ৰিভাৰ্ছ চুইং (ৰশ্মিতা কাশ্যপ বৰা)

স্নেপশ্বট ১:-

“ঐ, মোৰ কলমৰ ৰিফিল শেষ হ’ল, তোৰ কলমটো দে চোন…..”
“…..কি!! আৰু লিখ বেঞ্চত বীৰু বীৰু বুলি৷ নোৱাৰো দিব মোৰ কলম৷” গৰগৰাই উত্তৰ দিলে মমতাজে |
মমতাজৰ সুৰতে সুৰ মিলাই বনশ্ৰীয়েও কৈ উঠিল, “হয় দে, এইজনীয়ে বীৰু বীৰু লিখি লিখি আমাৰ বেঞ্চখন কেনেকোৱা কৰি পেলালে! চাৰহঁতে সুধিলে কিন্তু তোৰ কথা কৈ দিম আমি |”
“…..কবি যা, প্যাৰ কিয়া ত’ দৰনা কিয়া |”,তাইৰ নিৰ্ভীক উত্তৰ৷

স্নেপশ্বট ২

“আজি স্কুল নাযাৱ নেকি ?”
“কিয় যাম আকৌ স্কুললৈ, আজি খেল আছে |”
“খেল আছে বুলিয়েই স্কুল নাযাবি নে!!”
“নেযাওঁ, পৃথিৱী ইফালৰ পৰা সিফাল পাৱ্কগৈ তথাপি নেযাওঁ | বীৰুৰ খেল চাব লাগে মই |”
“পৰীক্ষাত নম্বৰো তোক তোৰ সেই বীৰু নে ফিৰু টোৱে দিব ন!!”
“মা….! অলপ সন্মানেৰে নাম লোৱা দেই, মোৰ বীৰু হয় সি | কি বীৰু নে ফিৰু আকৌ |”
“তেনেহ’লে সদায় খেলেই চা, আৰু স্কুললৈ যাবই নালাগে তই………..!”, বীৰুৰ প্ৰেমত পাগল ছোৱালীজনীক ক’বলৈ মাকৰ ওচৰত আৰু একোয়েই নাছিলগৈ |

স্নেপশ্বট ৩

“আজি তোৰ বীৰুয়ে কিমান ৰান কৰিলে ঔ?”
“….১৫৬ দেউতা |”, তাইৰ উৎসাহী উত্তৰ |
“বৰ ভাল খেলিলে মানে| খেল বাৰু চা একো কথা নাই, কিন্তু পঢ়াখিনিও বীৰুৰ বেটিংৰ সমান কৰিব লাগিব; বুজিছ’ নে?”
“….বুজিছো দেউতা….”

স্নেপশ্বট ৪

“হেৰ’ ডাঙৰ হ’লি এতিয়া, ক্লাছ টেন পালিগৈ | তথাপি তোৰ সেই হাপপেন পিন্ধা আৰু টিৰকেট খেলাৰ অভ্যাস নগ’ল | লাজ বুলিবলৈটো ভগৱানে এই ছোৱালীজনীক নাকটো নিদিলেই | ন-ছোৱালী, কি খায় জন্ম দিছিলি হয় এই ডাংকাটি জনীক তই হে জান’ আৰু…..!”, ক্ৰিকেট খেলি ধুলিৰে বগা হৈ অহা ছোৱালীজনীলৈ চাই আইতাকে অভিযোগৰ ফুল হে বাচিলে যেন………..তথাপিও তাই নিৰ্বিকাৰ, ক্ৰিকেট খেলিবই….তাইৰ বীৰুয়ে খেলা খেলটো তাই কি নেখেলাকৈ এৰি দিব নে!!

স্নেপশ্বট ৫

“মামন……!”
“হা……….”, হাতৰ খাড়ুকেইপাত লিৰিকি বিদাৰি কিবা ভাবি থাকোতেই কেতিয়া যে অৰিজিত আহি পাছফালে ৰ’লহি তাই গমেই নাপালে | উচপ খায় উঠিল তাই |
“আজিৰ পৰা তুমি আৰু মই এটা নিউ লাইফ আৰম্ভ কৰিম……”, তাইৰ হাত এখন আলফুলে ধৰি তাইলৈ চাই অৰিজিতে মাত দিলে | কোনোদিন লাজ কৰি নোপোৱা মামনৰ কিবা এটা আচহুৱা যেন অনুভৱ হ’ল | আইতাই কৈ থকা লাজটো বাৰু এইটোৱেই নেকি!! কনফিউজ হ’ল মামন অলপ…………|
“ইমান দিন এইটো অকল মোৰ ৰূম আছিল, আজিৰ পৰা তোমাৰো হ’ল | মানে আমাৰ হ’ল | ”
তাৰ কথা কেইটা শুনি তাই মূৰ দাঙি তাইৰ হোৱা ৰূমটোত এবাৰ চকু ফুৰাই চালে | হঠাত এচুকত ৰৈ গ’ল তাইৰ চকু দুটা | তাইৰ ৰৈ যোৱা চকু দুটা অনুসৰণ কৰি মিছিকিয়া হাঁহি এটাৰে অৰিজিতে পুণৰ মাত দিলে –
“সেইখন মোৰ ক্ৰিকেট বেট, এসময়ত সেইখনেৰে কিমানযে খেল খেলিলো | কিন্তু কেৰিয়াৰ বনোৱাৰ ধান্দাত খেল পাছ পৰি গ’ল | এতিয়াটো টাইমেই নাপাওঁ | তথাপি স্মৃতি হিচাপে থৈ দিছো সেইখন | বুজিছা মামন, এসময়ত বীৰেন্দৰ ছেহৱাগ মোৰ ফেভাৰেট প্লেয়াৰ আছিল, ছেহৱাগক চিনি পোৱা নহয়?? ”
“….ওহো, নাপাওঁ………….!”, অৰিজিতৰ অবান্তৰ প্ৰশ্নটোৰ তাতকৈ আৰু ভাল উত্তৰ দিবলৈ চোন একোৱেই নাছিল তাইৰ………………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments