কৰিলে অসমী আইক অনাগত দূৰ্যোগসমূহৰ পৰা ৰক্ষণাবেক্ষণ দিবৰ হকে নিজকে সাজু কৰি ললে ৰংদেউৰ উচ্চতা ৬ ফুট ২ ইঞ্চিমান হ / মটীয়া বৰণৰ পেশীবহুল, শক্তিশালী দেহ মূৰত ফুলাম গামোচাৰ পাগুৰি আৰু ককালত গামোচাৰ টঙালি, ডিঙিতো এখন ফুলাম গামোচা পিন্ধনত বগা ধূতি, মুগা বৰণৰ এটি চোলা, চোলাটোৰ আগপিনে আৰু পিছপিনে ডিঙিৰ পৰা ককাললৈকে কলা বৰণৰ চেক আছে / ৰংদেউৱে এইকেইদনত দুটামান নতুন শক্তিৰ উমান পালে এদিন সপোনত দেখামতে ঠাই এটুকুৰাত এখন কাপোৰৰ মোনা আৰু এটা দীঘল মটীয়া বৰণৰ ছাতি পালে পানীৰ উপৰিও জুই, বজ্ৰপাত আদি প্ৰতিৰোধ কৰিব পৰা এটা অতি শক্তিশালী ছাতি (ৰংছাতি(, যিটো জপোৱা অৱস্থাত অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৰংদেউৱে নিজৰ ইচ্ছাশক্তিৰে ক্ষিপ্ৰতাৰে ৰংছাতিটো মেলাজপোৱা কৰিব পাৰে মোনাখনত মহৰ শিঙৰ এটা পেঁপা আছে যিটো ৰংদেউৱে বজালে এদল গঁড় সৈন্যবাহিনী কৰবাৰ পৰা তাত্ক্ষণিকভাৱে হাজিৰ হয় এটা কথা সি লক্ষ্য কৰিলে যে মুখেৰে নিৰ্গত কৰা ভুতজলকীয়াৰ গুৰি)ভুতগুৰি( তেই পৰেগৈ তাতেই অগ্নিসংযোগ হয় আঠু কাঢ়ি সেৱা লোৱাৰ লেখিয়াকৈ মাটিত হাত দুখন থলেই ৰংমনে ৰংদেউৰ ৰূপটো ধাৰণ কৰিব পাৰে(


ভৰ দূপৰীয়া | ভাতমুঠি খাই উঠি তামোল কাটি দিবলৈ ভনীয়েক শেৱালীক খাটনি ধৰি আছিল ৰংমনে | এনেতে বাহিৰত কাৰোবাৰ বিকট চিঞৰ এটা শুনি লগে লগে বাহিৰলৈ ওলাই আহিল সি | দেখে সকলোৱে নমিতাহঁতৰ ঘৰৰ পিনে দৌৰিছে | সিও লৰ দিলে নমিতাহঁতৰ ঘৰলৈ বুলি | ভিৰ ফালি ঠেলি গৈ দেখে যে চোতালৰ কাষতে থকা তাঁতশালৰ ওচৰত মাটিত পৰি কঁপি কঁপি ভ্ৰম বকি আছে নমিতাই | মাজে মাজে নাক আৰু মুখৰ পৰা হোলোককৈ পানী ওলাই আহে |

সি খাই পেলাব চবকে | কোনেও সাৰি নাযাৱ | পানীত ডুবাই ডুবাই মাৰিব সকলোকে | পলা…পলা…সকলো পলা তহঁত | আকৌ আহিব সি | কোনেও সাৰি নেযাৱ | পলা..পলা…..খাই পেলাব…পানীত ডুবাই ডুবাই…পলা…..পানী খুৱাই খুৱাই..পলা পলা……”

কোনেও ধৰিব পৰা নাই, কি বকি আছে নমিতাই ! কেইজনমানে দাঙি ভিতৰলৈ লৈ গৈ বিচনা এখনত শুৱাই দিলে তাইক | সৰু-সৰু পেনপেনীয়া ৰা-ছোৱালীবোৰক তাৰ পৰা খেদি পঠিওৱা | ৰমিলা নামৰ সিহঁতৰ গাঁৱৰে ধাইজনীয়ে পৰীক্ষা কৰি দেখে যে তীব্ৰ জ্বৰত আক্ৰান্ত নমিতা | লগে লগে গাঁওৰ চৰকাৰী চিকিত্সাললৈ প্ৰেৰণ কৰা |

তিনিদিন অতিক্ৰম কৰিলে | নমিতাৰ জ্বৰ নমাৰ নামেই নাই | কেৱ্ল সেইটোক লৈয়ে নহয়, তাতকৈয়ো ডাঙৰ এটা বিষয়েহে চিন্তিত কৰি ৰাখিছে সমগ্ৰ ৰংপুৰবাসীক | সময় তেতিয়া ভৰ দূপৰীয়া | যমৰ হাবিৰ ওচৰৰ আঁহত এজোপাৰ তলত চিন্তিত ৰূপত ৰংমন | সি ভাবি পোৱা নাই কেনেকৈ একেটা ঘটনাৰ পুনৰাবৃত্তি হৈ আছে | যোৱা এসপ্তাহত গাঁওখনৰ ১২ জন মানুহ একেটা বেমাৰত আক্ৰান্ত | সবাতোকৈ আচৰিত ঘটনাটো আক্ৰান্ত আটাইকেইজন মানুহে ভ্ৰম অৱস্থাত বকা কথাখিনি | সেই একেই কথা সকলোৰে মুখত, “সি খাই পেলাব চবকে | কোনেও সাৰি নাযাৱ | পানীত ডুবাই ডুবাই মাৰিব সকলোকে | পলা…পলা…সকলো পলা তহঁত | আকৌ আহিব সি | কোনেও সাৰি নেযাৱ | পলা..পলা…..খাই পেলাব…পানীত ডুবাই ডুবাই…পলা…..পানী খুৱাই খুৱাই..পলা পলা……”

হঠাত্হাবিৰ ফালে কিবা এটা কলকলনি শুনি ঘূৰি চাইয়েই চক্খাই উঠিল ৰংমন | দেখিলে, এটা মানুহৰ আকৃতিৰ চেহেৰা, কিন্তু চেহেৰাটো অকল পানীৰে ভৰি আছে | মূৰৰ পৰা ভৰিলৈকে পানীৰ তীব্ৰ সোঁত | প্ৰতিটো খোজত খলক্-খলক্শব্দ কৰি গৈ আছে গাঁৱৰ দিশে | ৰংমনে সংগোপনে পিছ ললে সেই আকৃতিৰ | এনেতে হঠাত্বাটত পৰি থকা কাঁইট এডালত খোজ পৰাত বেদনাত চিঞৰি উঠিল ৰংমন | ৰংমনৰ চিঞৰ শুনি সেই আকৃতিটোৱে পিছলৈ উভতি চালে | ৰংমনক দেখি তাৰ পিনে চোঁচা লে | তৰা-নৰা চিঙি ৰংমনে হাবিৰ পিনে দৌৰ মাৰিলে | হাবিৰ অলপ জোপোহা গছ এজোপাৰ আঁৰ লৈ ৰংমনে ৰংদেউৰ ৰূপ ধাৰণ কৰি সেই আকৃতিৰ সম্মুখত হাজিৰ |

কোন তই ? কি উদ্দেশ্য লৈ ৰংপুৰলৈ আহিছ ?
হাঃ হাঃ হাঃ…বানাসুৰ মই, শেষ কৰি পেলাম সকলোকে | কোনো সাৰি নেযাৱ | বানাতংক কৰি পেলাম চবকে | কোনোৱে সাৰি নাযাৱ | হাঃ হাঃ হাঃ
কি পাবি বা পাইছ তই এইবোৰ কৰি ?
হাঃ হাঃ হাঃ কূটাসুৰ মোৰ আকা নাম | ’আকা হৈছে মোৰ জন্মদাতা | বানপানীৰ পৰা সৃষ্টি কৰিছে মোক | সমগ্ৰ মানৱ জাতিক ধংস কৰাই আকা উদ্দেশ্য | ’আকা উদ্দেশ্য মানেই মোৰ উদ্দেশ্য | বুজিলি মুৰ্খ প্ৰাণী ?
কিন্তু তহঁতে পাবি কি এইবোৰ কৰি ? কি লাভ তহঁতৰ ?
মানৱ জাতিৰ মাজত যিমানেই সমস্যাৰ সৃষ্টি , সিমানেই বাঢ়ি যাব আকা শক্তি | কোনো সাৰি যাব নোৱাৰে | হাঃ হাঃ হাঃ
তোৰ দুৰাচাৰী আকা বাবে এটা দুখৰ খবৰে অপেক্ষা কৰি আছে | তাৰ সৃষ্ট এটা কুচৰিত্ৰৰ আজি অপমৃত্যু ঘটিব | তাৰ বাবে মই আগতীয়াকৈ দুঃখ প্ৰকাশ কৰিছোঁ |
হাঃ হাঃ হাঃ…ভাল জমনি কৰিব জান দেই তই | মানৱ যেন লগা নাই দেখোন তোক | চেহেৰাটোৱেই তোৰ জমনিছোন !!! হাঃ হাঃ হাঃ….পিছে কোন হয় ভাই তই?
তহঁতৰ নিচিনা পাপীবোৰক সংহাৰ কৰাৰ বাবেই মোৰ জন্ম | মানৱ জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত তহঁতৰ নিচিনা পাপীবোৰৰ সম্মুখত এখন ডাঙৰ প্ৰাচীৰ বুলি ধৰি পাৰ, ৰংদেউ নাম মোৰ |
হাঃ হাঃ…মুৰুখ প্ৰাণী, মোৰ লগত পাংঙ্গালৈ জীৱনৰ ডাঙৰ ভুল এটা কৰিলি তই | তই হয়তো উমান পোৱা নাই মোৰ শক্তিৰ !

এই বুলি কৈয়েই বানাসুৰে হাত দুখনেৰে কিবা ঠেলাৰ নিচিনা কৰি পানীৰ প্ৰৱল ঢৌ ৰংদেউৰ পিনে মাৰি পঠিয়ালে | ঘটনাৰ আকস্মিকতাত একো ধৰিব নোৱাৰি পানীৰ প্ৰৱল ঢৌত চাৰি হাতমান দূৰত গৈ চিটিকি পৰিল ৰংদেউ | নিজকে চম্ভালি থিয় বলৈ লওতেই মূখত বৰফৰ নিচিনা হাতৰ এটা তীব্ৰ ঘোচা পৰিল তাৰ | পুনৰ মাটিত বাগৰি পৰিল সি | ইয়াৰ পিছতেই বানাসুৰে ঘূৰি ঘূৰি নিজৰ দেহত চাকনৈয়াৰ সৃষ্টি কৰিলে | ঘূৰি ঘূৰি ঘূৰ্ণিবতাহৰ লেখিয়াকৈ ৰংদেউৰ পিনে আগবাঢ়ি আহিল | কথা বিষম যেন দেখি লগে লগে ৰংদেউৱে ওচৰতে থকা বিজুলী বাটিৰ খুটা এটালৈ গামোচা-ৰছী মাৰি পঠিয়ালে আৰু তাৰ সহায়ত তৰিত্গতিৰে সেই ঠাইৰ পৰা আঁতৰি দিলে | কোনোমতে চাকনৈয়াৰ কবলত নপৰাকৈ সাৰিল |

বহুত হৈ বানাসুৰ, এইবাৰ মোৰ পাল |

ৰংদেউৱে ভুত-গুৰি মাৰি পঠিয়ালে বানাসুৰক লক্ষ্য কৰি | কিন্তু বানাসুৰে লগে লগে নিজৰ দেহটো বৰফলৈ ৰূপান্তৰিত কৰিলে যত ভুত-গুৰিয়ে কোনো প্ৰভাৱ পেলাবলৈ সক্ষম হল | ৰংদেউৱে ওচৰতে থকা শুকান পাতৰ দম এটাত ভুত-গুৰিৰে অগ্নিসংযোগ কৰি গমোচা-ৰচীৰ সহায়ত বানাসুৰক সেই জুইত পেলাই দিলে | অলপ সময়ৰ বাবে বানাসুৰ চটফটাই থাকিল যদিও পিছমুহূৰ্ততেই নিজৰ শৰীৰৰ আয়তন ডাঙৰ কৰি লে | তাৰ দেহৰ বৰফ গলি গলি পানীলৈ ৰূপান্তৰিত আৰু সেই পানীয়ে ৰংদেউৱে সৃষ্টি কৰা জুই নুমাই পেলালে | বানাসুৰে পুনৰ নিজৰ ৰূপ ধাৰণ কৰিলে |

পুনৰবাৰ বানাসুৰে পানীৰ প্ৰৱল ঢৌ ৰংদেউৰ পিনে মাৰি পঠিয়ালে | ৰংদেউৱে এইবাৰ ৰংছাতি মেলি সেই ঢৌ প্ৰতিৰোধ কৰিলে | তীব্ৰ খঙত হুংকাৰ কৰি তৰিত্গতিৰে বানাসূৰে ৰংদেউৰ পিনে চোঁচা লে | ৰংদেউ মুখলৈ লক্ষ্য কৰি এটা প্ৰচণ্ড ঘোঁচা দিবলৈ লওতেই ৰংদেউৱে তললৈ হাউলি বানাসুৰৰ পেটত এটা পূৰ্ণহতীয়া ঘোঁচা বহুৱালে | কিন্তু এয়া কি !! বানাসুৰৰ পেটৰ মাজেৰে ৰংদেউৰ হাতৰ মুঠি পাৰ হৈ , কিন্তু বানাসুৰৰ দেহত একো প্ৰভাৱ নপৰিল | মহা সমস্যাত পৰিল ৰংদেউ | সি পাহৰিয়েই গৈছিল যে পানীৰ মাজেৰে সকলো ধৰণৰ গোটা বস্তু সৰকি যায় | বানাসুৰক প্ৰতিহত কৰাৰ উপায় চিন্তি থাকোতেই তাৰ হাত আৰু ভৰিৰ প্ৰহাৰত থকা-সৰকা ৰংমন | বানাসুৰে এইবাৰ নিজৰ মূৰটো কেইবাৰমান জোকাৰি দিলে | তাৰ মূৰৰ পৰা ভালেমান জোক,ভেকুলী,মহ আদি নিৰ্গত হৈ ৰংদেউৰ দেহত পৰিল | এইবোৰৰ কামোৰত যন্ত্ৰনাত চিঞৰি উঠিল | শেষ চেষ্টা হিচাপে পুনৰ এবাৰ ৰংদেউৱে ভুত-গুৰি মাৰি পঠিয়ালে বানাসুৰৰ দেহলৈ | বানাসুৰে এনেকুৱা অৱস্থাতো ৰংদেউৱে প্ৰহাৰ কৰিব বুলি কল্পনা কৰা নাছিল বাবে নিজৰ দেহতো বৰফলৈ ৰূপন্তৰিত কৰিবলৈ এইবাৰ সময়েই নাপালে | ভুত-গুৰিৰ যন্ত্ৰণাত টেঁটুফালি চিঞৰিবলৈ ধৰিলে | ৰংদেউৱে আশাৰ ৰেঙণি দেখা পালে যদিও পিছমূহুৰ্তত অপেক্ষা কৰি থকা ঘটনাটোৱে হতাশ কৰিলে তাক | সি দেখিলে যে বানাসূৰে নিজৰ দেহটো নৰ্দমাতকৈ শতগুণ ঘোলা কৰি তুলিছে যত কেৱল দূষিত পদাৰ্থৰে ভৰি আছে | সেই দূষিত পানীৰ দেহত ভুত-গুৰিৰ প্ৰভাৱো লাহে লাহে কমি আহিল | তাৰোপৰি সেই সময়ত বানাসুৰৰ দেহৰ পৰা এনেকুৱা দুৰ্গন্ধ নিৰ্গত হৈছিল যে ৰংদেউৰ বমি হোৱাৰ উপক্ৰম | জোক,মহ আদিৰ কামোৰৰ ওপৰত সেই দুৰ্গন্ধই ৰংদেউক লেবেজান কৰি পেলালে | উপায় নাপাই তৰা-নৰা চিঙি ৰংদেউৱে গাঁৱৰ পিনে লৰ দিলে | পিছে পিছে বানাসুৰেও খেদি গৈ থাকিল তীব্ৰ গতিৰে |

ৰংমনহঁতৰ গাঁওৰ কন্দৰ্প মহাজনৰ গৰুৰ এখন ডাঙৰ ফাৰ্ম আছিল | বিশাল আকাৰৰ সেই ফাৰ্মখনত গৰুৰ দানা গৰম কৰিবলৈ এটা বহুত ডাঙৰ পাত্ৰ ঢাকনিৰে সৈতে আছিল | সেই ফাৰ্মৰ দায়িত্বত থকা কন্দৰ্প গৰখীয়াই তেতিয়ালৈকে উতলি উঠা গৰুৰ দানা জুইৰ পৰা নুমুৱাত ব্যস্ত | ঢাকনিখন খুলিবলৈ পাইছিলহে মাথোন, এনেতে হঠাত্গৰুবোৰৰ অগতানুগতিক হেম্বেলনি শুনি মূৰ তুলি চায়েই শিল পৰা কপৌৰ লেখীয়া সি | দুটা অদ্ভুত আকৃতিৰ প্ৰাণীৰ এটাই আনটোক খেদি অহা দেখিলে কন্দৰ্প গৰখীয়াই | জীৱনত দেখি নোপোৱা এই কিম্ভুত-কিমাকাৰ প্ৰাণী দুটা দেখি বস্তু ততেই এৰি থৈ তাৰ পৰা ভিৰাই লৰ মাৰিলে |

ৰংদেউৱে বানাসুৰৰ পৰা পলাই দৌৰি আছিল যদিও দৌৰি থকা সময়্ত তাৰ তীক্ষ্ণ মগজুৰে বানাসুৰক প্ৰতিহত কৰাৰ উপায় চিন্তি আছিল | অৱশেষত সি অলপ আগলৈকে কন্দৰ্প গৰখীয়া বহি থকা ঠাইডোখৰত থিয় | ৰংদেউৱে ৰৈ দিয়া দেখি বানাসুৰে ফূৰ্ত্তিত নাচিবলৈ ধৰিলে |

এতিয়া বুজি পালি ? মই কৈছিলোৱেই নহয়, কোনো সাৰি যাব নোৱাৰে এই বানাসুৰৰ পৰা | শেষ কৰি যাম চবকে এপিনৰ পৰা | হাঃ হাঃ হাঃ হুঃ হুঃ
হেঃ হেঃ তোৰ এই অহংকাৰেই তোৰ কাল | এটা কথা চাগে তোৰ নিচিনা বুৰ্বকৰ বোধগম্য নহয় যে এই পৃথিৱীত সত্যৰেই সদায় জয় হয় |

ৰংদেউৰ এই কথা শেষ হোৱাৰ লগে লগেই বানাসূৰে তৰিত্ গতিৰে ৰংদেউৰ পিনে চোঁচা ললে | ৰংদেউৰ দেহৰ ওপৰত জপিয়াই পৰিল | লগে লগে ৰংদেউৱে তাৰ পৰা ফালৰি কাঁটি দিলে আৰু বানাসুৰ গৈ দানা উতলি থকা টৌটোতে পৰিল | বিদ্যুত গতিৰে ৰংমনে পাত্ৰটোৰ সাঁফৰখন মাৰি দিলে আৰু গামোছা-ৰচীৰ সহায়ত টানকৈ বায়ু প্ৰৱেশ কৰিব নোৱাৰাকৈ বান্ধি দিলে | ফাৰ্মত থকা আটাইবোৰ গৰু এৰি দিলে | গৰুবোৰেও এই ঘটনাবোৰ দেখি ভয় খাই আছিল | মুকলি কৰি দিয়াৰ লগে লগে আটাইবোৰ গৰু তাৰ পৰা পলাল | কন্দৰ্পই গৈ গাঁওৰ মানুহবোৰক সি দেখা প্ৰাণীদুটাৰ কথা কওতে গাঁওৰ ভালেমান মানুহ আহি সেই ঠাইত ৰংদেউ-বানাসুৰৰ ৰণ চাই আছিল | ৰংদেউৱে সকলোকে সেই ঠাইৰ পৰা অলপ আঁতৰ বলৈ লে | সিহঁতে ৰংদেউৰ গৰু এৰি দিয়া কাৰ্য্য দেখি নিশ্চিত হৈছিল যে দেখাত কিম্ভুত-কিমাকাৰ যদিও এই প্ৰাণীটোৱেই নিশ্চয় ৰংপূৰৰ ট্ৰাণকৰ্তা | ৰংদেউৰ আদেশ অমান্য নকৰি সিহঁত সকলো সেই ঠাইৰ অলপ পৰা আঁতৰলৈ গুচি | ৰংদেউৱে সিহঁতক আঁতৰিব কোৱাৰ সময়ত নিৰ্ভয় প্ৰদান কৰি কৈছিল যে যেতিয়ালৈকে ৰংদেউ থাকিব কোনো দুৰ্যোগে এই ৰংপুৰত ক্ৰিয়া কৰিব নোৱাৰিব | ফাৰ্ম খালি হোৱাৰ পিছত ৰংদেউৱে জুইত ভুত-গুৰি মাৰি জুইৰ উত্তাপ বঢ়াই দিলে আৰু তৰিত্গতিৰে তাৰ পৰা অন্তৰ্ধান |

কিছু সময় পিছত এটা ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা | টৌৰ ভিতৰত বাষ্প হোৱা বানাসুৰৰ দেহ ছিন্ন বিছিন্ন হৈ বায়ুৰ সৈতে মিহলি হৈ | গাঁওৰ সকলোৱে ৰংদেউ ৰংদেউ ধ্বনিৰে কঁপাই তুলিলে | বানাসুৰৰ পতনৰ পিছতেই যিবোৰ গাঁৱৰ মানুহ বানাতংকত আক্ৰান্ত হৈছিল সকলো আৰোগ্য হৈ | সকলোৰে মুখত তেতিয়া ৰংদেউৰ জয়গান | এনেতে কাৰোবাৰ মাত শুনি সকলোৱে সেইপিনে ঘূৰি চালে |

পালোঁ পালোঁ পালোঁ….আমাৰ গাঁৱত চলি থকা মহামাৰীৰ কাৰণ বিচাৰি পালোঁ | সকলো সাজু আৰু মোৰ লগত আহ |
কি ? কিহৰ কাৰণ বিচাৰি পালি তই ?…. শৰ্মা দোকানীয়ে সুধিলে
আৰে….আমাৰ গাঁওত যে নতুনকৈ অদ্ভুত ধৰণৰ বেমাৰটো আহিছে তাৰ কাৰণটো বিচাৰি পালোঁ | মই গৰু চাৰি আছিলোঁ | এইমাত্ৰ সেইপিনে এটা অদ্ভুত আকৃতিৰ প্ৰাণী যোৱা দেখিলোঁ | দেখিবলৈ মুখখন গঁড়ৰ নিচিনা, কিন্তু দেহটো মানুহৰ নিচিনা | এইটো নিশ্চয় তাৰেই কাম | যমৰ হাবিৰ পিনে যোৱা দেখিছোঁ তাক | সকলো ওলাই আহ, মোৰ লগত | তাক নিধন কৰিব পৰিলেই নিশ্চয় মহামাৰী আঁতৰ |
ৰংমন, পাগল হৈছ নেকি তই ? মোক চা, মোৰ বেমাৰ নাইকিয়া হৈ | আচলতে সেইটো অসুৰ নহয় ,সি আমাক বচালে হে | বানাসুৰ নামৰ অসুৰ এটাহে দুষ্কাৰ্যৰ মোল আছিল যাক ৰংদেউৱে নিধন কৰিলে |….নমিতাই মিচিকিয়াই লে|
ৰংদেউ !! কোন ৰংদেউ ?
আৰে গাধা….যাক তই এইমাত্ৰ দেখি আহিছ তেওঁৰ নামেই ৰংদেউ | তেওঁৱেই আমাক বচালে…বুজিলি মুৰ্খ ?
হয় নেকি ? মই আকৌ…..ধেত্তেৰি

মই ঠিকেই দেখিলোঁ | আপোনালোকৰ চকুত বাৰু ধৰা পৰিলেনে নাই, ৰংমনে এইমাত্ৰ মিচিকিয়াই মৰা চকুটিপটো ? 😉

ক্ৰমশঃ…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments