ৰুইফাঙৰ সেই বৰ্ষামুখৰ দুপৰীয়াটো (মনোজ মন কলিতা)

সৰুতে পুথিভঁড়ালৰ পৰা অনা জুলচ ভাৰ্ণৰ ’টুৱেন্টী থাউজেণ্ড লিগ আণ্ডাৰ দি চি’ ৰ অসমীয়া অনুবাদ দীনেশ চন্দ্ৰ গোস্বামী দেৱৰ ’সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ’ পঢ়ি সাগৰৰ গভীৰতাত কি আছে কল্পনা কৰি ফুৰিছিলোঁ। শৈশবতে মনত এক সপোনে বাঁহ লৈছিল, জীৱনত এবাৰ আকাশত উৰাৰ তথা সাগৰৰ গভীৰতালৈ গৈ চোৱাৰ। আকাশত উৰাৰ সপোন বাৰু সোনকালেই পূৰণ হৈছিল (মানে আকাশীযানৰ কথা কৈছোঁদেই!) কিন্তু সাগৰৰ গভীৰতালৈ যোৱাৰ সপোন মনতেই মাৰ যাওঁ যাওঁ অৱস্থাত উপনিত হৈছিল। কিন্তু হঠাৎ এদিন সেই সপোনো পূৰণ কৰাৰ সুযোগ মিলিল। বহুতেই হয়তো ’জিন্দেগী না মিলেগি দোবাৰা’ বোলছবিত অভিনেতা ফাৰহান, হৃত্ত্বিক আৰু অভয়ক অভিনেত্ৰী কেটৰিনাই সাগৰৰ গভীৰতালৈ লৈ যোৱাৰ ৰোমাঞ্চকৰ দৃশ্য বাৰুকৈ উপভোগ কৰিছিল; মোৰো সেই বোলছবিখন টাইৱানত টাইৱানিজ বন্ধুসকলৰ সৈতে ছবিগৃহৰ ডাঙৰ পৰ্দাত উপভোগ কৰাৰ সুযোগ মিলিছিল। এক অনাবিল আনন্দ লাভ কৰিছিলোঁ সেই আকাশৰ পৰা জপিওৱা অথবা সাগৰৰ তলিলৈ ডুব মৰা দৃশ্যসমূহ দেখি, মনতে নিজক লৈ তেনে দুঃসাহসিক কাৰ্য্যৰ কল্পনা কৰিছিলোঁ আৰু সঁচাকৈয়ে এদিন যেন সেই বোলছবিৰ চৰিত্ৰকেইটাৰ মাজতেই নিজক আৱিষ্কাৰ কৰি পেলাইছিলোঁ। আমাৰ সৈতে নলে-গলে লগা বন্ধু হোৱাৰ হেতুকে বহুদিনৰ পৰা চাইনিয়ে কৈ আছিল তাইৰ সৈতে এদিন ৰুইফাঙলৈ ওলাবলৈ, ডুবাৰুৰ প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্যে। সদায় কিবা নহয় কিবা ব্যস্ততাত পৰি তাইৰ প্ৰস্তাব নাকচ কৰিবলগীয়া হৈছিল, তথাপিও তাই সদায়েই প্ৰস্তাব দিবলৈ পাহৰা নাছিল। এদিন হঠাৎ সিদ্ধান্ত ল’লোঁ ৰুইফাঙলৈ যোৱাৰ আৰু কথামতেই শনিবাৰ এটা নিৰ্ধাৰণ কৰি আগষ্ট মাহৰ ৩১ তাৰিখে আমি, মানে প্ৰদীপ, ৰজনীকান্ত, চাইনি আৰু মই ৰাওনা হ’লোঁ, উদ্দেশ্য ৰুইফাঙত ’দীপ চি ডাইভিং’ৰ প্ৰশিক্ষণ লোৱাৰ। টাইপেই চহৰৰ পৰা ৰেলেৰে প্ৰায় দুঘণ্টামানৰ যাত্ৰা কৰি আমি উপস্থিত হ’লোঁ কিল’ঙত। তাৰ পৰা আকৌ বাছেৰে যাত্ৰা কৰিলোঁ ৰুইফাঙলৈ বুলি; পুনঃ আধাঘণ্টামানৰ যাত্ৰা। যথাসময়ত আমি ৰুইফাঙত উপস্থিত হ’লোঁ, তাৰ পাচত চাইনিয়ে দেখুৱাই দিয়া পথেৰে খোজ কাঢ়ি গৈ ’ডাইভিং হাউচ’ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হ’লোঁ। সেই ডাইভিং হাউচতেই লগ পালো মি: চৌ আৰু আৰু মি: ল’ক। দুয়ো পূৰ্বতে নৌসেনাবাহিনীৰ সদস্য আছিল, বৰ্তমান পেচাগত ডুবাৰু; এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই চাইনিয়ে পেচাগত ডুবাৰুৰ আন্তঃৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু সেই একেটা কাৰণতেই আমিও নামভৰ্তি কৰিলোঁ ১৫০০ টাইৱানিজ ডলাৰৰ বিনিময়ত, ইয়াৰ পাছত ৭ দিনীয়া এক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলেই আমি আমাৰ অনুজ্ঞাপত্ৰ লাভ কৰিম। অৱশ্যে সিদিনাখন এইটো বৰ্ষৰ প্ৰশিক্ষণৰ শেষৰ দিন হোৱা হেতুকে আমি অহাবছৰৰ, অৰ্থাৎ ২০১৪ চনৰ গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ পাচতহে আন ৬ টা দিনৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব পাৰিম, কিয়নো শীতকালত বহু ঠাইত সাগৰত ঢৌৰ প্ৰকোপ অত্যাধিক হোৱা হেতুকে ন-শিকাৰুক প্ৰশিক্ষণ দিয়া নহয়। যাৱতীয় সকলো কাম সমাধা কৰি আমি আমাৰ ডুবাৰু পোচাক পিন্ধি ল’লোঁ। এইখিনি সময়তেই মি: চৌ আৰু মি: লুয়ে আমাৰ বাবে অক্সিজেন চিলিণ্ডাৰ, মুখা, চশমা, টুপি ইত্যাদি যুগুতাই গাড়ীত তুলিলে। এইখিনিলৈ সকলো ঠিকেই আছিল, বতৰো ফৰকাল আছিল। কিন্তু গাড়ীত উঠাৰ সময়তেই ধাৰাসাৰ বৰষু্ণে ধৰাপৃষ্ঠ সেমেকাই পেলালে, বৰষুণৰ প্ৰকোপ দেখি আমাৰ মনো সেমেকি গ’ল। তথাপি মন বান্ধিলোঁ আগবাঢ়ি যাবলৈ আৰু গাড়ীৰে আমি যাত্ৰা কৰিলোঁ পূৰ্বে নিৰ্ধাৰিত স্থানলৈ। প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা কিছু নিলগতেই আছিল সেই স্থান, তাত উপস্থিত হৈ আমি বৰষুণকো নেওচি সাজু হ’লোঁ প্ৰাথমিক অভ্যাসৰ বাবে। পিঠিত তুলি দিয়া হ’ল ১৫ কিঃগ্ৰাঃ ওজনৰ অক্সিজেন চিলিণ্ডাৰ, কঁকালত বান্ধি দিয়া হ’ল ৫ কিঃগ্ৰাঃ ওজনৰ শিল আৰু লোৰ বেল্ট, এই বেল্টেই আমাক পানীত ডুব যোৱাত সহায় কৰিব। অক্সিজেন চিলিণ্ডাৰটো এক বিশেষ মোনাৰ সৈতে সংযোগ কৰি দিয়া হৈছিল, যাতে যিকোনো বিপদৰ সন্মুখীন হ’লেই এক বিশেষ চুইচ টিপিলেই অক্সিজেন চিলিণ্ডাৰৰ পৰা অক্সিজেন বাহিৰ হৈ মোনাখন ফুলাই বেলুনৰ আকৃতি দিব আৰু মুহূৰ্ততেই আমাক পানীত ওপঙাত সহায় কৰিব। চিলিণ্ডাৰ সৈতে সংযোগ হৈ আছিল এটা ঘড়ীৰ দৰে যন্ত্ৰ যিয়ে আমাক চিলিণ্ডাৰত অক্সিজেনৰ মাত্ৰা কিমান আছে দেখুৱাই থাকিব। ইয়াৰ সৈতে আছিল পানীৰ গভীৰতা জোখাৰ আন এটা একেধৰণৰ যন্ত্ৰ। পানীত নমাৰ আগতে এই দুয়োটা যন্ত্ৰ কিদৰে নিৰীক্ষণ কৰিব লাগে, অক্সিজেন মুখাৰ পৰা কিদৰে অক্সিজেন গ্ৰহণ কৰিব লাগে, কিদৰে ক’ব বিচৰা কথাসমূহ হাতৰ বিভিন্ন ভংগীমাৰে বুজাব লাগে, বিপদৰ সন্মুখীন হ’লে কিদৰে নিজকে বচাব লাগে ইত্যাদিৰ প্ৰশিক্ষণ দিয়া হ’ল। খৰচি মাৰি সকলো শিকাৰ পাছত আমাক লৈ যোৱা হ’ল দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণৰ বাবে। সুবিধাজনক যেন লগা সাগৰৰ এক অংশত আমাক লাহেকৈ নামিবলৈ দিয়া হ’ল। শৰীৰত প্ৰায় ২০ কিঃগ্ৰাঃ ওজন লৈ আমিও পানীত নামি দিলোঁ, এনে অনুভৱ হ’ল যেন কোনোবাই আমাক পিচপিনৰ পৰা প্ৰচণ্ড জোৰে ঠেলা মাৰি দিলে। কিছুপৰ পানীৰ তলত সামান্যভাৱে ডুব গৈ থাকি অক্সিজেন চিলিণ্ডাৰৰ জৰিয়তে উশাহ লোৱাৰ প্ৰশিক্ষণ দিয়া হ’ল আমাক। বুকুত এক চাপ অনুভৱ হ’ল, কৃত্ৰিমভাৱে অক্সিজেন গ্ৰহণ কৰি থকাৰ বাবে। তেনেদৰে প্ৰায় ৫ মিনিটমান থকাৰ পাছত আমি পাৰলৈ উঠি আহিলোঁ। বৰষুণৰ প্ৰকোপ তেতিয়াও কমা নাছিল, তথাপি মনত অদম্য সাহস তথা উত্‍সাহ লৈ আমি থিয় দিলোঁ মুখ্য জলভাগৰ সন্মুখত আৰু চাই পঠিয়ালোঁ সাগৰৰ শেষ সীমনালৈ, যিমান দূৰলৈ দৃষ্টি যায় সিমান দূৰলৈ; মাথোঁ পাৰ নোহোৱা নীলাভ সাগৰ আৰু সাগৰ, নিজৰ চকুকেই বিশ্বাস হোৱা নাছিল। কল্পনা কৰিলো ’জিন্দেগী না মিলেগি দোবাৰা’ৰ সেই চাৰিজন অভিনেতা-অভিনেত্ৰী যেন আমি চাৰিওজন বন্ধু। মি: চৌৰ নিৰ্দেশত আমি নামি পৰিলোঁ পানীত। প্ৰথম অৱস্থাত ন-শিকাৰু তিনিওজনে কিছু সমীহ কৰি আছিলোঁ, কিন্তু পাছলৈ সকলো সহজ হৈ পৰিল। কেতিয়াও নেদেখা নীলাভ সাগৰৰ শিলাময় পৃষ্ঠত সাৱধানেৰে আগুৱাবলৈ ধৰিলোঁ হাতত হাত ধৰি, গভীৰৰ পৰা গভীৰতৰলৈ। বাটত দেখি গ’লোঁ ৰং-বিৰঙৰ মাছ, কেঁকোৰা, শেলুৱৈ ইত্যাদি; সকলো মোৰ এক সপোন যেন অনুভৱ হ’ল। ধাৰাষাৰ বৰষুণ তেতিয়াও চলিয়েই আছিল, আৰু ইয়াৰ ফলত কেতিয়াবা পানী ঘোলা হৈ আমাৰ যাত্ৰাপথ কঠিন কৰি তুলিছিল। তথাপিও আমি আগবাঢ়ি গৈ থাকিলোঁ আৰু নিজকে এৰি দিলোঁ এই বিশাল জলৰাশিত। কেতিয়াবা যদি প্ৰৱালৰ ফাঁকেৰে মূৰ উলিয়াই থকা কমলা আৰু বগা বৰণীয়া ’ক্লাউন’ মাছে আমাক আদৰণি জনায় কেতিয়াবা আকৌ ’জেলি’ মাছৰ দল কাষেৰে পাৰ হৈ যায়। এপাকত অকণমানি সাগৰীয় ঘোঁৰাও দেখিবলৈ পালোঁ। এইদৰে গৈ গৈ আমি প্ৰায় ১০ মিটাৰ গভীৰতাত অৱস্থান কৰিলোঁ। মি: চৌয়ে হাতৰ ভংগীমাৰে আমাক অক্সিজেন চিলিণ্ডাৰৰ মাত্ৰা কিমান আছে সুধিলে। আমি চাই দেখিলো প্ৰায় ৬০% অক্সিজেন তেতিয়াও আছিল। এইখিনিতে কৈ থোৱা উচিত হ’ব যে অক্সিজেনৰ মাত্ৰা আৰু আপোনাৰ উত্তেজনাৰ ওতঃপ্ৰোতঃ সম্বন্ধ আছে। প্ৰথমতেই আমাক শিকোৱা হৈছিল উত্তেজিত তথা ভীতিগ্ৰস্থ নহ’বলৈ, অন্যথা ই আমাক খৰকৈ উশাহ ল’বলৈ বাধ্য কৰিব আৰু ফলত আমাৰ অক্সিজেনৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পাব। আমাক উভতি আহিবলৈও সমপৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হ’ব, সেয়ে আমি আৰু গভীৰলৈ নোযোৱাটোকেই ঠিৰাং কৰিলোঁ। যি ঠাইত আমি অৱস্থান কৰিলোঁ, সেইটুকুৰা ঠাইত শিলৰ পৰিমাণ তাকৰ আছিল, সেয়ে আমি তাত খোজ কঢ়াৰ প্ৰয়াস কৰিলোঁ। শৰীৰত যে অতিৰিক্ত ২০ কি:গ্ৰা: ওজন আছে, আমি অনুভৱেই নকৰা হ’লোঁ। হলিউদৰ বোলছবিত দেখুওৱা ধৰণে আমি শূন্যতে ঘূৰিবলৈ ধৰিলোঁ, যেন মধ্যাকৰ্ষণ শক্তিৰ কোনো অস্তিত্ব‍ই নাই তাত। বেচ আমোদ পালোঁ আমি। কিছুসময় পাছত মি: চৌৰ নিৰ্দেশত সকলো উভতিবলৈ সাজু হ’লোঁ। এইবাৰ কিন্তু ম‍ই মি: চৌৰ হাত এৰি দিলোঁ, মনৰ সকলো ভয় মোৰ তেতিয়ালৈ অদৃশ্য হৈ গৈছিল। প্ৰাণ খুলি সকলো বস্তু চুই চাই আমেজ ল’বলৈ ধৰিলোঁ; এইদৰে কেতিয়ানো পাৰত উঠিলোঁহি গমকেই নাপালোঁ। পাৰলৈ উঠিবলৈ খোজোঁতেহে পুনৰ অনুভৱ কৰিলোঁ শৰীৰত কঢ়িয়াই ফুৰা ২০ কি:গ্ৰা: ওজনৰ কথা।

 

গাড়ীৰে আমি পুনৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হ’লোঁ। বৰষুণৰ মাত্ৰা তেতিয়াও অপৰিৱৰ্তিত আছিল ফলত বাট-পথসমূহৰ কিছু অংশ পানীৰে উপচি পৰিছিল। কথা বিষম দেখি ততাতয়াকৈ কাপোৰ সলাই আমিও কিল’ঙলৈ যাবলৈ বুলি সাজু হ’লোঁ। মি: চৌৱে তেখেতৰ গাড়ীৰে কিল’ঙলৈ লৈ যোৱাৰ প্ৰস্তাব দিলে, আমিও ভালেই পালোঁ; কিন্তু বাটত বানপানী দেখি আদ-বাটতেই নামি তেখেতক বিদায় দিলোঁ, অন্যথা তেওঁ উভতি যোৱাৰ পৰলৈ পানীৰ পৰিমাণ আৰু বাঢ়ি যোৱা সম্ভাৱনা আছিল। আমি যি ঠাইত নামিলোঁ তাত এখন মেকডোনাল্ডৰ ৰেষ্টোৰা আছিল। তাতেই দিনৰ সাজটো খোৱা যাওক বুলি সোমাই গৈ সকলোৱে অৰ্দাৰ দিলোঁ বিভিন্ন খাদ্য সামগ্ৰীৰ। অৰ্দাৰ দি আমি খাদ্য সামগ্ৰীসমূহ লৈ টেবুলত বহিছোঁহে, তেনেতে প্ৰচণ্ড এক শব্দ‍ হ’ল আৰু ভূঁইকপ অহাৰ দৰে সকলো কঁপি উঠিল। আমিও ভূঁইকপ বুলি অনুমান কৰি বাহিৰলৈ ওলাই গ’লোঁ, তেনেতে আমাৰ কাষত থিয় হৈ থকা এগৰাকী মহিলাৰ বিকট চিঞৰ শুনি তেওঁ আঙুলিয়াই থকা দিশত চাই পঠিয়ালোঁ। যি দৃশ্য দেখিলোঁ সেয়া দেখি সকলো আতংকিত হৈ পৰিলোঁ। ৰেষ্টোৰাখনৰ পৰা কেইমিটাৰ মান আঁতৰত এখন নৈশবাছৰ তিনিগুণমানৰ সমান এটা প্ৰকাণ্ড শিল পথত পৰি আছে, আৰু তলত এখন ভাঙি চুচূৰ্মৈ হোৱা গাড়ী। লগেলগেই আমি অনুমান কৰিলোঁ সেয়া ভূঁইকপ নাছিল, আছিল এক প্ৰকাণ্ড ভূমিস্খলন। গাড়ীখনৰ অৱস্থালৈ চাই অনুমান কৰিলোঁ ভিতৰত কোনো জীৱিত অৱস্থাত নাই, কিন্তু তেনেতে দেখিলোঁ এজন লোক কেনেবাকৈ গাড়ীখনৰ পৰা ওলাই আহিছে আৰু সহায়ৰ বাবে আমাক হাতবাউল দি মাতি আছে। সেই দৃশ্য দেখি মুষলধাৰ বৰষুণকো নেওচি আমি অকণো পলম নকৰি লৰ দিলোঁ তেওঁলোকক উদ্ধাৰ কৰিবলৈ। চাইনি, প্ৰদীপ আৰু ৰজনীকান্ত মোতকৈ কেই ফাৰ্লংমান আগত থকা হেতুকে সিহঁত মোতকৈ আগতেই সেই ঠাইত উপস্থিত হ’ল। মোৰ হাতত তেওঁলোকৰ কেমেৰা, মোবাইল, ধনৰ মোনা দি দিয়া বাবে ম‍ই সেইবোৰ ৰেষ্টোৰাত সযতনে ৰাখিবলৈ উভতি গ’লোঁ; সেইবোৰ যথাস্থানত ৰাখি ম‍য়ো লৰ দিলোঁ উদ্ধাৰ কাৰ্য্যত সহায় কৰিবলৈ। তেতিয়ালৈ গাড়ীখনৰ ভিতৰৰ পৰা এগৰাকী মহিলাক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁক সকলোৱে কঢ়িয়াই ৰেষ্টোৰাখনৰ ভিতৰলৈ লৈ আনিলে। আচলতে সেই প্ৰকাণ্ড শিলটো তেওঁলোকৰ গাড়ীৰ পৰা কেইআঙুলমান দূৰত পৰিছিল, তাৰ পূৰ্বে পাহাৰৰ পৰা বাগৰি অহা মাটিয়ে গাড়ীখন ধংসস্তুপত পৰিণত কৰিলে। তেওঁলোক ইমানেই সৌভাগ্যবান আছিল যে মহিলাগৰাকীয়ে মগজুত সামান্য আঘাত পোৱাৰ বাদে আন একো ঘটনা সংঘটিত নহ’ল। এই সমগ্ৰ ঘটনাটো দূৰ্ঘটনাগ্ৰস্ত হোৱা গাড়ীখনৰ ঠিক পাচতেই আহি থকা আন এখন গাড়ীৰ কেমেৰাত বন্দী হৈছিল, পাচলৈ সেই ভিডিঅ’টোৱে ইউটিউবত বিশ্বব্যাপী তোলপাৰ লগাই দিছিল।

 

আচৰিত ভাৱে আমি চাৰিজন আৰু সেই প্ৰথমে গাড়ীৰ ভিতৰৰ পৰা হাতবাউল দি মতা লোকজনৰ বাদে কোনো আগবাঢ়ি যোৱা নাছিল উদ্ধাৰকাৰ্য্যত সহায় কৰিবলৈ। সকলোৰে বৰষুণলৈ ভয়। সেই সময়তে পুনৰ এটা শিল কাষৰ পাহাৰৰ পৰা বাগৰি অহাত সকলো আতংকিত হৈ পৰিল। কিন্তু এইবাৰ শিলটো পথলৈ নামি নাহিল, আঁতৰতেই ৰৈ গ’ল। সংজ্ঞা উভতাই পাই মহিলাগৰাকীয়ে নিজৰ বয়বস্তুবোৰ বিচাৰিবলৈ ধৰিলে। চাইনি, ৰজনীকান্ত আৰু প্ৰদীপ মহিলাগৰাকীৰ শুশ্ৰুষাত ব্যস্ত থকাত ম‍ই পুনৰ লৰ দিলোঁ গাড়ীখনলৈ বুলি। সেই ধংসস্তুপৰ মাজৰ পৰা বহু পৰ যুঁজি মূল্যবান সামগ্ৰী যেনে ধনৰ মোনা, মোবাইলফোন ইত্যাদি বিচাৰি উলিয়ালোঁ। কিছুসময় পাছত এম্বুলেঞ্চ অহাত তেওঁলোকক চিকিত্‍সাৰ বাবে পঠিয়াই দিয়া হ’ল, কিন্তু তেতিয়াও অ‍ইন কোনো এজন লোক আগবাঢ়ি নহাত আমি হতভম্ব হৈ পৰিলোঁ। তেতিয়ালৈ বৰষুণ এৰাত আমিও যাবলৈ ওলালোঁ। ভূমিস্খলনৰ ফলত গাড়ীৰ চলাচল বন্ধ কৰি দিয়া হৈছিল, সেয়ে খোজ কাঢ়িয়েই আমি ৰাওনা হ’লোঁ। কেইমিটাৰমান আগুৱাই আহিছোঁহে তেনেতে দেখিলোঁ পাহাৰৰ পৰা দুমহলীয়া ঘৰ এটা বাগৰি পৰিছেহি ৰাস্তাত। দেখি আমি শিঁয়ৰি উঠিলোঁ, অনুমান কৰিলোঁ খন্তেক আগতেই ঘটি গৈছে এই ঘটনা। কাষত থিয় হৈ থকা আৰক্ষীৰ লোক এজনক সোধাত ক’লে যে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত, কথাটো শুনি আমিও সকাহ পালোঁ। তথাপি সেই ঠাইত আৰু পলম নকৰি আমি বেগাই খোজ দিলোঁ কিল’ঙ অভিমুখে, কিয়নো ৰুইফাঙৰ সোঁফালে যদি সাগৰ তেন্তে বাওঁফালে পাহাৰ। এনে পৰিস্থিতিত তাত সময় কটোৱাটো বিপদসংকুল। কিছুদূৰ খোজ কাঢ়ি অহাৰ পাছত এখন বাছত আমি উঠি দিলোঁ কিল’ঙলৈ বুলি।

 

তেতিয়ালৈ সন্ধিয়া লগিছিল, সেয়ে দুটাকৈ ভূমিস্খলন নিজ চকুৰে দেখি বাছেৰে টাইপেইলৈ অহাটো সুবিধাজনক বুলি নাভবিলোঁ আৰু কিল’ঙৰ পৰা ৰেলত উঠি দিলোঁ। কিল’ঙৰ পৰা টাইপেইলৈ আহি থাকোঁতে বাটত শুনিবলৈ পালোঁ ৰুইফাংৰ পৰা কিছু নিলগত ৰেলপথ থকা সুৰংগ এটাত ভূমিস্খলন হৈ এখন ৰেল দূৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ইয়াৰ ফলত কেইবাজনো লোক হতা-হত হৈছে গুৰুতৰভাৱে। ভগৱানক মনে মনে কামনা কৰিলোঁ যেন আজিৰ দিনটোত আমাক আৰু একো উত্তেজনা নিদিয়ে আৰু সুকলমে ঘৰলৈ যোৱাত সুবিধা কৰি দিয়ে। ভাগৰে জুৰুলা কৰা দেহা লৈ অৱশেষত সন্ধিয়া প্ৰায় ৮ মান বজাত আমি ঘৰ পালোঁহি। আনসকলোৰে মনৰ পৰা সেই বৰ্ষামুখৰ ৰুইফাঙৰ দুপৰীয়াটো মচ খাই গ’লেও অন্ততঃ ৰজনী, প্ৰদীপ, চাইনি, ম‍ই আৰু দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনত থকা সৌভাগ্যবান পতি-পত্নীহালে কেতিয়াও নাপাহৰোঁ।

 

ইউটিউবত থকা ভিডিঅটো :

https://www.youtube.com/watch?feature=player_embedded&v=8wWuH7MIeCA

 

মোৰ কেমেৰাত বন্দী কৰা ভিডিঅ’টো:

https://www.youtube.com/watch?v=XZ_p16IbUVc

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments