ৰীতা চৌধুৰীৰ “জাহ্নৱী” -কল্যাণী দত্ত

 

লেখিকা: – ৰীতা চৌধুৰী

প্ৰকাশক: -শ্ৰী নগেন শৰ্মা জ্যোতি প্ৰকাশন; পানবজাৰ

প্ৰথম প্ৰকাশ: – ডিচেম্বৰ ; ২০০৬

লেখিকাৰ পৰিচিতি: – ড°ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এগৰাকী উল্লেখযোগ্য লেখিকা৷ তেখেতৰ জন্ম হৈছিল ১৯৬০ চনৰ ১৭ আগষ্ট তাৰিখে অৰুণাচলৰ তিৰাপৰ নাংপমত৷ সাহিত্য একাডেমি বঁটা বিজয়ী এইগৰাকী লেখিকা বৰ্তমান নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত নিযুক্ত হৈ আছে৷ তেখেত কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা৷

গ্ৰন্থ খনৰ মূল চৰিত্ৰ সমূহ: – জয়া বৰুৱা ( এগৰাকী বিধবা)

নীলাক্ষী ( জয়া বৰুৱাৰ বোৱাৰী)

ৰজত বৰুৱা ( জয়া বৰুৱাৰ মৃত পতি)

আনন্দ ( জয়া বৰুৱাৰ পুত্ৰ ; নীলাক্ষীৰ পতি)

প্ৰাঞ্জল কাকতি ( এজন ডাক্তৰ, আনন্দৰ বাল্য বন্ধু)

স্মৃতি ( সশস্ত্ৰ সংগঠনৰ নেত্ৰী)

 

জাহ্নৱী সন্ত্ৰাস জৰ্জৰিত সমাজৰ এক নিৰ্মম সময়ৰ খণ্ড চিত্ৰ৷ জাহ্নৱীয়ে আমাক শিকাই মানৱীয়তা। জীয়াই থাকিবৰ বাবে যে আমাক সহযোগিতাৰ প্ৰয়োজন সেয়া এই উপন্যাসখনত জলজল পটপটকৈ বিৰাজমান৷ আতুৰত পৰাজনক এষাৰি মাত, এটুপি পানী দিয়াটো আমাৰ কৰ্তব্য; লাগিলে তেওঁ আমাৰ শত্ৰুৱে হওক৷ মানুহে সমাজ-সম্বন্ধ গঢ়িবও পাৰে ভাঙিবও পাৰে৷

 

কাহিনী ভাগ : –

এটা ঘন ঘোৰ আন্ধাৰে ঢকা বৰদৈচিলা অহা ৰাতিৰ কথা- চহৰখন যেতিয়া শুই পৰে তেতিয়াও এখন ঘৰ জাগি থাকে- জয়া বৰুৱাৰ ঘৰখন। বিজুলী চাকিৰ পোহৰেৰে আলোকিত হৈ থাকে ঘৰখন একমাত্ৰ জয়া বৰুৱাৰ বোৱাৰী নীলাক্ষীৰ বাবে৷ নীলাক্ষীৰ টোপনি নহালৈকে শাস্ত্ৰ পঢ়ি তাইক শোৱাবলৈ নানান সাধুজাতীয় কথা কৈ সাৰে থাকে জয়া বৰুৱা৷ আজিৰ ৰাতিও তেনেকৈয়ে আছিল৷ তেনেতে দুৱাৰত টোকৰ। টক্ টক্…। টোকৰ শুনি অধৈৰ্য হৈ পৰে নীলাক্ষী। তাইৰ পতি আহিছে, চহৰৰ পৰা তাইলৈ বস্তু আনিছে৷ প্ৰকৃততে নীলাক্ষী অপ্ৰকৃতিস্থ৷ কিন্তু তাই নাজানে সেই কথা৷ তাইৰ স্বামী যে আজি এক বছৰৰ আগতেই পৰলোকলৈ গতি কৰিলে তাকো নাজানে তাই৷

 

দুৱাৰ খুলি দিয়াৰ পাছত হুৰমূৰাই সোমাই আহে ছাঁয়ামূৰ্তি কেইটা৷ আহিয়ে খুউব বিপদত পৰিছে বুলি কৈ ঘৰখনত পিতপিতাই আন মানুহৰ উপস্থিতি অনুধাৱনত লাগি যায়৷ কিংকৰ্ত্তব্যবিমুঢ় জয়া বৰুৱা- এফালে মানৱীয়তা আৰু আনফালে অসুখীয়া ক্ষন্তেক সময়ৰ পূৰ্বে আনন্দ আহিব বুলি নিজকে খাৰু মণি আৰু সেন্দূৰৰ বোলেৰে সুসজ্জিতা হৈ টোপনি যোৱা নীলাক্ষী। ক্ষন্তেকতে জয়া বৰুৱাই সহায় কৰাৰ সিদ্ধান্ত লয়৷

 

লগে লগে সংগঠনৰ ল’ৰাকেইটাই নিজৰ পৰিচয় দি লগত লৈ অহা প্ৰসৱ বেদনাত ক্লান্ত স্মৃতিক লৈ আহে৷ তৎপৰ হৈ পৰে জয়া বৰুৱা। তাইক নীলাক্ষীৰ কোঠালৈ নি কাপোৰ সলাবলৈ দিয়ে। বতাহ বৰষুণত তিতি বুৰি অহা ল’ৰা দুটাক আনন্দৰ কাপোৰ পিন্ধিবলৈ দিয়ে। গৰম গাখীৰ আৰু ফল-মূল খাবলৈ দি বৰষুণ কাতি কৰি ছাতি লৈ ডাক্তৰ প্ৰাঞ্জলৰ ঘৰলৈ যায়৷ যাওঁতে স্মৃতিক কৈ যায় তেওঁৰ বোৱাৰী অসুখীয়া। স্মৃতিৰ যাতে সন্তান হ’ব এই কথা যাতে তাই গম নাপায়৷ তেনেতে সাৰ পাই নীলাক্ষীয়ে। কোঠাত অচিনাকি ইমান ডাঙৰ পেটৰ মানুহজনীক দেখি ভয় খাই নানান প্ৰশ্ন কৰে৷ কিয় পেটটো ডাঙৰ হ’ল, কিয় কান্দিছে, কিয় মুখখন ৰঙা হৈছে, পেট যে বিষাইছে চানা খাইছিল নেকি আদি এশ এবুৰি প্ৰশ্ন। আনন্দ যে দোকানৰ বাবে মণিহাৰী সামগ্ৰী আনিবলৈ গুৱাহাটীৰ গৈছে, তাই যে সাজি কাচি থাকিলে, ডাঙৰকৈ ফোঁট ল’লে সি ভাল পাই এই কথাও ক’বলৈ নাপাহৰিলে ৷ বাহিৰৰ কোঠাত থকা ল’ৰা কেইটাই আনন্দৰ কাপোৰ পিন্ধাৰ বাবে খং উঠি সিহঁতক যি তি কৈ দিয়ে।

সিহঁত স্তম্ভিত হৈ পৰে। এইটো আনন্দ বৰুৱাৰ ঘৰ…বিপদ বিপদ…সিহঁত নিৰাপদ নহয় ইয়াত। এক মুহূৰ্তও থাকিব নোৱাৰে। বৰষুণৰ মাজেৰে যে বৃদ্ধাগৰাকী ডাক্তৰ আনিবলৈ বুলি ওলাই গ’ল এইটো নিশ্চয় কিবা চাল…পুলিচ আনিবলৈ গৈছে হয়তো। সিহঁতৰ লীডাৰৰ পত্নীৰ লগত আহিছে সিহঁত৷ যিকোনো বিপদ হ’লেই নীলাক্ষীক হোষ্টেজ কৰি ওলাই যোৱাৰ নিৰ্দেশ।

চাৰিওফালে পুলিচৰ চোকা নজৰ। এগৰাকী মষ্ট ৱাণ্টেড লেডী সন্তান সম্ভৱা। বেছি দূৰ আগুৱাব নোৱাৰে। যিকোনো পৰিস্থিতিত কৰায়ত্ব কৰিবলৈ তৎপৰ৷ বতাহ বৰষুণৰ মাজেৰে যোৱা জয়া বৰুৱাক তীক্ষ্ণ প্ৰশ্ন পুলিচ প্ৰশাসনৰ- এই ৰাতি ক’লৈ যায়, ইমান ৰাতি অকলে-ঘৰত কোনো পুৰুষ নাই? “বোৱাৰীৰ সন্তান হোৱাৰ সময় সমাগত, ফোনটোৰ সংযোগ বিচ্ছিন্ন”। উত্তৰ দি গুছি যায় জয়া বৰুৱা।

 

প্ৰাঞ্জল জয়া বৰুৱাক যোৱা দেখি আচৰিত হয় কিয়নো নীলাক্ষী তাৰ তত্ত্বাৱধানত। কিবা বিপদ? সকলো শুনি প্ৰথমে প্ৰাঞ্জলে বাধা দিয়ে। এয়া অসম্ভৱ, সন্ত্ৰাসবাদীক সহায় নকৰে৷ কিন্তু জয়া বৰুৱাৰ মহানতাৰ ওচৰত সি পৰাজিত হয়। যেতিয়া জয়া বৰুৱাৰ ঘৰ পাই গৈ তেতিয়া নীলাক্ষীৰ চকুত কন্দাৰ চিন স্পষ্ট। ক্ষমা খোজে ল’ৰাদুটাই -“ভুল হৈ গ’ল আইতা।”

ডাক্তৰীৰ কাৰ্যৰ মাজতে স্মৃতি বিস্ময়ত ডুব যায়। কোন আনন্দ বৰুৱা? কি আছিল তেওঁ? নীলাক্ষীয়ে কৈছিল তাইৰো কেঁচুৱা হ’ব৷ সিহঁত ডাক্তৰৰ ওচৰলৈ যাওঁতে আনন্দক কোনোবাই জোৰ কৰি গাড়ীত লৈ গৈছিল। তাৰ পাছৰ পৰা আনন্দ গুৱাহাটীতে আছে। কি আছিল আনন্দ? কোনে উঠাই নিছিল আনন্দক? স্মৃতিৰ সংগঠনৰ কোনোবাই ? কি আছিল আনন্দ? ৰাষ্ট্ৰৰ চৰ? বহতীয়া? সংগঠনৰ বিশ্বাসঘাটক সদস্য ?

 

নীলাক্ষীৰ চকুৰ আগতে ডাক্তৰে স্মৃতিক পৰীক্ষা কৰিছে। নীলাক্ষীয়ে চাই আছে; স্তব্ধ হৈ নিথৰ হৈ চাই আছে কেঁচুৱা জন্ম দিবলৈ ওলোৱা এজনী পূৰ্ণগৰ্ভা নাৰীক। লাহেলাহে ঘূৰি আহিব ধৰিছে তাইৰ স্মৃতি। তাই পেটত হাত দি চালে। কি হ’ল তাইৰ পেটটো…ক’লৈ গ’ল আনন্দ? একো নাই৷ উদং!

 

চিঞৰত গগন ফালিছে নীলাক্ষীয়ে। আনন্দক কোনোবাই লৈ গৈছে। তাই পৰি গৈছে, ডাক্তৰে অস্ত্ৰোপচাৰ কৰি বাজ কৰিছে তাইৰ পেটৰ পৰা মাংসপিণ্ড।

নীলাক্ষীক কৈ গৈছে জয়া বৰুৱাই নিৰ্মম সত্য। আনন্দ নাই আৰু নাহে। গহনাবোৰ এপদ এপদকৈ খুলি জয়া বৰুৱাক দিছে। তেওঁ হাত পাতি লৈছে। তাই সেন্দুৰ মচি দিছে, মলিয়ন নাইটি পিন্ধিছে। জয়া বৰুৱাই তাইক কৈ গৈছে- এই যে স্মৃতি নামৰ মানুহজনী, তাইৰ গোটৰে কোনোবাই কাঢ়ি নিলে তাইৰ কঁপালৰ সূৰুয, পেটৰ সন্তান। সেই বুলি আমি তেনে কৰিম নে? সিহঁতে যেনেকৈ তোৰ সন্তান মাৰিছিল আমিও কৰিম নে তেনে? নকৰোঁ নকৰোঁ। মানৱীয়তা এইয়া।

 

জয়া বৰুৱাই স্মৃতিক নীলাক্ষীৰ গহণাবোৰ পিন্ধাই দিছে। কপালত আঁকি দিছে সূৰুয। কৈছে নতুন মাকক পুৰণা মাকে ক’ব লগীয়া কথাবোৰ। গৰম গাখীৰ খাবলৈ দিছে। স্মৃতি অনুতাপত দগ্ধ। ৰৈ ৰৈ উজাই আহিছে উচুপনি। নীলাক্ষীৰ কেঁচুৱাকণলৈ বুলি সাঁচি ৰখা কাপোৰ দিছে স্মৃতিৰ কেঁচুৱাক। স্মৃতিৰ নাম দিছে জাহ্নৱী। জয়া বৰুৱাই তাইক কৈ গৈছে নিৰাপত্তাৰ খাতিৰত বহু কথা। তুমি মোৰ বোৱাৰী, মোৰ দুটা সন্তান, আনন্দ আৰু ধৰি লোৱা দিগন্ত। আনন্দৰ মৃত্যু হৈছে আৰু দিগন্ত দোকানৰ সামগ্ৰী আনিবলৈ গুৱাহাটীলৈ গৈছে। ৰৈ ৰৈ কান্দিছে স্মৃতিয়ে…

 

পুলিচ আহি জয়া বৰুৱাৰ ঘৰৰ তালাচি লৈছে। কেঁচুৱা হোৱা মানুহজনীক চাইছে। কিন্তু আনন্দ বৰুৱাৰ ঘৰ বুলি জানি তেওঁলোকে কেতিয়াও সন্ত্ৰাসবাদীক আশ্ৰয় নিদিয়ে বুলি নিশ্চিত হৈ গুচি গৈছে।

 

পুৱাৰ লগে লগে স্মৃতিক নিৰাপদ স্থানলৈ নিবলৈ তাইৰ পতি আহিছে, যাৰ নেতৃত্বত হত্যা কৰা হৈছিল সংগঠনৰ বাবে মোটা অংকৰ ধন দাবী কৰাত দিবলৈ অনিচ্ছুক হোৱা আনন্দক।

স্মৃতিয়ে ইতিকিঙেৰে থকা সৰকা কৰিছে তাইৰ পতিক। পাপ পূণ্য আৰু মানৱীয়তাৰ সংজ্ঞা শিকাইছে তাইৰ পতিক। সুধিছে- আনন্দৰ পাপ কি আছিল? ক’লা টকাৰ পাহাৰৰ মালিক তাইৰ পতিক সুধিছে- এইখন ঘৰত ক’লা টকাৰ চিন আছে নে ক’ৰবাত? কোলাৰ কেঁচুৱাকণক লৈ মানৱীয়তাৰ সংজ্ঞা বুকুত সাৱটি জয়া বৰুৱাৰ ঘৰৰ পৰা ওলাই গৈছে। তেতিয়া পূব আকাশত সুৰুযে ভুমুকিয়াইছিল।

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments