ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ‘শোণিত কুঁৱৰী’ নাটৰ এটি চমু বিশ্লেষণ: লক্ষেশ্বৰ হাজৰিকা

ঊষা-অনিৰুদ্ধৰ মিলনৰ পিচত তেওঁলোকে চিত্ৰলেখাকো বিবাহ বন্ধনত আবদ্ধ হ’বলৈ কওঁতে, চিত্ৰলেখাইও জানো কাৰোবাক ভাল নাপায় বুলি সোধোতে চিত্ৰলেখাই কৈছিল—‘ভালতো সকলোকে পাওঁ।’ হয়, শিল্পীয়ে সকলোকে ভাল পায়; সকলোৰে শান্তি, সৌন্দৰ্য আৰু মাধুৰ্য সৃষ্টিতে শিল্পীৰ আনন্দ। ব্যক্তিকেন্দ্ৰিক ভোগ-বিলাসৰ পৰা তেওঁলোক বহু আঁতৰত।)
অসমৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ পিচতেই যি দুগৰাকী মনীষাৰ নাম উল্লেখ কৰিব পাৰি, সেই দুগৰাকী হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ১৯৫১ চনৰ ১৭ জানুৱাৰীত অসমবাসীক কন্দুৱাই পবিত্ৰধামলৈ গমন কৰা মহান শিল্পী, বিপ্লৱী বীৰ, ৰূপৰ সাধক, সংস্কৃতিৰ পূজাৰী, যিগৰাকীক কবি আনন্দ চন্দ্ৰ বৰুৱাই ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰিছিল, সেই ব্যক্তি গৰাকীয়েই জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা এনে এক ব্যক্তি; যাৰ মোহনীয় ব্যক্তিত্ব, অসাধাৰণ সৃজনীপ্ৰতিভা আৰু বিৰল সৃষ্টিকৰ্মই আধুনিক অসমীয়া জাতীয় জীৱনৰ দিগ্‌দৰ্শন কৰি আছে।  অসমৰ জাতীয় জীৱনত, সংস্কৃতিৰ বিশাল পথাৰখনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লগতে গোটেই আগৰৱালা বংশৰে অৱদান সোণালী আখৰে লিখা থাকিব। জ্যোতিপ্ৰসাদ আছিল বহু গুণ আৰু প্ৰতিভাৰ আকৰ। জ্যোতিপ্ৰসাদৰ অনন্য প্ৰতিভাৰ বাবেই তেওঁ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, গায়ক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী,  বোলছবি নিৰ্মাতা, ৰাজনৈতিক, দাৰ্শনিক আদি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।
জ্যোতিপ্ৰসাদে বিভিন্ন দিশত আত্মনিয়োগ কৰিলেও আমি তেওঁক গীতিকাৰ আৰু নাট্যকাৰ হিচাপেহে বেছি সফল হৈছে বুলি ক’ব পাৰোঁ। তেওঁৰ ৰচিত নাটসমূহ হ’ল – শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, খনিকৰ আৰু গীতি-নাটিকা দুখন হৈছে – নিমাতী কইনা আৰু সোণপখিলী। তেখেতৰ অসম্পূৰ্ণ নাটক হ’ল – কনকলতা আৰু সুন্দৰ কোঁৱৰ। জ্যোতিপ্ৰসাদৰ শিল্প চেতনাৰ পূৰ্ণ প্ৰতিফলন ঘটিছে তেওঁৰ যুগান্তকাৰী নাটকেইখনত। নাট্যশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিখন নাটকেই পৃথক বৈশিষ্ট্য আৰু বিশিষ্ট নাট্যগুণেৰে সমৃদ্ধ। তেওঁৰ প্ৰথম নাটক ‘শোণিত কুঁৱৰী’ ছাত্ৰাৱস্থাতে ১৪ বছৰ বয়সতে লিখা। কিশোৰ অৱস্থাতে অপৈণত বয়সতে ৰচিত প্ৰথম নাটক হ’লেও শোণিত কুঁৱৰী কেৱল জ্যোতিপ্ৰসাদৰ নাটক কেইখনৰ ভিতৰতে নহয়; অসমীয়া নাট্য সাহিত্যৰ ভিতৰতে ই এখন অনুপম তথা অতুলনীয় নাটক। শোণিত কুঁৱৰী নাটকৰ বিষয়বস্তু পৌৰাণিক কাহিনীৰ আধাৰত প্ৰতিষ্ঠিত হ’লেও ভাৱবস্তু আৰু ৰূপবস্তুৰ ফালৰ পৰা ই ৰোমাণ্টিক ভাবসমৃদ্ধ এখন আধুনিক নাটক। বিষয়বস্তুৰ উপস্থাপন, উপ-কাহিনী সংযোজন, চৰিত্ৰ সৃষ্টি, সংলাপ, গীত আদি লক্ষ্য কৰিলে শোণিত কুঁৱৰী নাটখন কুমলীয়া হাতৰ সৃষ্টি যেন নালাগে।
শোণিত কুঁৱৰী নাটৰ আগতে তেজপুৰৰ বাণ থিয়েটাৰত অনুবাদ নাটকৰহে অভিনয় হৈছিল য’ত নাটকৰ গীতত কলিকতীয়া থিয়েটাৰী সুৰ আৰু উচ্চাংগৰ হিন্দুস্থানী সংগীতৰ সুৰহে বাজিছিল। জ্যোতিপ্ৰসাদেই প্ৰথম শোণিত কুঁৱৰী নাটত আমাৰ অসমীয়া থলুৱা বিয়ানাম, আইনাম, বনগীত, বিহুগীতৰ সুৰ সংযোজন কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিলে। অসমীয়া সুৰৰ লগতে শোণিত কুঁৱৰী নাটৰ যোগেদি জ্যোতিপ্ৰসাদে অসমীয়া বিহুনাচ আৰু কামৰূপী নাচ মঞ্চত তুলিবলৈ সক্ষম হয়। চিত্ৰলেখাৰ ‘পদুমকলি’ নাচটো অসমীয়া বিহুনাচ আৰু ভাওনাৰ নাচৰ ভংগীৰ সমাৱেশ বুলি তেওঁ নিজে উল্লেখ কৰি গৈছে।
হৰিবংশ আৰু ভাগৱত পুৰাণৰ বৰ্ণিত নাটকৰ কাহিনীভাগ হৰি-হৰৰ যুদ্ধৰ মাজেদি বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা আৰু ঊষা-অনিৰুদ্ধৰ মিলন, এই দুটা বিষয়তেই ভাৰতীয় সমাজত জনপ্ৰিয়তা লাভ কৰিছে। জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী ৰচনা কৰোঁতে পূৰ্ব্বসুৰী বৈষ্ণৱ কবি পীতাম্বৰৰ ‘ঊষা পৰিণয়’ আৰু অনন্ত কন্দলিৰ ‘কুমৰ হৰণ’ কাব্যৰ পৰা কাহিনীভাগ গ্ৰহণ কৰিলেও নাট্যৰূপ দিওঁতে মৌলিকতাৰ সংযোগ কৰি আধুনিক ৰূপদান কৰিলে। এনে কৰিবলৈ যাওঁতে নাট্যকাৰে পৌৰাণিক অলৌকিকতা বৰ্জন কৰি আধুনিক মঞ্চ উপযোগীকৈ সজাই তোলে। নাটকত হৰি-হৰৰ যুদ্ধৰ কথা গৌণ হৈ পৰিছে আৰু ঊষা-অনিৰুদ্ধৰ প্ৰণয়ৰ কথাতহে বেছি গুৰুত্ব আৰোপ কৰা হৈছে। নাটখনিৰ আৰম্ভণি তাৎপৰ্যপূৰ্ণ। গীতেৰে নাটখনি আৰম্ভ হৈছে। ঊষাই তেওঁৰ সখী চিত্ৰলেখা আৰু অন্যান্যসকলৰ সৈতে ৰাজকাৰেঙৰ ফুলনিত নাচি-বাগি গীত গাই আছিল। ‘গছে গছে পাতি দিলে ফুলৰে শৰাই…’ এই জনপ্ৰিয় গীতেৰে নাটকৰ আৰম্ভণি। নাটকখনিৰ সামৰণিও গীতেৰেই হৈছে। নাটকৰ এয়া সুন্দৰ ব্যঞ্জনা। ঊষা তেতিয়া পূৰ্ণ যৌৱনা; যৌৱনৰ মন ভুলোৱা গন্ধত বলিয়া ভোমোৰা গুঞ্জৰি অহাৰ সময়। অকল সেয়েনে? আৰম্ভণিতে থকা চিত্ৰলেখাৰ পদুমকলি নাচ আৰু গীতটোৰ ভাবাৰ্থও অত্যন্ত ব্যঞ্জনাধৰ্মী। এই দুয়োটা গীতৰ মাজেদি ঊষাৰ যৌৱনপ্ৰাপ্তি আৰু এই যৌৱনৰ মাধুৰ্যত ঊষাৰ অনিৰুদ্ধৰ লগত মিলন বাসনাৰে পূৰ্বাভাষ ফুটি উঠিছে। এইদৰে কাহিনীভাগ প্ৰণয়লীলামুখী হৈ পৰিছে। আনকি পুৰাণৰ যুদ্ধপিপাসু বাণৰ দাম্ভিকতাৰ বৰ্ণনাও গৌণ হৈ পৰিছে।
বাণে ঊষাক অগ্নিগড়ৰ চাৰিবেৰৰ মাজত সুৰক্ষিত কৰি ৰাখি নিশ্চিন্ত হ’লেও ঊষাৰ উদভ্ৰান্ত যৌৱনসুলভ মনক বান্ধি ৰাখিব নোৱাৰিলে। যৌৱনে উন্মনা কৰা ঊষাৰ প্ৰাণত সখীসকলৰ সংগ, নৃত্য-গীত একোৱে শান্তিৰ নিজৰা বোৱাব নোৱাৰিলে। সেয়ে ঊষাই উপাস্য দেৱী ভগৱতীক অন্তৰৰ অতৃপ্ত বাসনা পূৰণ কৰিবৰ বাবে প্ৰাৰ্থনা জনায় আৰু ভগৱতীয়ে তুষ্ট হৈ অকাংক্ষিত মহাবীৰ, যোদ্ধা, অনিন্দ্যসুন্দৰ পুৰুষ এজনক স্বামী ৰূপে পোৱাৰ বৰ দিলে। নাটকৰ প্ৰথম অঙ্কত বাণে শিৱৰ পৰা সমকক্ষ বীৰযোদ্ধা পোৱাৰ বৰ আৰু দ্বিতীয় অঙ্কত ঊষাৰ অভীপ্সিত স্বামী লাভৰ বৰ–এই দুই বিপৰীতমুখী ঘটনাই শোণিত কুঁৱৰী নাটকৰ মূল দ্বন্দ্ব আৰু এইদৰেই নাটকীয় কাহিনী আগবাঢ়িছে।
শোণিত কুঁৱৰী নাটত নাট্যকাৰে ঊষাই সপোন দেখা কাৰ্যটোক মঞ্চ উপযোগীকৈ বাস্তৱসন্মতভাৱে সজাই তুলিছে।  মদন, ৰতি আৰু স্বপ্নদেৱীৰ দৰে অলৌকিক চৰিত্ৰসমূহক মানৱী ৰূপত মঞ্চত উপস্থাপন কৰি নিদ্ৰামগ্ন ঊষাক সপোন দেখুওৱা হ’ল। সপোনতে ঊষাই অনিৰুদ্ধক দেখা পাই আৰু আঁকোৱালি লয়। অনিৰুদ্ধকো সোঁশৰীৰে মঞ্চত দেখুওৱা হৈছে। ইয়াতে নাট্যকাৰৰ কৃতিত্ব। স্বপ্নদৃষ্ট পুৰুষক বাস্তৱত পোৱাৰ ব্যাকুলতাৰ অন্ত পেলাই চিত্ৰলেখাই স্বপ্নদৃষ্ট পুৰুষজনক ছবি আঁকি আৱিষ্কাৰ কৰে আৰু সেই সপোন কোঁৱৰ অনিৰুদ্ধক আনি দিয়াৰ প্ৰতিশ্ৰুতিও ঊষাক প্ৰদান কৰে।
হৰিবংশত চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰোঁতে তামসীবিদ্যাৰ সহায় লয় আৰু ভাগৱতৰ মতে চিত্ৰলেখাই নাৰদৰ পৰা হৰলুকি মায়া শিকি এই মায়াৰ দ্বাৰাই অনিৰুদ্ধক হৰণ কৰে। জ্যোতিপ্ৰসাদে এই অলৌকিকতা পৰিহাৰ কৰি চিত্ৰলেখাক চিত্ৰবিক্ৰেতা বালকৰ ছদ্মবেশেৰে দ্বাৰকালৈ প্ৰেৰণ কৰিছে আৰু চিত্ৰলেখাই ঊষাৰ অপূৰ্ব চিত্ৰপটেৰে অনিৰুদ্ধৰ মন চঞ্চল কৰি, নৃত্য-গীতেৰে সন্মোহিত কৰি তেওঁক ঊষাৰ অগ্নিগড়ত গোপনে প্ৰৱেশ কৰোৱায় আৰু ঊষা-অনিৰুদ্ধৰ গান্ধৰ্ব বিবাহ সম্পন্ন কৰায়। এইদৰে সমগ্ৰ দৃশ্যটো মঞ্চ উপযোগী হৈ উঠিছে। এয়া জ্যোতিপ্ৰসাদৰ মৌলিকতাৰ উৎকৃষ্ট নিদৰ্শন। সেইদৰে ঊষা-অনিৰুদ্ধৰ মিলনৰ পিচত বাণৰ প্ৰচণ্ড ক্ৰোধ, বাণ-অনিৰুদ্ধৰ যুদ্ধ, যুদ্ধত অনিৰুদ্ধৰ নাগপাশত বন্দিত্ব, অনিৰুদ্ধৰ সন্ধানত যদুকুলৰ ব্যস্ততা, নাৰদৰ দ্বাৰা অনিৰুদ্ধৰ সম্ভেদ প্ৰদান আদি ঘটনাবোৰ নাটখনত অতি সংযত অথচ স্পষ্টভাৱে দেখুওৱা হৈছে। ঠিক সেইদৰে বাণৰ সৈতে যদুকূলৰ যুদ্ধ, হৰি-হৰৰ যুদ্ধৰ ঘটনাও অতি তৎপৰতাৰে দেখুওৱা হৈছে। শেষত বাণে শ্ৰীকৃষ্ণৰ ওচৰত পৰাজয় স্বীকাৰ কৰি ভিন্নমুখী চৰিত্ৰৰ মাজত মিলন ঘোষণা কৰি কৈছে—‘আজি এই দিন পৃথিৱীত স্মৰণীয় হওক। ভক্ত-ভগৱানৰ মিলনৰ দিন আজি, হৰ-হৰিৰ মিলনৰ দিন আজি, আদৰ্শ প্ৰণয়ী যুগলৰ মিলনৰ দিন আজি। তাৰে সৈতে মই দেৱতাসকলকো মুক্তি দিলোঁ। দেৱতাৰো স্বৰ্গৰ সৈতে পুনৰ মিলন হওক।’ বাণৰ এই উক্তিৰ মাজেদি শোণিত কুঁৱৰী নাটকত চাৰিবিধ মিলনৰ মহত্ব প্ৰকাশ পাইছে।
শোণিত কুঁৱৰী নাটকখন এক গভীৰ ৰোমাণ্টিক আবেদন সুলভ নাটক বুলিব পাৰি। এনে ৰোমাণ্টিক আবেদনৰ বাবেই ড বাণীকান্ত কাকতিয়ে কৈছিল—‘সৌন্দৰ্যৰ ঢৌত কুমলীয়া গ্ৰন্থকাৰ উটি গৈছে।’ তেওঁ আৰু কৈছে—‘ঊষা-অনিৰুদ্ধৰ প্ৰেমলীলা উপলব্ধি কৰোঁতেই গ্ৰন্থকাৰৰ কল্পনা ভাগৰি পৰিছে।’ এইক্ষেত্ৰত নাট্যকাৰক দোষ দিলেই নহ’ব। জ্যোতিপ্ৰসাদৰ যুগটোৰ কথাও মনত ৰাখিব লাগিব, কিয়নো উনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম তিনিটা দশকপৰ্যন্ত অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগ বুলিব পাৰি। সেয়ে শোণিত কুঁৱৰী নাটকতো সমসাময়িক ৰোমাণ্টিক ধ্যান-ধাৰণাই ঠাই পোৱাটো স্বাভাৱিক।
শোণিত কুঁৱৰী নাটকত চৰিত্ৰৰ বৈশিষ্ট মন কৰিবলগীয়া। চৰিত্ৰবোৰে পুৰাণৰ অতিলৌকিক আৱেষ্টনীৰ পৰা ওলাই আহি সাধাৰণ মানুহৰ লগত মিলি গৈছে। আনকি পুৰাণ বৰ্ণিত শ্ৰীকৃষ্ণ, শিৱ, ব্ৰহ্মা, নাৰদ আদি দৈৱ চৰিত্ৰবোৰেও মৰ্ত্যৰ মানুহ ৰূপতহে আত্মপ্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণক এজন বিজ্ঞ পুৰুষ ৰূপতহে অংকণ কৰা হৈছে। সেইদৰে শিৱৰ চৰিত্ৰকো নিয়ন্ত্ৰিত ৰূপত প্ৰকাশ কৰা হৈছে। পুৰাণত নাৰদ আৰু ব্ৰহ্মাৰ ভূমিকা যথেষ্ট বেছি; কিন্তু শোণিত কুঁৱৰী নাটকত এই দুটা চৰিত্ৰক অতীব প্ৰয়োজনতহে সাময়িকভাৱে দেখুওৱা হৈছে। এইখিনি কৰোঁতে কিন্তু নাটকৰ কাহিনীত অলপো বাধাৰ সৃষ্টি হোৱা নাই। নাটখনত ভগৱতী, ৰতি, মদন, স্বপ্নদেৱী আদি চৰিত্ৰবোৰক পুৰাণৰ অলৌকিকতাৰ বেষ্টনীৰ পৰা মুক্ত কৰি বাস্তৱসন্মত ৰূপে সজাই তোলা হৈছে। কিন্তু সেয়ে হ’লেও পুৰাণ প্ৰসিদ্ধ চৰিত্ৰবোৰৰ গাম্ভীৰ্য অলপো ম্লান হোৱা নাই। ইয়াতে নাট্যকাৰে সফলতা দাবী কৰিব পাৰে।
শোণিত কুঁৱৰী নাটত অনিৰুদ্ধ-ঊষা চৰিত্ৰ দুটি মূল নায়ক-নায়িকা যদিও নাটকৰ কেন্দ্ৰীয় চৰিত্ৰ চিত্ৰলেখাহে। চিত্ৰলেখা নাটকখনৰ সূত্ৰধাৰস্বৰূপ আৰু শিল্পী জ্যোতিপ্ৰসাদৰ চিৰন্তন শিল্পী সত্তাৰ চৰিত্ৰৰূপ। পুৰাণৰ অপেশ্বৰী হিচাপে চিত্ৰলেখা মায়াবিনী আৰু নৃত্য; কিন্তু শোণিত কুঁৱৰী নাটকৰ চিত্ৰলেখা নৃত্য-গীত-বাদ্যবিশাৰদ আৰু চিত্ৰশিল্পী। নাটকৰ আৰম্ভণিৰ পৰা শেষলৈকে চিত্ৰলেখা চৰিত্ৰত চিৰন্তন শিল্পী চেতনাৰ উন্মেষ ঘটিছে। ঊষা-অনিৰুদ্ধৰ মিলনৰ পিচত তেওঁলোকে চিত্ৰলেখাকো বিবাহ বন্ধনত আবদ্ধ হ’বলৈ কওঁতে, চিত্ৰলেখাইও জানো কাৰোবাক ভাল নাপায় বুলি সোধোতে চিত্ৰলেখাই কৈছিল—‘ভালতো সকলোকে পাওঁ।’ হয়, শিল্পীয়ে সকলোকে ভাল পায়; সকলোৰে শান্তি, সৌন্দৰ্য আৰু মাধুৰ্য সৃষ্টিতে শিল্পীৰ আনন্দ। ব্যক্তিকেন্দ্ৰিক ভোগ-বিলাসৰ পৰা তেওঁলোক বহু আঁতৰত। তাৰ বিপৰীতে সৰ্বসাধাৰণৰ শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰাতেই শিল্পীৰ সাৰ্থকতা। শোণিত কুঁৱৰী নাটকত সেই বাবেই চিত্ৰলেখা চৰিত্ৰটো অনন্য আৰু ই নাটকখনৰ সৌন্দৰ্য।
শোণিত কুঁৱৰী নাটকৰ অন্যতম বৈশিষ্ট্য কাব্যধৰ্মিতা। কল্পনাৰ সুদূৰ প্ৰসাৰতা, প্ৰেমানুভূতিৰ কোমলতা, আৱেগমধুৰ ভাষাৰ লালিত্যৰে শোণিত কুঁৱৰী নাটক কাব্যিক আবেদনেৰে হৃদয় পৰশা। কাব্যিক আবেদনৰ দিশত শোণিত কুঁৱৰী নাটক পাশ্চাত্য কাব্য নাটকৰ সমপৰ্যায়ৰ হ’লেও পাশ্চাত্য কাব্য নাটকৰ প্ৰভাবৰ পৰা ই মুক্ত।
নৃত্য-গীত আৰু কাব্যিক গুণেৰে সমৃদ্ধ শোণিত কুঁৱৰী নাটখন এখন মিলনাত্মক নাটক। কাব্যিক ব্যঞ্জনা, কাহিনীৰ চমৎকাৰিত্ব, অনুপম চৰিত্ৰ সৃষ্টি, বলিষ্ঠ সংলাপ, কল্পনাৰ আৱেশ, নাটকীয় চৰিত্ৰৰ বিচিত্ৰতা, বিভিন্ন ৰসৰ সমাহাৰেৰে ‘শোণিত কুঁৱৰী’ জ্যোতি প্ৰসাদৰ মৌলিক সৃজনী প্ৰতিভাৰ স্বাক্ষৰ স্বৰূপ এখনি উৎকৃষ্ট নাটক।
( সহায়ক গ্ৰন্থঃ- জ্যোতি মনীষা – ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Oh
4 years ago

So nice