ৰুটছ্“ আৰু আমেৰিকাৰ ক্ৰীতদাস ব্যৱস্থা – মীনাক্ষী বৰুৱা

“এই জগতত ইতিহাস ৰচনাৰ অধিকাৰ একমাত্ৰ বিজয়ী পক্ষৰে নাথাকে৷ নিপীড়িতজনৰ ইতিহাসো কোনো কোনো ক্ষেত্ৰত মহত্তৰ হৈ উঠে৷ “ – পুলিৎঝাৰ বঁটাপ্ৰাপ্ত আমেৰিকান উপন্যাস “ৰুটছ্“ৰ এয়া শেষ বাক্য৷ মহাকাব্য হিচাপে অভিহিত এই উপন্যাসখনত যুক্তৰাষ্ট্ৰৰ ক্ৰীতদাস ব্যৱস্থাটোক ভয়ংকৰ সত্য ৰূপত উপস্থাপন কৰা হৈছে৷ “ৰুটছ্“ প্ৰকৃতাৰ্থত উপন্যাস নহয়, ই এক ইতিহাস৷ ইতিহাসৰ এক বিশেষ সময়ৰ সত্য ঘটনা আৰু সমাজ ব্যৱস্থাক লৈ ইয়াৰ কাহিনীভাগ আগুৱাই গৈছে৷ গ্ৰন্থখনিৰ লেখক আলেক্স হেলী৷ ৭০৪ পৃষ্ঠাৰ মূল গ্ৰন্থখনি অসমীয়া ভাষালৈ সংক্ষিপ্ত অনুবাদ কৰিছে মীনাক্ষি বুঢ়াগোহাঁইয়ে৷ ৩২৮ পৃষ্ঠাৰে সীমাবদ্ধ কৰা এই অনুবাদ গ্ৰন্থখনিৰ প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্৷ মূল্য ১৮০.০০ টকা মাত্ৰ৷ গ্ৰন্থখনি প্ৰায় চল্লিশটা ভাষালৈ অনুদিত হৈছে৷

এসময়ত আফ্ৰিকা মহাদেশৰ লক্ষ লক্ষ ক’লা মানুহক আমেৰিকাৰ বগা মানুহে গুপ্তচৰৰ সহায়ত বাহুবল প্ৰয়োগ কৰি বন্দী কৰিছিল আৰু নৰক যন্ত্ৰণাৰ মাজেৰে নিজৰ দেশলৈ লৈ গৈ নিলাম বজাৰত বিক্ৰী কৰিছিল৷ তেওঁলোকৰ হাত-ভৰি শিকলিৰে বান্ধি পেলোৱা হৈছিল আৰু টনা-আজোৰা কৰিলে অকথ্য নিৰ্য্যাতন কৰা হৈছিল৷ জাহাজৰ নিম্ন খাপৰ ঠেক, অন্ধকাৰ কেবিনত, অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকক ৰখা হৈছিল৷ বন্দীসকলে প্ৰতি মুহূৰ্ততে অকল্পনীয় দুখ-কষ্ট ভোগ কৰিব লগা হৈছিল৷ তেওঁলোকৰ মাজৰ কিছুমানে এই অত্যাচাৰ সহিব নোৱাৰি সুযোগ পালেই সাগৰত জঁপিয়াই মৃত্যুক আকোঁৱালি লৈছিল৷ আন কিছুমান ৰোগাক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল৷ মল-মূত্ৰ আৰু বমিৰ দুৰ্গন্ধ আদিৰ মাজেৰে দিন-ৰাতি পাৰ কৰা বন্দীসকলৰ ভিতৰত শিশু আৰু মহিলাও আছিল৷ পুৰুষ মহিলা ভেদে বন্দীসকলক সততে উলঙ্গ কৰি ৰখা হৈছিল৷

উপন্যাসখন আৰম্ভ কৰা হৈছে ১৭৫০ চনত জন্ম লাভ কৰা কুণ্টা কিণ্টে নামৰ এটি শিশুৰ কথাৰে৷ তেওঁ পশ্চিম আফ্ৰিকাৰ গাম্বিয়া নদীৰ পাৰত অৱস্থিত জুফুৰে গাঁৱৰ বাসিন্দা আছিল৷ জুফুৰে গাঁৱৰ লোকসকলৰ মূল জীৱিকা আছিল ধান খেতি আৰু পশু-পক্ষীৰ চিকাৰ৷ দৰিদ্ৰতাই চেপি-খুন্দি থকা গাওঁখনত ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৱে বছৰৰ আধা দিন ভোকৰ জ্বালা সহিব লগা হৈছিল৷ ৰোগ আৰু দুৰ্ভিক্ষত বছৰি বহু মানুহৰ মৃত্যু হৈছিল৷ গাওঁখনত অনবৰতে এটা শোকৰ আৰ্তনাদ চলিয়েই থাকে৷ গাৱঁৰ অধিক সংখ্যক লোকেই মানদিনকা জাতিৰ লোক আছিল৷ জাতিৰ পৰম্পৰা অনুসৰি তেওঁলোকে কিছুমান কঠোৰ নিয়ম মানিব লাগে৷ এনে নিয়মৰ মাজেৰেই কুণ্টা নামৰ ল’ৰাটো ডাঙৰ হ’বলৈ ধৰিলে৷ শৰীৰ-মন শক্তিশালী কৰাৰ শিক্ষা শৈশৱতে আৰম্ভ হ’ল৷ মানদিনকা জাতিৰ লোকসকলে বিশ্বাস কৰে যে, দুৰ্বল ব্যক্তিসকল পৰিয়াল, গাওঁ তথা সমগ্ৰ জাতিৰ বাবে কলংক৷ সেয়ে বিষাক্ত কীট-পতঙ্গ আৰু হিংস্ৰ জন্তুক কাবু কৰাৰ কৌশলো তেওঁলোকক সৰুৰেপৰাই শিকোৱা হয়৷ বয়সভেদে যুদ্ধবিদ্যা, মল্লবিদ্যা, ধৰ্মীয় জ্ঞান, বুৰঞ্জী আদি বিষয়ৰ শিক্ষাও দিয়া হয়৷ পুৰুষসকলক মনৰ আবেগ উচ্ছ্বাস নিয়ন্ত্ৰিত কৰি ৰখাৰ অনুশীলন কৰোৱা হয়৷
কুণ্টাৰ বাবে তাৰ দেউতাক অমোৰো আছিল বিশাল মহীৰূহ স্বৰূপ৷ মাক বিণ্টা আছিল বেছ সাদৰী মহিলা৷ কুণ্টা পিতৃ-মাতৃৰ প্ৰথম সন্তান৷ দহ/ পোন্ধৰ বছৰীয়া জীৱনটোত কুণ্টাই যিবোৰ কথা শুনিছে বা শিকিছে সেইবোৰ ডাঙৰ ভায়েক লেমিনকো শিকাব বিচাৰে৷ বাকী দুটা ভায়েক নিচেই সৰু৷ এই কথাবোৰ কুণ্টাই সৰু থাকোঁতে আইতাকৰ আৰু দেউতাকৰ মুখৰপৰা শুনিছিল৷ ভায়েকক কথাবোৰ কৈ থকাৰ সময়ত কুণ্টাৰ নিজকে ডাঙৰ মানুহ যেন লাগে৷ এবাৰ কুণ্টাই আইতাকক সুধিছিল-
“ক্ৰীতদাস কেনেকৈ হয় আইতা? “
আইতাকে গোপন কথা কোৱাৰ দৰে কৈ গৈছিল –
“নানাভাৱে হ’ব পাৰে৷ ক্ৰীতদাসৰ সন্তান ক্ৰীতদাস হ’ব পাৰে৷ দুৰ্ভিক্ষৰ দিনত খাদ্যৰ বিনিময়ত নিজৰ স্বাধীনতা বিক্ৰী কৰি দাসত্ত্ব গ্ৰহণ কৰিব পাৰি৷ যুদ্ধবন্দী বা অপৰাধীবোৰো ক্ৰীতদাস হয়“ ইত্যাদি৷
কেম্বি নদীৰ পাৰত ক্ৰীতদাস কিনা-বেচা হোৱাৰ কথা অৱশ্যে কুণ্টাই শুনিছে৷ বগা মানুহবোৰে চুৰি কৰি ধৰি অনা মানুহক হেনো শিকলিৰে বান্ধি সজাত ভৰাই থয়৷ চাৰিওফালে পহৰাদাৰী থাকে৷ এইবোৰ কথা তাক আব্বাই কৈছে৷ বগা মানুহবোৰ সিংহ আৰু চিতাবাঘতকৈও বিপজ্জনক৷ সিহঁতে বন্দীবোৰক গৰম লোহাৰে গাত চিন দিয়ে আৰু জাহাজত উঠাই নিজৰ দেশলৈ লৈ যায়৷ ক্ৰীতদাস ধৰিবলৈ বগা মানুহবোৰ জংঘলৰ মাজত লুকাই থাকে৷ সিহঁতৰ গাৰ গোন্ধ পানীত ভিজা মুৰ্গীৰ দৰে৷ ক্ৰীতদাস ধৰিবৰ বাবে সিহঁতে কেতিয়াবা একোখন গাওঁ পৰ্যন্ত জ্বলাই দিব পাৰে৷ ককায়েকৰ মুখত কথাবোৰ শুনি লেমিনৰ বৰ ভয় লাগে৷ কুণ্টাই তাক সাৱধান হ’বলৈ উপদেশ দিয়ে৷ লেমিনে ভাবে কুণ্টাতকৈ জ্ঞানী মানুহ এই পৃথিৱীত আৰু কোনো নাই৷
সময় আগবাঢ়িল৷ কুণ্টা ১৭ বছৰীয়া হ’ল৷ এদিন দবা সজা কাঠ বিচাৰি কুণ্টাই জংঘলৰ ভিতৰত প্ৰৱেশ কৰিছিল৷ তাতেই ক’লা গুপ্তচৰৰ সৈতে খাপ পিটি থকা বগা মানুহ দুটাই কুণ্টাক হঠাতে আক্ৰমণ কৰি বগৰাই পেলালে৷ ইয়াৰ পিছতে কুণ্টাৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা৷ ভায়েকক সাধু কোৱা সাহিয়াল ল’ৰাটো নিজেই এটা সাধুকথাত পৰিণত হ’ল৷ সেই মুহূৰ্তৰপৰা কুণ্টাই কেতিয়াও আৰু তাৰ মাক-দেউতাক, ভায়েকহঁত, মৰমৰ বন্ধুবোৰ আৰু গাওঁখনক দেখা নাপালে৷
আটলাণ্টিক মহাসাগৰৰ বুকুৱেদি জাহাজত বন্দীসকলক লৈ যোৱা হ’ল৷ চাৰিমহীয়া এই যাত্ৰাত কুণ্টাহঁতে উলঙ্গ দেহত প্ৰায় প্ৰতিদিনে বিভিন্ন অজুহাতত চাবুকৰ কোব খাব লগা হৈছিল৷ শৰীৰত লোৰ ৰদেৰে বৰ নৃশংসভাৱে আঘাত হানিছিল৷ নৰক সদৃশ অন্ধকাৰ কেবিনত শিকলিৰে জপটিয়াই বান্ধি মুখত অখাদ্য ঢালি দিয়া হৈছিল৷ বুকুফটা আৰ্তনাদ আৰু প্ৰাৰ্থনাৰ মাজতে বহুতৰ মৃত্যু হৈছিল৷ বিষ, যন্ত্ৰণা, দুৰ্গন্ধ, তেজ-পূঁজ আদিৰ সৈতে সহবাস কৰি কৰি বন্দীবোৰ প্ৰায়েই মূৰ্চ্ছা গৈছিল৷ চিঞৰি চিঞৰি বাক্ শক্তি হেৰুৱাইছিল৷ সৰুতে কুণ্টাই আইতাক আৰু দেউতাকৰ মুখত শুনা কাহিনীবোৰ সত্য বুলি প্ৰমাণিত হৈছিল৷ কুণ্টাৰ বগা মানুহবোৰক হত্যা কৰি সাগৰত দলিয়াই দিবলৈ মন গৈছিল৷ কিন্তু অহৰহ পহৰাৰ মাজত বন্দীবোৰে লৰচৰ কৰাটোও আছিল এক অপৰাধ! নীৰৱে যন্ত্ৰণা ভোগ কৰাৰ বাহিৰে কুণ্টাহঁতৰ আন কোনো উপায় নাছিল৷ গন্তব্য স্থান পোৱাৰ পিছত বন্দীবোৰক মানুহ কিনা-বেচা কৰা বজাৰ এখনত উপস্থিত কৰোৱা হৈছিল৷ তাতেই গ্ৰাহকসকলে বন্দীৰ সৰ্বাংগত হাত ফুৰাই ফুৰাই পচন্দৰ ক্ৰীতদাস নিৰ্বাচন কৰিছিল৷ ১৭ বছৰীয়া কৰ্মঠ যুৱক কুণ্টা কিণ্টেৰ বাবে বজাৰৰ সৰ্বোৎকৃষ্ট দৰ উঠিছিল চাৰে আঠ ডলাৰলৈকে৷ ভাৰ্জেনিয়া ৰাজ্যৰ স্পটচিলভেনিয়া জিলাৰজন ৱালাৰ চাহাবে খেতি-বাতিৰ কামত লগাবৰ বাবে কুণ্টাক কিনি ল’লে৷ বগা চাহাবৰ নিয়ম অনুসৰি কুণ্টাৰ নাম সলনি কৰি “টবি“ ৰখা হ’ল৷
দুৰন্ত তৰুণ কুণ্টাই ইমান সহজতে নিজৰ দাসত্ত্বক স্বীকাৰ কৰি ল’ব পৰা নাছিল৷ সেয়ে চাৰিবাৰকৈ পলায়ন কৰাৰ চেষ্টা চলাইছিল৷ কিন্তু চাহাবৰ হিংস্ৰ কুকুৰ লগাই বাৰে বাৰে তেওঁক ধৰি অনা হ’ল৷ প্ৰতিবাৰেই শৰীৰৰ ওপৰেদি পাৰ হৈ গৈছিল অসহনীয় নিগ্ৰহ৷ কুণ্টা আকৌ যাতে পলাব নোৱাৰে তাৰ ব্যৱস্থা হিচাপে সোঁ ভৰিৰ পতাখন বান্ধি লৈ একে ঘাপে আগ অংশটো কাটি পেলোৱা হ’ল৷ খঙতে মালিকে কুণ্টাক ভায়েকৰ ঘৰলৈ হস্তান্তৰ কৰিলে৷ ভায়েক উইলিয়াম ৱালাৰ আছিল পেচাত ডাক্তৰ৷ তেওঁ তুলনামূলকভাৱে ভাল মানুহ আছিল৷ দোষ নকৰিলে অদৰকাৰত ক্ৰীতদাসক অন্ততঃ বিক্ৰী নকৰিছিল৷ কুণ্টাই প্ৰথমতে মালীৰ কাম কৰিব লগা হৈছিল আৰু পিছলৈ ডাক্তৰৰ ঘোঁৰা গাড়ীৰ চালক হিচাপে কাম কৰিছিল৷ অল্পভাষী টবিয়ে অতি কম দিনৰ ভিতৰতে মালিকৰ মৰম, বিশ্বাস আৰু আস্থা পাবলৈ সক্ষম হৈছিল৷
ভাৰ্জেনিয়াৰ লোকসকল মূলতঃ আছিল ব্যৱসায়ী৷ শস্যক্ষেত্ৰবোৰৰ বাবে তেওঁলোকক বহুত কৃষিকৰ্মীৰ প্ৰয়োজন হৈছিল৷ এই মালিকসকলে ইংলেণ্ডলৈ ধপাত ৰপ্তানি কৰিয়েই জীৱিকা নিৰ্বাহ কৰিছিল৷ আমেৰিকাৰ অৰ্থনৈতিক ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বন্দী ক্ৰীতদাসসকলৰ অৱদান আছিল অনস্বীকাৰ্য৷ পিছলৈ আমেৰিকাৰ জীৱন আৰু ইতিহাসৰ তেওঁলোক এৰাব নোৱাৰা অংশ হৈ পৰিল৷ শ শ মাইল জুৰি হোৱা কপাহৰ খেতি আৰু খেতিপথাৰ ক্ৰীতদাসসকলৰ যত্নত নদন-বদন হৈ উঠিছিল৷ এই ফচলৰ সহায়তেই খেতিপথাৰৰ শ্বেতকায় মালিকসকলৰ কোটি কোটি টকা উপাৰ্জনৰ পথ সুগম হৈছিল৷ ক্ৰীতদাসৰ সংখ্যা বঢ়া মানেই অৰ্থ আৰু সম্পদ বঢ়া৷ ছবছৰ বয়সৰ পৰা ক্ৰীতদাসৰ সন্তান খেতিপথাৰলৈ যাব লাগে৷ প্ৰতিজন ক্ৰীতদাসৰে নাম-ঠিকনা তথ্য সংগ্ৰহৰ বহীত টুকি ৰখা হৈছিল৷
চিলমিলিয়া টোপনিত কুণ্টাই প্ৰায়েই মাকক সপোনত দেখে৷ গভীৰ দুখত তেওঁ উচুপি উঠে৷ কিন্তু পিছ মুহূৰ্ততে মনলৈ শক্তি আনি এই দেশৰপৰা এদিন পলাই যোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হয়৷ পিছে কুণ্টাৰ সেই প্ৰতিজ্ঞা পূৰণ হ’লনে?
দিন গৈ থাকিল৷ প্ৰতি বছৰেই কুণ্টাই লাওৰ শুকান খোলা এটাত বয়সৰ হিচাপ ৰখাৰ বাবে এটা এটাকৈ শিলগুটি জমা কৰি গৈছিল৷ ৩৭ বছৰ বয়সত কুণ্টাই একে মালিকৰ অধীনত কাম কৰা ৰান্ধনী বেলক বিয়া পাতিলে৷ একে জাতিৰ হ’লেও আফ্ৰিকাৰ সৈতে বেলৰ পৰিচয় নাছিল৷ তেওঁ আছিল বৰ্ণসংকৰ সন্তান৷ ক্ৰীতদাসৰ গৰ্ভত তেওঁৰ জন্ম হৈছিল আৰু খ্ৰীষ্টান ৰীতি-নীতিৰ মাজত ডাঙৰ হৈছিল৷ বিয়াৰ পিছৰেপৰা কুণ্টাৰ মনত আফ্ৰিকাৰ জুফুৰে গাঁৱৰ স্মৃতি লাহে লাহে ধূসৰ হৈ আহিল৷
কুণ্টা আৰু বেলৰ একমাত্ৰ জী কিজী৷ জীয়েকক মনে মনে কুণ্টাই নিজৰ ভাষাৰ কিছুমান শব্দ আৰু ৰীতি-নীতিৰ জ্ঞান দিয়ে৷ দেশ আৰু জাতিৰ সাধু কয়৷ দেশৰ বুৰঞ্জী মুখে মুখে বাগৰি যোৱা মানদিনকা জাতিৰ নিয়মটো কুণ্টাই ধৰি ৰাখিব বিচাৰিছিল৷ এনেকৈয়ে কিণ্টে বংশৰ যশোগাঁথা এটাৰ পিছত এটা প্ৰজন্মলৈ বাগৰি গৈ থাকিল৷
আশ্চৰ্যজনক কথা এই যে, সেই সময়ত যুক্তৰাষ্ট্ৰৰ আইন-আদালতো আছিল “দাস-ধৰা“ ব্যৱসায়ৰ সপক্ষে৷ দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু আইন ৰক্ষকসকলেও এই প্ৰথাক স্বতঃসিদ্ধ বুলি গণ্য কৰিছিল৷ কেৱল ক্ৰীতদাসৰ প্ৰতি প্ৰযোজ্য শাস্তিসমূহহে সময়ে সময়ে সলনি কৰা হৈছিল৷ আইন অমান্য কৰাৰ বাবে তেওঁলোকৰ শাস্তি আছিল বিভিন্ন প্ৰকাৰৰ৷ মিছা কথা কোৱা, চকুত চকু থৈ কথা কোৱা, শোৱনি কোঠাত সোমোৱা, চুৰ কৰা, ক্ষোভ প্ৰকাশ কৰা- এই সকলোবোৰ দোষৰে শাস্তি আছিল বেলেগ বেলেগ৷ ক্ৰীতদাসৰ বাবে লিখা-পঢ়াৰ কোনো ব্যৱস্থা নাছিল৷ মালিকৰ অত্যাচাৰত কাৰোবাৰ মৃত্যু হ’লে কোনো দায়ী হ’ব নোৱাৰে৷ অবাধ্য ক্ৰীতদাসসকলৰ হাত উতলা গৰম পানীত সুমুৱাই শাস্তি দিয়াটো আছিল নিচেই সাধাৰণ কথা৷ প্ৰতিবাদৰ ক্ষমতা বা অধিকাৰ তেওঁলোকৰ নাছিল৷ অপৰাধ গুৰুতৰ হ’লে জীৱন্তে পুৰি পেলোৱাৰ উদাহৰণো নথকা নহয়৷ সেইদৰে ক্ৰীতদাসীসকলকো অবাধ যৌন সংসৰ্গত ব্যৱহাৰ কৰা হৈছিল৷ যিমানে সন্তান জন্মে সিমানে মালিকৰ লাভ৷ ক্ৰীতদাসীৰ গৰ্ভত শ্বেতাংগ শিশু জন্ম হ’লে মাৰি পেলোৱা হয়৷ এইক্ষেত্ৰত চাহাবৰ পত্নী সকলৰো মাত মতাৰ অধিকাৰ নাছিল৷ ক্ৰীতদাসসকলৰ ইমান সঘনাই কিনা-বেচা হৈছিল যে, সন্তানবোৰে নিজৰ পিতৃ-মাতৃক চিনি পোৱা বা সম্পৰ্ক ৰক্ষা কৰা সম্ভৱ নাছিল৷ তেওঁলোকৰ জীৱনৰ দাম গৰু-ছাগলীতকৈও কম আছিল৷ অনবৰতে এটা আতংকৰ মাজত জীৱন অতিবাহিত হৈছিল৷
ভৰিৰ এটা অংশ বিচ্ছিন্ন কৰাৰ পিছত কুণ্টাই দাসত্ত্বক স্বীকাৰ কৰি ল’বলৈ বাধ্য হ’ল৷ তেওঁৰ পঙ্গুত্ব আৰু বিশ্বস্ততাৰ বাবেই ডাক্তৰ ৱালাৰৰ জমিদাৰীত তেওঁ আজীৱন থকাৰ সুযোগ পালে৷ গ্ৰন্থখনিত কুণ্টাৰ পৰৱৰ্তী প্ৰজন্মই যিসকল বগা চাহাবক মালিক হিচাপে লগ পালে তেওঁলোককো অৱশ্যে ভাল মানুহ হিচাপেই দেখুওৱা হৈছে৷ লী চাহাব, মাৰে চাহাব, ৰাছেল চাহাব আদি আছিল কুণ্টাৰ পৰৱৰ্তী প্ৰজন্মৰ ভিন ভিন সময়ৰ ’ভাল মালিক’৷ আফ্ৰিকাৰপৰা ধৰি অনা মানুহবোৰৰ তুলনাত কুণ্টাৰ বুদ্ধি, বিবেচনা, গাম্ভীৰ্য, বিশ্বাস ৰক্ষা কৰাৰ ক্ষমতা বেছি আছিল৷ তেওঁ আছিল প্ৰচুৰ আত্মমৰ্যাদাবোধসম্পন্ন ব্যক্তি৷
কুণ্টাৰ বন্দীত্বৰ প্ৰায় এশ বছৰৰ পাছত, ১৮৬৩ চনত আমেৰিকাৰ ১৬ তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে ক্ৰীতদাসৰ মুক্তিপত্ৰত চহী কৰিলে৷ এই স্বাক্ষৰে চাহাবসকলৰ যুগ যুগৰ গৌৰৱ আৰু অহংকাৰ মুহূৰ্ততে ধূলিসাৎ কৰি দিলে৷ ১৬১৯ চনত এখন ওলণ্ডাজ জাহাজেৰে আৰম্ভ হোৱা এক কলংকিত অধ্যায়ৰ অৱসান ঘটিল৷ অৱশ্যে ইয়াৰ কিছুবছৰ আগতেই ১৮৫৯ চনত কুণ্টাৰ নাতি ’চিকেন জৰ্জে’ মালিকৰ সৈতে হোৱা দুবছৰীয়া চুক্তিৰ বিনিময়ত স্বাধীনতা লাভ কৰিছিল৷ কিন্তু তেওঁৰ পত্নী-পুত্ৰ, নাতি-নাতিনীসকল তেতিয়াও স্বাধীন হোৱা নাছিল৷ আমেৰিকাৰ গৃহযুদ্ধই ক্ৰীতদাসসকলৰ মাজত ত্ৰাস আৰু হতাশাৰ সৃষ্টি কৰিছিল৷ ১৮৬৫ চনত দক্ষিণৰ শক্তি বাহিনীৰ পতন ঘটাৰ পিছত ক্ৰীতদাস বস্তিত উল্লাসৰ সীমা নোহোৱা হ’ল৷ অভিশপ্ত জীৱনৰ অন্ত পৰাত ক্ৰীতদাসসকলে মুক্ত আকাশৰ তলত হেঁপাহ পলুৱাই নাচিবলৈ ধৰিলে৷ ইয়াৰ অলপ দিনৰ ভিতৰতে ৰাষ্ট্ৰপতি লিংকনৰ হত্যাৰ খবৰে উৎসৱৰ আনন্দ গভীৰ বিষাদ আৰু শোকত পৰিণত কৰিলে৷
ইতিমধ্যে চিকেন জৰ্জৰ পৰিয়ালটিক মাৰে চাহাবে স্বাধীন বুলি ঘোষণা কৰিছিল৷ তেওঁলোকে টেনেচি ৰাজ্যৰ হেনিঙলৈ আহি উপনিৱেশ স্থাপন কৰিলে৷ ২৮খন গাড়ীত মালপত্ৰ বোজাই কৰি স্বাধীনতাৰ সুখ লৈ সপোনৰাজ্যলৈ যাত্ৰা কৰাৰ অভূতপূৰ্ব প্ৰস্তুতি চলিছিল৷ উল্লেখযোগ্য যে এই যাত্ৰাৰ সমভাগী হ’বলৈ এহাল দৰিদ্ৰ বগা দম্পতীও আগবাঢ়ি আহিছিল৷ ২৯খন গাড়ীৰ দীঘলীয়া শাৰীৰ একেবাৰে আগত আছিল কুণ্টাৰ নাতি ল’ৰা চিকেন জৰ্জ৷ তেওঁৰ বয়স তেতিয়া ৬৭ বছৰ হৈছিল৷ নতুন মানুহখিনিৰ উৎসাহ আৰু পৰিশ্ৰমৰ ফলত অঞ্চলটো দিনে দিনে উন্নত হৈ আহি থাকিল৷ দোকানঘৰ, গীৰ্জাঘৰ, স্কুল, কলেজ প্ৰতিষ্ঠা হ’ল৷ চিকেন জৰ্জৰ সুযোগ্য পুত্ৰ টমৰ ছোৱালী আছিল চিন্থিয়া৷ চিন্থিয়াৰ একমাত্ৰ কন্যা বাৰ্থা৷ বাৰ্থা আছিল বংশৰ প্ৰথম কলেজলৈ যোৱা ছোৱালী৷ তেওঁ কৃষি কলেজৰ অধ্যাপক চাইমন হেলীক বিয়া কৰাইছিল৷ তেওঁলোকৰ তিনিটা সন্তানৰ ভিতৰত প্ৰথম সন্তানজনেই হ’ল এই গ্ৰন্থৰ লেখক আলেক্স হেলী৷ আলেক্সে সৰুতেই আইতাক আৰু আইতাকৰ বাই-ভনী, ভাগিন-ভতিজাসকলৰ মুখত ’মালিক’, ’মালিকনী’, ’জমিদাৰী’ আদি শব্দবোৰ আৰু প্ৰমাতামহৰ কাহিনী শুনিছিল৷ কিন্তু এই শব্দবোৰৰ সৈতে তেওঁৰ কোনো পৰিচয় নাছিল৷ ডাঙৰ হোৱাৰ পিছত পূৰ্বপুৰুষৰ কথাবোৰ জানিবলৈ তেওঁ উদগ্ৰীৱ হৈ পৰিল৷ পৰিয়ালৰ আইতা এগৰাকীৰ পৰা কিছু তথ্য আৰু উৎসাহ সংগ্ৰহ কৰি তেওঁ কিতাপখন লিখাৰ তাগিদা অনুভৱ কৰিলে৷ পৰিশিষ্টত তেওঁ কিতাপখনৰ জন্ম কাহিনী সন্নিবিষ্ট কৰিছে৷ দুশ বছৰৰ আগৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰিবলৈ তেওঁ উল্লিখিত ঠাই সমূহ পৰিদৰ্শন কৰাৰ লগতে জাহাজৰ তল অংশত থকা ঠাণ্ডা, আন্ধাৰ কুঠৰীত সোমাই উদং দেহাৰে ৰুক্ষ তক্তাত শুই চাইছে৷ বন্দীসকলৰ যন্ত্ৰণাক মনে-প্ৰাণে অনুধাৱন কৰাৰ প্ৰয়াস কৰিছে৷
এই বিশ্ববিখ্যাত গ্ৰন্থখনিত সাতটা প্ৰজন্মক সাঙুৰি লোৱা হৈছে আৰু তেওঁলোকৰ জীৱনৰ ছবিসমূহ ভাগে ভাগে অংকন কৰা হৈছে৷ উল্লিখিত ঘটনা সমূহৰ তথ্য উদ্ধাৰৰ বাবে ১২ বছৰ অনুসন্ধান, গৱেষণা, পাঁচ লাখ মাইল ভ্ৰমণ, পঞ্চাশটা লাইব্ৰেৰী, আৰ্কাইভৰ সহায় লোৱা হৈছে৷ কুণ্টা কিণ্টেৰ শৈশৱ বিচাৰি লেখক হেলী দুবাৰকৈ সুদূৰ আফ্ৰিকাৰ জুফুৰে গাঁৱত উপস্থিত হৈছিলগৈ৷ গ্ৰন্থখন পঢ়ি অঁতোৱাৰ পিছত অনুভৱ কৰিলোঁ, যুক্তৰাষ্ট্ৰৰ প্ৰতিজন কৃষ্ণবৰ্ণ লোকৰ অতীতত নিশ্চয় কুণ্টাৰ দৰে এজন পূৰ্বপুৰুষৰ অস্তিত্ব আছে৷ এই নিষ্ঠুৰ বাস্তৱক লেখকে তেওঁৰ কৌশলী হাতেৰে দস্তাৱেজত পৰিণত কৰিলে৷ কিতাপখনৰ শেষৰ ফাললৈ কুণ্টা কিণ্টে ইতিহাসৰ এক শক্তিশালী চৰিত্ৰ হৈ ৰ’লগৈ৷ এই সম্পৰ্কে অধিক কথা জানিবলৈ ইণ্টাৰনেটত চকু ফুৰাইছিলোঁ৷ হেলীৰ কাহিনীসমূহ প্ৰথম সম্প্ৰচাৰিত হৈছিল ABC অনাতাঁৰ যোগে৷ মূল গ্ৰন্থ “Rootsঃ The Saga of an American Family“ ৰ আধাৰত দুখনকৈ ধাৰাবাহিক আৰু চিনেমা নিৰ্মাণ কৰা হৈছে৷ ইয়াৰে আঠটা খণ্ডৰ 1977 miniseriesখন চাই মই পুনৰবাৰ শিয়ৰি উঠিলোঁ৷ এই ধাৰাবাহিকখন প্ৰচাৰৰ লগে লগে আমেৰিকাত আলোড়নৰ সৃষ্টি হৈছিল৷ স্তমভিত হৈ উঠিছিল সভ্য জগত৷ আমেৰিকাৰ 130 millions দৰ্শকে যথেষ্ট উৎকণ্ঠাৰে পৰৱৰ্তী খণ্ডলৈ অপেক্ষা কৰিছিল৷ সেই সম্প্ৰচাৰত কুণ্টা কিণ্টেৰ মৃত্যু 1822 চনত হোৱা বুলি কোৱা হৈছিল৷ বিক্ৰী কৰাৰ বহুদিন পিছত কুণ্টাৰ জীয়াৰী কিজীক ৰেণল্ড কৃষিক্ষেত্ৰলৈ এবাৰ লৈ যোৱা হৈছিল৷ তাতেই তেওঁ এই সংবাদ পাইছিল যে মাতৃ বেলক মালিকে বেচি দিছিল৷ এই দুখ সহিব নোৱাৰি দুবছৰৰ পিছতে, অৰ্থাৎ 1822 চনত কুণ্টা কিণ্টেৰ মৃত্যু ঘটিছিল৷ কিজীয়ে পিতৃৰ সমাধিটো বিচাৰি উলিয়াইছিল আৰু সমাধিশিলাত লিখি থোৱা “টবি“ নামটো সলাই “কুণ্টা কিণ্টে“ বুলি লিখি থৈ আহিছিল৷ অৱশ্যে অনুদিত গ্ৰন্থখনিত এই তথ্যৰ উল্লেখ নাই৷

স্বাধীন হোৱাৰ পিছতো আমেৰিকাত ক’লা মানুহৰ প্ৰতি বগা মানুহৰ লেই-লেই ছেই-ছেই ভাৱৰ অৱসান ঘটা নাছিল৷ কৃষ্ণাঙ্গ সংগীতজ্ঞ পল ৰবচন তাৰেই জ্বলন্ত উদাহৰণ৷ কৃষ্ণাঙ্গসকলক আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে ভোটাধিকাৰ দিয়া হৈছিল ১৯৬৪ চনত৷ ১৯৭২ চনত প্ৰথমবাৰৰ বাবে এজন কৃষ্ণাঙ্গই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল৷ তেওঁ হাৰিল৷ ইয়াৰ পিছতো কেইবাজনো প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল৷ অৱশেষত ২০০৮ চনৰ ৫ নৱেম্বৰত বাৰাক হুছেইন ওবামাই আমেৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি হিচাপে জয় লাভ কৰিলে৷ এই জয় আছিল কৃষ্ণাঙ্গৰ জয়, এই জয় আছিল কুণ্টা কিণ্টেৰ জয়৷

মীনাক্ষী বৰুৱা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক